জানুৱাৰী—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
জানুৱাৰী ১-৭
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মথি ১-৩
“স্বৰ্গৰাজ্য ওচৰ হল”
(মথি ৩:১, ২) সেই কালত যোহন বাপ্তাইজকে আহি, যিহূদিয়াৰ অৰণ্যত ঘোষণা কৰি কলে, মন পালটোৱা; ২ কিয়নো স্বৰ্গৰাজ্য ওচৰ হল।
মথি ৩:১ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
ঘোষণা কৰা: ইয়াৰ বাবে যি গ্ৰীক শব্দ ব্যৱহাৰ কৰা হৈছে, তাৰ অৰ্থ হৈছে “এজন বাৰ্ত্তাবাহক হিচাপে লোকসকলক ঘোষণা কৰা।” ইয়ে ঘোষণা কৰাৰ পদ্ধতিৰ বিষয়ে জানিবলৈ সহায় কৰে। সেই পদ্ধতি হৈছে কোনো এক সমূহক নহয়, কিন্তু সকলোৰে আগত মুকলিভাৱে ঘোষণা কৰা।
মথি ৩:২ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
ৰাজ্য: গ্ৰীক শব্দ বাচিলিয়া, প্ৰথমবাৰৰ বাবে এই পদত দেখিবলৈ পোৱা যায়। এই শব্দই এখন চৰকাৰ, শাসনৰ এলেকা আৰু এজন ৰজাৰ অধীনত থকা লোকসকলক চিত্ৰিত কৰে। বাচিলিয়া শব্দটো গ্ৰীক শাস্ত্ৰপদত ১৬২ বাৰ উল্লেখ আছে। ইয়াৰে ৫৫ বাৰ মথি কিতাপত উল্লেখ কৰা হৈছে আৰু প্ৰায়েই এই শব্দটো স্বৰ্গীয় ৰাজ্যৰ বাবে ব্যৱহাৰ কৰা হৈছে। মথিয়ে এই শব্দটো ইমানেই ব্যৱহাৰ কৰিছে যে এই কিতাপখনক ৰাজ্যৰ শুভবাৰ্ত্তাৰ কিতাপ বুলি কʼব পাৰি।
স্বৰ্গৰাজ্য: এই শব্দটো প্ৰায় ৩০ বাৰ কেৱল মথি কিতাপতে দেখিবলৈ পোৱা যায়। শুভবাৰ্ত্তাৰ কিতাপ মাৰ্ক আৰু লূকত “স্বৰ্গৰাজ্য” শব্দটো “ঈশ্বৰৰ ৰাজ্য” বুলি বৰ্ণনা কৰিছে। ইয়াৰপৰা বুজিব পাৰি যে ‘ঈশ্বৰৰ ৰাজ্যই’ স্বৰ্গৰপৰা শাসন কৰিব।—মথি ২১:৪৩; মাৰ্ক ১:১৪, ১৫; লূক ৪:৪৩; দানি ২:৪৪; ২তীম ৪:১৮.
ওচৰ হʼল: ইয়াৰ অৰ্থ হৈছে স্বৰ্গৰাজ্যৰ শাসকে অতি সোনকালে উপস্থিত হʼব।
(মথি ৩:৪) সেই যোহনৰ উটৰ নোমৰ কাপোৰ, আৰু কঁকালত ছালৰ টঙালি আছিল; তেওঁৰ আহাৰ কচুৱা ফৰিং আৰু হাবিৰ মৌ।
nwtsty ভিডিঅ’
যোহন বাপ্তাইজকৰ সাজ-পাৰ আৰু বাহ্যিক দিশ
যোহনে উটৰ নোমেৰে তৈয়াৰ কৰা কাপোৰ পৰিধান কৰিছিল। তেওঁ কঁকালত ছালৰ টঙালি বান্ধিছিল আৰু তাত সৰু সৰু বস্তু ৰাখিব পাৰিছিল। ভৱিষ্যতবক্তা এলিয়াই ঠিক এনেধৰণৰ কাপোৰ পৰিধান কৰিছিল। (২ৰাজা ১:৮) উটৰ নোমেৰে তৈয়াৰ কৰা কাপোৰ খহটা আছিল আৰু এই কাপোৰ সাধাৰণতে দুখীয়া লোকসকলে পৰিধান কৰিছিল। ইয়াৰ বিপৰীতে ধনী লোকসকলে মুগাৰে তৈয়াৰ কৰা মিহি সূতাৰ কাপোৰ পৰিধান কৰিছিল। (মথি ১১: ৭-৯) যোহন জন্মৰেপৰা নাচৰীয়া আছিল আৰু তেওঁৰ চুলি কেতিয়াও কটা হোৱা নাছিল। তেওঁৰ সাজ-পাৰ আৰু বাহ্যিক দিশে উনুকিয়াই দিয়ে যে তেওঁ এক সৰল জীৱন-যাপন অতিবাহিত কৰিছিল আৰু একান্তভাৱে ঈশ্বৰৰ ইচ্ছা পূৰ কৰাত মনোযোগ দিছিল।
কচুৱা ফৰিং
শাস্ত্ৰত উল্লেখ কৰা “কচুৱা ফৰিং” এনে কিছুমান ফৰিঙক চিত্ৰিত কৰে যিবোৰৰ শুং আৰু পাখি আছে। এই ফৰিংবোৰে জাকে জাকে এঠাইৰপৰা আন ঠাইলৈ প্ৰব্ৰজন কৰে। যিৰূচালেমত কৰা এক গৱেষণাৰ অনুসৰি কচুৱা ফৰিঙত ৭৫ শতাংশ প্ৰটিন থাকে। বৰ্তমান সময়ত আহাৰ হিচাপে গ্ৰহণ কৰাৰ সময়ত ইয়াৰ মূৰ, ঠেং আৰু পাখিবোৰ পেলাই দিয়া হয় আৰু দেহৰ বাকী থকা অংশ অৰ্থাৎ বুকুৰ অংশখিনি কেঁচাই অথবা ৰান্ধি খোৱা হয়। এই ফৰিঙৰ সোৱাদ মিছামাছ বা কেঁকোৰাৰ দৰে আৰু ইয়াত যথেষ্ট পৰিমাণে প্ৰটিন পোৱা যায়।
হাবিৰ মৌ
ইয়াত এখন ছবিত (১) মৌচাক আৰু দ্বিতীয় ছবিত (২) মৌৰ ৰসেৰে পৰিপূৰ্ণ মৌচাক দেখিবলৈ পোৱা গৈছে। যোহন বাপ্তাইজকে যি মৌ খাইছিল, সেয়া আপিচ মেলিফেৰা চিৰিয়াকা নামৰ এবিধ বনৰীয়া মৌ-মাখিয়ে তৈয়াৰ কৰে। এইবিধ মৌ সাধাৰণতে যিহূদাৰ হাবিবোৰত পোৱা যায়। এনেধৰণৰ মৌ-মাখিয়ে যিহূদাৰ গৰম আৰু শুকান জলবায়ুৰ লগত খাপ খাব পাৰে। এই মৌ-মাখিবোৰ ঘৰত পোহাৰ বাবে উপযুক্ত নহয়। কিন্তু, খ্ৰীষ্টপূৰ্ব নৱম শতিকাৰ সময়ছোৱাত ইস্ৰায়েলৰ লোকসকলে মাটিৰে নিৰ্মিত কলহত মৌ-মাখি ৰাখিছিল। যৰ্দ্দন নদীৰ উপত্যকাৰ মাজভাগত থকা এখন চহৰ এলেকাত (বৰ্তমান সময়ত তেল ৰেহব নামেৰে জনাজাত) এনেধৰণৰ মৌচাকৰ টুকুৰা আৱিষ্কাৰ কৰা হয়। মৌ প্ৰস্তুত কৰাৰ বাবে এই মৌ-মাখিবোৰ হয়তো বৰ্তমান সময়ত তুৰ্কী নামৰ দেশখনৰপৰা অনা হৈছিল।
আধ্যাত্মিক ৰত্ন বিচাৰক
(মথি ১:৩) তামাৰৰ পৰা যিহূদাৰ পুত্ৰ পেৰচ আৰু চেৰহৰ জন্ম হল; পেৰচৰ পুত্ৰ হিষ্ৰোণ; হিষ্ৰোণৰ পুত্ৰ অৰাম।
মথি ১:৩ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
তামাৰ: মথি কিতাপত মচীহৰ বংশাৱলীৰ বিষয়ে উল্লেখ কৰা পাঁচগৰাকী তিৰোতাৰ ভিতৰত তামাৰ হৈছে প্ৰথম। আন চাৰিগৰাকী তিৰোতাৰ নাম হৈছে ৰাহাব, ৰূথ, (পদ ৫) ঊড়িয়াৰ পত্নী বৎচেবা (পদ ৬) আৰু মৰিয়ম (পদ ১৬)। ৰাহাব আৰু ৰূথ এই দুয়োগৰাকী তিৰোতা ইস্ৰায়েলী নাছিল। যীচুৰ বংশাৱলী বৰ্ণনা কৰোঁতে পুৰুষসকলৰ লগতে এই তিৰোতাসকলৰ নাম উল্লেখ কৰাৰ কাৰণ হৈছে যে তেওঁলোকৰ প্ৰতিজনে আচৰিতভাৱে কিবা নহয় কিবা প্ৰকাৰে যীচুৰ পূৰ্বপুৰুষ আছিল।
(মথি ৩:১১) মন পালটনৰ নিমিত্তে, মই হলে তোমালোকক পানীত বাপ্তাইজ কৰিছোঁ, কিন্তু মোৰ পাছত অহা জনা মোতকৈ শক্তিমান; মই তেওঁৰ পাদুকা ববলৈকো যোগ্য নহওঁ; তেৱেঁই তোমালোকক পবিত্ৰ আত্মাত আৰু জুইত বাপ্তাইজ কৰিব।
মথি ৩:১১ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
তোমালোকক পানীত বাপ্তাইজ কৰিছোঁ: বা “নিমজ্জিত কৰিছোঁ।” গ্ৰীক শব্দ বাপ্তাইজৰ অৰ্থ হৈছে “পানীত ডুবোৱা।” আন আন বাইবেলৰ বৰ্ণনাই স্পষ্টৰূপে তুলি ধৰে যে বাপ্তাইজৰ অৰ্থ হৈছে সম্পূৰ্ণভাৱে পানীত ডুবোৱা। এবাৰ যোহনে যৰ্দ্দন উপত্যকাত থকা চালীম নামৰ ঠাইখনৰ ওচৰৰ এখন গাৱঁত বাপ্তাইজ কৰি আছিল “কাৰণ তাত বহুত পানী” আছিল। (যোহ ৩:২৩) ফিলিপে এজন কুচদেশীয় নপুংসকক বাপ্তাইজ কৰাৰ সময়ত তেওঁলোক দুয়ো ‘পানীত নামিছিল।’ (পাঁচ ৮:৩৮) অৰামীয়া ৰজাৰ প্ৰধান সেনাপতি নামানে “যৰ্দ্দনত সাতবাৰ ডুব” মৰাৰ বিষয়ে বৰ্ণনা কৰিবলৈ ছেপ্টুৱেজিণ্টত বাইবেলত ২ৰাজা ৫:১৪ পদত সেই একেই গ্ৰীক শব্দ ব্যৱহাৰ কৰা হৈছে।
বাইবেল পাঠ
(মথি ১:১-১৭) অব্ৰাহামৰ সন্তান যি দায়ূদ, তেওঁৰ সন্তান যীচু খ্ৰীষ্টৰ বংশাৱলি-পত্ৰ। ২ অব্ৰাহামৰ পুত্ৰ ইচ্হাক; ইচ্হাকৰ পুত্ৰ যাকোব; যাকোবৰ পুত্ৰ যিহূদা আৰু তেওঁৰ ভায়েক-ককায়েকবিলাক; ৩ তামাৰৰ পৰা যিহূদাৰ পুত্ৰ পেৰচ আৰু চেৰহৰ জন্ম হল; পেৰচৰ পুত্ৰ হিষ্ৰোণ; হিষ্ৰোণ অৰাম; ৪ অৰামৰ পুত্ৰ অন্মীনাদব; অন্মীনাদবৰ পুত্ৰ নহ্চোন; নহ্চোনৰ পুত্ৰ চল্মোন; ৫ আৰু ৰাহবৰ পৰা চল্মোনৰ পুত্ৰ বোৱজৰ জন্ম হল; ৰূথৰ পৰা বোৱজৰ পুত্ৰ ওবেদৰ জন্ম হল; ওবেদৰ পুত্ৰ যিচয়; ৬ যিচয়ৰ পুত্ৰ দায়ূদ ৰজা। আৰু মৃত ঊৰিয়াৰ ভাৰ্য্যাৰ পৰা দায়ূদৰ পুত্ৰ চলোমনৰ জন্ম হল; ৭ চলোমনৰ পুত্ৰ ৰহবিয়াম; ৰহবিয়ামৰ পুত্ৰ অবিয়; অবিয়ৰ পুত্ৰ আচাফ; ৮ আচাফৰ পুত্ৰ যিহোচাফট; যিহোচাফটৰ পুত্ৰ যোৰাম; যোৰামৰ পুত্ৰ উচিয়; ৯ উচিয়ৰ পুত্ৰ যোথম; যোথমৰ পুত্ৰ আহচ; আহচৰ পুত্ৰ হিষ্কিয়া; ১০ হিষ্কিয়াৰ পুত্ৰ মনচি; মনচিৰ পুত্ৰ আমোচ; আমোচৰ পুত্ৰ যোচিয়া; ১১ আৰু বাবিললৈ নিয়াৰ কালত যোচিয়াৰ সন্তান যেখনীয়া আৰু তেওঁৰ ভায়েকবিলাকৰ জন্ম হল। ১২ আৰু বাবিললৈ নিয়াৰ পাছত যেখনীয়াৰ পুত্ৰ চল্টীয়েলৰ জন্ম হল; চল্টীয়েলৰ পুত্ৰ জৰুব্বাবিল; ১৩ জৰুব্বাবিলৰ পুত্ৰ অবীহূদ; অবীহূদৰ পুত্ৰ ইলীয়াকীম; ইলীয়াকীমৰ পুত্ৰ আচোৰ; ১৪ আচোৰৰ পুত্ৰ চাদোক; চাদোকৰ পুত্ৰ আখীম; আখীমৰ পুত্ৰ ইলীহূদ; ১৫ ইলীহূদৰ পুত্ৰ ইলিয়াচৰ; ইলিয়াচৰৰ পুত্ৰ মত্তন; মত্তনৰ পুত্ৰ যাকোব; ১৬ যাকোবৰ পুত্ৰ যোচেফ; তেওঁ মৰিয়মৰ স্বামী; আৰু যি জনাক খ্ৰীষ্ট বোলে, সেই যীচুৰ এই মৰিয়মৰ পৰা জন্ম হল। ১৭ এইদৰে অব্ৰাহামৰ পৰা দায়ূদলৈকে আটায়েমিলি চৌদ্ধ পুৰুষ; আৰু দায়ূদৰ পৰা বাবিললৈ নিয়ালৈকে চৌদ্ধ পুৰুষ; আৰু বাবিললৈ নিয়াৰ পৰা খ্ৰীষ্টলৈকেও চৌদ্ধ পুৰুষ।
জানুৱাৰী ৮-১৪
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মথি ৪-৫
“যীচুৰ পৰ্ব্বতীয়া উপদেশৰপৰা শিক্ষা”
(মথি ৫:৩) আত্মাত দৰিদ্ৰবিলাক ধন্য; কিয়নো স্বৰ্গৰাজ্য তেওঁবিলাকৰ।
মথি ৫:৩ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
ধন্য: ইয়াৰ অৰ্থ কেৱল এজন ব্যক্তিয়ে ক্ষন্তেকৰ বাবে সকলো পাহৰি ফূৰ্তি কৰাকে নুবুজায়। ইয়াৰ পৰিৱৰ্তে, ঈশ্বৰৰ আশীৰ্ব্বাদ আৰু অনুগ্ৰহ লাভ কৰি যি আনন্দ পোৱা যায়, তাৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও ঈশ্বৰ আৰু যীচুৰ স্বৰ্গীয় মহিমাৰ বিষয়ে বৰ্ণনা কৰোঁতে এই শব্দটো ব্যৱহাৰ কৰা হয়।—১তীম ১:১১; ৬:১৫.
আত্মাত দৰিদ্ৰবিলাক: “আত্মাত দৰিদ্ৰবিলাক,” এই শব্দৰ বাবে যি গ্ৰীক শব্দ ব্যৱহাৰ কৰা হৈছে, তাৰ অৰ্থ হৈছে “যিসকল দৰিদ্ৰ (দুখীয়া; অভাৱগ্ৰস্থ; কঙাল)।” এই বাক্যশাৰীয়ে এনে লোকসকলক চিত্ৰিত কৰে, যিসকলে অনুভৱ কৰে যে তেওঁলোকক ঈশ্বৰৰ সহায়ৰ প্ৰয়োজন আৰু তেওঁলোক আধ্যাত্মিক বিষয়বোৰৰ বাবে আগ্ৰহেৰে বাট চাই থাকে। সেই একেই শব্দ লূক ১৬:২০, ২২ পদত লাজাৰ নামৰ এজন “কঙাল” ব্যক্তিৰ বাবে ব্যৱহাৰ কৰা হৈছে। কিছুমান অনুবাদত এই বাক্যশাৰী “হৃদয়ত দৰিদ্ৰ” বুলি বৰ্ণনা কৰিছে। ইয়াক এনে কিছুমান লোকৰ বাবে ব্যৱহাৰ কৰা হয়, যিসকলে আধ্যাত্মিক বিষয়বোৰ পূৰ কৰাৰ বাবে সজাগ আৰু তেওঁলোকক ঈশ্বৰৰ সহায়ৰ প্ৰয়োজন আছে বুলি অনুভৱ কৰে।
(মথি ৫:৭) দয়ালুবিলাক ধন্য; কিয়নো তেওঁবিলাকে দয়া পাব।
মথি ৫:৭ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
দয়ালু: বাইবেলত বৰ্ণনা কৰা “দয়ালু” বা “দয়া” শব্দৰ অৰ্থ কেৱল কাৰোবাক ক্ষমা কৰা বা শাস্তি কম কৰাকে নুবুজায়। কিন্তু ইয়াৰ লগত প্ৰায়ে কৰুণা আৰু সহানুভূতি জড়িত হৈ আছে। এই গুণবোৰে এজন ব্যক্তিক প্ৰয়োজনত থকা লোকসকলক সহায় কৰিবলৈ অনুপ্ৰাণিত কৰে।
(মথি ৫:৯) মিলনকাৰীবিলাক ধন্য; কিয়নো তেওঁবিলাক ঈশ্বৰৰ সন্তান বুলি প্ৰখ্যাত হব।
মথি ৫:৯ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
মিলনকাৰীবিলাক: এনে লোকসকল কেৱল শান্তি বজাই ৰাখে এনে নহয়, কিন্তু তেওঁলোকে যʼত শান্তি বজাই ৰখাত অসুবিধা হয়, তেনে পৰিস্থিতিতো শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰে।
w০৭ ১২/১ ১৭
নিজৰ সন্তানক শান্তি বজাই ৰাখিবলৈ শিক্ষা দিয়ক
খ্ৰীষ্টান পিতৃ-মাতৃসকলে “শান্তি বিচাৰি, তাক খেদি” যাবলৈ নিজৰ লʼৰা-ছোৱালীক শিক্ষা দিয়াৰ বিষয়ত মনোযোগ দিয়ে। (১ পিতৰ ৩:১১) এইটো সঁচা যে সন্দেহ, হতাশা আৰু ঘৃণা আদি ভাৱনাক নিয়ন্ত্ৰণ কৰাৰ বাবে যথেষ্ট পৰিশ্ৰম কৰাৰ প্ৰয়োজন হয়। কিন্তু শান্তি বিচাৰি যোৱাৰ পৰিণাম হৈছে সুখ আৰু আনন্দ।
আধ্যাত্মিক ৰত্ন বিচাৰক
(মথি ৪:৯) আৰু তেওঁক কলে, তুমি যদি দণ্ডৱতে মোক প্ৰণাম কৰা, তেন্তে এই সকলোকে তোমাক দিম।
মথি ৪:৯ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
প্ৰণাম কৰা: “প্ৰণাম কৰা,” ইয়াৰ বাবে যি গ্ৰীক শব্দ ব্যৱহাৰ কৰা হৈছে, সেই শব্দটো গ্ৰীক ব্যাকৰণৰ এঅʼৰিষ্ট কালত লিখা হৈছে আৰু ইয়ে হঠাতে হোৱা কাৰ্য্যক বুজায়। “প্ৰণাম কৰা” এই শব্দটোৱে দেখুৱায় যে চয়তানে যীচুক বাৰে বাৰে প্ৰণাম কৰিবলৈ কোৱা নাছিল, কিন্তু সি কেৱল এবাৰহে ‘প্ৰণাম কৰাৰ’ বিষয়ে কৈছিল।
(মথি ৪:২৩) পাছে যীচুৱে গোটেইখন গালীল দেশত ফুৰি ফুৰি, তেওঁবিলাকৰ নাম-ঘৰবোৰত উপদেশ দি, ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰি, মানুহবিলাকৰ সকলো বিধৰ ৰোগ আৰু সকলো বিধৰ নৰিয়া সুস্থ কৰিলে।
মথি ৪:২৩ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
উপদেশ . . . প্ৰচাৰ: উপদেশ দিয়া আৰু প্ৰচাৰ কৰাৰ মাজত প্ৰাৰ্থক্য আছে। প্ৰচাৰ কৰাৰ অৰ্থ হৈছে শুভবাৰ্ত্তা জনোৱা, কিন্তু উপদেশ দিয়াত নিৰ্দেশনা, বৰ্ণনা, যুক্তি আৰু প্ৰমাণ আদি জড়িত আছে।
বাইবেল পাঠ
(মথি ৫:৩১-৪৮) আৰু কোৱা হৈছিল, যি কোনোৱে নিজৰ তিৰোতাক ত্যাগ কৰে, তেওঁ তেওঁক ত্যাগ-পত্ৰ দিয়ক। ৩২ কিন্তু মই তোমালোকক কওঁ, যি কোনোৱে ব্যভিচাৰত বাজে, আন কাৰণত নিজৰ তিৰোতাক ত্যাগ কৰে, তেওঁ তেওঁক ব্যভিচাৰিণী কৰায়; আৰু যি কোনোৱে ত্যাগ কৰা তিৰোতাজনীক বিয়া কৰে, তেৱোঁ ব্যভিচাৰ কৰে। ৩৩ পুনৰায়, তুমি মিছা শপত নাখাই, প্ৰভুলৈ তোমাৰ শপত পালন কৰিবা, ইয়াক যে পূৰ্ব্বকালৰ লোকবিলাকৰ আগত কোৱা হৈছিল, তাক তোমালোকে শুনিলা। ৩৪ কিন্তু মই তোমালোকক কওঁ, একো শপত নাখাবা; স্বৰ্গৰ নামে নহয়, কিয়নো সেয়ে ঈশ্বৰৰ সিংহাসন; ৩৫ আৰু পৃথিবীৰ নামেও নহয়, কিয়নো সেয়ে তেওঁৰ ভৰি-পীৰা; ৩৬ যিৰূচালেমৰ নামেও নহয়, কিয়নো সেয়ে মহা-ৰজাৰ নগৰ। আৰু নিজৰ মূৰত ধৰি শপত নাখাব; কিয়নো এডালি চুলিকো তুমি বগা বা কʼলা কৰিব নোৱাৰা। ৩৭ কিন্তু তোমালোকৰ কথা হয় হয়, বা নহয় নহয় হওক; ইয়াতকৈ যি অধিক, সি পাপ আত্মাৰ পৰাহে হয়। ৩৮ চকুৰ সলনি চকু, দাঁতৰ সলনি দাঁত; ইয়াক যে কোৱা হৈছিল, তাক তোমালোকে শুনিলা। ৩৯ কিন্তু মই তোমালোকক কওঁ, তোমালোকে দুৰ্জনৰ প্ৰতিৰোধ নকৰিবা; কিন্তু যি কোনোৱে তোমাৰ সোঁ গালত চৰ মাৰে, তালৈ সিগালো পাতি দিবা। ৪০ কোনোৱে যদি তোমাৰ ওপৰত গোচৰ কৰি তোমাৰ চোলা লব খোজে, তেন্তে তেওঁক তোমাৰ বৰ কাপোৰখনো এৰি দিবা। ৪১ আৰু যি কোনোৱে তোমাক এমাইল বাট বলেৰে নিয়ে, তেওঁৰ লগত দুমাইল যাবা। ৪২ যি জনে তোমাক খোজে, সেই জনক দিবা; আৰু যি জনে তোমাৰ পৰা ধাৰ কৰিব খোজে, সেই জনক বিমুখ নকৰিবা। ৪৩ তোমাৰ চুবুৰীয়াক প্ৰেম কৰিবা, আৰু তোমাৰ শত্ৰুক ঘিণ কৰিবা; ইয়াক যে কোৱা হৈছিল, তাক তোমালোকে শুনিলা। ৪৪ কিন্তু মই তোমালোকক কওঁ, তোমালোকৰ শত্ৰুবিলাকক প্ৰেম কৰিবা, আৰু তোমালোকক তাড়না কৰাবিলাকৰ নিমিত্তে প্ৰাৰ্থনা কৰিবা; ৪৫ তেহে তোমালোকৰ স্বৰ্গত থকা পিতৃৰ সন্তান হবা; কিয়নো তেওঁ দুষ্ট আৰু সন্ত দুয়োৰো ওপৰত তেওঁৰ সূৰ্য্য উদয় হবলৈ দিয়ে; আৰু ধাৰ্ম্মিক অধাৰ্ম্মিক এই দুয়োৰো ওপৰত বৰষুণো বৰ্ষায়। ৪৬ কিয়নো যি মানুহে তোমালোকক প্ৰেম কৰে, কেৱল তেওঁবিলাকক প্ৰেম কৰিলে, তোমালোকে কি পুৰস্কাৰ পাবা? কৰতোলাবিলাকেও জানো তাকে নকৰে? ৪৭ আৰু তোমালোকে যদি অকল ভাইবিলাকক নমস্কাৰ কৰা, তেন্তে আনতকৈ অধিক কি কৰিলা? পৰজাতিবিলাকেও জানো তাকে নকৰে? ৪৮ এই হেতুকে তোমালোকৰ স্বৰ্গীয় পিতৃ যেনে সিদ্ধ, তোমালোকো তেনে সিদ্ধ হবা।
জানুৱাৰী ১৫-২১
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মথি ৬-৭
“প্ৰথমে তেওঁৰ ৰাজ্য বিচাৰক”
(মথি ৬:১০) তোমাৰ ৰাজ্য হওক; যেনেকৈ স্বৰ্গত, তেনেকৈ পৃথিবীতো তোমাৰ ইচ্ছা পূৰ হওক।
প্ৰাৰ্থনাৰ যোগেদি ঈশ্বৰৰ কাষ চাপক
যিহোৱা ঈশ্বৰৰ লগত জড়িত থকা বিষয়বোৰক আমি আমাৰ প্ৰাৰ্থনাত প্ৰথম স্থান দিয়া উচিত। যিহোৱা ঈশ্বৰে আমাৰ কাৰণে কৰা ভাল কামবোৰৰ বাবেও আমি তেওঁক আন্তৰিকতাৰে প্ৰশংসা আৰু ধন্যবাদ কৰিব লাগে। (১ বংশাৱলি ২৯:১০-১৩) প্ৰাৰ্থনা কেনেকৈ কৰিব লাগে, তাৰ বিষয়ে যীচুৱে মথি ৬:৯-১৩ পদত এটা আদৰ্শ দেখুৱাই গৈছে। (পঢ়ক।) এই আদৰ্শ প্ৰাৰ্থনাত যীচুৱে ঈশ্বৰৰ নাম পূজনীয় অৰ্থাৎ পবিত্ৰ কৰিবলৈ আমাক শিক্ষা দিছে। এই প্ৰাৰ্থনাৰ দ্বিতীয় বিষয় হৈছে, ঈশ্বৰৰ ৰাজ্য অহা তথা স্বৰ্গ আৰু পৃথিৱীত তেওঁৰ ইচ্ছা পূৰ হোৱা। ঈশ্বৰৰ নাম আৰু তেওঁৰ ৰাজ্য আদিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়বোৰক মুখ্য স্থান দিয়াৰ পাছত, যীচুৱে ব্যক্তিগত বিষয়বোৰৰ প্ৰতি ধ্যান দিছে। ঠিক সেইদৰে, যেতিয়া আমি আমাৰ প্ৰাৰ্থনাত যিহোৱা ঈশ্বৰক প্ৰথম স্থান দিওঁ, তেতিয়া আমি দেখুৱাওঁ যে আমি নিজতকৈ ঈশ্বৰৰ বিষয়ে বেছি চিন্তা কৰোঁ।
(মথি ৬:২৪) কোনেও দুজনা গৰাকীত খাটিব নোৱাৰে; কিয়নো তেওঁ এজনক ঘিণ কৰি, আন জনক ভাল পাব; নাইবা এজনত আসক্ত হৈ, আন জনক হেয়জ্ঞান কৰিব; তোমালোকে ঈশ্বৰ আৰু ধন, এই উভয়তে খাটিব নোৱাৰা।
মথি ৬:২৪ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
দুজনা গৰাকীত খাটিব নোৱাৰে (দাস): ইয়াৰ বাবে যি গ্ৰীক শব্দ ব্যৱহাৰ কৰা হৈছে, তাৰ অৰ্থ হৈছে এজন ব্যক্তিয়ে দাস হিচাপে কেৱল এজন গৰাকীৰহে সেৱা কৰা। এই দৃষ্টান্তৰ যোগেদি যীচুৱে কʼব বিচাৰিছিল যে এজন খ্ৰীষ্টানে ভৌতিক বস্তুবোৰ গোটোৱাৰ লগতে ঈশ্বৰৰ সেৱা একান্তভাৱে কৰিব নোৱাৰে।
(মথি ৬:৩৩) তোমালোকে প্ৰথমে তেওঁৰ ৰাজ্য আৰু ধাৰ্ম্মিকতা বিচাৰা; তাতে এই সকলোও তোমালোকক দিয়া হব।
মথি ৬:৩৩ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
বিচাৰা: ইয়াৰ বাবে যি গ্ৰীক শব্দ ব্যৱহাৰ কৰা হৈছে, ইয়ে একেৰাহে কৰা কাৰ্য্যক বুজায় আৰু ইয়াক “একেৰাহে বিচাৰক” বুলি অনুবাদ কৰিব পাৰি। যীচুৰ শিষ্যসকলে অলপ সময়ৰ বাবে ঈশ্বৰৰ ৰাজ্যক বিচাৰি, পুনৰ অন্য কামত ব্যস্ত হৈ পৰাটো উচিত নহয়। কিন্তু তেওঁলোকে নিজৰ জীৱনত ঈশ্বৰৰ ৰাজ্যৰ লগত জড়িত থকা বিষয়বোৰ প্ৰথম স্থান দিয়া উচিত।
ৰাজ্য: কিছুমান প্ৰাচীন গ্ৰীক হস্তলিপিত “ঈশ্বৰৰ ৰাজ্য” বুলি বৰ্ণনা কৰা হৈছে।
তেওঁৰ: এই শব্দই মথি ৬:৩২ পদত বৰ্ণনা কৰা ‘স্বৰ্গীয় পিতৃ,’ ঈশ্বৰক বুজায়।
ধাৰ্ম্মিকতা: যিসকল লোকে ঈশ্বৰৰ ধাৰ্ম্মিকতা বিচাৰে, তেওঁলোকে তৎপৰতাৰে ঈশ্বৰৰ ইচ্ছা পূৰ কৰে আৰু ভাল আৰু বেয়াৰ বাবে থকা তেওঁৰ মানদণ্ড পালন কৰে। এই শিক্ষা ফৰীচীবিলাকৰ শিক্ষাতকৈ সম্পূৰ্ণ বেলেগ আছিল, কিয়নো তেওঁলোকে নিজৰ মানদণ্ড স্থাপন কৰিছিল।—মথি ৫:২০.
w১৬.০৭ ১২ ¶১৮
ঈশ্বৰৰ ৰাজ্য বিচাৰক, ভৌতিক বস্তুবোৰ নহয়
মথি ৬:৩৩ পঢ়ক। যীচুৰ শিষ্যসকলে নিজৰ জীৱনত ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিয়া উচিত। যদি আমি এনেদৰে কৰোঁ, তেনেহʼলে “সকলোও” দিয়া হʼব বুলি যীচুৱে কৈছিল। তেওঁ এইদৰে কিয় কৈছিল? যীচুৱে ইয়াৰ আগৰ পদত এইদৰে বৰ্ণনা কৰিছে: “এই সকলোবোৰ যে তোমালোকৰ প্ৰয়োজন, তাক তোমালোকৰ স্বৰ্গীয় পিতৃয়ে জানে।” আমাৰ প্ৰয়োজনীয় অন্ন, বস্ত্ৰ, বাসস্থান আদিৰ বিষয়ে আমি জনাৰ আগতে যিহোৱা ঈশ্বৰে ভালদৰে জানে। (ফিলি. ৪:১৯) যিহোৱা ঈশ্বৰে জানে যে কোনটো কাপোৰ পৰিধান কৰাৰ বাবে অনুপযোগী হৈ পৰিছে। যিহোৱা ঈশ্বৰে এইটোও জানে যে আমাক কেনেধৰণৰ আহাৰ আৰু আমাৰ পৰিয়ালৰ বাবে কেনেধৰণৰ বাসস্থানৰ প্ৰয়োজন। যিহোৱা ঈশ্বৰে আমাক সেই সকলোবোৰ দিব, যিবোৰৰ সঁচাকৈ প্ৰয়োজন আছে।
আধ্যাত্মিক ৰত্ন বিচাৰক
(মথি ৭:১২) এতেকে সকলো বিষয়তে, লোকে তোমালোকক যেনে ব্যৱহাৰ কৰিলে, তোমালোকে ভাল পোৱা, তোমালোকেও তেওঁবিলাকক তেনে ব্যৱহাৰ কৰা; কিয়নো এয়ে বিধান আৰু ভাববাদীসকলৰ বাক্যৰ সাৰ।
w১৪ ৫/১৫ ১৪ ¶১৪-১৬
ঘোষণা কাৰ্য্যত সোণোৱালী নিয়ম ব্যৱহাৰ কৰক
কল্পনা কৰক যে কোনোবাই আপোনাক ফোন কৰিছে, কিন্তু আপুনি তেওঁৰ মাতৰপৰা বুজিব পাৰিছে যে তেওঁ এজন অচিনাকী ব্যক্তি। এই অচিনাকী ব্যক্তিজনে আপুনি কি খায় ভাল পায় বুলি আপোনাক প্ৰশ্ন কৰিছে। আপুনি জানিব বিচাৰিছে যে তেওঁ কোন হয় আৰু তেওঁ প্ৰকৃততে কি বিচাৰিছে। ভদ্ৰতাৰ বাবে আপুনি হয়তো তেওঁৰ লগত অলপ সময় কথা-বতৰা হʼব, কিন্তু তাৰ পাছত আপুনি আৰু কথা-বতৰাৰ বাবে ইচ্ছুক নহয় বুলি ইংগিত দিব। আনহাতে, কল্পনা কৰক যে এজন ব্যক্তিয়ে ফোন কৰি আপোনাক নিজৰ পৰিচয় দিছে। তেওঁ আপোনাক জনায় যে তেওঁ এনে এটা চাকৰি কৰে, যʼত লোকসকলক পুষ্টিকৰ আহাৰ খোৱাৰ ওপৰত পৰামৰ্শ দিয়ে। তেওঁ নম্ৰতাৰে জনায় যে আপোনাক সহায় কৰিব পৰা কিছুমান পৰামৰ্শ তেওঁ দিব পাৰে। আপুনি হয়তো তেওঁৰ কথা শুনিবলৈ আগ্ৰহী হʼব। আচলতে, যেতিয়া লোকসকলে আমাৰ লগত মুকলিভাৱে কথা-বতৰা হয়, তেতিয়া আমি সেই লোকসকলক মূল্যাংকন কৰোঁ। ঠিক সেইদৰে, সেই একেই পদ্ধতি আমি আমাৰ ঘোষণা কাৰ্য্যত কাৰোবাক লগ পোৱাৰ সময়ত কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ?
কিছুমান প্ৰচাৰ এলেকাত আমি গৃহস্থক আমাৰ উদ্দেশ্যৰ বিষয়ে স্পষ্টভাৱে জনোৱা উচিত। এইটো সঁচা যে আমাৰ ওচৰত এক গুৰুত্বপূৰ্ণ বাৰ্ত্তা আছে, যিটো গৃহস্থৰ ওচৰত নাই। কিন্তু আমি নিজৰ পৰিচয় নিদিয়াকৈ যদি গৃহস্থক এইদৰে প্ৰশ্ন কৰোঁ: “যদি আপোনাৰ ওচৰত জগতৰ সমস্যাবোৰ সমাধান কৰাৰ বাবে সামৰ্থ দিয়া হয়, তেনেহʼলে আপুনি কোনটো সমস্যা সমাধান কৰিব?” আমি জানো যে এই প্ৰশ্নৰ আঁৰত এটা উদ্দেশ্য আছে। এই প্ৰশ্নৰ যোগেদি আপুনি হয়তো গৃহস্থৰ মনৰ কথা জানিব বিচাৰিছে আৰু বাইবেলৰপৰা পদ দেখুৱাই কথা-বতৰা আগবঢ়াব বিচাৰিছে। কিন্তু গৃহস্থই হয়তো আপোনাৰ বিষয়ে এইদৰে ভাৱিছে: ‘এই অচিনাকী ব্যক্তিজন কোন আৰু তেওঁ মোক এই প্ৰশ্নটো কিয় সুধিছে? তেওঁ সোধাৰ উদ্দেশ্য কি?’ গতিকে আমি গৃহস্থৰ মনত কোনো সন্দেহৰ সৃষ্টি কৰাৰ প্ৰয়োজন নাই। (ফিলি. ২:৩, ৪) কিন্তু প্ৰশ্ন হʼব পাৰে যে আমি ইয়াক কেনেকৈ কৰিম?
এজন ট্ৰেভেলিং ওভাৰচিয়াৰে কিছুমান প্ৰভাৱশালী পদ্ধতি ব্যৱহাৰ কৰিছে। নিজৰ পৰিচয় দিয়াৰ পাছত আপুনি সত্যৰ বিষয়ে জানিবলৈ বিচাৰেনে? ট্ৰেক্টখনৰ এটা কপি গৃহস্থক দিয়ে আৰু তেওঁ এইদৰে কয়: “আজি আপোনালোকৰ এলেকাত আমি প্ৰতিজন ব্যক্তিক ইয়াৰে এটা কপি দিছোঁ। প্ৰায়ে লোকসকলে সোধা ছটা প্ৰশ্নৰ উত্তৰ ইয়াত আলোচনা কৰা হৈছে। এইখন আপোনাৰ বাবে।” ভাইজনে জনায় যে আমি আমাৰ সাক্ষাৎ কৰাৰ উদ্দেশ্যৰ বিষয়ে গৃহস্থক জনোৱাৰ পাছত বহুতোলোকে কোনো ভয় নকৰাকৈ আমাৰ লগত কথা-বতৰা হয়। এইদৰে ভাইজনে সহজে লোকসকলৰ লগত আলোচনা কৰিবলৈ সক্ষম হয়। ট্ৰেভেলিং ওভাৰচিয়াৰ ভাইজনে আগলৈ গৃহস্থক এইদৰে প্ৰশ্ন সোধে: “ইয়াত উল্লেখ কৰা কোনো এটা প্ৰশ্নৰ বিষয়ে আপুনি কেতিয়াবা চিন্তা কৰিছেনে?” যদি গৃহস্থই এটা প্ৰশ্ন নিৰ্ব্বাচন কৰে, তেনেহʼলে ভাইজনে সেই প্ৰশ্নটোৰ ওপৰত বাইবেলে কি বৰ্ণনা কৰিছে, তাৰ বিষয়ে ট্ৰেক্টখনৰপৰা আলোচনা কৰে। আনহাতে, যদি গৃহস্থই কোনো উত্তৰ নিদিয়ে, তেনেহʼলে ভাইজনে নিজে এটা প্ৰশ্ন নিৰ্ব্বাচন কৰি আলোচনা কৰে। সঁচাকৈ, কথা-বতৰা আৰম্ভ কৰাৰ বহুতো উপায় আছে। কিছুমান এলেকাত আমি আমাৰ উদ্দেশ্যৰ বিষয়ে জনোৱাৰ আগতে, হয়তো সেই ঠাইৰ পৰম্পৰা অনুসৰি গৃহস্থক সম্ভাষণ জনোৱাটো উচিত হʼব। আমাৰ এলেকাৰ লোকসকলে যেনেদৰে তেওঁলোকক সম্বোধন কৰাটো বিচাৰে, আমি সেইদৰে তেওঁলোকৰ লগত কথা-বতৰা হোৱা উচিত।
(মথি ৭:২৮, ২৯) যীচুৱে এই সকলো বাক্য কৈ এটালত, লোকসমূহে তেওঁৰ উপদেশত বিস্ময় মানিলে; ২৯ কিয়নো তেওঁ তেওঁবিলাকৰ অধ্যাপকসকলৰ দৰে উপদেশ নিদি, ক্ষমতাপন্ন জনৰ দৰে তেওঁবিলাকক উপদেশ দিলে।
মথি ৭:২৮ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
বিস্ময় মানিলে: ইয়াৰ বাবে ব্যৱহাৰ কৰা গ্ৰীক শব্দটোৰ অৰ্থ হয়তো “আশ্চৰ্য্যজনক হৈ অভিভূত হোৱা।” ইয়াৰপৰা বুজিব পাৰি যে যীচুৰ বাক্যই লোকসকলক গভীৰভাৱে প্ৰভাৱিত কৰিছিল।
তেওঁৰ উপদেশ: এই বাক্যই যীচুৱে শিক্ষা দিয়াৰ পদ্ধতিৰ বিষয়ে বৰ্ণনা কৰে। যীচুৱে কি শিক্ষা দিছিল আৰু পৰ্ব্বতীয়া উপদেশত কি কি নিৰ্দ্দেশনা দিছিল, এই সকলোবোৰ তেওঁৰ শিক্ষা পদ্ধতিত জড়িত আছে।
মথি ৭:২৯ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
তেওঁবিলাকৰ অধ্যাপকসকলৰ দৰে উপদেশ নিদি: অধিকাৰত থকা কোনো ব্যক্তিৰ দৰে শিক্ষা দিয়াৰ পৰিৱৰ্তে, যীচুৱে যিহোৱাৰ প্ৰতিনিধি হৈ, অধিকাৰ থকা এজন ব্যক্তি হিচাপে ঈশ্বৰৰ বাক্যৰ আধাৰত শিক্ষা দিছিল।—যোহ ৭:১৬.
বাইবেল পাঠ
(মথি ৬:১-১৮) সাৱধান হোৱা, মানুহক দেখুৱাবলৈ তেওঁবিলাকৰ আগত তোমালোকে নিজ নিজ ধৰ্ম্মকৰ্ম্ম নকৰিবা; তেনে কৰিলে, তোমালোকৰ স্বৰ্গত থকা পিতৃৰ ওচৰত তোমালোকৰ একো পুৰস্কাৰ নহব। ২ এই হেতুকে তুমি যেতিয়া দান কৰা, তেতিয়া মানুহৰ পৰা প্ৰশংসা পাবলৈ কপটীয়াবিলাকৰ নিচিনাকৈ নাম-ঘৰে নাম-ঘৰে আৰু বাটে বাটে, নিজৰ আগে আগে ঢোল কোবাই নুফুৰিবা; মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁবিলাকে নিজৰ নিজৰ পুৰস্কাৰ পালেই। ৩ কিন্তু তুমি যেতিয়া দান কৰা, তেতিয়া তোমাৰ সোঁ হাতে কি কৰে, বাওঁ হাতক তাক জানিবলৈ নিদিবা; ৪ তেহে তোমাৰ দান গুপুত হব, আৰু গুপুতে দেখা তোমাৰ পিতৃয়ে তোমাক প্ৰতিদান দিব। ৫ আৰু তোমালোকে যেতিয়া প্ৰাৰ্থনা কৰা, তেতিয়া কপটীয়াবিলাকৰ নিচিনা নহবা; কিয়নো মানুহে দেখিবলৈ তেওঁবিলাকে নাম-ঘৰে নাম-ঘৰে আৰু আলিবাটৰ চুকে চুকে থিয় হৈ প্ৰাৰ্থনা কৰিবলৈ ভাল পায়। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁবিলাকে নিজ নিজ পুৰস্কাৰ পালেই। ৬ কিন্তু যেতিয়া তুমি প্ৰাৰ্থনা কৰা, তেতিয়া তোমাৰ ভিতৰ-কোঁঠালিত সোমোৱা, আৰু দুৱাৰ জপাই, গুপুতে থকা তোমাৰ পিতৃৰ আগত প্ৰাৰ্থনা কৰা; তাতে গুপুতে দেখা তোমাৰ পিতৃয়ে তোমাক প্ৰতিদান দিব। ৭ আৰু প্ৰাৰ্থনা কৰা কালত তুমি পৰজাতিবিলাকৰ নিচিনাকৈ অনৰ্থক পুনৰুক্তি নকৰিবা; কিয়নো তেওঁবিলাকৰ বেচি কথাৰ কাৰণে শুনা যাব বুলি তেওঁবিলাকে ভাবে। ৮ এতেকে তোমালোক তেওঁবিলাকৰ নিচিনা নহবা; কিয়নো তোমালোকৰ কি কি প্ৰয়োজন আছে, তাক তোমালোকে তেওঁক খোজাৰ আগেয়ে, তোমালোকৰ পিতৃয়ে জানে। ৯ এই হেতুকে তোমালোকে এইদৰে প্ৰাৰ্থনা কৰা; হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পুজনীয় হওক। ১০ তোমাৰ ৰাজ্য হওক; যেনেকৈ স্বৰ্গত, তেনেকৈ পৃথিবীতো তোমাৰ ইচ্ছা পূৰ হওক। ১১ আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া। ১২ আমাৰ ধৰুৱাহঁতক আমি যেনেকৈ ক্ষমা কৰিলোঁ, তেনেকৈ আমাৰো ধাৰ ক্ষমা কৰা। ১৩ আমাক পৰীক্ষালৈ নিনিবা, কিন্তু পাপ-আত্মাৰ পৰা আমাক ধৰি ৰাখা। ১৪ কিয়নো তোমালোকে যদি লোকৰ অপৰাধ ক্ষমা কৰা, তেন্তে তোমালোকৰ স্বৰ্গীয় পিতৃয়ে তোমালোককো ক্ষমা কৰিব; ১৫ কিন্তু তোমালোকে যদি লোকৰ অপৰাধ ক্ষমা নকৰা, তেন্তে তোমালোকৰ পিতৃয়েও তোমালোকৰ অপৰাধ ক্ষমা নকৰিব। ১৬ আৰু তোমালোকে যেতিয়া লঘোন দিয়া, তেতিয়া কপটীয়াবিলাকৰ নিচিনাকৈ মুখ মলিন নকৰিবা; কিয়নো তেওঁবিলাকে লঘোনীয়া বুলি মানুহক দেখুৱাবলৈ মুখ বিবৰ্ণ কৰে। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁবিলাকে নিজ নিজ পুৰস্কাৰ পালেই। ১৭ কিন্তু তুমি লঘোন দিয়াৰ সময়ত, মানুহৰ আগত নিজকে লঘোনীয়া নেদেখুৱাই, গুপুতে থকা তোমাৰ পিতৃৰ আগত নিজকে যেন লঘোনীয়া দেখুউৱা, এই নিমিত্তে তোমাৰ মূৰত তেল ঘঁহা আৰু মুখো ধোৱা; ১৮ তাতে গুপুতে দেখি তোমাৰ পিতৃয়ে তোমাক প্ৰতিদান দিব।
জানুৱাৰী ২২-২৮
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মথি ৮-৯
“যীচুৱে লোকসকলক প্ৰেম কৰিছিল”
(মথি ৮:১-৩) পাছে তেওঁ পৰ্ব্বতৰ পৰা নামিলত, বহু মানুহৰ দল তেওঁৰ পাছত গল। ২ আৰু চোৱা, এজন কুষ্ঠ ৰোগী তেওঁৰ ওচৰলৈ আহি, তেওঁক প্ৰণিপাত কৰি কলে, হে প্ৰভু, আপুনি যদি ইচ্ছা কৰে, তেন্তে মোক শুচি কৰিব পাৰে। ৩ তাতে তেওঁ হাত মেলি তাক চুই কলে, মই ইচ্ছা কৰিছোঁ; শুচি হোৱা। তেতিয়াই তাৰ কুষ্ঠৰোগ সুস্থ কৰা হল।
মথি ৮:৩ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
তেওঁ হাত মেলি তাক চুই: কুষ্ঠৰোগ যাতে আনলৈ সোঁচৰি নাযায়, তাৰ বাবে মোচিৰ নিয়মত কুষ্ঠৰোগীসকলক পৃথকে থকাৰ প্ৰয়োজন আছিল। (লেবী ১৩:৪৫, ৪৬; গণ ৫:১-৪) কিন্তু যিহূদী ধৰ্ম্মগুৰুসকলে এই বিষয়ে আৰু কিছুমান নিয়ম স্থাপন কৰিছিল। উদাহৰণস্বৰূপে, এজন কুষ্ঠৰোগীৰপৰা চাৰি হাত অৰ্থাৎ ১.৮ মি. (৬ ফুট) আঁতৰত থকা উচিত আছিল। কিন্তু বেছিকৈ বতাহ বোৱাৰ দিনাখন কুষ্ঠৰোগীজনৰপৰা এশ হাত অৰ্থাৎ ৪৫ মি. (১৫০ ফুট) আঁতৰত থকাৰ নিয়ম আছিল। এনেধৰণৰ নিয়মে কুষ্ঠৰোগীসকলক ঘৃণা কৰিবলৈ উৎসাহিত কৰিছিল। এনে এজন ৰব্বিৰ বিষয়ে উল্লেখ আছে, যিয়ে কুষ্ঠৰোগীসকলৰপৰা আঁতৰি থাকে আৰু আন এজনে কুষ্ঠৰোগীসকলক তেওঁলোকৰপৰা দূৰত থাকিবলৈ শিল দলিয়ায়। কিন্তু ইয়াৰ বিপৰীতে, যীচুৱে কুষ্ঠৰোগীজনৰ কাতৰুক্তিলৈ সহানুভূতি দেখুৱাইছিল আৰু তেওঁ এনে এক কাম কৰি দেখুৱাইছিল, যি হয়তো যিহূদীসকলৰ দৃষ্টিত এক ভাবিব নোৱাৰা বিষয় আছিল। যীচুৱে কুষ্ঠৰোগীজনক নিজৰ হাতেৰে চুইছিল! যীচুৱে এই কুষ্ঠৰোগীজনক হাতেৰে চোৱাৰ প্ৰয়োজন নাছিল। তেওঁ হয়তো কুষ্ঠৰোগীজনক মুখৰপৰা কিবা এষাৰ কৈ সুস্থ কৰিব পাৰিলেহেঁতেন।—মথি ৮:৫-১২.
মই ইচ্ছা কৰিছোঁ: যীচুৱে কেৱল কুষ্ঠৰোগীজনৰ কাতৰুক্তিলৈ ধ্যান দিয়াই নহয়, কিন্তু তেওঁ ৰোগীজনক সুস্থ কৰিবলৈ প্ৰবল ইচ্ছা প্ৰকাশ কৰিছিল। ইয়াৰপৰা বুজিব পাৰি যে তেওঁ এই কাৰ্য্য এক দায়িত্ব বুলি কৰা নাই, কিন্তু এনে কৰিবলৈ তেওঁ অনুপ্ৰাণিত হৈছিল।
(মথি ৯:৯-১৩) যীচুৱে তাৰ পৰা যাওঁতে, মথি নামেৰে এজন মানুহক কৰ লোৱা চʼৰাত বহি থকা দেখা পাই, তেওঁক কলে, মোৰ পাছে পাছে আহাঁ। তাতে তেওঁ উঠি, তেওঁৰ পাছে পাছে গল। ১০ ইয়াৰ পাছত চোৱা, তেওঁৰ ঘৰত ভোজন কৰিবলৈ বহোঁতে, অনেক কৰতোলা আৰু পাপী মানুহ আহি, যীচু আৰু তেওঁৰ শিষ্যবিলাকৰ লগত বহিল। ১১ ফৰীচীবিলাকে ইয়াকে দেখি, তেওঁৰ শিষ্যবিলাকক সুধিলে, তোমালোকৰ গুৰুৱে কৰতোলা আৰু পাপীবোৰে সৈতে কিয় ভোজন কৰে? ১২ তেওঁ তাক শুনি কলে, নিৰোগী মানুহৰ বেজত সকাম নাই, কিন্তু ৰোগীৰহে সকাম আছে। ১৩ তোমালোক যোৱা, মই বলিদান নোখোজো, দয়াহে খোজো, এই বচনৰ অৰ্থ শিকাগৈ। কিয়নো মই ধাৰ্ম্মিক নহয়, কিন্তু পাপীকহে নিমন্ত্ৰণ কৰিবলৈ আহিছোঁ।
মথি ৯:১০ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
ভোজন কৰিবলৈ বহোঁতে: বা “টেবুলত ভৰ দি বহা।” কোনো এজন ব্যক্তিৰ সৈতে টেবুলত ভৰ দি বহাই, সেই ব্যক্তিজনৰ লগত ঘনিষ্ঠ বন্ধুত্ব থকা বুজায়। সেইবাবে, যীচুৰ সময়ৰ যিহূদীসকলে সাধাৰণতে, যিহূদী নোহোৱা লোকসকলৰ সৈতে খোৱা-বোৱাৰ সময়ত একেলগে বহা নাছিল।
কৰতোলা: বহুতো যিহূদীয়ে ৰোমান অধিকাৰীসকলৰ বাবে কৰ আদায় কৰিছিল। এই কৰতোলা যিহূদীসকলক লোকসকলে ঘৃণা কৰিছিল। কিয়নো তেওঁলোকে কেৱল এক বিদেশী শক্তিৰ বাবে কাম কৰাই নহয়, কিন্তু তেওঁলোকে নিৰ্ধাৰণ কৰা কৰতকৈ বেছি কৰ আদায় কৰিছিল। যিহূদী কৰতোলাসকলক সাধাৰণতে আন যিহূদীসকলে এৰাই চলিছিল আৰু তেওঁলোকক পাপী আৰু বেশ্যাবোৰৰ শ্ৰেণীত ৰাখিছিল।—মথি ১১:১৯; ২১:৩২.
(মথি ৯:৩৫-৩৮) পাছে যীচুৱে সকলো নগৰ আৰু গাৱঁত ফুৰি ফুৰি, তেওঁলোকৰ নামঘৰবোৰত উপদেশ দিলে, ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিলে, আৰু সকলো বিধৰ ৰোগ আৰু সকলো বিধৰ নৰিয়া সুস্থ কৰিলে। ৩৬ আৰু মানুহবিলাকক দেখি, তেওঁবিলাকলৈ তেওঁৰ মৰম লাগিল; কিয়নো তেওঁবিলাক ৰখীয়া নোহোৱা মেৰৰ নিচিনা, দুঃখিত আৰু ক্লান্ত হৈ পৰিছিল। ৩৭ তেতিয়া তেওঁ নিজৰ শিষ্যবিলাকক কলে, শস্য সৰহ, কিন্তু বনোৱা তাকৰ। ৩৮ এই হেতুকে নিজৰ শস্যক্ষেত্ৰলৈ বনুৱাবিলাকক পঠাই দিবলৈ, শস্যৰ গৰাকীত প্ৰাৰ্থনা কৰা।
মথি ৯:৩৬ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
মৰম লাগিল: ইয়াৰ বাবে গ্ৰীক শব্দ স্প্লাগ-নিজ’-মাই ব্যৱহাৰ কৰা হৈছে। এই গ্ৰীক শব্দটো “আন্তৰিক” (স্প্লাগনা) শব্দৰ লগত সম্পৰ্ক আছে। ইয়ে দেহৰ ভিতৰৰ গভীৰ অনুভূতি অৰ্থাৎ তীব্ৰ আবেগক চিত্ৰিত কৰে। গ্ৰীক ভাষাত এই শব্দ কৰুণাক বুজাবলৈ ব্যৱহাৰ কৰা হয়।
আধ্যাত্মিক ৰত্ন বিচাৰক
(মথি ৮:৮-১০) সেই সেনাপতিয়ে উত্তৰ দি কলে, হে প্ৰভু, আপুনি যে মোৰ ঘৰৰ ভিতৰত সোমাবগৈ, মই এনে যোগ্য নহওঁ; কিন্তু এষাৰ বাক্য মাথোন কওক, তাতে মোৰ বন্দী সুস্থ হব। ৯ কিয়নো ময়ো পৰৰ অধীন মানুহ হৈছোঁ; মোৰ অধীনেও সেনাবিলাক আছে; মই এটাক যা বুলিলে, সি যায়; আনটোক আহ বুলিলে, সি আহে; আৰু মোৰ দাসক এইটো কৰ বুলিলে, সি কৰে। ১০ যীচুৱে এই কথা শুনি বিস্ময় মানি, পাছে পাছে অহাবিলাকক কলে, মই তোমালোকক স্বৰূপকৈ কওঁ, ইস্ৰায়েলৰ মাজতো মই ইমান বিশ্বাস পোৱা নাই।
‘মই তোমালোকক আৰ্হি দেখুৱালোঁ’
একেইদৰে এজন পৰজাতি ৰোমান সৈনিক বিষয়াই আহি যীচুক তেওঁৰ দাসজনক সুস্থ কৰিবলৈ অনুৰোধ কৰিলে। যীচুৱে সেই সৈনিক বিষয়াজনে কৰা ভুল কাৰ্য্যসমূহৰ বিষয়ে জানিছিল। সেই সময়ত এজন সৈনিক বিষয়াৰ পূৰ্বৰ জীৱন-প্ৰণালীত বহুতো হিংসা, ৰক্তপাত কাৰ্য্য আৰু মিছা দেৱ-দেৱীৰ উপাসনাৰে ভৰি আছিল। তথাপিও যীচুৱে তেওঁ প্ৰকাশ কৰা উল্লেখনীয় বিশ্বাসৰ ওপৰত ধ্যান কেন্দ্ৰীত কৰিছিল। (মথি ৮:৫-১৩) পিছলৈ যীচুৱে তেওঁৰ ওচৰত যাতনা স্তম্ভত আঁৰি থোৱা দুষ্কৰ্মীজনৰ সৈতে কথোপকথন কৰোঁতে তেওঁ সেই ব্যক্তিজনে কৰা বেয়া কৰ্ম্মবোৰ তিৰস্কাৰ নকৰি তেওঁক ভৱিষ্যত পৰমদেশৰ প্ৰতি আশা ৰাখিবলৈ উৎসাহিত কৰিছিল। (লূক ২৩:৪৩) যীচুৱে জানিছিল যে লোকবিলাকৰ বেয়া গুণবোৰৰ প্ৰতি দোষ ধৰা দৃষ্টিভঙ্গী ৰাখিলে তেওঁলোকক কেৱল নিৰুৎসাহিত কৰা হʼলহেঁতেন। ইয়াত কোনো সন্দেহ নাই যে লোকসমূহত ভাল গুণ বিচাৰি উলিয়াবলৈ কৰা প্ৰচেষ্টাই বহুতকে অধিক ভাল কাৰ্য্য কৰিবলৈ উৎসাহিত কৰিছিল।
(মথি ৯:১৬, ১৭) কোনেও পুৰণি বস্ত্ৰত মৰুৱা কাপোৰৰ টাপলি নামাৰে; কিয়নো যি ডোখৰেৰে টাপলি মাৰে, সেয়ে সেই বস্ত্ৰক ফালি নিয়ে; তাতে ফটা সৰহহে হয়। ১৭ আৰু মানুহে নতুন দ্ৰাক্ষাৰস পুৰণি ছালৰ মোটত নথয়; তেনে কৰিলে, মোটবোৰ ফাটি যায়, ৰসো বৈ ঢুকায়, আৰু মোটো নষ্ট হয়, কিন্তু নতুন দ্ৰাক্ষাৰস নতুন মোটতহে থয়, তেহে দুয়োৰো ৰক্ষা হয়।
jy-E ৭০ ¶৬
যীচুৰ পাঁচনিসকলে কিয় লঘোন দিয়া নাছিল?
যোহন বাপ্তাইজকৰ শিষ্যসকলক যীচুৱে বুজিবলৈ সহায় কৰিছিল যে তেওঁৰ শিষ্যসকলে যিহূদী ধৰ্ম্মৰ পুৰণি অভ্যাসবোৰ পালন কৰাৰ বাবে আশা কৰাটো উচিত নহʼব। উদাহৰণস্বৰূপে, লঘোন দিয়াৰ প্ৰথা। যীচু খ্ৰীষ্টই, ফটা পুৰণি ব্যৱস্থাক টাপলি মাৰিবলৈ অহা নাছিল। কিয়নো যিহূদীসকলৰ এই পুৰণি ব্যৱস্থা অতি সোনকালে অগ্ৰাহ্য হʼবলৈ গৈ আছিল। যীচু খ্ৰীষ্টই যি উপাসনাৰ বাবে উৎসাহিত কৰিছিল, সেই উপাসনা প্ৰাচীন যিহূদীসকলে পালন কৰা পৰম্পৰাৰ দৰে নাছিল। তেওঁ পুৰণি কাপোৰত, নতুন কাপোৰেৰে টাপলি বা নতুন দ্ৰাক্ষাৰস পুৰণি ছালৰ মোটত থʼবলৈ অহা নাছিল।
বাইবেল পাঠ
(মথি ৮:১-১৭) পাছে তেওঁ পৰ্ব্বতৰ পৰা নামিলত, বহু মানুহৰ দল তেওঁৰ পাছত গল। ২ আৰু চোৱা, এজন কুষ্ঠ ৰোগী তেওঁৰ ওচৰলৈ আহি, তেওঁক প্ৰণিপাত কৰি কলে, হে প্ৰভু, আপুনি যদি ইচ্ছা কৰে, তেন্তে মোক শুচি কৰিব পাৰে। ৩ তাতে তেওঁ হাত মেলি তাক চুই কলে, মই ইচ্ছা কৰিছোঁ; শুচি হোৱা। তেতিয়াই তাৰ কুষ্ঠৰোগ সুস্থ কৰা হল। ৪ পাছে যীচুৱে তাক কলে, সাৱধান হোৱা; এই কথা কাকো নকবা; কিন্তু যোৱা, পুৰোহিতৰ আগত নিজকে দেখুৱাগৈ, আৰু লোকৰ আগত সাক্ষ্য দিবলৈ, মোচিৰ নিৰূপিত নৈবেদ্য উৎসৰ্গ কৰাগৈ। ৫ তেওঁ কফৰনাহূমত সোমালত, এশৰ সেনাপতি এজনে তেওঁৰ ওচৰলৈ আহি, তেওঁক বিনয় কৰি কলে, ৬ হে প্ৰভু, মোৰ এটা বন্দী জঠৰ ৰোগত অতিশয় যাতনা পাই, ঘৰত পৰি আছে। ৭ তেতিয়া তেওঁ তেওঁক কলে, মই গৈ তাক সুস্থ কৰিম। ৮ সেই সেনাপতিয়ে উত্তৰ দি কলে, হে প্ৰভু, আপুনি যে মোৰ ঘৰৰ ভিতৰত সোমাবগৈ, মই এনে যোগ্য নহওঁ; কিন্তু এষাৰ বাক্য মাথোন কওক, তাতে মোৰ বন্দী সুস্থ হব। ৯ কিয়নো ময়ো পৰৰ অধীন মানুহ হৈছোঁ; মোৰ অধীনেও সেনাবিলাক আছে, মই এটাক যা বুলিলে, সি যায়; আনটোক আহ বুলিলে, সি আহে; আৰু মোৰ দাসক এইটো কৰ বুলিলে, সি কৰে। ১০ যীচুৱে এইকথা শুনি বিস্ময় মানি, পাছে পাছে অহাবিলাকক কলে, মই তোমালোকক স্বৰূপকৈ কওঁ, ইস্ৰায়েলৰ মাজতো মই ইমান বিশ্বাস পোৱা নাই। ১১ আৰু মই তোমালোকক কওঁ, অনেকে পূব আৰু পশ্চিমৰ পৰা আহি, অব্ৰাহাম, ইচ্হাক আৰু যাকোবৰ লগত স্বৰ্গৰাজ্যত বহিব; ১২ কিন্তু ৰাজ্যৰ সন্তানবিলাকক বাহিৰৰ আন্ধাৰত পেলোৱা হব; তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হব। ১৩ পাছে যীচুৱে সেই সেনাপতিক কলে, তুমি যোৱা; যি দৰে বিশ্বাস কৰিলা, সেইদৰে তোমালৈ হওক। তাতে সেই বন্দী সেই সময়তেই সুস্থ হল। ১৪ পাছে যীচুৱে পিতৰৰ ঘৰত সোমাই, তেওঁৰ শাহুৱেকক জ্বৰত পৰি থকা দেখিলে। ১৫ তাতে তেওঁ তেওঁৰ হাত চুলতে, জ্বৰ এৰিলে, আৰু তেওঁ উঠি তেওঁৰ সেৱা-শুশ্ৰূষা কৰিলে। ১৬ পাছে সন্ধ্যা হলত, মানুহবিলাকে অনেক ভূতে পোৱা মানুহ তেওঁৰ ওচৰলৈ আনিলত, তেওঁ বাক্যৰে সেই আত্মাবোৰ খেদালে, আৰু সকলো ৰোগীক সুস্থ কৰিলে। ১৭ তেৱেঁই আমাৰ দুৰ্ব্বলতা ললে, আৰু আমাৰ ৰোগবোৰ নিলে, এই যি বচন যিচয়া ভাববাদীৰ দ্বাৰাই কোৱা হৈছিল, এই বচন সিদ্ধ হবলৈ এইদৰে ঘটিল।
জানুৱাৰী ২৯–ফেব্ৰুৱাৰী ৪
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মথি ১০-১১
“যীচুৱে লোকসকলক জিৰণি দিছিল”
(মথি ১০:২৯, ৩০) দুটা ঘৰ-চিৰিকা এপইচালৈ নেবেচে নে? তথাপি তোমালোকৰ পিতৃৰ অনুমতিৰ বিনে সেইবোৰৰ এটিও মাটিত নপৰে। ৩০ তোমালোকৰ মূৰৰ আটাইবোৰ চুলিও গণা হৈছে।
মথি ১০:২৯ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
ঘৰ-চিৰিকা: গ্ৰীক ভাষাৰ স্ত্ৰু-থিয়ন শব্দই যিকোনো সৰু চৰাইক চিত্ৰিত কৰে। কিন্তু এই শব্দ প্ৰায়ে ঘৰ-চিৰিকাৰ বাবে ব্যৱহাৰ কৰা হয়। প্ৰাচীন সময়ত বেচা-কিনা কৰা চৰাইবোৰৰ ভিতৰত ঘৰ-চিৰিকাৰ মূল্য একেবাৰে কম আছিল।
এপইচালৈ: “এক আচাৰিয়ন” হৈছে এজন ব্যক্তিয়ে ৪৫ মিনিট সময় কাম কৰাৰ বিনিময়ত লাভ কৰা বেতন। (অতিৰিক্ত লেখ B১৪ চাওক।) যীচুৱে গালীল নগৰখন তৃতীয় বাৰৰ বাবে যাত্ৰা কৰাৰ সময়ত দুটা ঘৰ-চিৰিকাৰ মূল্য এক আচাৰিয়ন বুলি কৈছিল। কিন্তু আন এক সময়ত হয়তো এবছৰৰ পাছত, যিহূদিয়াত সেৱা কৰাৰ সময়ত যীচুৱে কৈছিল যে ইয়াৰ দুগুন মূল্যত পাঁচটা ঘৰ-চিৰিকা কিনিব পাৰি। (লূক ১২:৬) এই দুয়োটা ঘটনাৰপৰা আমি শিকোঁ যে ঘৰ-চিৰিকাৰ মূল্য ইমানেই কম আছিল যে ব্যৱসায়ীসকলে পঞ্চম চৰাইটো বিনামূল্যেই দি দিছিল।
nwtsty ভিডিঅ’
ঘৰ-চিৰিকা
বেচা-কিনা কৰা চৰাইবোৰৰ ভিতৰত ঘৰ-চিৰিকাৰ মূল্য একেবাৰে কম আছিল। এজন ব্যক্তিয়ে ৪৫ মিনিট কাম কৰাৰ বিনিময়ত পোৱা বেতনেৰে দুটা চৰাই কিনিব পাৰিছিল। ঘৰ-চিৰিকাৰ বাবে যি গ্ৰীক শব্দ ব্যৱহাৰ কৰা হৈছে, তাত এনে বহুতো সৰু সৰু চৰাইৰ লগতে ঘৰ-চিৰিকা (পাচাৰ ডমেছটিকাচ বিব্লিকাচ) আৰু স্পেনিছ ঘৰ-চিৰিকা (পাচাৰ সিস্পেনিঅʼলেনচিচ্) জড়িত আছে। এই চৰাইবোৰ বৰ্তমান সময়ত ইস্ৰায়েল দেশত পোৱা যায়।
মথি ১০:৩০ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
তোমালোকৰ মূৰৰ আটাইবোৰ চুলিও গণা হৈছে: অনুমান কৰা হৈছে যে এজন ব্যক্তিৰ মূৰত ১ লাখতকৈয়ো বেছি চুলি থাকে। ক্ষুদ্ৰ ক্ষুদ্ৰ বিষয়বোৰৰ ওপৰত থকা যিহোৱা ঈশ্বৰৰ জ্ঞানে আমাক আশ্বাস দিয়ে যে তেওঁ খ্ৰীষ্টৰ শিষ্য হোৱা প্ৰতিজন ব্যক্তিৰ বিষয়ে গভীৰভাৱে চিন্তা কৰে।
(মথি ১১:২৮) হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহাঁ; মই তোমালোকক জিৰণি দিম।
মথি ১১:২৮ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
ভাৰাক্ৰান্ত: যীচুৱে যিসকল লোকক নিজৰ শিষ্য হʼবলৈ নিমন্ত্ৰণ কৰিছিল, তেওঁলোকে দুখ-কষ্ট আৰু চিন্তাৰে “ভাৰাক্ৰান্ত” হৈ আছিল। মোচিয়ে দিয়া নিয়মত মানুহৰ পৰম্পৰা যোগ দিয়াৰ বাবে যিহোৱা ঈশ্বৰক উপাসনা কৰাটো লোকসকলৰ বাবে বোজা যেন হৈ পৰিছিল। (মথি ২৩:৪) সাধাৰণতে বিশ্ৰাম দিনটো পালন কৰি লোকসকলে সতেজ হʼব লাগিছিল, কিন্তু বিশ্ৰাম দিন পালন কৰাটো তেওঁলোকৰ বাবে বোজা যেন হৈ পৰিছিল।—যাত্ৰা ২৩:১২; মাৰ্ক ২:২৩-২৮; লূক ৬:১-১১.
মই তোমালোকক জিৰণি দিম: ‘জিৰণিৰ’ বাবে যি গ্ৰীক শব্দ অনুবাদ কৰা হৈছে, তাৰ অৰ্থ হৈছে বিশ্ৰাম (মথি ২৬:৪৫; মাৰ্ক ৬:৩১) আৰু সকাহ, যিয়ে ভাগৰি যোৱাৰ পাছত পুনৰ সজীৱ হোৱাৰ বাবে শক্তি দিয়ে। (২কৰি ৭:১৩; ফিলিমন ৭) ওচৰে-পাঁজৰে থকা শাস্ত্ৰপদবোৰে দেখুৱায় যে যীচুৰ “যুৱলি” (মথি ১১:২৯) গ্ৰহণ কৰাত বিশ্ৰাম লোৱা নহয়, কিন্তু কাৰ্য্য কৰা জড়িত আছে। সেইবাবে, ইয়াত যীচুৱে কʼব বিচাৰিছিল যে তেওঁ পৰিশ্ৰান্ত লোকসকলক পুনৰ সতেজ কৰি তুলিব আৰু শক্তি দিব, যাতে তেওঁলোকে তেওঁৰ লঘু আৰু সুসহ্য যুৱলি কঢ়িয়াবলৈ ইচ্ছা কৰে।
(মথি ১১:২৯, ৩০) মই নম্ৰ আৰু কোমল চিত্তৰ মানুহ; এই হেতুকে তোমালোকৰ ওপৰত মোৰ যুৱলি লোৱা, আৰু মোৰ পৰা শিক্ষা লোৱা; তাতে তোমালোকে নিজৰ নিজৰ মনত জিৰণি পাবা। ৩০ কিয়নো মোৰ যুৱলি সুসহ্য, আৰু ভাৰো লঘু।
মথি ১১:২৯ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
তোমালোকৰ ওপৰত মোৰ যুৱলি লোৱা: যীচুৱে লাক্ষণিকভাৱে “যুৱলি” শব্দটো ব্যৱহাৰ কৰিছিল আৰু ইয়াৰ অৰ্থ হৈছে অধিকাৰ স্বীকাৰ কৰা আৰু নিৰ্দ্দেশনা পালন কৰা। যদি যীচুৱে দুটা জন্তুৰ দ্বাৰা ব্যৱহাৰ হোৱা যুৱলিৰ কথা কʼব বিচৰাহেঁতেন, তেনেহʼলে ঈশ্বৰে তেওঁক দিয়া যুৱলি এফালে শিষ্যসকলক আহিবলৈ আৰু আনফালে তেওঁ নিজেই সেই যুৱলিৰ ভাৰ লোৱাৰ কথা কʼলেহেঁতেন। যদি এনে হয়, তেনেহʼলে সেই বাক্যশাৰী এইদৰে অনুবাদ কৰিব পাৰি: “মোৰ লগত মোৰ যুৱলি লোৱা।” যদি যুৱলিটো যীচুৱে নিজেই আনৰ ওপৰত দিছে, তেনেহʼলে ইয়াৰ অৰ্থ হʼব তেওঁৰ শিষ্য হিচাপে যীচুৰ অধিকাৰক স্বীকাৰ কৰা আৰু তেওঁৰ নিৰ্দ্দেশনা পালন কৰা।
আধ্যাত্মিক ৰত্ন বিচাৰক
(মথি ১১:২, ৩) পাছে যোহনে বন্দীশালত, খ্ৰীষ্টৰ কৰ্ম্মৰ বাৰ্ত্তা শুনি, নিজৰ কেইজনমান শিষ্যৰ দ্বাৰাই তেওঁক সুধি পঠালে বোলে, ৩ আহিব লগা জনা আপুনিয়েই নে, নাইবা আমি অন্যলৈ অপেক্ষা কৰি থাকিম?
jy-E ৯৬ ২-৩
যোহনে যীচুৰপৰা শুনিব বিচাৰিছিল
ই এক আচৰিত প্ৰশ্ন নহয় নে? যোহন এজন ঈশ্বৰ ভক্ত লোক হয়। প্ৰায় দুবছৰৰ আগত, যীচুক বাপ্তিষ্মা দিয়াৰ সময়ত ঈশ্বৰৰ পবিত্ৰ আত্মা যীচুৰ ওপৰত পৰা দেখিছিল আৰু আকাশৰপৰা ঈশ্বৰৰ অনুমোদন শুনিছিল। যোহনৰ বিশ্বাস কমি গৈছে বুলি আমি ভবাৰ কোনো কাৰণ নাই। যদি এনে হোৱাহেঁতেন যীচুৱে কেতিয়াও যোহনৰ বিষয়ে প্ৰশংসা নকৰিলেহেঁতেন। কিন্তু প্ৰশ্ন হʼব পাৰে যে যদি যোহনৰ মনত কোনো সন্দেহ নাই, তেনেহʼলে তেওঁ কিয় এই প্ৰশ্ন কৰিছিল?
যোহনে হয়তো পোনপটীয়াকৈ যীচুক এই প্ৰশ্ন কৰি তেৱেঁই যে মচীহ হয়, তাক নিশ্চিত কৰিব বিচাৰিছিল। বন্দীশালত থকা যোহনক হয়তো এই উত্তৰে উৎসাহিত কৰিলেহেঁতেন। ইয়াৰ উপৰিও যোহনৰ প্ৰশ্নই আন এক বিষয় জানিবলৈ সহায় কৰে। বাইবেলৰ ভৱিষ্যতবাণীৰপৰা তেওঁ জানিছিল যে ঈশ্বৰৰ অভিষিক্ত জনাই ৰজা আৰু মুক্তিদাতা হিচাপে কাৰ্য্য কৰিব। যীচুৰ বাপ্তিষ্মা হোৱা কেইবা মাহো হʼল আৰু যোহন এতিয়াও বন্দীশালত আছে। সেইবাবে, যোহনে জানিব বিচাৰিছিল যে মচীহৰ বিষয়ে বাকী থকা ভৱিষ্যতবাণীবোৰ পূৰ কৰাৰ বাবে যীচুৰ সলনি আন কোনোবা আহিবলগীয়া আছে নেকি।
(মথি ১১:১৬-১৯) এই কালৰ মানুহবিলাকক কাৰ লগত তুলনা দিম? যিবিলাক লʼৰাই বজাৰত বহি থাকি, নিজৰ সঙ্গীবিলাকক মাতি কয়, ১৭ আমি তোমালোকৰ আগত বাঁহী বজালোঁ, কিন্তু তোমালোকে নানাচিলা; আমি বিলাপ কৰিলোঁ, কিন্তু তোমালোকে হিয়া নুভুকুৱালা; তেওঁবিলাক এই লʼৰাবিলাকৰ নিচিনা। ১৮ কিয়নো যোহনে আহি ভোজন-পান নকৰিলে; তাতে লোকে কয় সি ভূতে পোৱা। ১৯ মানুহৰ পুত্ৰই আহি ভোজন-পান কৰিলে; তাতে লোকে কয়, চোৱা, ই খাৱৈচ আৰু মদপী, কৰতোলা আৰু পাপীবোৰৰ বন্ধু! কিন্তু জ্ঞান, নিজ কৰ্ম্মৰ দ্বাৰাই অনিন্দনীয় বুলি প্ৰখ্যাত হৈছে।
jy-E ৯৮ ¶১-২
এক উদাসীন প্ৰজন্মক ধিক্কাৰ
যোহন বাপ্তাইজকৰ প্ৰতি যীচুৰ গভীৰ সন্মান আছিল। কিন্তু আন লোকসকলে যোহনক কেনে দৃষ্টিৰে চাইছিল? সেইবাবে যীচুৱে কৈছিল, “এই কালৰ মানুহবিলাকক কাৰ লগত তুলনা দিম? যিবিলাক লʼৰাই বজাৰত বহি থাকি, নিজৰ সঙ্গীবিলাকক মাতি কয়, আমি তোমালোকৰ আগত বাঁহী বজালোঁ, কিন্তু তোমালোকে নানাচিলা; আমি বিলাপ কৰিলোঁ, কিন্তু তোমালোকে হিয়া নুভুকুৱালা।”—মথি ১১:১৬, ১৭.
যীচুৱে এইদৰে কোৱাৰ অৰ্থ কি? যীচুৱে নিজেই স্পষ্ট কৰে: “কিয়নো যোহনে আহি ভোজন-পান নকৰিলে; তাতে লোকে কয় সি ভূতে পোৱা। মানুহৰ পুত্ৰই আহি ভোজন-পান কৰিলে; তাতে লোকে কয়, চোৱা, ই খাৱৈচ আৰু মদপী, কৰতোলা আৰু পাপীবোৰৰ বন্ধু। কিন্তু জ্ঞান, নিজ কৰ্ম্মৰ দ্বাৰাই অনিন্দনীয় বুলি প্ৰখ্যাত হৈছে।” (মথি ১১:১৮, ১৯) আনহাতে, যোহনে এজন নাচৰীয়া হিচাপে জীৱন অতিবাহিত কৰিছিল। আনকি তেওঁ দ্ৰাক্ষাৰসো গ্ৰহণ কৰা নাছিল, কিন্তু তেতিয়াও এই কালৰ লোকসকলে তেওঁক ভূতে পোৱা বুলি কৈছিল। (গণনা পুস্তক ৬:২, ৩; লূক ১:১৫) ইয়াৰ বিপৰীতে, যীচুৱে আন লোকসকলৰ দৰে জীৱন অতিবাহিত কৰিছিল। তেওঁ খোৱা-বোৱা কৰোঁতে ভাৰসাম্যতা বজাই ৰাখিছিল, কিন্তু লোকসকলে তেওঁক এইবোৰত বেছিকৈ বৰ্তি থকা বুলি দোষাৰূপ কৰিছিল। ইয়ে দেখুৱায় যে সকলোকে সন্তুষ্ট কৰা অসম্ভৱ।
বাইবেল পাঠ
(মথি ১১:১-১৯) এইদৰে যীচুৱে তেওঁৰ বাৰ জন শিষ্যক আদেশ দি এঁটালত, সেই ঠাই এৰি, তেওঁলোকৰ নগৰে নগৰে উপদেশ দিবলৈ আৰু ঘোষণা কৰিবলৈ গল। ২ পাছে যোহনে বন্দীশালত, খ্ৰীষ্টৰ কৰ্ম্মৰ বাৰ্ত্তা শুনি, নিজৰ কেইজনমান শিষ্যৰ দ্বাৰাই তেওঁক সুধি পঠালে বোলে, আহিব লগা জনা আপুনিয়েই নে, নাইবা আমি অন্যলৈ অপেক্ষা কৰি থাকিম? ৪ যীচুৱে উত্তৰ দি তেওঁবিলাকক কলে; তোমালোক যোৱা; যি শুনিছা আৰু দেখিছা, তাৰ সম্বাদ যোহনক দিয়াগৈ। ৫ অন্ধই পুনৰায় দৃষ্টি পাইছে, খোৰাই খোজ কাঢ়িছে, কুষ্ঠ ৰোগীক শুচি কৰা হৈছে, কলাই শুনিছে, মৃতবিলাকক তোলা হৈছে, দৰিদ্ৰবিলাকৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰা হৈছে। ৬ আৰু যি জনে মোত বিঘিনি নাপায়, তেওঁ ধন্য। ৭ পাছে তেওঁলোক যাওঁতে, তেওঁ যোহনৰ বিষয়ে লোকসমূহৰ আগত এই কথা কবলৈ ধৰিলে, তোমালোকে কি চাবলৈ অৰণ্যলৈ ওলাই গৈছিলা? বতাহে লৰোৱা নল নে? ৮ তেনেহলে কি চাবলৈ গৈছিলা? মিহি কাপোৰ পিন্ধা মানুহ নে? চোৱা, যিবিলাকে মিহি কাপোৰ পিন্ধে, তেওঁলোক ৰাজকাৰেঙত থাকে। ৯ তেন্তে কেলেই ওলাই গৈছিলা? ভাববাদীক চাবলৈ নে? হয়, মই তোমালোকক কওঁ, ভাববাদীতকৈয়ো শ্ৰেষ্ট এজনাক। ১০ চোৱা, মই মোৰ দূতক তোমাৰ আগত পাঁচিম, তেওঁ তোমাৰ আগে আগে বাট যুগুত কৰিব; যাৰ বিষয়ে এই বচন লিখা আছে, সেই জনা তেৱেঁই। ১১ মই তোমালোকক স্বৰূপকৈ কওঁ, তিৰোতাৰ পৰা জন্ম পোৱাবিলাকৰ মাজত, যোহন বাপ্তাইজকতকৈ মহান কোনো ওলোৱা নাই; কিন্তু স্বৰ্গৰাজ্যত সৰুতকৈ সৰু জনেই তেওঁতকৈ মহান। ১২ আৰু যোহন বাপ্তাইজকৰ দিনৰ পৰা এতিয়ালৈকে স্বৰ্গৰাজ্য বলাক্ৰান্ত হৈছে, আৰু বলৱানে তাক আক্ৰমি লয়। ১৩ কিয়নো যোহনলৈকে সকলো ভাববাদীয়ে আৰু বিধান-শাস্ত্ৰে ভাবোক্তি প্ৰকাশ কৰিলে। আৰু তোমালোকে যদি এই কথা গ্ৰহণ কৰিব খোজা, তেন্তে আহিব লগা যি এলিয়া, তেৱেঁই সেই জনা। ১৫ যাৰ শুনিবলৈ কাণ আছে, তেওঁ শুনক। ১৬ এই কালৰ মানুহবিলাকক কাৰ লগত তুলনা দিম? যিবিলাক লʼৰাই বজাৰত বহি থাকি, নিজৰ সঙ্গীবিলাকক মাতি কয়, ১৭ আমি তোমালোকৰ আগত বাঁহী বজালোঁ, কিন্তু তোমালোকে নানাচিলা; আমি বিলাপ কৰিলোঁ, কিন্তু তোমালোকে হিয়া নুভুকুৱালা; তেওঁবিলাক এই লʼৰাবিলাকৰ নিচিনা। ১৮ কিয়নো যোহনে আহি ভোজন-পান নকৰিলে; তাতে লোকে কয় সি ভূতে পোৱা। ১৯ মানুহৰ পুত্ৰই আহি ভোজন-পান কৰিলে; তাতে লোকে কয়, চোৱা, ই খাৱৈচ আৰু মদপী, কৰতোলা আৰু পাপীবোৰৰ বন্ধু! কিন্তু জ্ঞান, নিজ কৰ্ম্মৰ দ্বাৰাই অনিন্দনীয় বুলি প্ৰখ্যাত হৈছে।