পৰিচৰ্য্যা সভাৰ তালিকা
টোকা: মণ্ডলীয়ে “ঈশ্বৰীয় আজ্ঞাকাৰীতা” জিলা অধিৱেশনত উপস্থিত হোৱা এমাহ বা দুমাহৰ পিছত, প্ৰচাৰকসকলে পৰিচৰ্য্যাৰ বাবে লাভৱান হোৱা জিলা অধিৱেশনৰ বিষয়বোৰক পুনৰ নিৰীক্ষণ কৰিবলৈ সেৱা সভাত ১৫ পৰা ২০ মিনিট সময় আছুটীয়াকৈ (সম্ভৱতঃ স্থানীয় আৱশ্যকতাসমূহৰ ভাগটো ব্যৱহাৰ) ৰাখা উচিত। সেৱা সভাৰ এই বিশেষ কাৰ্য্যক্ৰমে আমাক অধিৱেশনত শিকা বিষয়বোৰক কেনেকৈ আমাৰ পৰিচৰ্য্যা কাৰ্য্যক কাৰ্য্যকাৰী কৰিবলৈ সহায় কৰে, সেই বিষয়ে বুজাই দিবলৈ সুযোগ দিব।—এপ্ৰিল ২০০৫ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা, ২ পৃষ্ঠাত চাওক।
আগষ্ট ৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১২৫
১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্ব্বাচিত ঘোষণাসমূহ। যদি ২০০৬ চনৰ সেৱা বছৰত হʼবলগীয়া এদিনীয়া বিশেষ সন্মিলন আৰু চাৰ্কিট সন্মিলনৰ তাৰিখৰ বিষয়ে জানিব পাৰিছে, তেন্তে সেই তাৰিখবোৰ মণ্ডলীৰ সকলো প্ৰকাশকক সোঁৱৰাই দিয়ক।
১০ মি: “আপুনি হেণ্ডবিলবোৰ ব্যৱহাৰ কৰিছেনে?” ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। হেণ্ডবিলবোৰ ব্যৱহাৰ কৰি পোৱা ভাল ফলাফলৰ সম্পৰ্কে মন্তব্য দিবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক। প্ৰকাশকে হেণ্ডবিল দি এজন আগ্ৰহী ব্যক্তিক সভালৈ আমন্ত্ৰণ কৰাৰ সম্পৰ্কে এটা চমু উপস্থাপন প্ৰদৰ্শন কৰক।
২৫ মি: “এতিয়াই হৈছে শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ সময়!” a নিয়মিত অগ্ৰগামীয়ে প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ কেনেকৈ নিজৰ দৈনন্দিন তালিকাত সাল-সলনি কৰিছে আৰু কেনে আশীৰ্ব্বাদবোৰ লাভ কৰিছে, সেই সম্পৰ্কে কʼবলৈ আগতীয়াকৈ এজন বা দুজন নিয়মিত অগ্ৰগামী ভাই অথবা ভনীয়ে মন্তব্য দিবলৈ ব্যৱস্থা কৰক।
গীত ১৯৭ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
আগষ্ট ১৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১১
১০ মি: স্থানীয় ঘোষণাসমূহ। ৮ পৃষ্ঠাত দিয়া পৰামৰ্শসমূহ (যদি স্থানীয় এলেকাৰ বাবে উপযুক্ত) ব্যৱহাৰ কৰি কেনেকৈ আগষ্ট ১ প্ৰহৰীবুৰুজ আৰু আগষ্ট ২২ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে, সেই বিষয়ে উপস্থাপন প্ৰদৰ্শন কৰক। কেনেকৈ এজন প্ৰাচীন আৰু অসুখীয়া প্ৰকাশকে টেলিফোনৰ দ্বাৰা সাক্ষী দিয়ে, সেই সম্পৰ্কে প্ৰদৰ্শন কৰি দেখুৱাউক।
১৫ মি: ঈশ্বৰৰ বাক্য কাৰ্য্য-সাধক। (ইব্ৰী ৪:১২) নবেম্বৰ ১, ২০০৩ চনৰ প্ৰহৰীবুৰুজ, (w03-AE) ২১ পৃষ্ঠা ১৩-১৭ অনুচ্ছেদৰ ওপৰত আধাৰিত কৰি এটা ভাষণ। একেইধৰণৰ অনুভৱবোৰে দেখুৱাইছে যে বাইবেলৰ নিৰ্দ্দেশনাই লোকসকলৰ জীৱনধাৰা সলনি কৰিবলৈ প্ৰেৰিত কৰে। (w00 ১/১ ৩-৫ পৃ.) পৰিচৰ্য্যাৰ সকলো ক্ষেত্ৰতে বাইবেলখন ব্যৱহাৰ কৰিবলৈ প্ৰকাশকসকলক উৎসাহিত কৰক।
২০ মি: “দুৱাৰমুখত আৰু টেলিফোনেৰে বাইবেল অধ্যয়ন আৰম্ভ কৰা। b চমুকৈ দুটা প্ৰদৰ্শন প্ৰস্তুত কৰক। চমুকৈ এটা প্ৰদৰ্শন কৰি দেখুৱাউক যে বিচাৰে ব্ৰচাৰখনৰ এটা বা দুটা অনুচ্ছেদ ব্যৱহাৰ কৰি প্ৰথম সাক্ষাততে কেনেকৈ বাইবেল অধ্যয়ন আৰম্ভ কৰিব পাৰি। টেলিফোনৰ দ্বাৰা বাইবেল অধ্যয়ন আৰম্ভ কৰা এটা বা দুটা অনুভৱ সংক্ষেপতে কওক।
গীত ৩০ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
আগষ্ট ২২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৬১
১০ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপোৰ্ট আৰু দান-বৰঙণি পঠোৱাৰ বিনিময়ত শাখা কাৰ্য্যালয়ৰ পৰা লাভ কৰা প্ৰাপ্তি স্বীকাৰ পত্ৰখন পঢ়ক।
১৫ মি: স্থানীয় আৱশ্যকতাসমূহ।
২০ মি: “শুভবাৰ্ত্তা প্ৰচাৰ কৰাটো হৈছে এক বিশেষাধিকাৰ।” c ৪ অনুচ্ছেদটো আলোচনা কৰাৰ সময়ত, শৰীৰৰ অসুস্থতা বা বৃদ্ধ অৱস্থাৰ বাবে প্ৰচাৰ কাৰ্য্যত অতিবাহিত কৰা ১৫ মিনিট সময়ৰ ৰিপোৰ্ট কৰাৰ সম্পৰ্কে থকা বিশেষ প্ৰবন্ধৰ বিষয়ে উল্লেখ কৰক।—অক্টোবৰ ২০০২ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা, ৮ পৃষ্ঠা, ৬ অনুচ্ছেদ চাওক।
গীত ২০৪ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
আগষ্ট ২৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৪৫
১০ মি: স্থানীয় ঘোষণাসমূহ। সকলো প্ৰচাৰকক আগষ্ট মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপোৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। ৮ পৃষ্ঠাত দিয়া পৰামৰ্শসমূহ (যদি স্থানীয় এলেকাৰ বাবে উপযুক্ত) ব্যৱহাৰ কৰি কেনেকৈ ছেপ্টেম্বৰ ১ প্ৰহৰীবুৰুজ আৰু ছেপ্টেম্বৰ ৮ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে, সেই বিষয়ে উপস্থাপন প্ৰদৰ্শন কৰক। এটা উপস্থাপনত আলোচনী প্ৰবাহত পুনৰ সাক্ষাৎ কৰাৰ সম্পৰ্কে এটা প্ৰদৰ্শন প্ৰস্তুত কৰক।
১৫ মি: “বিনা বাক্যই সাক্ষী দিয়া।” d এনে কিছুমান প্ৰকাশকৰ বাছনি কৰক যিসকলে ঈশ্বৰৰ লোকসকলৰ উত্তম আচাৰ-ব্যৱহাৰ দেখি যিহোৱাৰ সেৱক হʼবলৈ সহায় লাভ কৰিলে।
২০ মি: প্ৰথম সাক্ষাততে গৃহস্থক বাইবেল দিয়া। ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। ছেপ্টেম্বৰ ২০০৪ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা, ৪ পৃষ্ঠা, ২ অনুচ্ছেদত দিয়া পৰামৰ্শবোৰ পুনৰ নিৰীক্ষণ কৰি প্ৰথম সাক্ষাতত ঈশ্বৰৰ বাক্যৰ প্ৰতি মনোযোগ আকৰ্ষিত কৰক। পৰামৰ্শ দিয়া এটা বা দুটা উপস্থাপন ব্যৱহাৰ কৰি কেনেকৈ ছেপ্টেম্বৰ মাহৰ সাহিত্যবোৰ বিতৰণ কৰিব পাৰে, সেই সম্পৰ্কে প্ৰদৰ্শন কৰক। যদি সময়ে অনুমতি দেয়ে, তেন্তে জানুৱাৰী ২০০৫ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ অন্তপত্ৰখনত আগবঢ়োৱা পৰামৰ্শবোৰ আলোচনা আৰু প্ৰদৰ্শন কৰিব পাৰে।
গীত ৭১ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
ছেপ্টেম্বৰ ৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৯৮
১০ মি: স্থানীয় ঘোষণাসমূহ।
১৫ মি: “প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা—ভাগ ১২.” e কিহে প্ৰগতিশীল বাইবেল অধ্যয়ন আৰম্ভ আৰু পৰিচালনা কৰিবলৈ সহায় কৰিলে, সেই বিষয়ে মন্তব্য দিবলৈ আগতীয়াকৈ এজন বা দুজন প্ৰকাশকৰ আয়োজন কৰক।
২০ মি: বৃদ্ধসকলক সহায় কৰিবলৈ সংগঠিত কৰক। এজন প্ৰাচীনে আগষ্ট ১৫, ১৯৯৩ চনৰ প্ৰহৰীবুৰুজ, ২৮-২৯ পৃষ্ঠাৰ “সংগঠিত কৰাটো লাভজনক” নামৰ শিৰোনামাৰ অন্তৰ্গত দিয়া লেখটোৰ ওপৰত আধাৰিত কৰি ভাষণ দিয়ে। বৃদ্ধ আৰু অসুস্থ সকলক সহায় কৰিবলৈ মণ্ডলীয়ে কেনে প্ৰবন্ধ কৰিছে, সেই বিষয়ে উল্লেখ কৰক।
গীত ১৬৪ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
[Footnotes]
a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
c এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
d এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
e এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।