ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১২/০৫ পৃষ্ঠা ২
  • পৰিচৰ্য্যা সভাৰ তালিকা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৰিচৰ্য্যা সভাৰ তালিকা
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উপশীৰ্ষক
  • ডিচেম্বৰ ১২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • ডিচেম্বৰ ১৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • ডিচেম্বৰ ২৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • জানুৱাৰী ২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১২/০৫ পৃষ্ঠা ২

পৰিচৰ্য্যা সভাৰ তালিকা

ডিচেম্বৰ ১২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৩২

১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্ব্বাচিত ঘোষণাসমূহ। (যদি আপোনাৰ এলেকাৰ বাবে উপযুক্ত হয়) ৮ পৃষ্ঠাত দিয়া পৰামৰ্শবোৰ ব্যৱহাৰ কৰি কেনেকৈ ডিচেম্বৰ ১ প্ৰহৰীবুৰুজ আৰু ডিচেম্বৰ ২২ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে, সেই বিষয়ে প্ৰদৰ্শন কৰক। আন ব্যৱহাৰিক উপস্থাপনো প্ৰস্তুত কৰিব পাৰে। প্ৰত্যেকটো উপস্থাপনৰ পিছত সহজে কেনেকৈ শাস্ত্ৰীয় পদ ব্যৱহাৰ কৰিব পাৰে, সেই বিষয়ে চমুকৈ মন্তব্য দিয়ক।

১৫ মি: “আমাক ব্যৱহাৰিকৰূপে নিয়োজন কৰাত সহায় কৰা এক স্কুল।” স্কুল অধ্যক্ষৰ দ্বাৰা ভাষণ। অক্টোবৰ ২০০৫ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ অন্তপত্ৰত দিয়া মন্তব্যবোৰ সন্মিলিত কৰক।

২০ মি: “জীৱনলৈ পৰিচালিত কৰা এক শিক্ষাদান কাৰ্য্য।” a এই ঈশ্বৰীয় শিক্ষাদান কাৰ্য্যৰ পৰা কেনেকৈ ভাই-ভনীসকলে লাভৱান হৈছে, সেই বিষয়ে এটা বা দুটা মন্তব্য দিবলৈ আগতীয়াকৈ ব্যৱস্থা কৰক।

গীত ১০১ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

ডিচেম্বৰ ১৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১৬০

৫ মি: স্থানীয় ঘোষণাসমূহ। ডিচেম্বৰ ২৫ আৰু জানুৱাৰী ১ তাৰিখে ব্যৱস্থা কৰা বিশেষ প্ৰচাৰ কাৰ্য্যৰ বিষয়ে পৰিলেখ দিয়ক। আগন্তুক সপ্তাহৰ সেৱা সভাত আলোচনাৰ বাবে সকলোকে জানুৱাৰী ২০০৬ চনৰ সচেতন! আলোচনীখন আনিবলৈ সোঁৱৰাই দিয়ক।

১৫ মি: “বুজনশীল হৈ ব্যক্তিগত আগ্ৰহকতা প্ৰকাশ কৰক।” b এক চমু উপস্থাপন প্ৰস্তুত কৰি দেখুৱাওক যে কেনেকৈ এজন প্ৰকাশকে গৃহস্থই দিয়া মন্তব্যৰ অনুসাৰে সাল-সলনি কৰি নিজৰ প্ৰস্তাৱনা আগবঢ়ায়।

২৫ মি: “আপোনাৰ লʼৰা-ছোৱালীয়ে এক গুৰুত্বপূৰ্ণ নিৰ্ণয় লʼব পাৰেনে?” c এজন প্ৰাচীনে এই ভাগটো ভাষণৰূপে প্ৰস্তুত কৰে। পঢ়াৰ বাবে উপযুক্ত হোৱা এজন ভাইক প্ৰত্যেকটো অনুচ্ছেদ উচ্চস্বৰত পঢ়িবলৈ আগ্ৰহ কৰক। উল্লেখ কৰা সকলোবোৰ শাস্ত্ৰ পদৰ পৰা আলোচনা কৰক। দ্বিতীয় অনুচ্ছেদটো আলোচনা কৰাৰ পিছত জুন ১৫, ১৯৯১ চনৰ প্ৰহৰীবুৰুজ আলোচনীৰ ১৬-⁠১৭ অনুচ্ছেদত দিয়া দুজন ডেকা ব্যক্তিৰ অৱস্থা আৰু ১৬-⁠১৭ পৃষ্ঠাত উল্লেখ কৰা বক্সটোৰ সৈতে তুলনা কৰক। সমাপ্তিত পিতৃ-মাতৃসকলে প্ৰহৰীবুৰুজ আলোচনীত দিয়া লেখটোক পুনৰ বিবেচনা আৰু অনতিপলমে তেওঁলোকৰ লʼৰা-ছোৱালীৰ সৈতে তেজৰ সম্পৰ্কে থকা বাইবেল আধাৰিত আজ্ঞাৰ বিষয়ে আলোচনা কৰি, সেই বিষয়ে নিজৰ বিশ্বাস প্ৰকাশ কৰিবলৈ সম্পূৰ্ণকৈ তৈয়াৰী কৰক। পৰিয়ালৰ মুখীয়ালজনে নিশ্চিত কৰা উচিত যে, পৰিয়ালৰ বাপ্তিষ্মা লোৱা সকলো সদস্যৰ ওচৰত ডিপিএ (DPA) কাৰ্ড আৰু বাপ্তিষ্মা নোলোৱা সকলৰ সৈতে যেন চিনাক্ত পত্ৰ থাকে। যেতিয়া কাৰোবাক চিকিৎসাৰ কাৰণে ভৰ্তি কৰা আৰু ৰক্ত সঞ্চাৰণক লৈ বাদ-বিষয় থিয় হয়, তেতিয়া প্ৰাচীনসকলে স্থানীয় চিকিৎসালয় সংযোগ কমিটিৰ (HLC) সৈতে সাহায্যৰ বাবে যোগাযোগ কৰা উচিত।

গীত ৫৬ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

ডিচেম্বৰ ২৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৮৫

১০ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপোৰ্ট আৰু দান প্ৰাপ্তি স্বীকাৰ কৰা পত্ৰখন পঢ়ক। সকলো প্ৰচাৰকক ডিচেম্বৰ মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপোৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। যদি অহা বছৰৰ বাবে আপোনাৰ মণ্ডলীৰ সভাবোৰৰ সময়ৰ সাল-সলনি হʼবলগীয়া আছে, তেন্তে তাৰ বিষয়ে ঘোষণা কৰক। জানুৱাৰী মাহত বিতৰণ কৰিবলগীয়া সাহিত্য আৰু তাৰ সম্বন্ধে থকা উপস্থাপনৰ উদ্ধৃতিৰ বিষয়ে উল্লেখ কৰক।

১৫ মি: স্থানীয় আৱশ্যকতাসমূহ।

২০ মি: সচেতন! আলোচনীখনৰ নতুন বৈশিষ্ট্যসমূহ। ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। মাৰ্চ ২০০৫ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা, ১ পৃষ্ঠাৰ ৫-⁠৬ অনুচ্ছেদত উল্লেখ কৰা সাল-সলনিৰ বিষয়ে দাঙি ধৰক। তদুপৰি জানুৱাৰী ২০০৬ চনৰ সচেতন! ৩-⁠৪ পৃষ্ঠাত “আমাৰ পাঠকসকল” নামৰ লেখটোত থকা মন্তব্যটো সন্মিলিত কৰক। এই আলোচনীখনে কেনেকৈ পোনপটীয়াকৈ পাঠকসকলৰ ধ্যান বাইবেলৰ প্ৰতি কেন্দ্ৰিত কৰিছে, সেই বিষয়ে কিছুমান উদাহৰণৰ বিষয়ে কওক। এই আলোচনীখনৰ ৩১ পৃষ্ঠাত উল্লেখ কৰা নতুন বৈশিষ্ট্যসমূহৰ বিষয়ে মন্তব্য দিবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক। আমি নিৰন্তৰে পুনৰ সাক্ষাৎ কৰা ব্যক্তিসকলক প্ৰহৰীবুৰুজ আৰু সচেতন! নামৰ আলোচনীখন উভয়ে বিতৰণ কৰিম। অৱশ্যে আলোচনী প্ৰবাহ আৰু আমাৰ আলোচনী গ্ৰহণ কৰা ব্যক্তিসকলক সচেতন! এখনকৈ কপিহে বিতৰণ কৰিম। (যদি আপোনাৰ এলেকাৰ বাবে উপযুক্ত হয়) ৮ পৃষ্ঠাত দিয়া পৰামৰ্শবোৰ ব্যৱহাৰ কৰি কেনেকৈ ডিচেম্বৰ ১ প্ৰহৰীবুৰুজ আৰু জানুৱাৰী সচেতন! আলোচনী বিতৰণ কৰিব পাৰে, সেই বিষয়ে প্ৰদৰ্শন কৰক। আন ব্যৱহাৰিক উপস্থাপনো প্ৰস্তুত কৰিব পাৰে। জানুৱাৰী মাহৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাত আনুষঙ্গিকভাৱে জানুৱাৰী সচেতন! আলোচনীখন দ্বিতীয় প্ৰস্তুতিকৰণ হিচাপে উল্লেখ কৰিব। প্ৰকাশকসকলে গোটেই মাহটোত দুয়োটা প্ৰস্তুতিকৰণৰে সচেতন! আলোচনীখন বিতৰণ কৰিব পাৰে।

গীত ২২২ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

জানুৱাৰী ২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৫

টোকা: জানুৱাৰী ২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহত হʼবলগীয়া পৰিচৰ্য্যা সভাখন যদি চাৰ্কিট ওভাৰচিয়াৰ ভিজিট হʼবলগীয়া সময়ত পৰিছে, তেন্তে মণ্ডলীবোৰে পৰিচৰ্য্যা সভাৰ তালিকাত সাল-সলনি কৰিব পাৰে। তালিকাত উল্লেখ কৰা অনুসাৰে প্ৰত্যেকখন মণ্ডলীয়ে অধিৱেশনৰ সম্বন্ধে থকা অন্তপত্ৰখনৰ পৰা শ্ৰোতাসকলৰ সৈতে আলোচনা কৰক। যদি সেই সপ্তাহত চাৰ্কিত সন্মিলনৰ তাৰিখ নিৰ্দ্ধাৰিত কৰা হৈছে, তেন্তে পুস্তক অধ্যয়ন অধ্যক্ষবিলাকে নিজ নিজ সমূহত অধিৱেশনৰ স্থান আৰু তাৰিখৰ বিষয়ে ঘোষণা কৰা উচিত।

৫ মি: স্থানীয় ঘোষণাসমূহ।

১৫ মি: “বাইবেল আধাৰিত সাহিত্যবোৰ উচিতমতে বিতৰণ কৰক।” d ছেপ্টেম্বৰ ২০০২ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ ১ পৃষ্ঠাৰ মন্তব্যবোৰ সন্মিলিত কৰক।

২৫ মি: “২০০৬ চনত হʼবলগীয়া যিহোৱাৰ সাক্ষীসকলৰ জিলা অধিৱেশনৰ বিষয়টো হৈছে ‘উদ্ধাৰৰ সময় নিকটৱৰ্ত্তী’” e এই ভাগটো মণ্ডলীৰ চেক্ৰেটাৰীয়ে পৰিচালিত কৰে। এই লেখটোৰ ১ অনুচ্ছেদটো আলোচনা কৰাৰ পিছত ডিচেম্বৰ ১৫, ২০০৫ চনত সংস্থাই পঠোৱা অধিৱেশনৰ নিযুক্তি পত্ৰখন পঢ়ক। সকলোকে অধিৱেশনৰ বিষয়ে আগতীয়াকৈ ব্যৱস্থা কৰিবলৈ উৎসাহিত কৰক।

গীত ৪৮ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

[Footnotes]

a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

c এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

d এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

e এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক