আগষ্ট—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
আগষ্ট ৬-১২
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | লূক ১৭-১৮
“কৃতজ্ঞ হওক”
(লূক ১৭:১১-১৪) পাছে যিৰূচালেমলৈ যাওঁতে, তেওঁ চমৰিয়া আৰু গালীলৰ মাজেদি গৈছিল। ১২ তাতে কোনো এখন গাৱঁত সোমাওঁতে, দহ জন কুষ্ঠ ৰোগীয়ে দূৰৈত থিয় হৈ, তেওঁক দেখা দি, ১৩ বৰ মাতেৰে কলে, হে যীচু, নাথ, আমাক দয়া কৰক। ১৪ তাতে তেওঁ তেওঁলোকক দেখি কলে, তোমালোকে গৈ, পুৰোহিতসকলৰ আগত নিজকে নিজে দেখুৱাগৈ। পাছে তেওঁলোক যাওঁতে যাওঁতে শুচি হল।
লূক ১৭:১২, ১৪ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
দহ জন কুষ্ঠ ৰোগী: প্ৰাচীন সময়ত, কুষ্ঠৰোগীসকলে এগেলগে বাস কৰিছিল, যাতে তেওঁলোকে এজনে-আনজনক সহায় কৰিব পাৰে। (২ৰাজা ৭:৩-৫) ঈশ্বৰৰ নিয়ম অনুসৰি তেওঁলোকে বেলেগে থকাৰ প্ৰয়োজন আছিল। ইয়াৰ উপৰিও, তেওঁলোকে লোকসকলক সতৰ্ক কৰাৰ উদ্দেশ্যেৰে এইদৰে চিঞৰাৰ প্ৰয়োজন আছিল, “অশুচি, অশুচি।” (লেবী ১৩:৪৫, ৪৬) এই নিয়ম মনত ৰাখি কুষ্ঠৰোগীসকলে যীচুৰপৰা অলপ দূৰৈত থিয় হৈ আছিল।—মথি ৮:২ পদৰ ওপৰত অধ্যয়নৰ টোকা, “কুষ্ঠ; কুষ্ঠৰোগী” চাওক।
পুৰোহিতসকলৰ আগত নিজকে নিজে দেখুৱাগৈ: যেতিয়া যীচু এই পৃথিৱীত আছিল, তেতিয়া তেওঁ মোচিৰ নিয়মৰ অধীনত আছিল আৰু হাৰোণৰ বংশধৰসকল যে পুৰোহিতৰ কাৰ্য্য কৰে, তাৰ বিষয়ে তেওঁ জানিছিল। সেইবাবে তেওঁ যিসকল লোকক সুস্থ কৰিছিল, তেওঁলোকক পুৰোহিতৰ ওচৰলৈ যাবলৈ কৈছিল। (মথি ৮:৪; মাৰ্ক ১:৪৪) মোচিৰ নিয়ম অনুসৰি, এজন পুৰোহিতে কুষ্ঠৰোগীজন সুস্থ হৈছে নে নাই, তাক পৰীক্ষা কৰাৰ প্ৰয়োজন আছিল। ইয়াৰ পাছত সুস্থ কুষ্ঠৰোগীজনে মন্দিৰলৈ যাত্ৰা কৰিব আৰু লগত দুটা জীয়া শুচি চৰাই, এডোখৰ এৰচ কাঠ, অলপ ৰঙা নোম, আৰু একোঁচা এচোৰ বন বলিদানৰ বাবে লৈ যাব।—লেবী ১৪:২-৩২.
(লূক ১৭:১৫, ১৬) তাতে তেওঁলোকৰ এজনে, নিজকে সুস্থ হোৱা দেখি, বৰ মাতেৰে ঈশ্বৰৰ প্ৰশংসা কৰি কৰি উলটি আহিল; ১৬ আৰু যীচুৰ চৰণত উবুৰি হৈ পৰি, তেওঁৰ স্তুতি কৰিবলৈ ধৰিলে; সেই জন চমৰীয়া আছিল।
(লূক ১৭:১৭, ১৮) তেতিয়া যীচুৱে উত্তৰ দি কলে, দহ জনক শুচি কৰা নহল নে? ১৮ তেন্তে আৰু ন জন কʼতা? এই অন্য জাতি মানুহজনৰ বাহিৰে আন কাকো, ঈশ্বৰৰ স্তুতি কৰিবলৈ উলটি অহা পোৱা নগল নে?
w০৮ ১০/১ ২২ ¶৮-৯
কিয় কৃতজ্ঞ হোৱা উচিত?
যেতিয়া নজন ব্যক্তিয়ে কৃতজ্ঞতা জনাবলৈ উলটি নাহিল, তেতিয়া যীচুৱে কেনে অনুভৱ কৰিছিল? শাস্ত্ৰই এইদৰে বৰ্ণনা কৰিছে, “দহ জনক শুচি কৰা নহল নে? তেন্তে আৰু ন জন কʼতা? এই অন্য জাতি মানুহজনৰ বাহিৰে আন কাকো, ঈশ্বৰৰ স্তুতি কৰিবলৈ উলটি অহা পোৱা নগল নে?”—লূক ১৭:১৭, ১৮.
নজন কুষ্ঠৰোগী কোনো দুষ্ট লোক নাছিল। ইয়াৰ আগতে তেওঁলোকে যীচুৰ ওপৰত বিশ্বাস দেখুৱাইছিল আৰু আনন্দেৰে তেওঁৰ আজ্ঞা পালন কৰিছিল। আনকি তেওঁলোকে যিৰূচালেমলৈ যাত্ৰা কৰিছিল আৰু পুৰোহিতসকলক দেখুৱাইছিল। নিঃসন্দেহ যীচুৱে তেওঁলোকৰ বাবে যি কৰিছিল, তাৰ বাবে তেওঁলোকৰ হৃদয়ত কৃতজ্ঞতাৰ ভাবনা আছিল, কিন্তু তেওঁলোকে প্ৰকাশ কৰাত বিফল হৈছিল। তেওঁলোকে এনে কৰাৰ বাবে যীচুক বেয়া লাগিছিল। আমাৰ বিষয়েনো কি? যেতিয়া কোনোবাই আমাৰ লগত ভালদৰে ব্যৱহাৰ কৰে, তেতিয়া আমি তেওঁক লগে লগে ধন্যবাদ জনাওঁনে? যদি সম্ভৱ ধন্যবাদ জনাই চিঠি লিখোনে?
আধ্যাত্মিক ৰত্ন বিচাৰক
(লূক ১৭:৭-১০) তোমালোকৰ মাজত এনে কোন আছে, যে তেওঁৰ দাসে হাল বাই, বা পশু চৰাই পথাৰৰ পৰা আহিলে, তুমি এতিয়াই আহাঁ, ভোজনত বহাঁহি, তাক তেওঁ এনে কথা কব? ৮ তাতকৈ, মোৰ খোৱা বস্তু যুগুত কৰ, আৰু মই খাই বৈ, নেটাওঁমানে, কঁকালত কাপোৰ বান্ধি মোৰ আলপৈচান ধৰ; পাছে তয়ো খোৱা-বোৱা কৰিব পাৰ, ইয়াকে নকব নে? ৯ সেই দাসে আজ্ঞাৰ দৰে কাৰ্য্য কৰাত, গৰাকীয়ে তাক অনুগ্ৰহ বুলি মানিব নে? ১০ সেইদৰে, তোমালোককো যি যি আজ্ঞা কৰা হৈছে, সেই সকলোকে কৰি এঁটাই, আমি অনুপযোগী দাস, আমাৰ যি কৰ্ত্তব্য, তাকেহে কৰিলোঁ, এই কথা কবা।
লূক ১৭:১০ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
অনুপযোগী: আক্ষৰিক অৰ্থত “অকৰ্মণ্য; অকামিলা।” যীচুৱে দৃষ্টান্তৰ যোগেদি এয়া কʼব বিচৰা নাছিল যে দাস অৰ্থাৎ তেওঁৰ শিষ্যসকলে নিজকে অকৰ্মণ্য বা অকামিলা বুলি ভবা উচিত নহয়। ওচৰে-পাঁজৰে থকা শাস্ত্ৰপদবোৰৰপৰা বুজিব পাৰি যে “অনুপযোগী” শব্দটোৰ অৰ্থ হৈছে শিষ্যসকলে বিনয়ী হোৱা উচিত। তেওঁলোকে নিজকে বিশেষ সন্মান অথবা প্ৰশংসাৰ যোগ্য হয় বুলি ভবা উচিত নহয়। কিছুমান বিদ্ধানে বিবেচনা কৰে যে এই শব্দটো ইয়াত অতিৰঞ্জিতভাৱে ব্যৱহাৰ হৈছে আৰু ইয়াৰ অৰ্থ হৈছে, “আমি কেৱল দাস হওঁ আৰু আমাক কোনো বিশেষ ধ্যান দিয়াৰ বাবে যোগ্য নহওঁ।”
(লূক ১৮:৮) মই তোমালোকক কওঁ, তেওঁ বেগেতে অন্যায়ৰ প্ৰতিকাৰ কৰি তেওঁলোকক উদ্ধাৰ কৰিব। তথাপি যেতিয়া মানুহৰ পুত্ৰ আহিব, তেতিয়া পৃথিবীত বিশ্বাস পাব নে?
লূক ১৮:৮ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
বিশ্বাস: যি বিশ্বাসৰ বিষয়ে যীচুৱে উল্লেখ কৰিছে, তেনে বিশ্বাস যীচুৰ দৃষ্টান্তত বৰ্ণনা কৰা বিধবা গৰাকীৰ আছিল। (লূক ১৮:১-৮) প্ৰাৰ্থনাত শক্তি আছে আৰু যিহোৱা ঈশ্বৰে মনোনীত লোকসকলক ন্যায় কৰিব বুলি এই বিশ্বাসত জড়িত আছে। প্ৰতিজন শিষ্যই নিজৰ বিশ্বাস কিমান দৃঢ় আছে বুলি চিন্তা কৰাৰ বাবে যীচুৱে হয়তো বিশ্বাসৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰ দিয়া নাছিল। প্ৰাৰ্থনা আৰু বিশ্বাসৰ বিষয়ে দিয়া যীচুৰ দৃষ্টান্তটো উপযুক্ত আছিল, কিয়নো ইয়াৰ আগতে তেওঁলোকে সন্মুখীন হʼবলগীয়া পৰীক্ষাৰ বিষয়ে তেওঁ বৰ্ণনা কৰিছিল।—লূক ১৭:২২-৩৭.
বাইবেল পাঠ
(লূক ১৮:২৪-৪৩) যীচুৱে তাকে দেখি কলে, ধনৱন্ত লোকসকল ঈশ্বৰৰ ৰাজ্যত সোমোৱা কেনে দুঃসাধ্য! ২৫ কিয়নো ধনী লোক ঈশ্বৰৰ ৰাজ্যত সোমোৱাতকৈ, বেজীৰ বিন্ধাইদি উট সৰকি যোৱাই উজু। ২৬ ইয়াক শুনাবিলাকে কলে, তেন্তে কোনে পৰিত্ৰাণ পাব পাৰে? ২৭ তাতে তেওঁ কলে, যিবোৰ কথা মানুহৰ অসাধ্য, সেইবোৰ ঈশ্বৰৰ সাধ্য। ২৮ তেতিয়া পিতৰে কলে, চাওক, আমি নিজৰ সকলোকে এৰি, আপোনাৰ পাছে পাছে আহিলোঁ। ২৯ তাতে তেওঁ তেওঁবিলাকক কলে, মই তোমালোকক স্বৰূপকৈ কওঁ, ঈশ্বৰৰ ৰাজ্যৰ নিমিত্তে যি কোনোৱে ঘৰ, বা তিৰোতাক, বা ভায়েকবিলাক, বা মাক-বাপেক, বা সন্তানবিলাক এৰি, ৩০ ইহকালত তাৰ অধিক গুণ, আৰু পৰকালত অনন্ত জীৱন নাপাব, এনে কোনো নাই। ৩১ পাছে তেওঁ বাৰ জন পাঁচনিক লগত লৈ তেওঁলোকক কলে, চোৱা আমি যিৰূচালেমলৈ যাত্ৰা কৰিছোঁ; তাতে ভাববাদীসকলৰ দ্বাৰাই যি যি লিখা আছে, এই সকলো কথা মানুহৰ পুত্ৰত সিদ্ধ হব। ৩২ কিয়নো পৰজাতি লোকৰ হাতত তেওঁক শোধাই দিয়া হব; তাতে মানুহে তেওঁক বিদ্ৰূপ কৰিব, অপমান কৰিব, তেওঁৰ গাত থুই পেলাব, ৩৩ আৰু চাবুকেৰে কোবাই তেওঁক বধ কৰিব; পাছে তিন দিনৰ দিনা তেওঁ আকৌ উঠিব। ৩৪ কিন্তু তেওঁলোকে এই কথাৰ একো নুবুজিলে; আৰু এই বচন তেওঁলোকৰ পৰা গুপুত থকাত, যি কোৱা হল, তেওঁলোকে তাক নাজানিলে। ৩৫ পাছে তেওঁ যিৰীহোৰ ওচৰ পালত, কোনো এজন অন্ধই বাটৰ কাষত বহি, ভিক্ষা কৰি আছিল। ৩৬ লোকসমূহে সেই বাটেদি যোৱা শুনি, তেওঁ তাৰ কাৰণ সুধিলে। ৩৭ তাতে তেওঁ তেওঁবিলাকক কলে, নাচৰতীয়া যীচু এই পিনে গৈছে। ৩৮ তেতিয়াই তেওঁ ৰিঙিয়াই কলে, হে, যীচু, দায়ূদৰ সন্তান, মোক দয়া কৰক। ৩৯ তাতে তেওঁ মনে মনে থাকিবলৈ, আগে আগে যোৱাবিলাকে তেওঁক ডাবি দিলে; কিন্তু তেওঁ আৰু বেচিকৈ আটাহ পাৰি কলে, হে দায়ূদৰ সন্তান, মোক দয়া কৰক। ৪০ তাতে যীচুৱে থমকি ৰৈ, তেওঁৰ ওচৰলৈ তেওঁক আনিবলৈ আজ্ঞা দিলে। ৪১ পাছে তেওঁ ওচৰলৈ আহিলত, তেওঁ তেওঁক সুধিলে, মই কি কৰাটো তোমাৰ ইচ্ছা? তাতে তেওঁ কলে, হে প্ৰভু, মই যেন দেখিবলৈ পাওঁ। ৪২ তেতিয়া যীচেৱ তেওঁক কলে, তুমি দৃষ্টি পোৱা; তোমাৰ বিশ্বাসেই তোমাক ৰক্ষা কৰিলে। ৪৩ তাতে তেওঁ তেতিয়াই দৃষ্টি পাই, ঈশ্বৰৰ প্ৰশংসা কৰি কৰি তেওঁৰ পাছে পাছে গল; আৰু সকলো মানুহে তাকে দেখি, ঈশ্বৰৰ স্তুতি কৰিলে।
আগষ্ট ১৩-১৯
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | লূক ১৯-২০
“দহ মিনা ৰূপৰ দৃষ্টান্তৰপৰা শিক্ষা”
(লূক ১৯:১২, ১৩) এজন ভদ্ৰবংশীয় মানুহে তেওঁৰ নিমিত্তে ৰাজপদ লৈ উলটি আহিবলৈ, দূৰ দেশলৈ যাত্ৰা কৰিলে। ১৩ তেওঁ যোৱা সময়ত তেওঁৰ দহ জন দাসক মাতি আনি, সিহঁতক দহ মিনা ৰূপ দি কলে, মই নহালৈকে বেপাৰ কৰহঁক।
jy ২৩২ ¶২-৪
দহ মিনা ৰূপৰ দৃষ্টান্ত
তেওঁ এইদৰে কৈছিল, “এজন ভদ্ৰবংশীয় মানুহে তেওঁৰ নিমিত্তে ৰাজপদ লৈ উলটি আহিবলৈ, দূৰ দেশলৈ যাত্ৰা কৰিলে।” (লূক ১৯:১২) এনেধৰণৰ যাত্ৰাৰ বাবে যথেষ্ট সময় লাগিছিল। নিঃসন্দেহ যীচু হৈছে সেই “ভদ্ৰবংশীয়” ব্যক্তি আৰু তেওঁ “দূৰ দেশলৈ” অৰ্থাৎ স্বৰ্গলৈ যাত্ৰা কৰে। স্বৰ্গত তেওঁ পিতৃৰপৰা ৰাজপদ লাভ কৰে।
এই দৃষ্টান্তত “ভদ্ৰবংশীয়” ব্যক্তিজনে দূৰ দেশলৈ যাত্ৰা কৰাৰ আগতে তেওঁ নিজৰ দহজন দাসক মাতে আৰু এইদৰে কয়, “মই নহালৈকে বেপাৰ কৰহঁক।” (লূক ১৯:১৩) ৰূপৰ মুদ্ৰাবোৰ সাধাৰণতে বহুমূলীয়া হয়। এটা মিনাৰ ৰূপৰ মুদ্ৰা আহৰণ কৰাৰ বাবে এজন ব্যক্তিক তিনি মাহ কাম কৰাৰ প্ৰয়োজন আছিল।
যীচুৰ শিষ্যসকলে বুজিব পাৰিছিল যে দৃষ্টান্তত বৰ্ণনা কৰা দহজন দাস হৈছে তেওঁলোক নিজেই। কাৰণ কিছু সময়ৰ আগতে যীচুৱে তেওঁলোকক শস্য দোৱা বনুৱাসকলৰ লগত তুলনা কৰিছিল। (মথি ৯:৩৫-৩৮) নিঃসন্দেহ, যীচুৱে তেওঁলোকক শস্যক্ষেত্ৰলৈ গৈ শস্য চপোৱাৰ কথা কোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে, শস্য চপোৱাৰ অৰ্থ হৈছে আৰু শিষ্য বনোৱা, যি আগলৈ গৈ ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী হʼব পাৰে। পাঁচনিসকলে নতুন শিষ্য বনোৱাৰ বাবে নিজৰ সময় আৰু শক্তি ব্যৱহাৰ কৰি কাম কৰাৰ প্ৰয়োজন আছিল।
(লূক ১৯:১৬-১৯) তেতিয়া প্ৰথমটোৱে আহি কলে, হে প্ৰভু, আপোনাৰ মিনাৰ দ্বাৰাই দহ মিনা লাভ পোৱা হল। ১৭ তাতে তেওঁ তাক কলে, চাবাইচ, উত্তম দাস; তুমি অতি অলপ বিষয়তে বিশ্বাসী হলা তুমি দহ খন নগৰৰ ওপৰত ক্ষমতাপ্ৰাপ্ত হোৱা। ১৮ পাছে দ্বিতীয়টোৱে আহি কলে, হে প্ৰভু, আপোনাৰ মিনাৰ দ্বাৰাই, পাঁচ মিনা হল। ১৯ তাতে তেওঁ তাকো কলে, তুমিও পাঁচ খন নগৰৰ ওপৰত ক্ষমতাপ্ৰাপ্ত হোৱা।
jy ২৩২ ¶৭
দহ মিনা ৰূপৰ দৃষ্টান্ত
যদি শিষ্যসকলে বুজিব পাৰে যে দাসসকল হৈছে তেওঁলোক নিজেই, তেনেহʼলে তেওঁলোক নিশ্চিত আছিল যে যদি তেওঁলোকে নিজৰ সময়, শক্তি আৰু ধন-সম্পত্তি ব্যৱহাৰ কৰি শিষ্য বনোৱা কাৰ্য্য কৰে, তেনেহʼলে যীচু তেওঁলোকৰ ওপৰত আনন্দিত হʼব। তেওঁলোকে বিশ্বাস ৰাখিব পাৰে যে এনেধৰণৰ কঠোৰ পৰিশ্ৰমৰ বাবে তেওঁলোকক পুৰস্কৃত কৰা হʼব। ইয়াত কোনো সন্দেহ নাই যে যীচুৰ প্ৰতিজন শিষ্যৰ পৰিস্থিতি একে নাছিল অথবা সেৱা কৰাৰ বাবে একে সুযোগ-সুবিধা নাছিল বা তেওঁলোকৰ একেধৰণৰ দক্ষতাও নাছিল। কিন্তু তেতিয়াও যীচুৱে ‘ৰাজপদৰ’ অধিকাৰ লাভ কৰাৰ বাবে, তেওঁ শিষ্য বনোৱা কাৰ্য্যত পৰিশ্ৰম কৰা লোকসকলক মনোযোগ দিয়ে আৰু তেওঁলোকক আশীৰ্ব্বাদ কৰে।—মথি ২৮:১৯, ২০.
(লূক ১৯:২০-২৪) আৰু আন এটাই আহি কলে, হে প্ৰভু, মই আপোনাৰ মিনা গামোচাতে বান্ধি ৰাখিছোঁ, এইয়া চাওক। ২১ কিয়নো আপুনি কঠিন মানুহ, যিহক থৈ যোৱা নাই, তাকে তোলে, আৰু যিহকে বোৱা নাই তাকে দায়; সেই হেতুকে মই আপোনালৈ ভয় কৰিলোঁ। ২২ তেওঁ তাক কলে, হেৰ দুষ্ট দাস, তোৰ নিজৰ মুখৰ কথাৰেই তোৰ সোধ বিচাৰ কৰিম; মই কঠিন মানুহ, যিহকে থোৱা নাই, তাকে তোলোঁ, যিহকে বোৱা নাই, তাকে দাওঁ, ইয়াকে তই জানিছিল; ২৩ তেন্তে কি কাৰণে মোৰ ধন মহাজনৰ হাতত নথলি? তাকে কৰা হলে, মই আহি সূতে সৈতে তাক উলিয়াই ললোঁহেঁতেন। ২৪ পাছে ওচৰত থিয় হৈ থকাবিলাকক তেওঁ কলে, ইয়াৰ পৰা সেই মিনা লৈ, যাৰ দহ মিনা আছে, তাক দিয়া।
jy ২৩৩ ¶১
দহ মিনা ৰূপৰ দৃষ্টান্ত
দুষ্ট এলেহুৱা দাসজনে নিজৰ প্ৰভুৰ সম্পত্তি বৃদ্ধি কৰাত ব্যৰ্থ হোৱাৰ বাবে তেওঁৰ বৰ ক্ষতি হয়। সেই সময়তে যীচুৱে ঈশ্বৰৰ ৰাজ্যত শাসন আৰম্ভ কৰিব বুলি পাঁচনিসকলে আশা কৰিছিল। সেইবাবে, দুষ্ট এলেহুৱা দাসৰ বিষয়ে যীচুৱে যি কৈছিল, তাৰপৰা বুজিব পাৰি যে যদি শিষ্যসকলে পৰিশ্ৰম নকৰে, তেনেহʼলে তেওঁলোকে সেই ৰাজ্যত অধিকাৰ লাভ কৰিবলৈ সক্ষম নহʼব।
আধ্যাত্মিক ৰত্ন বিচাৰক
(লূক ১৯:৪৩) কিয়নো তোমাৰ কৃপাদৃষ্টিৰ কাল তুমি নজনা হেতুকে, যি কালত তোমাৰ শত্ৰুবিলাকে তোমাৰ চাৰিওফালে গড় বান্ধি তোমাক বেৰি, সকলো পিনে তোমাক আগচি ধৰিব,
লূক ১৯:৪৩ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
গড় বান্ধি তোমাক বেৰি: বা “গোঁজৰ বেৰ।” গ্ৰীক শব্দ খাৰক্স, গ্ৰীক শাস্ত্ৰপদত কেৱল ইয়াতেই দেখিবলৈ পোৱা যায়। ইয়াৰ অৰ্থ এইদৰে বৰ্ণনা কৰা হৈছে, “এটা এলেকা বেৰা দিবলৈ ব্যৱহাৰ কৰা জোঙা খুটা; খুটিঁ।” ইয়াৰ উপৰিও, “সৈন্যবাহিনীৰ প্ৰতিষ্ঠানবোৰত খুটিঁ ব্যৱহাৰ হোৱা; গোঁজৰ বেৰ।” যীচুৰ এই ভৱিষ্যতবাণী ৭০ খ্ৰীষ্টাব্দত পূৰ হৈছিল, যেতিয়া টাইটাচৰ নেতৃত্বত ৰোমান সৈনিকসকলে যিৰূচালেমক আগচি ধৰিবলৈ চাৰিওফালে গড় বা গোঁজৰ বেৰ নিৰ্মাণ কৰিছিল। টাইটাচে এইদৰে কৰাৰ তিনিটা উদ্দেশ্য আছিল: যিহুদীসকলে যাতে পলাব নোৱাৰে, তেওঁলোকে আত্মসমৰ্পণ কৰে আৰু খাদ্যৰ অভাৱত তেওঁলোকৰ অধীনত হʼবলৈ বাধ্য হৈ পৰে। যিৰূচালেমৰ চাৰিওফালে গড় নিৰ্মাণ কৰিবলৈ ৰোমান সৈনিকসকলে চাৰিওফালে থকা গছ-গছনি কাটি পেলায়।
(লূক ২০:৩৮) তেওঁ মৃতবিলাকৰ ঈশ্বৰ নহয়, জীয়াবিলাকৰহে ঈশ্বৰ; কিয়নো তেওঁৰ সম্বন্ধে সকলো জীয়াই আছে।
লূক ২০:৩৮ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
কিয়নো তেওঁৰ সম্বন্ধে সকলো জীয়াই আছে: বা “তেওঁৰ দৃষ্টিত মৃতসকল এতিয়াও জীৱিত আছে।” বাইবেলে বৰ্ণনা কৰে যে যিসকল লোক ঈশ্বৰৰপৰা আঁতৰি গৈছে, তেওঁলোক ঈশ্বৰৰ দৃষ্টিত মৃত্যু হৈছে। (ইফি ২:১; ১তীম ৫:৬) ঠিক সেইদৰে, ঈশ্বৰৰ অনুমোদন পোৱা সেৱকসকলৰ যদিও মৃত্যু হৈছে, কিন্তু ঈশ্বৰৰ দৃষ্টিত তেওঁলোক যেন এতিয়াও জীৱিত আছে। এইদৰে কোৱাৰ কাৰণ হৈছে যিহোৱা ঈশ্বৰে তেওঁলোকক পুনৰুত্থান কৰি নিজৰ উদ্দেশ্য নিশ্চয় পূৰ কৰিব।—ৰোম ৪:১৬, ১৭.
বাইবেল পাঠ
(লূক ১৯:১১-২৭) যেতিয়া মানুহবিলাকে এইবোৰ কথা শুনি আছিল, তেতিয়া তেওঁ যিৰূচালেমৰ ওচৰ পোৱাত, আৰু ঈশ্বৰৰ ৰাজ্য এতিয়াই প্ৰকাশিত হব বুলি তেওঁবিলাকে ভবাত, আৰু এটা কথা দৃষ্টান্ত দি কলে, ১২ এজন ভদ্ৰবংশীয় মানুহে তেওঁৰ নিমিত্তে ৰাজপদ লৈ উলটি আহিবলৈ, দূৰ দেশলৈ যাত্ৰা কৰিলে। ১৩ তেওঁ যোৱা সময়ত তেওঁৰ দহ জন দাসক মাতি আনি, সিহঁতক দহ মিনা ৰূপ দি কলে, মই নহালৈকে বেপাৰ কৰহঁক। ১৪ কিন্তু তেওঁৰ স্বদেশীয়বিলাকে তেওঁক ঘিণ কৰি, তেওঁৰ পাছত দূত পঠাই কোৱালে, বোলে আমাৰ ওপৰত ৰাজত্ব কৰিবলৈ, সেইজন মানুহ আমাক নালাগে। ১৫ পাছে তেওঁ ৰাজপদ পাই উলটি আহিলত, যি দাসবোৰক তেওঁ ধন দিছিল, সিহঁতে কি ব্যৱসায় কৰিলে, তাক জানিবলৈ, সিহঁতক মাতি আনিবলৈ আজ্ঞা দিলে। ১৬ তেতিয়া প্ৰথমটোৱে আহি কলে, হে প্ৰভু, আপোনাৰ মিনাৰ দ্বাৰাই দহ মিনা লাভ পোৱা হল। ১৭ তাতে তেওঁ তাক কলে, চাবাইচ, উত্তম দাস; তুমি অতি অলপ বিষয়তে বিশ্বাসী হলা তুমি দহ খন নগৰৰ ওপৰত ক্ষমতাপ্ৰাপ্ত হোৱা। ১৮ পাছে দ্বিতীয়টোৱে আহি কলে, হে প্ৰভু, আপোনাৰ মিনাৰ দ্বাৰাই, পাঁচ মিনা হল। ১৯ তাতে তেওঁ তাকো কলে, তুমিও পাঁচ খন নগৰৰ ওপৰত ক্ষমতাপ্ৰাপ্ত হোৱা। ২০ আৰু আন এটাই আহি কলে, হে প্ৰভু, মই আপোনাৰ মিনা গামোচাতে বান্ধি ৰাখিছোঁ, এইয়া চাওক। ২১ কিয়নো আপুনি কঠিন মানুহ, যিহক থৈ যোৱা নাই, তাকে তোলে, আৰু যিহকে বোৱা নাই তাকে দায়; সেই হেতুকে মই আপোনালৈ ভয় কৰিলোঁ। ২২ তেওঁ তাক কলে, হেৰ দুষ্ট দাস, তোৰ নিজৰ মুখৰ কথাৰেই তোৰ সোধ বিচাৰ কৰিম; মই কঠিন মানুহ, যিহকে থোৱা নাই, তাকে তোলোঁ, যিহকে বোৱা নাই, তাকে দাওঁ, ইয়াকে তই জানিছিল; ২৩ তেন্তে কি কাৰণে মোৰ ধন মহাজনৰ হাতত নথলি? তাকে কৰা হলে, মই আহি সূতে সৈতে তাক উলিয়াই ললোঁহেঁতেন। ২৪ পাছে ওচৰত থিয় হৈ থকাবিলাকক তেওঁ কলে, ইয়াৰ পৰা সেই মিনা লৈ, যাৰ দহ মিনা আছে, তাক দিয়া। ২৫ তেতিয়া তেওঁবিলাকে তেওঁক কলে, হে প্ৰভু, তাৰ দহ মিনা আছেই। ২৬ মই তোমালোকক কওঁ, যাৰ আছে, তেওঁকেই দিয়া হব; কিন্তু যাৰ নাই, তেওঁৰ যি আছে, তাকো তেওঁৰ পৰা নিয়া হব। ২৭ কিন্তু মোৰ সেই যি শত্ৰুবোৰে, সিহঁতৰ ওপৰত ৰাজত্ব কৰিবলৈ, মোক নালাগে বুলি কৈছিল, সিহঁতক ইয়ালৈ আনি মোৰ আগতে বধ কৰাহঁক।
আগষ্ট ২০-২৬
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | লূক ২১-২২
“তোমালোকৰ মুক্তি ওচৰ চাপিছেহি”
(লূক ২১:২৫) তেতিয়া সূৰ্য্য, চন্দ্ৰ, আৰু তৰাবোৰত নানা চিন ওলাব; আৰু পৃথিবীতো, সাগৰ আৰু ঢৌৰ তৰ্জ্জন-গৰ্জ্জনৰ কাৰণে ব্যাকুল হোৱা জাতিবিলাকৰ ক্লেশ হব;
kr ২২৬ ¶৯
ঈশ্বৰৰ ৰাজ্যই নিজৰ শত্ৰুবিলাকক বিনাশ কৰিব
আকাশত আচৰিত ঘটনা ঘটিব। যীচুৱে এইদৰে ভৱিষ্যতবাণী কৰিছিল, “সূৰ্য্য অন্ধকাৰময় হʼব, চন্দ্ৰয়ো পোহৰ নিদিব, আকাশৰ পৰা তৰাবোৰ খহি পৰিব।” ইয়াৰ অৰ্থ হৈছে সেইসময়ত লোকসকলে জ্ঞানৰ পোহৰৰ বাবে ধৰ্ম্মগুৰুসকলৰ ওচৰলৈ নাযাব। যীচুৱে কোৱা অনুসৰি আকাশত এনেধৰণৰ আচৰিত ঘটনা সঁচাকৈ ঘটিবনে? হয়তো ঘটিব। (যিচ. ১৩:৯-১১; যোৱেল ২:১, ৩০, ৩১) এই ঘটনাবোৰে লোকসকলক কেনেকৈ প্ৰভাৱিত কৰিব? তেওঁলোক “ব্যাকুল” হʼব, কাৰণ তেওঁলোকৰ “ক্লেশ হʼব,” অৰ্থাৎ তেওঁলোকে উদ্ধাৰৰ বাবে কোনো পথ বিচাৰি নাপাব। (লূক ২১:২৫; চফ. ১:১৭) ‘ৰজাসকলৰপৰা’ ‘দাসসকললৈকে’ ঈশ্বৰৰ ৰাজ্যৰ সকলো শত্ৰুৱে “যি যি ঘটিব, তাৰ চিন্তাত আৰু ভয়ত” বিমূৰ্চ্ছিত হʼব আৰু নিজকে লুকুৱাবলৈ দৌৰিব। কিন্তু তেওঁলোকে কʼতো এনেকুৱা ঠাই বিচাৰি নাপাব, যʼত নিজকে আমাৰ ৰজাৰপৰা লুকুৱাই ৰাখিবলৈ সক্ষম হʼব।—লূক ২১:২৬; ২৩:৩০; প্ৰকা. ৬:১৫-১৭.
(লূক ২১:২৬) আৰু পৃথিবীত যি যি ঘটিব, তাৰ চিন্তাত আৰু ভয়ত মানুহবিলাক বিমূৰ্চ্ছিত হব; কিয়নো আকাশৰ শক্তিবোৰ লৰোৱা হব।
(লূক ২১:২৭, ২৮) তেতিয়া পৰাক্ৰম আৰু মহা প্ৰতাপেৰে মানুহৰ পুত্ৰক মেঘত অহা দেখিব। ২৮ কিন্তু এইবোৰ কথা ঘটিবৰ আৰম্ভন হলে, মূৰ দাঙি ওপৰলৈ চোৱা, কিয়নো তোমালোকৰ মুক্তি ওচৰ চাপিছেহি।
w১৬.০১ ১০-১১ ¶১৭
‘ভাতৃত্ব প্ৰেমত চলি’ থাকিবলৈ দৃঢ়সংকল্প হওক!
‘সাহসী হওক।’ (ইব্ৰী ১৩:৬ পঢ়ক।) যিহোৱা ঈশ্বৰৰ ওপৰত ভৰসা ৰাখিলে আমি যিকোনো পৰিস্থিতিৰ সন্মুখীন হʼবলৈ সাহস পাম। এই সাহসে আমাক এক সঠিক মনোবৃত্তি বজাই ৰাখিবলৈ সহায় কৰিব। যদি আমাৰ মাজত ভাতৃত্ব প্ৰেম আৰু এক সঠিক মনোবৃত্তি থাকে, তেনেহʼলে আমি আমাৰ সংগী ভাই-ভনীসকলক উৎসাহিত কৰিবলৈ আৰু সান্ত্বনা দিবলৈ সক্ষম হʼম। (১ থিচ. ৫:১৪, ১৫) ইয়াৰ উপৰিও, মহাক্লেশৰ সময়ছোৱাত আমি “মূৰ দাঙি ওপৰলৈ” চাবলৈ সক্ষম হʼম, কিয়নো আমি জানো যে আমাৰ মুক্তি ওচৰ চাপিছেহি।—লূক ২১:২৫-২৮.
w১৫ ৭/১৫ ১৭-১৮ ¶১৩
“তোমালোকৰ মুক্তি ওচৰ চাপিছেহি”!
যেতিয়া ছাগলী সদৃশ লোকসকলে বুজিব পাৰিব যে তেওঁলোকক ‘অনন্ত দণ্ড’ দিয়া হʼব, তেতিয়া তেওঁলোকে কেনে প্ৰতিক্ৰিয়া দেখুৱাব? বাইবেলে বৰ্ণনা কৰিছে যে তেওঁলোকে “হিয়া ভুকুৱাব।” (মথি ২৪:৩০) কিন্তু খ্ৰীষ্টৰ ভাইসকল আৰু তেওঁলোকৰ বিশ্বাসী সহযোগীসকলে সেই সময়ত কেনে প্ৰতিক্ৰিয়া দেখুৱাব? যিহোৱা ঈশ্বৰ আৰু তেওঁৰ পুত্ৰ, যীচু খ্ৰীষ্টৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখি, যীচুৱে দিয়া আজ্ঞা তেওঁলোকে পালন কৰিব। যীচুৱে এইদৰে আজ্ঞা দিছিল, “এইবোৰ কথা ঘটিবৰ আৰম্ভন হলে, মূৰ দাঙি ওপৰলৈ চোৱা, কিয়নো তোমালোকৰ মুক্তি ওচৰ চাপিছেহি।” (লূক ২১:২৮) গতিকে, যদি আমি এক সঠিক মনোবৃত্তি বজাই ৰাখোঁ, তেনেহʼলে আমাৰ উদ্ধাৰ নিশ্চিত বুলি বিশ্বাস ৰাখিব পাৰিম।
আধ্যাত্মিক ৰত্ন বিচাৰক
(লূক ২১:৩৩) আকাশ আৰু পৃথিবী লুপ্ত হব; কিন্তু মোৰ বাক্য লুপ্ত নহব।
লূক ২১:৩৩ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
আকাশ আৰু পৃথিবী লুপ্ত হব: আন আন শাস্ত্ৰপদবোৰে বৰ্ণনা কৰে যে আকাশ আৰু পৃথিৱী চিৰকালৰ বাবে থাকিব। (আদি ৯:১৬; গীত ১০৪:৫; উপ ১:৪) যীচুৱে অতিৰঞ্জিতভাৱে কোৱা বাক্যৰ অৰ্থ আছিল যে যদিও অসম্ভৱ ঘটনা ঘটিব অৰ্থাৎ আকাশ আৰু পৃথিৱী লুপ্ত হʼব, কিন্তু তেতিয়াও যীচুৰ বাক্য নিশ্চয় পূৰ নোহোৱাকৈ নাথাকিব। (মথি ৫:১৮ পদৰ লগত তুলনা কৰক।) কিন্তু ইয়াত হয়তো লাক্ষণিক আকাশ আৰু পৃথিৱীৰ বিষয়ে উল্লেখ কৰা হৈছে আৰু ইয়াক প্ৰকাশিত বাক্য ২১:১ পদত “নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিবী” বুলি কোৱা হৈছে।
মোৰ বাক্য লুপ্ত নহব: বা “মোৰ বাক্য যিকোনো পৰিস্থিতিত লুপ্ত নহʼব।” ইয়াত দুটা গ্ৰীক নঞৰ্থক ক্ৰিয়া ব্যৱহাৰ কৰি বুজোৱা হৈছে যে যীচুৱে কোৱা বাক্য পূৰ নোহোৱাকৈ নাথাকিব।
(লূক ২২:২৮-৩০) আৰু তোমালোক মোৰ সকলো পৰীক্ষাৰ কালত, মোৰ লগত থকা লোক হৈছা; ২৯ আৰু মোৰ পিতৃয়ে যেনেকৈ মোলৈ ৰাজ্য নিয়োজন কৰি থলে, সেই দৰে তোমালোকে মোৰ ৰাজ্যৰ ভিতৰত, মোৰ মেজত যেন ভোজন-পান কৰিবা, এই নিমিত্তে ময়ো তোমালোকলৈ ৰাজ্য নিয়োজন কৰি থৈছোঁ; ৩০ তাতে তোমালোকে সিংহাসনত বহি ইস্ৰায়েলৰ বাৰ ফৈদৰ সোধ-বিচাৰ কৰিবা।
w১৪ ১০/১৫ ১৬-১৭ ¶১৫-১৬
“তোমালোক ৰাজকীয় পুৰোহিতসমূহ” হʼবা
প্ৰভুৰ সন্ধ্যা ভোজ পালন কৰাৰ পাছতে যীচুৱে নিজৰ বিশ্বাসী পাঁচনিসকলৰ সৈতে এক নিয়ম স্থাপন কৰে আৰু ইয়াক প্ৰায়ে ৰাজ্যৰ নিয়ম বুলি কোৱা হয়। (লূক ২২:২৮-৩০ পঢ়ক।) এই নিয়ম আন নিয়মবোৰতকৈ বেলেগ আছিল। এই নিয়মত যিহোৱা ঈশ্বৰ জড়িত নাছিল। যীচু খ্ৰীষ্ট আৰু তেওঁৰ অভিষিক্ত অনুগামীসকলৰ লগত এই নিয়ম স্থাপন কৰা হৈছিল। যীচুৱে যেতিয়া কৈছিল যে “মোৰ পিতৃয়ে যেনেকৈ মোলৈ ৰাজ্য নিয়োজন কৰি থলে,” তেতিয়া তেওঁ হয়তো যিহোৱা ঈশ্বৰে তেওঁৰ লগত কৰা “মল্কীচেদকৰ ৰীতি-অনুসাৰে, . . . নিত্য পুৰোহিত” হোৱা নিয়মৰ বিষয়ে উল্লেখ কৰিছিল।—ইব্ৰী ৫:৫, ৬.
যীচু খ্ৰীষ্টৰ ১১ জন বিশ্বাসী পাঁচনিয়ে ‘সকলো পৰীক্ষাৰ কালত, যীচুৰ লগত’ আছিল। ৰাজ্যৰ নিয়মে তেওঁলোকক আশ্বাস দিয়ে যে তেওঁলোকে স্বৰ্গত যীচুৰ লগত সিংহাসনত বহি ৰজা আৰু পুৰোহিত হিচাপে শাসন কৰিব। কিন্তু, কেৱল সেই ১১ জন পাঁচনিয়ে এই আশীৰ্ব্বাদ লাভ কৰা নাছিল। যীচুৱে পাঁচনি যোহনক দৰ্শনত দেখা দি এইদৰে কৈছিল, “মই নিজে যেনেকৈ জয় কৰি মোৰ পিতৃৰ লগত তেওঁৰ সিংহাসনত বহিলোঁ, তেনেকৈ, যি জনে জয় কৰে, তেওঁক মোৰ সৈতে মোৰ সিংহাসনত মই বহিবলৈ দিম।” (প্ৰকা. ৩:২১) ইয়াৰ অৰ্থ হৈছে, ১,৪৪,০০০ জন অভিষিক্ত খ্ৰীষ্টানৰ লগত ৰাজ্যৰ নিয়ম স্থাপন কৰা হৈছে। (প্ৰকা. ৫:৯, ১০; ৭:৪) এই নিয়মে আইন অনুসৰি অভিষিক্ত লোকসকলক যীচুৰ লগত স্বৰ্গত শাসন কৰিবলৈ সম্ভৱ কৰি তুলিলে। সাধাৰণতে এজনী কন্যাই ৰজাৰ লগত বিবাহ বন্ধনত আৱদ্ধ হʼলে, তাই শাসন কৰাৰ অধিকাৰো লাভ কৰে। বাইবেলে অভিষিক্তি খ্ৰীষ্টানসকলক, খ্ৰীষ্টৰ “কন্যা” আৰু ‘সতী কন্যা’ বুলি বৰ্ণনা কৰিছে, যাৰ বিবাহ খ্ৰীষ্টৰ লগত হʼব।—প্ৰকা. ১৯:৭, ৮; ২১:৯; ২ কৰি. ১১:২.
বাইবেল পাঠ
(লূক ২২:৩৫-৫৩) পাছে তেওঁ তেওঁলোকক কলে, মই যেতিয়া বিনা পাদুকা মোনা আৰু জোলোঙাৰে, তোমালোকক পঠাইছিলোঁ, তেতিয়া তোমালোকৰ কিহবাৰ নাটনি হৈছিল নে? তেওঁলোকে কলে, একোৰো নহৈছিল। ৩৬ তাতে তেওঁলোকক কলে, কিন্তু এতিয়া যাৰ মোনা আছে, তেওঁ তাক লওক; সেইদৰে জোলোঙাও লওক; আৰু যাৰ তাৰোৱাল নাই, তেওঁ নিজৰ চোলা বেচি এখন তাৰোৱাল কিনক। ৩৭ মই তোমালোকক কওঁ, তেওঁ অধৰ্ম্মীবিলাকৰ লগত গণ্য হল, এই যি বচন লিখা আছে, সেয়ে মোত সিদ্ধ হব লাগে; কিয়নো মোৰেই সন্বন্ধীয় কথাৰ শেষ হৈছেহি। ৩৮ তেতিয়া তেওঁলোকে কলে, হে প্ৰভু, চাওক, ইয়াত দুখন তাৰোৱাল আছে। তেওঁ তেওঁলোকক কলে, সেয়ে যথেষ্ট। ৩৯ পাছে তেওঁ বাহিৰলৈ ওলাই, তেওঁৰ নিয়মৰ দৰে জৈতুন পৰ্ব্বতলৈ গল; আৰু শিষ্যবিলাক তেওঁৰ পাছে পাছে গল। ৪০ সেই ঠাই পাই তেওঁ তেওঁলোকক কলে, পৰীক্ষাত যেন নপৰা, এই নিমিত্তে প্ৰাৰ্থনা কৰা। ৪১ পাছে তেওঁ শিলৰ এটা দলিমানৰ আঁতৰ হৈ আঁঠু কাঢ়ি প্ৰাৰ্থনা কৰি কলে, ৪২ হে পিতৃ, যদি তোমাৰ ইচ্ছা হয়, তেন্তে এই পান-পাত্ৰ মোৰ ওচৰৰ পৰা দূৰ কৰা; তথাপি মোৰ ইচ্ছা নহয়, তোমাৰেই ইচ্ছা সিদ্ধ হওক। ৪৩ তেতিয়া স্বৰ্গৰ পৰা এজন দূতে তেওঁক দেখা দি, শক্তি দান কৰিলে। ৪৪ পাছে তেওঁ অতি যাতনা পাই, আৰু বৰকৈ প্ৰাৰ্থনা কৰিব ধৰিলে; আৰু গোট বান্ধি মাটিলৈ বৈ যোৱা তেজৰ নিচিনাকৈ, তেওঁৰ ঘাম তেজময় হৈ গল। ৪৫ পাছে তেওঁ প্ৰাৰ্থনা কৰি উঠি, শিষ্যবিলাকৰ ওচৰলৈ আহি, তেওঁলোকক শোকতে টোপনি যোৱা দেখি কলে, তোমালোকে কিয় টোপনি গৈছা? ৪৬ পৰীক্ষাত যেন নপৰা, এই নিমিত্তে উঠি প্ৰাৰ্থনা কৰা। ৪৭ তেওঁ কথা কৈ থাকোঁতেই, চোৱা, মানুহ এদল আৰু বাৰ জন পাঁচনিৰ মাজৰ যিহূদা বোলা জন তেওঁলোকৰ আগে আগে আহিল; আৰু সি যীচুক চুমা খাবলৈ তেওঁৰ ওচৰ চাপিলহি। ৪৮ তাতে যীচুৱে তাক কলে, হে যিহূদা তুমি চুমাৰেহে মানুহৰ পুত্ৰক শত্ৰুৰ হাতত শোধাই দিছানে? ৪৯ পাছে কি ঘটিব, তাকে দেখি তেওঁৰ সঙ্গীবিলাকে কলে, হে, প্ৰভু আমি তৰোৱালেৰে আঘাত কৰিম নে? ৫০ আৰু তেওঁলোকৰ কোনো এজনে মহাপুৰোহিতৰ এজন দাসক আঘাত কৰি, তাৰ সোঁ কাণখন কাটি পেলালে। তাতে যীচুৱে সমিধান দি কলে, ইয়াকো সহন কৰা। ৫১ পাছে তাৰ কাণ দুইখন চুই, তাক সুস্থ কৰিলে। ৫২ তেতিয়া তেওঁৰ বিৰুদ্ধে অহা প্ৰধান পুৰোহিত, ধৰ্ম্মধামৰ সেনাপতি, আৰু বৃদ্ধসকলক যীচুৱে কলে, যেনেকৈ ডকাইতৰ বিৰুদ্ধে, তেনেকৈ মোৰ বিৰুদ্ধেও তোমালোকে তৰোৱাল আৰু টাঙোন লৈ, ওলাই আহিলা নে? ৫৩ যেতিয়া মই নিতৌ তোমালোকৰ লগত ধৰ্ম্মধামত আছিলোঁ, তেতিয়া তোমালোকে মোৰ বিৰুদ্ধে হাত নেমেলিলা; কিন্তু এয়ে তোমালোকৰ সময় আৰু আন্ধাৰৰ পৰাক্ৰম।
আগষ্ট ২৭–চেপ্টেম্বৰ ২
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | লূক ২৩-২৪
“আনক ক্ষমা কৰিবলৈ সাজু থাকক”
(লূক ২৩:৩৪) তেতিয়া যীচুৱে কলে, হে পিতৃ এওঁবিলাকক ক্ষমা কৰা; কিয়নো এওঁবিলাকে কি কৰিছে, তাক নাজানে পাছে তেওঁবিলাকে চিঠি খেলাই তেওঁৰ বস্ত্ৰ বাঁটি ললে। আৰু মানুহবিলাকে থিয় হৈ চাই আছিল।
cl ২৯৭ ¶১৬
‘খ্ৰীষ্টৰ প্ৰেমক’ জানক
যীচুৱে আন এক প্ৰকাৰে নিজৰ পিতৃৰ প্ৰেম প্ৰকাশ কৰিছিল আৰু সেয়া হৈছে তেওঁ আনক ‘ক্ষমা’ কৰিবলৈ সাজু আছিল। (গীতমালা ৮৬:৫) যাতনা-স্তম্ভত আঁৰি থোৱাৰ সময়ছোৱাতো যীচুৱে প্ৰমাণ কৰে যে তেওঁ ক্ষমা কৰিবলৈ সাজু আছিল। হাতত আৰু ভৰিত গজাল মাৰি মৃত্যুৰ বাবে আগবঢ়ায় দিয়াৰ সময়ত যীচুৰ মুখৰপৰা কেনেধৰণৰ বাক্য ওলাইছিল বাৰু? তেওঁক প্ৰাণদণ্ড দিয়া লোকসকলক শাস্তি দিবলৈ তেওঁ যিহোৱাক কাতৰোক্তি কৰিছিল নেকি? যীচুৱে এনে কৰা নাছিল। ইয়াৰ বিপৰীতে, তেওঁ এইদৰে কৈছিল, “হে পিতৃ, এওঁবিলাকক ক্ষমা কৰা; কিয়নো এওঁবিলাকে কি কৰিছে, তাক নাজানে।”—লূক ২৩:৩৪.
(লূক ২৩:৪৩) যীচুৱে তেওঁক কলে, মই তোমাক স্বৰূপকৈ কওঁ, তুমি আজিয়েই পৰমদেশত মোৰ সঙ্গী হবা।
g ৪/০৮ ৩০ ¶৫-৬
ঈশ্বৰে গভীৰ পাপ কাৰ্য্যক ক্ষমা কৰেনে?
যিহোৱা ঈশ্বৰে কেৱল পাপ কাৰ্য্যক লক্ষ্য কৰে এনে নহয়, কিন্তু তেওঁ পাপ কৰাজনৰ মনোবৃত্তিকো ধ্যান দিয়ে। (যিচয়া ১:১৬-১৯) আহক অলপ সময় আমি যীচুৰ দুয়োকাষে যাতনা-স্তম্ভত আঁৰি দিয়া দুজন দুষ্ট লোকৰ বিষয়ে আলোচনা কৰোঁ। দুয়োজন ব্যক্তিয়ে নিশ্চয় কোনো গভীৰ অপৰাধ কৰিছিল। সেইবাবে এজনে এইদৰে স্বীকাৰ কৰিছিল, “আমি হলে দণ্ডৰ যোগ্যপাত্ৰ; নিজ নিজ কৰ্ম্মৰ উচিত ফল পাইছোঁ; কিন্তু এই জনাই [যীচু] একো অনুচিত কৰ্ম্ম কৰা নাই।” এই দুষ্ট ব্যক্তিজনে কোৱা কথাৰপৰা বুজিব পাৰি যে তেওঁ যীচুৰ বিষয়ে কম বেছি পৰিমাণে জানিছিল। যীচুৰ বিষয়ে থকা এই জ্ঞানে হয়তো তেওঁৰ মনোবৃত্তি সলনি কৰিছিল। ইয়াৰ প্ৰমাণ আমি ব্যক্তিজনে কোৱা পৰৱৰ্তী বাক্যৰপৰা দেখিবলৈ পাওঁ: “হে যীচু, আপুনি আপোনাৰ ৰাজ্যলৈ আহিলে, মোকো সুঁৱৰিব।” হৃদয়ৰপৰা কৰা এই অনুৰোধক যীচুৱে কেনেকৈ সঁহাৰি জনাইছিল? “মই তোমাক স্বৰূপকৈ কওঁ, তুমি আজিয়েই পৰমদেশত মোৰ সঙ্গী হবা।”—লূক ২৩:৪১-৪৩.
এই বিষয়ে চিন্তা কৰক: মৃত্যুদণ্ডৰ যোগ্য বুলি ভবা ব্যক্তিজনক যীচুৱে মৃত্যুৰ আগমূহুৰ্ত্তত যি কৈছিল, তাত তেওঁৰ দয়াৰ গুণ দেখিবলৈ পোৱা যায়। কি যে উৎসাহজনক বিষয়! আমি বিশ্বাস ৰাখিব পাৰোঁ যে কোনো এজন ব্যক্তিয়ে বিগত সময়ছোৱাত যিমানেই গভীৰ পাপ নকৰক কিয়, যদি তেওঁ হৃদয়ৰপৰা অনুশোচনা কৰে, তেনেহʼলে যীচু খ্ৰীষ্ট আৰু পিতৃ যিহোৱা ঈশ্বৰে তেওঁক দয়া দেখুৱাব।—ৰোমীয়া ৪:৭.
(লূক ২৪:৩৪) নিশ্চয় প্ৰভু উঠিল; আৰু চিমোনক দেখা দিলে।
cl ২৯৭-২৯৮ ¶১৭-১৮
‘খ্ৰীষ্টৰ প্ৰেমক’ জানক
ইয়াৰ উপৰিও, ক্ষমা কৰাৰ বিষয়ে যীচুৰ হৃদয়স্পৰ্শী উদাহৰণ আমি পাঁচনি পিতৰৰ লগত কৰা ব্যৱহাৰৰপৰা দেখিবলৈ পাওঁ। ইয়াত কোনো সন্দেহ নাই যে পিতৰে যীচুক প্ৰেম কৰিছিল। যীচুৰ জীৱনৰ শেষ ৰাতি অৰ্থাৎ নিচান ১৪ তাৰিখে পিতৰে যীচুক কৈছিল, “হে প্ৰভু, আপোনাৰ সৈতে বন্দীশাল আৰু মৰণলৈকো যাবলৈ মই যুগুত হৈ আছোঁ।” এনেকৈ কোৱাৰ সত্ত্বেও, কিছু সময়ৰ পাছত পিতৰে যীচুক চিনি নাপাওঁ বুলি তিনিবাৰ কৈছিল! বাইবেলে বৰ্ণনা কৰে যে পিতৰে তৃতীয়বাৰ অস্বীকাৰ কৰাৰ পাছত কি হৈছিল: ‘প্ৰভুৱে ঘূৰি পিতৰলৈ চায়।’ পাপ কৰিছে বুলি বুজিব পাৰি পিতৰে “বাহিৰলৈ গৈ, অতি শোকেৰে কান্দিবলৈ ধৰিলে।” সেইদিনাখন যীচুৰ মৃত্যু হোৱাৰ পাছত পিতৰৰ মনত হয়তো এই প্ৰশ্ন আহিছিল, ‘মোৰ প্ৰভুৱে মোক ক্ষমা কৰিলেনে?’—লূক ২২:৩৩, ৬১, ৬২.
ইয়াৰ উত্তৰৰ বাবে পিতৰক বহু সময় অপেক্ষা কৰিবলগীয়া নহʼল। নিচান মাহৰ ১৬ তাৰিখে, ৰাতিপুৱাৰ সময়ত যীচু খ্ৰীষ্টক পুনৰুত্থান কৰা হৈছিল আৰু সেইদিনাখনেই, তেওঁ পিতৰক সাক্ষাৎ কৰিবলৈ গৈছিল। (লূক ২৪:৩৪; ১ কৰিন্থীয়া ১৫:৪-৮) যিজন পাঁচনিয়ে যীচুক চিনি নাপাওঁ বুলি কৈছিল, সেইজন পাঁচনিক যীচুৱে কিয় বিশেষ ধ্যান দিছিল? যীচুৱে হয়তো অনুশোচনা কৰা পিতৰক আশ্বাস দিব বিচাৰিছিল যে তেওঁৰ প্ৰভুৱে এতিয়াও পিতৰক প্ৰেম কৰে আৰু তেওঁক মূল্যাংকন কৰে। কিন্তু যীচুৱে বিশ্বাস জন্মোৱাৰ বাবে আৰু কিছু কৰিলে।
আধ্যাত্মিক ৰত্ন বিচাৰক
(লূক ২৩:৩১) কিয়নো কেঁচা গছত যদি তেওঁবিলাকে এইবোৰ কৰ্ম্ম কৰে, তেন্তে শুকান গছত কি কৰা হব?
লূক ২৩:৩১ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
কেঁচা গছত . . . শুকান গছত: যীচুৱে হয়তো ইয়াত যিহুদী ৰাষ্ট্ৰৰ বিষয়ে বৰ্ণনা কৰিছে। এয়া এক শুকান গছৰ দৰে আছিল, কিন্তু কিছু পৰিমাণে কেঁচা আছিল। কাৰণ যীচু আৰু তেওঁৰ ওপৰত বিশ্বাস কৰা যিহুদী ৰাষ্ট্ৰৰ কিছুমান লোক তেতিয়াও জীৱিত আছিল। অতি সোনকালে যীচুক বধ কৰা হʼব আৰু পবিত্ৰ আত্মাৰে বিশ্বাসী যিহুদীসকলক অভিষিক্ত কৰা হʼব। তাৰ পাছত তেওঁলোক আধ্যাত্মিক ইস্ৰায়েলৰ অংশ হৈ পৰিব। (ৰোম ২:২৮, ২৯; গালা ৬:১৬) সেই সময়ত ইস্ৰায়েল ৰাষ্ট্ৰ যিহোৱা ঈশ্বৰৰ দৃষ্টিত আধ্যাত্মিকভাৱে মৃত হৈ পৰিব। আন এক কথাত কʼবলৈ গʼলে তেওঁলোক যেন শুকান গছৰ দৰে হʼব।—মথি ২১:৪২.
(লূক ২৩:৩৩) পাছে মূৰৰ লাউখোলা নামেৰে ঠাই পাই, তাতে তেওঁক, আৰু তেওঁৰ সোঁফালে এটা, আৰু বাওঁফালে এটা, এইদৰে সেই দুটা দুষ্কৰ্ম্মী মানুহকো ক্ৰুচত দিলে।
nwtsty ছবি
গোৰোৱাৰ হাড়ত গজাল
এই ছবিখনত দেখুৱা হৈছে যে কেনেকৈ এজন ব্যক্তিৰ গোৰোৱাত ১১.৫ চে.মি. (৪.৫ ইঞ্চি) দীঘল এডাল লোহাৰ গজাল মৰা হৈছে। এই টুকুৰাটো সঁচা হাড়ৰ টুকুৰা নহয়। প্ৰকৃত হাড়ৰ টুকুৰাটো ১৯৬৮ চনত পুৰাতত্ত্ববিদসকলে যিৰূচালেমৰ উত্তৰ ভাগত খনন কৰাৰ সময়ত পাইছিল আৰু হাড় টুকুৰা ৰোমানসকলৰ যুগৰ আছিল। এই আৱিষ্কাৰে প্ৰমাণ কৰে যে লোকসকলক কাঠৰ দণ্ডত গজাল মাৰি মৃত্যুদণ্ড দিয়া হৈছিল। ৰোমান সৈনিকসকলে যীচু খ্ৰীষ্টক মৃত্যুদণ্ড দিয়াৰ বাবেও হয়তো এনেধৰণৰ গজাল ব্যৱহাৰ কৰিছিল। হাড়ৰ টুকুৰাটো শিলৰ এটা বাকচত পোৱা গৈছিল। মৃতদেহ এটা জহ যোৱাৰ পাছত ইয়াৰ হাড়বোৰ এই বাকচত ৰখা হৈছিল। ইয়ে উনুকিয়াই দিয়ে যে কাৰোবাক কাঠত মৃত্যুদণ্ড দিয়াৰ পাছত হয়তো কবৰ দিয়া হৈছিল।—মথি ২৭:৩৫.
বাইবেল অধ্যয়ন
(লূক ২৩:১-১৬) পাছে তেওঁবিলাকৰ গোটেই লোকসমূহে উঠি পীলাতৰ আগলৈ তেওঁক লৈ গৈ, অপবাদ দিবলৈ ধৰিলে, বোলে, ২ নিজকে নিজে অভিষিক্ত ৰজা বুলি, আমাৰ জাতিৰ মানুহক বিপথে নিওঁতা, আৰু কৈচৰক কৰ দিবলৈ নিষেধ কৰোঁতা এই মানুহক পালোঁ। ৩ তেতিয়া পীলাতে তেওঁক সুধিলে, তুমি যিহূদীবিলাকৰ ৰজা নে? তাতে তেওঁ উত্তৰ দি কলে, তুমিয়েই কৈছা? ৪ তেতিয়া পীলাতে প্ৰধান পুৰোহিত আৰু লোকসমূহবিলাকক কলে, মই এই মানুহত একো দোষ নাপাওঁ। ৫ কিন্তু তেওঁবিলাকে আৰু জোৰেৰে কলে, এই মানুহে গালীলৰ পৰা আৰম্ভ কৰি, ইয়ালৈকে, আৰু গোটেই যিহূদীয়াত উপদেশ দি দি মানুহবিলাকক উচটায়। ৬ পীলাতে ইয়াকে শুনি, মানুহজন গালীলীয়া নে? এই বুলি সুধিলে। ৭ পাছে হেৰোদ ৰজাৰ এলাকাৰ ভিতৰৰ বুলি পীলাতে জানি, তেওঁক হেৰোদৰ ওচৰলৈ পঠাই দিলে; কিন্তু সেই সময়ত তেৱোঁ যিৰূচালেমতে আছিল। ৮ তেতিয়া হেৰোদে যীচুক দেখি অতিশয় আনন্দিত হল; কিয়নো তেওঁৰ বিষয়ে শুনাৰ কাৰণে, বহুকালৰে পৰা তেওঁ চাবলৈ ইচ্ছা কৰিছিল; আৰু তেওঁ দেখুৱা কোনো চিন চাবলৈ আশা কৰিছিল। ৯ তেতিয়া হেৰোদে তেওঁক অনেক কথা সুধিলে, কিন্তু তেওঁ একো উত্তৰ নিদিলে। ১০ আৰু প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলে থিয় হৈ, বৰকৈ তেওঁৰ অপবাদ দি আছিল। ১১ পাছে হেৰোদে তেওঁৰ সেনাবিলাকৰ সৈতে তেওঁক হেয়জ্ঞান আৰু বিদ্ৰূপ কৰি, ৰাজবস্ত্ৰ পিন্ধাই, পীলাতৰ তালৈ আকৌ পঠাই দিলে। ১২ সেই দিনা হেৰোদ আৰু পীলাত পৰস্পৰ বন্ধু হল; কিয়নো আগেয়ে তেওঁলোকৰ মাজত শত্ৰুভাব আছিল। ১৩ পাছে পীলাতে প্ৰধান পুৰোহিত, শাসনকৰ্ত্তাসকল, মানুহবিলাকক মাতি গোটাই, তেওঁবিলাকক কলে, ১৪ মানুহবিলাকক অপথে নিওঁতা বুলি, এই মানুহজনক মোৰ ওচৰলৈ আনিলা; কিন্তু চোৱা, মই আগত সোধ-বিচাৰ কৰি, তোমালোকে অপবাদ দিয়া কথাতো তেওঁৰ একো দোষ নাপালোঁ। ১৫ হেৰোদেও নাপালে; কিয়নো তেওঁ আকৌ আমালৈ তেওঁক পঠাই দিলে; আৰু চোৱা, এওঁ প্ৰাণদণ্ডৰ যোগ্য কোনো কৰ্ম্ম কৰা নাই। ১৬ এই হেতুকে এওঁক শাস্তি দি এৰি দিম।