ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মথি ১২-১৩
ধান আৰু বিনৈ বনৰ গুটিৰ দৃষ্টান্ত
মানৱজাতিৰ মাজৰপৰা অভিষিক্ত খ্ৰীষ্টানসকলক কেতিয়া আৰু কেনেকৈ একত্ৰিত কৰা হʼব, তাৰ বিষয়ে বুজাবলৈ যীচুৱে ধান আৰু বিনৈ বনৰ গুটিৰ দৃষ্টান্ত দিছিল। এই কাৰ্য্য ৩৩ খ্ৰীষ্টাব্দৰপৰা আৰম্ভ হয়।
‘নিজৰ পথাৰত ভাল কঠীয়া সিচা কোনো এজন মানুহ’
কঠীয়া সিচা ব্যক্তিজন: যীচু খ্ৰীষ্ট
ভাল কঠীয়া: পবিত্ৰ আত্মাৰ দ্বাৰা অভিষিক্ত হোৱা যীচুৰ পাঁচনিসকল
পথাৰ: মানৱজাতি
“মানুহবিলাক টোপনিত থাকোঁতে, তেওঁৰ শত্ৰু আহি, ধানৰ মাজত বিনৈ বনৰ গুটি সিচি গুচি গল”
শত্ৰু: চয়তান
মানুহবিলাক টোপনি যোৱাত: পাঁচনিসকলৰ মৃত্যু
“শস্য দাবৰ সময়লৈকে দুয়োকো একেলগে বাঢ়িবলৈ দে”
ধান: অভিষিক্ত খ্ৰীষ্টান
বিনৈ বনৰ গুটি: খ্ৰীষ্টান বুলি দাবী কৰা লোক
“প্ৰথমতে বিনৈ বনবোৰ গোটাই . . . ধান মোৰ ভঁৰালত চপাই থবিহঁক”
দাস/ধান দোৱা লোক: স্বৰ্গদূতসকল
বিনৈ বনৰ গুটি গোটোৱা: খ্ৰীষ্টান বুলি দাবী কৰা লোকসকলক অভিষিক্ত খ্ৰীষ্টানসকলৰপৰা পৃথক কৰা
ভঁৰালত চপোৱা: অভিষিক্ত খ্ৰীষ্টানসকলক পুনৰস্থাপন কৰা মণ্ডলীবোৰত একত্ৰিত কৰা
যেতিয়া শস্য চপোৱাৰ সময় আৰম্ভ হয়, তেতিয়া সত্য খ্ৰীষ্টান আৰু নিজকে খ্ৰীষ্টান বুলি দাবী কৰা লোকসকলৰ মাজত কি পাৰ্থক্য দেখিবলৈ পোৱা যায়?
যীচুৰ এই দৃষ্টান্তৰ অৰ্থ বুজাৰ যোগেদি মই ব্যক্তিগতভাৱে কেনেকৈ উপকৃত হৈছোঁ?