আমাক ব্যৱহাৰিকৰূপে নিয়োজন কৰাত সহায় কৰা এক স্কুল
১ আমি ২০০৬ চনৰ ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ তালিকাত দিয়া বিষয়বোৰ বিবেচনা কৰি শাস্ত্ৰীয় শিক্ষাসমূহৰ পৰা লাভৱান হৈ আমাৰ পবিত্ৰ সেৱা আৰু দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিবলৈ সম্পূৰ্ণ প্ৰচেষ্টা কৰা উচিত। আমি শিকা বিষয়বোৰ অভ্যাস কৰিবলৈ দৃঢ়সঙ্কল্প লোৱা উচিত।—যোহ. ১৩:১৭; ফিলি. ৪:৯.
২ মন্তব্য দিয়া: এই বছৰৰ তালিকাত বাইবেলৰ আলোকপাতত শ্ৰোতাসকলে অধিক মন্তব্য দিবলৈ এক মিনিট অতিৰিক্ত সময় দিয়া হৈছে। ইয়াৰ অৰ্থ হৈছে বাইবেল আলোকপাত দিয়া ভাইজনে ছয় মিনিটৰ পৰিৱৰ্তে পাঁচ মিনিটত নিজৰ ভাগতো সমাপ্তি কৰা উচিত। শ্ৰোতাসকলে মন্তব্য দিয়াৰ সম্বন্ধে থকা সময়ৰ প্ৰতি সজাগ হোৱা উচিত। যদি এজন ব্যক্তিয়ে কি কʼব বিচাৰিছে, তাৰ বিষয়ে আগতীয়াকৈ প্ৰস্তুত কৰে, তেন্তে তেওঁ ৩০ চেকেণ্ড বা তাতকৈ কম সময়ত অৰ্থপূৰ্ণ মন্তব্য দিব পাৰিব। ফলস্বৰূপে, প্ৰায় পাঁচ মিনিটৰ ভিতৰত ১০ জন ব্যক্তিয়ে অৰ্থপূৰ্ণ মন্তব্য দিবলৈ সক্ষম হʼব।
৩ শিক্ষাদান কৰা ভাষণসমূহ: বাইবেলৰ আলোকপাত আৰু উপদেশকমূলক ভাষণ এনে ধৰণে প্ৰস্তুত কৰিব লাগে, যাতে ই পৰিচৰ্য্যা কাৰ্য্য আৰু দৈনন্দিন জীৱনৰ সম্বন্ধে ব্যৱহাৰিক বিষয়বোৰ দাঙি ধৰে। ভাষণ দিওঁতা ভাইজনে কেৱল শ্ৰোতাসকলক কিবা কাৰ্য্য কৰিবলৈ প্ৰেৰিত কৰাটোৱেই যথেষ্ট নহয়। বৰঞ্চ, কি আৰু কেনেকৈ পদক্ষেপ লʼব লাগে আৰু তাৰ লাভসমূহ কি, সেই বিষয়ে স্পষ্টকৈ কোৱা উচিত। গতিকে ভাইজনে এইদৰে কʼব পাৰে যে, “এই শাস্ত্ৰ পদে আমাক মাৰ্গদৰ্শন দি কৈছে,” বা “আমি শাস্ত্ৰ পদবোৰ পৰিচৰ্য্যা কাৰ্য্যত এইদৰে ব্যৱহাৰ কৰিব পাৰোঁ।” স্থানীয় ঘটনাবোৰৰ প্ৰতি সজাগ হৈ প্ৰাচীন আৰু সহায়ক সেৱকসকলে কোনো বিষয়বস্তুৰ ওপৰত ভাষণ দিয়াৰ সময়ত ব্যৱহাৰিক পদক্ষেপবোৰ দাঙি ধৰা আৱশ্যক।
৪ ব্যৱহাৰিক পৰামৰ্শ দিয়াৰ সময়ত বাইবেলৰ উদাহৰণবোৰ দাঙি ধৰাটো প্ৰভাৱকাৰী বিষয় হʼব। কোনো বাইবেলীয় উদাহৰণ দাঙি ধৰাৰ পিছত, ভাষণ দিওঁতাজনে এইদৰে কʼব পাৰে যে, “আপুনিও হয়তো তেনে ধৰণৰ পৰিস্থিতিৰ সম্মুখীন হʼব পাৰে।” ভাইজনে নিশ্চিত হোৱা উচিত যে তেওঁ দাঙি ধৰা বাইবেলীয় উদাহৰণটোৰ পৃষ্ঠভূমি, বাইবেল আৰু ‘বিশ্বাসী বুদ্ধিমান দাসে’ প্ৰবন্ধ কৰা প্ৰকাশনবোৰৰ সৈতে যেন মিল খায়।—মথি ২৪:৪৫.
৫ বুদ্ধিয়ে আমাক পাৰগতা আৰু অন্তৰ্দৃষ্টিক উচিতমতে ব্যৱহাৰ কৰিবলৈ সহায় কৰিব। কিয়নো বাইবেলত কৈছে, “প্ৰজ্ঞাই মূল বস্তু।” (হিতো. ৪:৭) আমি ঈশ্বৰশাসিত স্কুলৰ পৰা লাভ কৰা ব্যৱহাৰিক বুদ্ধিক প্ৰয়োগ কৰি আমাৰ শিক্ষা দিয়া পদ্ধতিক যেন উন্নত কৰোঁ।