ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 জুন পৃষ্ঠা ৭
  • চʼচিয়েল নেটৱৰ্কিঙৰ বিপদৰপৰা সাৱধান!

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • চʼচিয়েল নেটৱৰ্কিঙৰ বিপদৰপৰা সাৱধান!
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • মিল থকা বিষয়
  • চʼচিয়েল মিডিয়াত আপুনি কাৰ লগত বন্ধুত্ব কৰে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • নিজকে বৰ বুলি বিবেচনা নকৰিব
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 জুন পৃষ্ঠা ৭

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

চʼচিয়েল নেটৱৰ্কিঙৰ বিপদৰপৰা সাৱধান!

যীচুৱে শিলবোৰক পিঠালৈ পৰিৱৰ্তন কৰিবলৈ অস্বীকাৰ কৰিছ

কিয় গুৰুত্বপূৰ্ণ: আন উপকৰণবোৰৰ দৰে চʼচিয়েল নেটৱৰ্কৰো ভাল আৰু বেয়া দিশ আছে। কিছুমান সত্য খ্ৰীষ্টানে চʼচিয়েল নেটৱৰ্ক ব্যৱহাৰ নকৰিবলৈ নিৰ্ণয় লৈছে। আন কিছুমান সত্য খ্ৰীষ্টানে চʼচিয়েল নেটৱৰ্কৰ যোগেদি নিজৰ পৰিয়াল আৰু বন্ধু-বৰ্গৰ সৈতে যোগাযোগ ৰাখে। কিন্তু আমি চʼচিয়েল নেটৱৰ্ক নভবা-নিচিন্তাকৈ ব্যৱহাৰ কৰাটো চয়তানে বিচাৰে আৰু ইয়ে আমাৰ মান-সন্মান আৰু যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্কত প্ৰভাৱ পেলাব পাৰে। যীচুৰ দৰে আমিও বিপদবোৰ চিনাক্ত কৰিবলৈ আৰু সেইবোৰৰপৰা আঁতৰি থাকিবলৈ ঈশ্বৰৰ বাক্যত থকা সিদ্ধান্তবোৰ ব্যৱহাৰ কৰা উচিত।—লূক ৪:৪, ৮, ১২.

বিপদৰপৰা সাৱধান:

  • চʼচিয়েল মিডিয়াৰ অত্যাধিক ব্যৱহাৰ। চʼচিয়েল নেটৱৰ্ক বা চʼচিয়েল মিডিয়াত অতিৰিক্ত সময় অতিবাহিত কৰিলে, আধ্যাত্মিক কাৰ্য্যৰ বাবে থকা আমাৰ মূল্যৱান সময় নষ্ট হʼব পাৰে

    বাইবেলৰ সিদ্ধান্ত: ইফি ৫:১৫, ১৬; ফিলি ১:৯, ১০

  • আপত্তিজনক বিষয়বোৰ চোৱা। উত্তেজিত কৰিব পৰা ছবি চোৱাৰ যোগেদি, এজন ব্যক্তিক অশ্লীল প্ৰকাশনবোৰ চোৱাৰ বাবে আসক্ত কৰিব পাৰে অথবা অনৈতিক কাৰ্য্যৰ বাবে পৰিচালিত কৰিব পাৰে। ধৰ্ম্মত্যাগীসকলৰ লেখনি বা তেওঁলোকৰ ইণ্টাৰনেট ব্লʼগ পঢ়িলে এজন ব্যক্তিৰ বিশ্বাস দুৰ্বল হʼব পাৰে।

    বাইবেলৰ সিদ্ধান্ত: মথি ৫:২৮; ফিলি ৪:৮

  • চʼচিয়েল মিডিয়াত অশ্লীল ছবি দিয়া বা কথা লিখা। যিহেতু মানুহৰ মন কপটীয়া, সেইবাবে এজন ব্যক্তিয়ে চʼচিয়েল মিডিয়াত অশ্লীল ছবি দিবলৈ বা কথা লিখিবলৈ আগ্ৰহী হʼব পাৰে। কিন্তু ইয়ে কাৰোবাৰ মান-সন্মান হানি কৰিব পাৰে বা আধ্যাত্মিক বিষয়বোৰত দুৰ্বল কৰি তুলিব পাৰে।

    বাইবেলৰ সিদ্ধান্ত: ৰোম ১৪:১৩; ইফি ৪:২৯

বুদ্ধিমতাৰে চʼচিয়েল নেটৱৰ্ক ব্যৱহাৰ কৰক নামৰ ভিডিঅʼখন চাওক আৰু তলত দেখুৱা পৰিস্থিতিবোৰৰপৰা কেনেকৈ আঁতৰি থাকিব পাৰি তাৰ বিষয়ে আলোচনা কৰক:

 চ’চিয়েল মিডিয়াৰ যোগেদি এজন চাৰে জানিব পাৰে যে ঘৰৰ সকলোৱে ফুৰিবলৈ গৈছ
চাকৰিৰ বাবে ইন্টাৰভিউ দিবলৈ যোৱা তিৰোতা গৰাকীয়ে চ’চিয়েল নেটৱৰ্কত দিয়া আপত্তিজনক ফটাবোৰ সাক্ষাৎকাৰ লওঁতাই দেখা পাইছ
চ’চিয়েল নেটৱৰ্কত অশ্লীল ভাষাৰ সন্মুখীন হৈছ
দেৰিলৈকে চ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাৰ বাবে ব্যক্তিজন ৰাতিপুৱা শুই উঠাত অসুবিধা হৈছ
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক