ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১২/০৫ পৃষ্ঠা ৭
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১২/০৫ পৃষ্ঠা ৭

ঘোষণাসমূহ

▪ উল্লেখ কৰা মাহৰ বাবে প্ৰকাশনসমূহ বিতৰণ। ডিচেম্বৰ: সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল নামৰ কিতাপখন নতুবা বিকল্প হিচাপে বাইবেল—ঈশ্বৰৰ বাক্য নে মানুহৰ?, বাইবেল কাহিনীৰে ভৰা মোৰ কিতাপখন অথবা যদি মণ্ডলীত উপলব্ধ আছে, তেন্তে আপুনি পৰমদেশীয় পৃথিৱীত অনন্ত কাল জীয়াই থাকিব পাৰে নামৰ কিতাপখন বিতৰণ কৰা আৱশ্যক। জানুৱাৰী: পৃষ্ঠাবোৰ হালধীয়া নতুবা আন বৰণলৈ পৰিণত হোৱা বা ১৯৯১ চনৰ পূৰ্বে ছপা কৰা ১৯২ পৃষ্ঠাৰ যিকোনো কিতাপ বিতৰণ কৰক। যদি গৃহস্থই কিতাপবোৰ গ্ৰহণ নকৰে, তেন্তে পৰ দি থাকক! নামৰ ব্ৰচাৰখন গৃহস্থক দিয়ক। ফেব্ৰুৱাৰী: যিহোৱা ঈশ্বৰৰ কাষ চাপা নামৰ কিতাপখনৰ বিতৰণ। যিবোৰ মণ্ডলীত এই কিতাপখন উপলব্ধ নাই, তেওঁলোকে নিগূঢ় বাক্যসমূহৰ প্ৰকাশ​—⁠এক চৰম অৱস্থাত উপনীত হৈছে! বা উপলব্ধ থকা আন যিকোনো পুৰণি কিতাপ বিতৰণ কৰিব পাৰে। মাৰ্চ: বাইবেলে প্ৰকৃততে কেনে শিক্ষা প্ৰদান কৰে? কিতাপখন বিতৰণ কৰি বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ বিশেষ চেষ্টা কৰক।

▪ ২০০৬ চনত পালন কৰিবলগীয়া স্মৰণীয় পৰ্ব্বৰ আমন্ত্ৰণী পত্ৰবোৰ অতি শীঘ্ৰেই প্ৰত্যেকখন মণ্ডলীলৈ মূল ভাষাত পঠোৱা হʼব। যদি আপোনাৰ এলেকাত আন ভাষা কোৱা লোকসকল আছে, তেনেহʼলে সেই ভাষাবোৰৰ আমন্ত্ৰণী পত্ৰ অনতিপলমে সাহিত্য অনুৰোধ ফৰ্মʼৰ (S-14) দ্বাৰা আৱেদন কৰিব পাৰে। অনুগ্ৰহ কৰি আপোনাৰ এলেকাত আৱশ্যক হোৱা ভাষাবোৰৰ বিষয়ে যেন আৱেদন কৰে।

▪ ২০০৭ চনত পালন কৰিবলগীয়া স্মৰণীয় পৰ্ব্ব এপ্ৰিল মাহৰ ২ তাৰিখ সোমবাৰ সূৰ্য্য অস্ত যোৱাৰ পিছত উদ্‌যাপন কৰা হʼব। এই জাননী আগতীয়াকৈ এইবাবে দিয়া হৈছে, সাধাৰণতে যি ৰাজ্য গৃহবোৰক এটাতকৈ বেছি মণ্ডলীয়ে ব্যৱহাৰ কৰে, তেওঁলোকে যাতে এই পৰ্ব্ব পালন কৰিবলৈ আগতীয়াকৈ আন এখন ঠাইৰ ব্যৱস্থা কৰিব পাৰে। যিবোৰ সভাগৃহত স্মৰণীয় পৰ্ব্ব পালন কৰিবলৈ আয়োজন কৰা হয়, তাৰ প্ৰশাসন সমিতিৰ সৈতে প্ৰাচীনসকলে চুক্তিনামা কৰা উচিত যে স্মৰণীয় পৰ্ব্ব উদ্‌যাপন কৰাৰ সময়ছোৱাত সভাগৃহৰ চৌহদত কোনো প্ৰকাৰৰ হুলস্থূলীয়া পৰিৱেশ সৃষ্টি বা আন আন কাৰ্য্যক্ৰম পতা নহয়, যাতে এই স্মৰণীয় পৰ্ব্বক সুশৃংখলাবদ্ধ আৰু শান্তিৰে পালন কৰিব পাৰি।

▪ এই পৰ্ব্বৰ উদ্‌যাপন বিশেষ আৰু গুৰুত্বপূৰ্ণ হোৱাৰ বাবে প্ৰাচীনগোষ্ঠীয়ে প্ৰত্যেক বছৰে সাধাৰণভাৱে পাল পৰা ভাইজনক বাছনি কৰাৰ পৰিৱৰ্তে এজন প্ৰাচীনক স্মৰণীয় পৰ্ব্বৰ উদ্‌যাপনত ভাষণ দিবলৈ নিযুক্ত কৰা উচিত। যদি মণ্ডলীত কোনো অভিষিক্ত ভাই আছে আৰু ভাষণ দিবলৈ উপযুক্ত, তেনেহʼলে এই ভাষণ দিবলৈ তেওঁকে বাছনি কৰা উচিত।

▪ “গোটেই শাস্ত্ৰ” প্ৰামাণিক আৰু লাভদায়ক (২০০৬) নামৰ ব্ৰচাৰখন হিন্দী, কানাড়া আৰু তেলেগু ভাষাত আমাৰ ৰাজ্য পৰিচৰ্য্যা লোৱা মণ্ডলীসমূহলৈ প্ৰেৰণ কৰা হৈছে। এই ব্ৰচাৰখনত ২০০৬ চনৰ ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলত পৰিচালনা কৰা ভাষণ নং ১ বিষয়বস্তু অন্তৰ্ভুক্ত কৰা হৈছে। ২০০৬ চনৰ ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ সংশোধন তালিকাখন হিন্দী, কানাড়া আৰু তেলেগু ভাষাৰ মণ্ডলীসমূহলৈ অনতিপলমে পঠোৱা হʼব। যদি অন্য ভাষাৰ মণ্ডলীসমূহে হিন্দী, কানাড়া বা তেলেগু ভাষাৰ এই ব্ৰচাৰখন ব্যৱহাৰ কৰিবলৈ বিচাৰিছে, তেন্তে তেওঁলোকে ইয়াৰ বাবে সাহিত্য অনুৰোধ ফৰ্ম’ (S-14) যোগেদি আৱেদন কৰিব পাৰে।

▪ নতুন উপলব্ধ হোৱা কম্পেক্ট ডিক্সসমূহ:

মহান শিক্ষকজনৰ পৰা শিক্ষা লাভ কৰা​—⁠কম্পেক্ট ডিক্স (এমপি-থ্ৰি ফৰমেট) ​—⁠ইংৰাজী

বাইবেল কাহিনীৰে ভৰা মোৰ কিতাপখন​—⁠কম্পেক্ট ডিক্স (এমপি-থ্ৰি ফৰমেট) ​—⁠ইংৰাজী

জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়​—⁠কম্পেক্ট ডিক্স (এমপি-থ্ৰি ফৰমেট) ​—⁠ইংৰাজী

পৰিয়ালৰ সুখৰ ৰহস্য​—⁠কম্পেক্ট ডিক্স (এমপি-থ্ৰি ফৰমেট) ​—⁠ইংৰাজী

সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল​—⁠কম্পেক্ট ডিক্স (এমপি-থ্ৰি ফৰমেট) ​—⁠ইংৰাজী

এক সন্তুষ্টিদায়ক জীৱন কেনেকৈ লাভ কৰিব পাৰি​—⁠কম্পেক্ট ডিক্স (এমপি-থ্ৰি ফৰমেট) ​—⁠ইংৰাজী

ঈশ্বৰে আমাৰ পৰা কি বিচাৰে?​—⁠কম্পেক্ট ডিক্স​—⁠ইংৰাজী, কানাড়া, বাংলা, মালায়ালম

যেতিয়া আপোনাৰ কোনো আপোনজনাৰ মৃত্যু হয়​—⁠কম্পেক্ট ডিক্স​—⁠ইংৰাজী, কানাড়া, গুজৰাটী, তামিল, তেলেগু, মালায়ালম, পাঞ্জাৱী, হিন্দী

আধ্যাত্মিক বৰসমূহৰ মূল্য উপলব্ধি কৰক​—⁠কম্পেক্ট ডিক্স ​—⁠হিন্দী

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক