ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মাৰ্ক ৩-৪
বিশ্ৰাম-বাৰত সুস্থ কৰা
যিহুদী ধৰ্ম্মগুৰুসকলৰ মনোভাৱ দেখি যীচুৱে কিয় বৰকৈ দুখিত হৈছিল? কাৰণ তেওঁলোকে সৰু-সুৰা বিষয়বোৰত বাধা-নিষেধ কৰি বিশ্ৰাম-বাৰক লোকসকলৰ বাবে গধুৰ বোজা যেন কৰি তুলিছিল। উদাহৰণস্বৰূপে, বিশ্ৰাম-বাৰৰ দিনা চাহী পোক মৰাৰ অনুমতি নাছিল। যদি কোনো ব্যক্তি বা জীৱ-জন্তুৰ প্ৰাণ সংকটত পৰে, তেনে পৰিস্থিতিতহে কেৱল চিকিৎসা কৰাৰ অনুমতি আছিল। গতিকে, যদি কাৰোবাৰ হাড় ভাঙে বা মোচোকা খাই, তেনেহʼলে বিশ্ৰাম-বাৰৰ দিনা চিকিৎসা কৰাৰ অনুমতি নাছিল। ইয়াৰপৰা স্পষ্ট হয় যে শুকাই যোৱা হাতৰ লোকজনৰ প্ৰতি ধৰ্ম্মগুৰুসকলৰ কোনো কৰুণাৰ ভাব নাছিল।