খ্ৰীষ্টান হিচাপে জীৱন-যাপন
প্ৰতিদিনে যিহোৱা ঈশ্বৰক প্ৰশংসা কৰক!
জীৱন হৈছে এক মূল্যৱান উপহাৰ। আমি প্ৰতিদিনে এই উপহাৰক যিদৰে ব্যৱহাৰ কৰোঁ, ইয়ে দেখুৱাব যে ইয়াৰ প্ৰতি আমি কিমান কৃতজ্ঞ হওঁ। যিহোৱাৰ সাক্ষী হিচাপে আমি আমাৰ প্ৰতিভা আৰু দক্ষতা এনেদৰে ব্যৱহাৰ কৰিব বিচাৰোঁ, যাৰ দ্বাৰা জীৱন দিওঁতা ঈশ্বৰৰ আদৰ আৰু মহিমা হয়। (গীত ৩৬:৯; প্ৰকা ৪:১১) কিন্তু জীৱনৰ চিন্তাই আমাক ইমানেই ব্যস্ত কৰি দিব পাৰে যে হয়তো আমি আধ্যাত্মিক বিষয়বোৰক প্ৰথম স্থান দিবলৈ পাহৰি যাব পাৰোঁ। (মাৰ্ক ৪:১৮, ১৯) সেইবাবে, আমি প্ৰতিজনে নিজকে এইদৰে সোধা উচিত: ‘যিহোৱা ঈশ্বৰক মই সঁচাকৈ মোৰ উত্তম দিছোঁনে? (হোচে ১৪:২) মোৰ চাকৰি অথবা পেচাই যিহোৱাৰ সেৱা কৰাত বাধা জন্মাব পাৰে নেকি? মোৰ আধ্যাত্মিক লক্ষ্যবোৰ কি? মই ঘোষণা কাৰ্য্যত আৰু বেছি সময় কেনেকৈ অতিবাহিত কৰিব পাৰোঁ?’ যদি আপোনাক কিবা সাল-সলনি কৰাৰ প্ৰয়োজন আছে, তেনেহʼলে সহায়ৰ বাবে যিহোৱা ঈশ্বৰলৈ প্ৰাৰ্থনা কৰক আৰু প্ৰয়োজনীয় পদক্ষেপ লওক। আমি মনত ৰাখিব পাৰোঁ যে প্ৰতিদিনে যিহোৱা ঈশ্বৰক প্ৰশংসা কৰিলে, জীৱনত প্ৰকৃত আনন্দ আৰু সন্তুষ্টি লাভ কৰিব পৰা যায়।—গীত ৬১:৮.
আপুনি কাৰ বাবে নিজৰ প্ৰতিভা ব্যৱহাৰ কৰিছে?
আপোনাৰ প্ৰতিভা যিহোৱাৰ সেৱাত ব্যৱহাৰ কৰক নামৰ ভিডিঅʼখন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
আপোনাৰ প্ৰতিভা চয়তানৰ জগতৰ বাবে ব্যৱহাৰ কৰাটো কিয় বুদ্ধিমানৰ কাম নহয়? (১যোহ ২:১৭)
যিসকল লোকে যিহোৱা ঈশ্বৰক তেওঁলোকৰ উত্তম দিয়ে, তেওঁলোকে কি কি আশীৰ্ব্বাদ লাভ কৰে?
আপুনি ঈশ্বৰৰ সেৱাৰ বাবে কোনটো ক্ষেত্ৰত আপোনাৰ প্ৰতিভা আৰু দক্ষতা ব্যৱহাৰ কৰিব বিচাৰে?