ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwbr19 মাৰ্চ পৃষ্ঠা ১-১০
  • মাৰ্চ—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মাৰ্চ—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা—২০১৯
  • উপশীৰ্ষক
  • মাৰ্চ ৪-১০
  • মাৰ্চ ১১-১৭
  • মাৰ্চ ১৮-২৪
  • মাৰ্চ ২৫-৩১
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা—২০১৯
mwbr19 মাৰ্চ পৃষ্ঠা ১-১০

মাৰ্চ—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা

মাৰ্চ ৪-১০

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ৰোমীয়া ১২-১৪

“খ্ৰীষ্টীয় প্ৰেম দেখুৱাৰ অৰ্থ কি?”

(ৰোমীয়া ১২:১০) যি উত্তম, তাত আসক্ত হোৱা; ভ্ৰাতৃ-প্ৰেমত পৰস্পৰ স্নেহশীল হোৱা; আৰু সমাদৰ কৰা কথাত, ইজনে সিজনতকৈ আগ হোৱা;

it-১ ৫৫

মৰম-স্নেহ

খ্ৰীষ্টান মণ্ডলীৰ সকলোৰে মাজত ভাতৃত্ব প্ৰেম (গ্ৰীক ভাষাত ফিলাদেলফিয়া, আক্ষৰিক অৰ্থত “এজন ভাইৰ প্ৰতি প্ৰেম”) থকা উচিত। (ৰোম ১২:১০; ইব্ৰী ১৩:১; ১পিত ৩:৮ চাওক।) গতিকে, এটা পৰিয়ালৰ দৰে মণ্ডলীৰ ভাই-ভনীসকলৰ মাজত ঘনিষ্ঠ সম্পৰ্ক থকা উচিত। যদিও মণ্ডলীত এনেধৰণৰ ভাতৃত্ব প্ৰেম দেখিবলৈ পোৱা যায়, তথাপিও তেওঁলোকক আৰু বেছিকৈ এনে কৰিবলৈ উৎসাহিত কৰা হৈছে।​—১থিচ ৪:৯, ১০.

গ্ৰীক শব্দ ফিলʼষ্টৰগʼচৰ অৰ্থ হৈছে “গভীৰ প্ৰেম।” এই শব্দ এনে এজন ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য হয়, যাৰ আন এজন ব্যক্তিৰ লগত গভীৰ সম্পৰ্ক থাকে। এই যৌগিক শব্দৰ এটা মূল শব্দ হৈছে ষ্টাৰগ’। ইয়াক প্ৰায়েই পৰিয়ালৰ লোকসকলৰ মাজত থকা স্বাভাৱিক মৰম-স্নেহক বুজাবলৈ ব্যৱহাৰ কৰা হয়। পাঁচনি পৌলে খ্ৰীষ্টান ভাই-ভনীসকলক এই গুণ বিকশিত কৰিবলৈ উৎসাহিত কৰিছিল। (ৰোম ১২:১০) ইয়াৰ উপৰিও, পৌলে উনুকিয়াই দিছিল যে শেষ-কালত “স্নেহহীন” (গ্ৰীক, এষ্টৰগʼয়) লোক দেখিবলৈ পোৱা যাব আৰু এই লোকসকল মৃত্যুৰ যোগ্য।​—২তীম ৩:৩; ৰোম ১:৩১, ৩২.

(ৰোমীয়া ১২:১৭-১৯) অপকাৰৰ সলনি কাৰো অপকাৰ নকৰিবা; সকলো মানুহে দেখাতে যি উত্তম, তালৈ চিন্তা কৰা; ১৮ যদি হব পাৰে, তেন্তে তোমালোকৰ সাধ্য অনুসাৰে সকলো মানুহে সৈতে মিলেৰে থাকিবা। ১৯ হে প্ৰিয়সকল, তোমালোকে অন্যায়ৰ প্ৰতিকাৰ নকৰিবা; কিন্তু ক্ৰোধলৈ ঠাই থবা; কিয়নো এনে লিখা আছে, প্ৰভুৱে কৈছে, প্ৰতিকাৰ মোৰ কৰ্ম্ম; মইহে প্ৰতিফল দিম।

w০৯ ১০/১৫ ৮ ¶৩

“সকলো মানুহে সৈতে মিলেৰে থাকিবা”

৩ ৰোমীয়া ১২:১৭ পঢ়ক। পাঁচনি পৌলে স্পষ্ট কৰে যে যেতিয়া আমাক কোনোবাই বেয়া ব্যৱহাৰ কৰে, তেতিয়া আমি তাৰ পৰিশোধ লোৱা উচিত নহয়। এই পৰামৰ্শ বিশেষকৈ সেই লোকসকলে পালন কৰা অতি প্ৰয়োজন, যিসকলৰ পৰিয়ালত সকলোৱে যিহোৱাৰ উপাসক নহয়। উদাহৰণস্বৰূপে, এজন সত্য খ্ৰীষ্টানৰ বিষয়ে কʼব পাৰি, যাৰ সংগীয়ে যিহোৱাক উপাসনা নকৰে। তেওঁ বাক্য বা কাৰ্য্যৰ যোগেদি নিজৰ সংগীক কঠোৰ ব্যৱহাৰ কৰে। তেনে পৰিস্থিতিত সত্যত থকা সংগীয়ে পৰিশোধ লোৱাৰপৰা আঁতৰি থাকিব। ‘অপকাৰৰ সলনি অপকাৰ’ কৰিলে কোনো ভাল পৰিণাম নহʼব। এই আচৰণে ভালৰ পৰিৱৰ্তে বেয়া পৰিণামহে আনিব পাৰে।

w০৭ ৭/১ ২৫-২৬ ¶১২-১৩

“অপকাৰৰ সলনি কাৰো অপকাৰ নকৰিবা”

১২ সত্যত থকা আৰু সত্যত নথকা লোকসকলৰ প্ৰতি আমি কেনে ব্যৱহাৰ কৰা উচিত, ইয়াৰ বিষয়ে পৌলে এইদৰে সতৰ্ক কৰে: “অপকাৰৰ সলনি কাৰো অপকাৰ নকৰিবা।” এই কথাষাৰ পৌলে আগতে উল্লেখ কৰা এই বাক্যশাৰীৰ লগত সম্পৰ্ক আছে: “যি মন্দ, তাক ঘিণ কৰা।” যদি এজন ব্যক্তিয়ে পৰিশোধ লʼবলৈ আনৰ অপকাৰ কৰে, তেনেহʼলে যি মন্দ, তাক ঘিণ কৰোঁ বুলি তেওঁ প্ৰকৃততে কʼব পাৰিবনে? কেতিয়াও নোৱাৰে। এনে কৰিলে তেওঁৰ মাজত থকা “প্ৰেম অকল্পিত” নহʼব। পৌলে আগলৈ এইদৰে কয়: “সকলো মানুহে দেখাতে যি উত্তম, তালৈ চিন্তা কৰা।” (ৰোমীয়া ১২:৯, ১৭) আমি এই পৰামৰ্শবোৰ কেনেকৈ নিজৰ জীৱনত পালন কৰিব পাৰোঁ?

১৩ ইয়াৰ আগতে, পৌলে কৰিন্থৰ ভাই-ভনীসকললৈ এখন চিঠি লিখিছিল। তাত তেওঁ বৰ্ণনা কৰিছিল যে পাঁচনিসকলে কেনেধৰণৰ তাড়নাৰ সন্মুখীন হʼব লগা হৈছিল। তেওঁ এইদৰে লিখিছিল: “জগতৰ আগত, অৰ্থাৎ স্বৰ্গদূত আৰু মানুহবিলাকৰো আগত আমি কৌতুকৰ পাত্ৰ হৈছোঁ। . . . নিন্দিত হৈ, আশীৰ্ব্বাদ কৰিছোঁ; তাড়না পাই, সহন কৰিছোঁ; ইতিকিং পাই, বিনয় কৰিছোঁ।” (১ কৰিন্থীয়া ৪:৯-১৩) ঠিক সেইদৰে, বৰ্তমান সময়তো জগতৰ লোকসকলে সত্য খ্ৰীষ্টানসকলৰ ওপৰত চকু ৰাখে। তাড়নাৰ সন্মুখীন হোৱাৰ সত্ত্বেও যদি আমি ভাল কাম কৰোঁ, তেনেহʼলে আমাৰ চাৰিওফালে থকা লোকসকলে ইয়াক দেখি আৰু বেছিকৈ শুভবাৰ্ত্তাৰ ওপৰত ধ্যান দিব পাৰে।​—১ পিতৰ ২:১২.

(ৰোমীয়া ১২:২০, ২১) কিন্তু যদি তোমাৰ শত্ৰুৰ ভোক লাগে, তেন্তে তেওঁক ভোজন কৰোৱা; যদি তেওঁৰ পিয়াহ লাগে, তেন্তে জল পান কৰোৱা; তেনে কৰিলে, তেওঁৰ মূৰত জ্বলি থকা আঙঠা দʼম কৰি থবা। ২১ কুকৰ্ম্মৰ দ্বাৰাই পৰাজিত নহৈ, সুকৰ্ম্মৰ দ্বাৰাই কুকৰ্ম্মক পৰাজয় কৰা।

w১২ ১১/১৫ ২৯ ¶১৩

এজনে-আনজনক ক্ষমা কৰক

১৩ হয়তো আপোনাক কেতিয়াবা জগতৰ লোকসকলে বেয়া ব্যৱহাৰ কৰে। কিন্তু আপুনি নিজৰ ব্যৱহাৰৰ যোগেদি তেওঁলোকক সত্যৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে। পাঁচনি পৌলে এইদৰে লিখিছে: “যদি তোমাৰ শত্ৰুৰ ভোক লাগে, তেন্তে তেওঁক ভোজন কৰোৱা; যদি তেওঁৰ পিয়াহ লাগে, তেন্তে জল পান কৰোৱা; তেনে কৰিলে, তেওঁৰ মূৰত জ্বলি থকা আঙঠা দʼম কৰি থবা। কুকৰ্ম্মৰ দ্বাৰাই পৰাজিত নহৈ, সুকৰ্ম্মৰ দ্বাৰাই কুকৰ্ম্মক পৰাজয় কৰা।” (ৰোম. ১২:২০, ২১) আনে খং কৰাৰ সময়ত যদি আপুনি ভাল ব্যৱহাৰ কৰে, তেনেহʼলে কঠিন মনৰ ব্যক্তিজনেও সৰল হʼব পাৰে আৰু তেওঁৰ ভাল গুণবোৰ প্ৰতিফলিত হʼব। আপোনাৰ লগত কঠোৰ ব্যৱহাৰ কৰা ব্যক্তিজনক যদি আপুনি বুজিবলৈ চেষ্টা কৰে আৰু তেওঁৰ প্ৰতি সহানুভূতি দেখুৱায়, তেনেহʼলে বাইবেলৰ সত্য শিকিবলৈ আপুনি তেওঁক সহায় কৰিব পাৰে। গতিকে, আপোনাৰ ভাল ব্যৱহাৰ দেখি তেওঁ গভীৰভাৱে চিন্তা কৰিবলৈ বাধ্য হʼব যে আপুনি আনৰ তুলনাত কিয় পৃথক।​—১ পিত. ২:১২; ৩:১৬.

আধ্যাত্মিক ৰত্ন বিচাৰক

(ৰোমীয়া ১২:১) এতেকে হে ভাইবিলাক, ঈশ্বৰৰ সকলো কৰুণাৰ দ্বাৰাই মই তোমালোকক এই বিনয় কৰোঁ, তোমালোকে নিজ নিজ শৰীৰক জীৱিত, পবিত্ৰ, আৰু ঈশ্বৰৰ গ্ৰহণীয় বলিস্বৰূপে উৎসৰ্গ কৰা; এয়েই তোমালোকৰ যুক্তিসঙ্গত আৰাধনা।

lv ৭৪-৭৫ ¶৫-৬

ভাল মনোৰঞ্জন কেনেকৈ নিৰ্বাচন কৰিব

৫ আমি কৰা যিকোনো কামেই আমাৰ উপাসনাৰ ওপৰত প্ৰভাৱ পৰে। এই সত্যতা ৰোমীয় মণ্ডলীলৈ লিখা চিঠিখনৰ শব্দবোৰৰপৰা বুজিব পাৰি। পৌলে লিখিছিল, “তোমালোকে নিজ নিজ শৰীৰক জীৱিত, পবিত্ৰ, আৰু ঈশ্বৰৰ গ্ৰহণীয় বলিস্বৰূপে উৎসৰ্গ কৰা; এয়েই তোমালোকৰ যুক্তিসঙ্গত আৰাধনা।” (ৰোমীয়া ১২:১) শৰীৰ বুলি কওঁতে ইয়াত মগজু, হৃদয় আৰু আমাৰ শক্তি জড়িত হৈ আছে। গতিকে, এই সকলোবোৰ আমি যিহোৱা ঈশ্বৰৰ সেৱাৰ বাবে ব্যৱহাৰ কৰোঁ। (মাৰ্ক ১২:৩০) পৌলৰ অনুসৰি মনে-প্ৰাণে ঈশ্বৰক সেৱা কৰাটোৱেই হৈছে এক বলিদান। আমাৰ সেৱাক “বলিদান” বুলি কওঁতে ইয়াৰ আঁৰত এক সতৰ্কবাণীও জড়িত আছে। মোচিৰ নিয়ম অনুসৰি ঘুণীয়া জীৱ-জন্তুৰ বলিদান যিহোৱা ঈশ্বৰে গ্ৰহণ নকৰে। (লেবীয়া পুস্তক ২২:১৮-২০) ঠিক সেইদৰে, যদি এজন সত্য খ্ৰীষ্টানে আগবঢ়োৱা আধ্যাত্মিক বলিদানত কিবা ঘুণ থাকে, তেনেহʼলে তেওঁৰ বলিদান ঈশ্বৰে গ্ৰহণ নকৰিব। গতিকে, এনে কি বিষয় হʼব পাৰে যাৰ বাবে আমাৰ বলিদান যিহোৱা ঈশ্বৰে গ্ৰহণ নকৰিব?

৬ পৌলে ৰোমৰ ভাই-ভনীসকলক উপদেশ দিছিল, “তোমালোকৰ মৰ্ত্ত্য শৰীৰত পাপক ৰাজত্ব কৰিবলৈ নিদিবা।” ইয়াৰ উপৰিও পৌলে তেওঁলোকক, “শৰীৰৰ কৰ্ম্মবোৰ বধ” কৰিবলৈ কৈছিল। (ৰোমীয়া ৬:১২-১৪; ৮:১৩) “শৰীৰৰ কৰ্ম্মবোৰ” কি হয়, তাৰ বিষয়ে কিছুমান উদাহৰণ পৌলে এই চিঠিৰ আৰম্ভণিত উল্লেখ কৰিছিল। পাপী মানৱৰ বিষয়ে আমি পঢ়োঁ যে “সিহঁতৰ মুখো শাও আৰু কটুবাক্যেৰে পৰিপূৰ্ণ; সিহঁতৰ ভৰি ৰক্তপাত কৰিবলৈ বেগী।” আৰু “সিহঁতৰ চকুৰ আগত ঈশ্বৰলৈ ভয় নাই।” (ৰোমীয়া ৩:১৩-১৮) এজন সত্য খ্ৰীষ্টানে যদি নিজৰ “অঙ্গ-প্ৰত্যঙ্গবোৰ” অসৎ কাৰ্য্যৰ বাবে ব্যৱহাৰ কৰে, তেনেহʼলে তেওঁ নিজৰ শৰীৰক কলুষিত কৰা যেন হয়। উদাহৰণস্বৰূপে, যদি এজন সত্য খ্ৰীষ্টানে জানি-শুনি অশ্লীল বা মাৰ-পিট থকা চিনেমা চায়, তেনেহʼলে তেওঁ নিজৰ চকুক “পাপলৈ সমৰ্পণ” কৰে আৰু নিজৰ শৰীৰক কলুষিত কৰে। এনে ব্যক্তিয়ে আগবঢ়োৱা যিকোনো সেৱা এটা বলিদানৰ দৰে হয়, কিন্তু ই পবিত্ৰ নহয় আৰু যিহোৱা ঈশ্বৰে ইয়াক কেতিয়াও গ্ৰহণ নকৰে। (দ্বিতীয় বিবৰণ ১৫:২১; ১ পিতৰ ১:১৪-১৬; ২ পিতৰ ৩:১১) সঁচাকৈ, বেয়া মনোৰঞ্জন উপভোগ কৰিলে ভয়ানক পৰিণাম ভুগীবলগীয়া হʼব পাৰে।

(ৰোমীয়া ১৩:১) প্ৰত্যেক প্ৰাণী ক্ষমতা পোৱাবিলাকৰ বশীভূত হওক; কিয়নো ঈশ্বৰৰ পৰা নহলে কোনো ক্ষমতা নাই; আৰু যি যি আছে, সেইবোৰ ঈশ্বৰৰ দ্বাৰাই নিৰূপিত।

w০৮ ৬/১৫ ৩১ ¶৪

ৰোমীয়া কিতাপখনৰ আলোকপাত

১৩:১​—উচ্চ অধিকাৰীসকলে কেনেকৈ “ঈশ্বৰৰ দ্বাৰাই নিৰূপিত”? জগতৰ অধিকাৰীসকল “ঈশ্বৰৰ দ্বাৰাই নিৰূপিত।” কাৰণ তেওঁলোকে শাসন কৰিবলৈ ঈশ্বৰৰপৰা অনুমোদন লাভ কৰিছে আৰু কিছুমান ক্ষেত্ৰত শাসনকৰ্ত্তাসকলৰ বিষয়ে ঈশ্বৰে ভৱিষ্যতবাণী কৰিছিল। বাইবেলত ভৱিষ্যতবাণী কৰা বহুতো শাসকে ইয়াৰ প্ৰমাণ দিয়ে।

বাইবেল পাঠ

(ৰোমীয়া ১৩:১-১৪) প্ৰত্যেক প্ৰাণী ক্ষমতা পোৱাবিলাকৰ বশীভূত হওক; কিয়নো ঈশ্বৰৰ পৰা নহলে কোনো ক্ষমতা নাই; আৰু যি যি আছে, সেইবোৰ ঈশ্বৰৰ দ্বাৰাই নিৰূপিত। ২ এতেকে যি জনে সেই ক্ষমতাৰ প্ৰতিৰোধ কৰে, তেওঁ ঈশ্বৰৰ আদেশৰেই প্ৰতিৰোধ কৰে; আৰু যিবিলাকে প্ৰতিৰোধ কৰে, তেওঁবিলাকে নিজেই নিজলৈ দণ্ডাজ্ঞা অনাব। ৩ কিয়নো শাসনকৰ্ত্তাসকল সুকৰ্ম্মলৈ নহয়, কুকৰ্ম্মলৈহে ভয়জনক হয়। তুমি ক্ষমতালৈ নিৰ্ভয়ে থাকিব খোজা নে? তেন্তে সুকৰ্ম্ম কৰা, তেহে তাৰ পৰা প্ৰশংসা পাবা; ৪ কিয়নো তোমাৰ মঙ্গলৰ নিমিত্তেই, তেওঁ ঈশ্বৰৰ পৰিচাৰক হৈছে। কিন্তু তুমি যদি কুকৰ্ম্ম কৰা, তেন্তে ভয় কৰিবা; কিয়নো তেওঁ তৰোৱাল বৃথা ধৰিছে, এনে নহয়, কাৰণ তেওঁ ঈশ্বৰৰ পৰিচাৰক, দুৰাচাৰী লোকলৈ ক্ৰোধৰ অৰ্থে তেওঁ প্ৰতিফল দিওঁতা। ৫ এই কাৰণে অকল ক্ৰোধৰ ভয়ত নহয়, বিবেকৰ নিমিত্তেও বশীভূত হব লাগে। ৬ আৰু এই কাৰণেই তোমালোকে ৰাজকৰকো দিয়া; কিয়নো তেওঁবিলাকে ঈশ্বৰৰ সেৱক হৈ, সেই কৰ্ম্মতেই থাকে। ৭ যাৰে যি পাওনা, তাকে তেওঁক দিয়া; কৰ দিব লগাক কৰ দিয়া; মাচুল দিব লগাক মাচুল দিয়া; আৰু ভয় কৰিব লগাক ভয় কৰা; আদৰ কৰিব লগাক আদৰ কৰা। ৮ পৰস্পৰে প্ৰেম কৰাৰ বিনে, আন কোনো কথাত তোমালোক কাৰো ধৰুৱা নহবা; কিয়নো যি জনে পৰক প্ৰেম কৰে, তেওঁ বিধানকে সিদ্ধ কৰিলে। ৯ কিয়নো ব্যভিচাৰ নকৰিবা, নৰ-বধ নকৰিবা, চুৰ নকৰিবা, লোভ নকৰিবা, আদি কৰি যদি আন কোনো আজ্ঞাও আছে, তেন্তে তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা, এইটি কথাতে তাকো পোৱা যায়। ১০ প্ৰেমে চুবুৰীয়াক অনিষ্ট-সাধন নকৰে; এতেকে প্ৰেমেই বিধানৰ সিদ্ধি। ১১ তাত বাজে তোমালোকে এই কাল জানা যে, এতিয়াই টোপনিৰ পৰা সাৰ পাবৰ সময় হল; কিয়নো যেতিয়া আমি বিশ্বাস কৰিলোঁ, তেতিয়াতকৈ এতিয়া পৰিত্ৰাণ আমাৰ ওচৰ হল। ১২ ৰাতিৰ অধিক ভাগ গল; দিন ওচৰ চাপিল; এই কাৰণে আহাঁ, আন্ধাৰৰ কৰ্ম্ম এৰি থৈ, পোহৰৰ সাজ পিন্ধোহঁক। ১৩ ৰঙ্গৰস আৰু মত্ততা, লম্পটতা আৰু কামাভিলাষ, বিবাদ আৰু ঈৰ্ষা, এইবোৰ নকৰি, দিনৰ উপযুক্ত শিষ্টাচৰণ কৰোঁহঁক। ১৪ কিন্তু তোমালোকে প্ৰভু যীচু খ্ৰীষ্টক পিন্ধা, আৰু অভিলাষ পূৰ কৰিবৰ অৰ্থে নিজ নিজ মাংসৰ নিমিত্তে একো আয়োজন নকৰিবা।

মাৰ্চ ১১-১৭

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ৰোমীয়া ১৫-১৬

“ধৈৰ্য্য আৰু শান্ত্বনাৰ বাবে যিহোৱাৰ ওপৰত ভৰসা কৰক”

(ৰোমীয়া ১৫:৪) কিয়নো আগেয়ে যি কথা কোৱা হৈছিল, আমি ধৈৰ্য্যেৰে আৰু শাস্ত্ৰৰ শান্ত্বনাৰে আশা পাবলৈ, আমাৰ শিক্ষাৰ নিমিত্তেহে সেই সকলো লিখা হৈছিল।

w১৭.০৭ ১৪ ¶১১

“যিবিলাকে ক্ৰন্দন কৰে; তেওঁবিলাকে সৈতে ক্ৰন্দন কৰা”

১১ লাজাৰৰ মৃত্যুত যীচুৱে যি দুখ আৰু শোক প্ৰকাশ কৰিছিল, তাৰ বিষয়ে পঢ়ি আমি বৰ সান্ত্বনা লাভ কৰোঁ। কিন্তু বাইবেলত এনে বহুতো পদ আছে, যাৰপৰা আমি সান্ত্বনা লাভ কৰোঁ। কিয়নো “আগেয়ে যি কথা কোৱা হৈছিল, আমি ধৈৰ্য্যেৰে আৰু শাস্ত্ৰৰ শান্ত্বনাৰে আশা পাবলৈ, আমাৰ শিক্ষাৰ নিমিত্তেহে সেই সকলো লিখা হৈছিল।” (ৰোম. ১৫:৪) যদি আপোনাৰ আপোনজনাক মৃত্যুত হেৰুৱাইছে, তেনেহʼলে তলত উল্লেখ কৰা পদবোৰৰপৰা আপুনিও সান্ত্বনা লাভ কৰিব পাৰে:

▪ “যিহোৱা ভগ্ন-চিত্তীয়াবিলাকৰ ওচৰ; খেদিত মন হোৱাবিলাকক তেওঁ পৰিত্ৰাণ কৰে। ধাৰ্ম্মিক লোকৰ বিপদ অনেক, কিন্তু যিহোৱাই সেই জনক সেই সকলোৰ পৰা উদ্ধাৰ কৰে।”​—গীত. ৩৪:১৮, ১৯.

▪ “মোৰ আন্তৰিক চিন্তাৰ বাহুল্যত, তুমি দিয়া শান্ত্বনাই মোৰ মন আনন্দিত কৰে।” ​—গীত. ৯৪:১৯.

▪ “এতিয়া আমাৰ প্ৰভু যীচু খ্ৰীষ্টে নিজে, আৰু যি জনাই আমাক প্ৰেম কৰি আমাক অনন্ত শান্ত্বনা দিয়ক, আৰু উত্তম আশা অনুগ্ৰহেৰে দিলে, আমাৰ সেই পিতৃ ঈশ্বৰেও তোমালোকৰ হৃদয়ক শান্ত্বনা দিয়ক, আৰু সকলো সৎকৰ্ম্ম আৰু সদবাক্যত সুস্থিৰ কৰক।” ​—২ থিচ. ২:১৬, ১৭.

(ৰোমীয়া ১৫:৫, ৬) যাতে তোমালোকে এক মনেৰে এক মুখেৰে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰক গৌৰৱান্বিত কৰিবা, ৬ তাৰ নিমিত্তে ধৈৰ্য্য আৰু শান্ত্বনাৰ ঈশ্বৰে তোমালোকৰ পৰস্পৰ ভাব খ্ৰীষ্ট্‌ যীচুৰ দৰে একে হবলৈ দিয়ক।

w১৬.০৪ ১৪ ¶৫

“ধৈৰ্য্য সিদ্ধ কাৰ্য্যবিশিষ্ট হওক”

৫ শক্তি বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰক। যিহোৱা হৈছে “ধৈৰ্য্য আৰু শান্ত্বনাৰ” ঈশ্বৰ। (ৰোম. ১৫:৬) আমি সন্মুখীন হোৱা সমস্যাবোৰ ভালদৰে জনাৰ উপৰিও ঈশ্বৰে আমাৰ পৰিস্থিতি আৰু অনুভূতিৰ বিষয়েও ভালদৰে জানে। ইয়াৰ উপৰিও কঠিন পৰিস্থিতিত আমাৰ কেনে অনুভৱ হয়, তাৰ বিষয়ে তেওঁ ভালদৰে জ্ঞাত। সেইবাবে তেওঁ জানে যে ধৈৰ্য্য ধৰিবলৈ আমাক কিহৰ প্ৰয়োজন। বাইবেলে বৰ্ণনা কৰে যে “তেওঁ তেওঁলৈ ভয় ৰাখোঁতাবিলাকৰ বাঞ্ছা পূৰ্ণ কৰিব, আৰু সিবিলাকৰ কাতৰোক্তি শুনি সিবিলাকক ত্ৰাণ কৰিব।” (গীত. ১৪৫:১৯) কিন্তু, যেতিয়া আমি ধৈৰ্য্য ধৰিবলৈ শক্তি বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰোঁ, তেতিয়া তেওঁ কেনেকৈ আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়ে?

(ৰোমীয়া ১৫:১৩) এতেকে তোমালোক পবিত্ৰ আত্মাৰ মহিমাৰে যেন আশাত উপচি পৰা, এই কাৰণে আশাৰ আকৰ ঈশ্বৰে তোমালোকক, বিশ্বাস কৰাৰ সকলো আনন্দ আৰু শান্তিৰে পৰিপূৰ্ণ কৰক।

w১৪ ৬/১৫ ১৪ ¶১১

“তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা”

১১ যিহোৱা ঈশ্বৰে দিয়া ‘আশাই’ আমাক “আনন্দ আৰু শান্তিৰে পৰিপূৰ্ণ” কৰি তোলে। (ৰোম. ১৫:১৩) ঈশ্বৰে দিয়া আশাই আমাক বিশ্বাসৰ পৰীক্ষাক সহন কৰিবলৈ সহায় কৰে। ‘মৃত্যু পৰ্য্যন্ত বিশ্বাসী হৈ থকা’ অভিষিক্ত লোকসকলে স্বৰ্গত “জীৱনৰূপ কিৰীটি” লাভ কৰিব। (প্ৰকা. ২:১০) নিষ্ঠা বজাই ৰখা লোকসকলে এই পৃথিৱীৰ পৰমদেশত অনন্ত জীৱন লাভ কৰিব। (লূক ২৩:৪৩) এই আশাৰ বিষয়ে আমাৰ কেনে অনুভৱ হয়? এই আশাই আমাক আনন্দিত কৰি তোলে, আমাৰ হৃদয়ক শান্তি দিয়ে আৰু “সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ” দিওঁতাজনৰ প্ৰতি প্ৰেম বঢ়াই দিয়ে।​—যাকো. ১:১৭.

আধ্যাত্মিক ৰত্ন বিচাৰক

(ৰোমীয়া ১৫:২৭) কাৰণ ভালো দেখিলে, আৰু তেওঁবিলাকৰ ধৰুৱাও হৈ আছে। কিয়নো পৰজাতিবিলাক যদি আত্মিক বিষয়ত তেওঁবিলাকৰ সহভাগী হল, তেন্তে মাংসিক বিষয়ত তেওঁবিলাকৰ শুশ্ৰূষা কৰিবলৈ ধৰুৱা হৈ আছে।

w৮৯ ১২/১ ২৪ ¶৩

“তোমালোকৰ প্ৰেমৰ সত্যতা পৰীক্ষা” কৰা হৈছে

এয়া সঁচা যে পৰজাতি খ্ৰীষ্টানসকলে যিৰূচালেমত থকা খ্ৰীষ্টান ভাই-ভনীসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল। কিয়নো তেওঁলোকে এক বিশেষ কাৰণত যিৰূচালেমত থকা খ্ৰীষ্টান ভাই-ভনীসকলৰ “ধৰুৱা” হৈ আছিল। কিন্তু কেনেকৈ? যিৰূচালেমত থকা ভাই-ভনীসকলে পৰজাতি লোকসকলক শুভবাৰ্ত্তা প্ৰচাৰ কৰিছিল। পাঁচনি পৌলে এইদৰে উল্লেখ কৰিছে: “পৰজাতিবিলাক যদি আত্মিক বিষয়ত তেওঁবিলাকৰ সহভাগী হল, তেন্তে মাংসিক বিষয়ত তেওঁবিলাকৰ শুশ্ৰূষা কৰিবলৈ ধৰুৱা হৈ আছে।”​—ৰোম. ১৫:২৭.

(ৰোমীয়া ১৬:২৫) যি যি নিগূঢ়-তত্ত্ব অনাদি কালৰে পৰা গুপুতে ৰখা হৈছিল, কিন্তু সম্প্ৰতি অনাদি ঈশ্বৰৰ আজ্ঞাৰ দৰে ভাববাদীসকলে লিখা শাস্ত্ৰৰ দ্বাৰাই প্ৰকাশিত হৈ, বিশ্বাসৰ আজ্ঞাধীনতাৰ নিমিত্তে সকলো জাতিৰ আগত জনোৱা হৈছে,

it-১ ৮৫৮ ¶৫

পূৰ্ব্বজ্ঞান, পূৰ্ব্ব নিৰ্ধাৰণ

মচীহ বা খ্ৰীষ্টই হৈছে প্ৰতিজ্ঞা কৰা বংশ, যাৰ যোগেদি পৃথিৱীত থকা সকলো ধাৰ্ম্মিক লোকে আশীৰ্ব্বাদ লাভ কৰিব। (আদি ৩:৮, ১৪) এদন বাগিছাত হোৱা বিদ্ৰোহৰ পাছত প্ৰথমবাৰৰ বাবে এই ‘বংশৰ’ বিষয়ে উল্লেখ কৰা হৈছিল আৰু তেতিয়ালৈকে হেবলৰ জন্ম হোৱা নাছিল। (আদি ৩:১৫) ইয়াৰ প্ৰায় ৪,০০০ বছৰৰ পাছত সেই ‘বংশ’ অৰ্থাৎ মচীহৰ চিনাক্ত স্পষ্ট হৈ পৰিল আৰু “নিগূঢ়-তত্ত্ব” প্ৰকাশ পায়। সেইবাবে, এয়া সঁচাকৈ “অনাদি কালৰে পৰা গুপুতে ৰখা হৈছিল।”​—ৰোম ১৬:২৫-২৭; ইফি ১:৮-১০; ৩:৪-১১.

বাইবেল পাঠ

(ৰোমীয়া ১৫:১-১৬) কিন্তু বলৱন্ত যি আমি, আমি নিজক সন্তুষ্ট নকৰি, দুৰ্ব্বলবিলাকৰ দুৰ্ব্বলতাৰূপ ভাৰ বোৱা উচিত। ২ আমাৰ প্ৰতিজনে নিজ চুবুৰীয়াক ধৰ্ম্মত বৃদ্ধি কৰিবলৈ, তেওঁৰ হিতলৈ চাই, তেওঁক সন্তুষ্ট কৰক। ৩ কিয়নো খ্ৰীষ্টে নিজকে নিজে সন্তুষ্ট নকৰিলে; কিন্তু যেনেকৈ লিখা আছে, বোলে, তোমাক নিন্দা কৰাবিলাকৰ নিন্দাও মোৰ ওপৰত পৰিল, সেই দৰে হল; ৪ কিয়নো আগেয়ে যি সকলো কথা লিখা হৈছিল, আমি ধৈৰ্য্যেৰে আৰু শাস্ত্ৰৰ শান্ত্বনাৰে আশা পাবলৈ, আমাৰ শিক্ষাৰ নিমিত্তেহে সেই সকলো লিখা হৈছিল। ৫ যাতে তোমালোকে এক মনেৰে এক মুখেৰে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰক গৌৰৱান্বিত কৰিবা, ৬ তাৰ নিমিত্তে ধৈৰ্য্য আৰু শান্ত্বনাৰ ঈশ্বৰে তোমালোকৰ পৰস্পৰৰ ভাব খ্ৰীষ্ট্‌ যীচুৰ দৰে একে হবলৈ দিয়ক। ৭ এতেকে ঈশ্বৰৰ গৌৰৱৰ অৰ্থে, যেনেকৈ খ্ৰীষ্টে তোমালোকক গ্ৰহণ কৰিলে, তেনেকৈ তোমালোকেও ইজনে সিজনক গ্ৰহণ কৰা। ৮ কিয়নো মই কওঁ, ওপৰ-পুৰুষসকলক দিয়া প্ৰতিজ্ঞাবোৰ থিৰ কৰিবলৈ, আৰু পৰজাতি লোকেও ঈশ্বৰৰ সত্যতাৰ পক্ষে খ্ৰীষ্ট্‌ চুন্নৎ হোৱাবিলাকৰ পৰিচাৰক হল। ৯ এই বিষয়ে লিখাও আছে, এতেকে মই পৰজাতিবিলাকৰ মাজত তোমাৰ স্তুতি কৰিম; আৰু তোমাৰ নামেৰে গীতো গাম। ১০ আকৌ কৈছে, হে পৰজাতিবিলাক, তেওঁৰ লোকে সৈতে আনন্দ কৰা। ১১ আকৌ, হে সকলো পৰজাতিবিলাক, প্ৰভুৰ প্ৰশংসা কৰা; আৰু সকলো মানুহবিলাকে তেওঁৰ প্ৰশংসা কৰক। ১২ আকৌ যিচয়ায়ো কৈছে, যি জনাই পৰজাতি লোকৰ ওপৰত শাসন কৰিবলৈ উঠিব, যিচয়ৰ পৰা এনে এটি গজালি ওলাব; ১৩ তেওঁ পৰজাতিবিলাকে ভাৰসা কৰিব। এতেকে তোমালোক পবিত্ৰ আত্মাৰ মহিমাৰে যেন আশাত উপচি পৰা, এই কাৰণে আশাৰ আকৰ ঈশ্বৰে তোমালোকক, বিশ্বাস কৰাৰ সকলো আনন্দ আৰু শান্তিৰে পৰিপূৰ্ণ কৰক। ১৪ হে মোৰ ভাইবিলাক, তোমালোকৰ বিষয়ে মোৰ নিজৰো এই দৃঢ় বিশ্বাস আছে যে, তোমালোক সকলো জ্ঞানেৰে পূৰ, আৰু পৰস্পৰক চেতনা দিবলৈ সমৰ্থ হৈ, সদ্‌গুণেৰে পৰিপূৰ্ণ হৈছা। ১৫ তথাপি যিহতে পৰজাতিবিলাক পবিত্ৰ আত্মাৰ দ্বাৰাই পবিত্ৰীকৃত নৈবেদ্যস্বৰূপ পৰম গ্ৰহণীয় হয়, এই আশয়েৰে, মই যে পৰজাতিবিলাকলৈ খ্ৰীষ্ট্‌ যীচুৰ সেৱক হৈ, ১৬ ঈশ্বৰৰ শুভবাৰ্ত্তাৰ পৰিচৰ্য্যা কৰিবলৈ পালোঁ, ঈশ্বৰে মোক দিয়া এই অনুগ্ৰহৰ কাৰণে, তোমালোকক সোঁৱৰোৱাৰ নিচিনাকৈ মাজে মাজে অতি সাহেৰে লিখিলোঁ।

মাৰ্চ ১৮-২৪

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ১ কৰিন্থীয়া ১-৩

“আপুনি স্বাভাৱিক ব্যক্তি নে আত্মিক ব্যক্তি?”

(১ কৰিন্থীয়া ২:১৪) কিন্তু স্বাভাৱিক মানুহে ঈশ্বৰৰ আত্মাৰ কথা গ্ৰাহ্য নকৰে; কিয়নো তেওঁৰ মানত সেয়ে মূৰ্খতা; আৰু তেওঁ সেই কথাৰ তত্ত্বও পাব নোৱাৰে; কিয়নো আত্মিকৰূপেহে তাৰ বিচাৰ কৰা হয়।

w১৮.০২ ১৯ ¶৪-৫

আত্মিক ব্যক্তি বুলিলে কি বুজায়?

৪ আহক আমি প্ৰথমে শাৰীৰিক ব্যক্তিৰ মনোবৃত্তিৰ বিষয়ে বিবেচনা কৰোঁ। জগতৰ লোকসকলে মাংসিক মনোবৃত্তিক প্ৰাধান্য দিয়া দেখিবলৈ পোৱা যায়। পৌলে এই লোকসকলক “অবাধ্যতাৰ সন্তানবিলাকত কাৰ্য্যসাধন কৰোঁতা আত্মাৰ দৰে” হয় বুলি উল্লেখ কৰিছে। (ইফি. ২:২) এনে মনোবৃত্তিক জগতৰ বেছিভাগ লোকসকলে গ্ৰহণ কৰাটো স্বাভাৱিক হৈ পৰিছে। কিয়নো তেওঁলোকে কোনো চিন্তা-চৰ্চা নকৰাকৈ লোকসকলক অনুকৰণ কৰে। তেওঁলোকে মাংসিক মনোবৃত্তিক গুৰুত্ব দিয়ে। পৰিণামস্বৰূপে, বেছিভাগ লোকে নিজৰ দৃষ্টিত যি ভাল, তাকে কৰে আৰু ঈশ্বৰৰ মানদণ্ড অনুসৰি জীৱন অতিবাহিত কৰিবলৈ চেষ্টা নকৰে। এজন শাৰীৰিক বা মাংসিক মনৰ ব্যক্তিয়ে প্ৰায়ে নিজৰ মান-সন্মান আৰু ধন-সম্পত্তিৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়ে আৰু তেওঁ সদায় নিজৰ অধিকাৰৰ বিষয়ে চিন্তা কৰে।

৫ এজন শাৰীৰিক ব্যক্তিক কেনেকৈ চিনাক্ত কৰিব পাৰি? যিসকল লোকে “মাংসৰ” কাৰ্য্যবোৰৰ লগত জড়িত থাকে, এনে লোকসকলক এজন শাৰীৰিক ব্যক্তি হিচাপে চিনাক্ত কৰিব পাৰি। (গালা. ৫:১৯-২১) কৰিন্থৰ মণ্ডলীলৈ লিখা পাঁচনি পৌলৰ প্ৰথম চিঠিখনত মাংসিক মনোবৃত্তি থকা লোকসকলৰ আচৰণৰ বিষয়ে উল্লেখ কৰিছে। সেই আচৰণবোৰ হৈছে বিবাদত ভাগ লোৱা, বিভেদ সৃষ্টি কৰা, বিৰোধ কৰা, আনক ন্যায়লয়লৈ লৈ যোৱা, মূৰব্বীক সন্মান নকৰা আৰু খোৱা-বোৱাক বেছিকৈ গুৰুত্ব দিয়া। ইয়াৰ উপৰিও বেয়া কাম কৰিবলৈ প্ৰলোভিত হʼলে সহজে ফান্দত পৰা। (হিতো. ৭:২১, ২২) যিহূদাই কৈছিল যে এনে লোকৰ ওপৰত পবিত্ৰ আত্মাই কাৰ্য্য নকৰে।​—যিহূ. ১৮, ১৯.

(১ কৰিন্থীয়া ২:১৫, ১৬) কিন্তু আত্মিক জনে আটাইৰে বিচাৰ কৰে, তথাপি সেই জনৰ বিচাৰ কাৰো দ্বাৰাই কৰা নাযায়। ১৬ কিয়নো, প্ৰভুক শিকাবলৈ, তেওঁৰ মন নো কোনে জানে? কিন্তু খ্ৰীষ্টৰ মন আমাৰ আছে।

w১৮.০২ ১৯ ¶৬

আত্মিক ব্যক্তি বুলিলে কি বুজায়?

৬ “আত্মিক” ব্যক্তি বুলিলে কি বুজায়? শাৰীৰিক ব্যক্তিৰ বিপৰীতে এজন আত্মিক ব্যক্তিয়ে ঈশ্বৰৰ লগত থকা নিজৰ সম্পৰ্কৰ ওপৰত বেছি গুৰুত্ব দিয়ে। আত্মিক ব্যক্তিয়ে “ঈশ্বৰৰ অনুকাৰী” হʼবলৈ চেষ্টা কৰে। (ইফি. ৫:১) তেওঁ নিজৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰত যিহোৱাৰ মানদণ্ড অনুসৰি জীৱন অতিবাহিত কৰিবলৈ চেষ্টা কৰে আৰু তেওঁৰ বাবে ঈশ্বৰ এজন প্ৰকৃত ব্যক্তি। (গীত. ১১৯:৩৩; ১৪৩:১০) তেওঁ শাৰীৰিক কাৰ্য্যবোৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে পবিত্ৰ “আত্মাৰ” গুণবোৰ বিকশিত কৰিবলৈ চেষ্টা কৰে।​—গালা. ৫:২২, ২৩.

w১৮.০২ ২২ ¶১৫

আত্মিক ব্যক্তি বুলিলে কি বুজায়?

১৫ আমি ব্যক্তিগভাৱে যীচুক কেনেকৈ অনুকৰণ কৰিব পাৰোঁ? প্ৰথম কৰিন্থীয়া ২:১৬ পদত “খ্ৰীষ্টৰ মন” ৰখাৰ বিষয়ে উল্লেখ কৰিছে। ৰোমীয়া ১৫:৫ পদত আমাৰ “ভাব খ্ৰীষ্ট যীচুৰ দৰে একে হবলৈ” উৎসাহিত কৰিছে। গতিকে, খ্ৰীষ্টৰ দৰে হʼবলৈ আমি তেওঁৰ চিন্তাধাৰা আৰু তেওঁৰ ব্যক্তিত্বৰ বিষয়ে ভালদৰে জনাৰ প্ৰয়োজন। যীচুৰ বাবে যিহোৱাৰ লগত থকা তেওঁৰ সম্পৰ্ক বেছি গুৰুত্বপূৰ্ণ আছিল। গতিকে, আমি যিমানেই যীচুৰ দৰে হʼবলৈ চেষ্টা কৰিম, সিমানেই যিহোৱাৰ দৰে হʼব পাৰিম। সেইবাবে, যীচুৰ দৰে মন ৰখাটো অতি প্ৰয়োজন।

আধ্যাত্মিক ৰত্ন বিচাৰক

(১ কৰিন্থীয়া ১:২০) জ্ঞানী কʼত? অধ্যাপক বা কʼত? এই যুগৰ বাদ-বিবাদকাৰীয়েই বা কʼত? জগতৰ জ্ঞানক ঈশ্বৰে মূৰ্খতা কৰা নাই নে?

it-২ ১১৯৩ ¶১

জ্ঞান

ঈশ্বৰে মচীহৰ যোগেদি যি ব্যৱস্থা কৰিছিল, সেয়া জগতৰ লোকসকলে মূৰ্খতা বুলি অস্বীকাৰ কৰিলে। কিয়নো তেওঁলোকে নিজৰ বুদ্ধিৰ ওপৰত ভৰসা কৰিছিল। যদিও এই অধিকাৰীসকলে শাসন কৰিবলৈ সক্ষম হয়, তথাপিও তেওঁলোকে “প্ৰতাপৰ প্ৰভুক ক্ৰুচত” দিলে। (১কৰি ১:১৮; ২:৭, ৮) কিন্তু ঈশ্বৰৰ দৃষ্টিত জগতৰ জ্ঞান মূৰ্খ বুলি প্ৰমাণিত হয়। তেওঁলোকে ঈশ্বৰৰ বাক্যক ‘মূৰ্খতা’ বুলি গণ্য কৰিছিল। যি লোকসকলক ‘মূৰ্খ, দুৰ্ব্বল আৰু নীচ’ বুলি ভাবিছিল, সেই লোকসকলক নিজৰ উদ্দেশ্য পূৰ কৰিবলৈ ব্যৱহাৰ কৰি ঈশ্বৰে তেওঁলোকক লজ্জিত কৰিছিল। (১কৰি ১:১৯-২৮) পাঁচনি পৌলে উনুকিয়াই দিছিল যে ‘এই যুগৰ অথবা এই যুগৰ শাসনকৰ্ত্তাসকলৰ জ্ঞান’ লুপ্ত হৈ যাব আৰু এই জ্ঞান পাঁচনিসকলৰ শুভবাৰ্ত্তাৰ অংশ নাছিল। (১কৰি ২:৬, ১৩) তেওঁ কলচীৰ ভাই-ভনীসকলক ‘দৰ্শনবিদ্যা [ফিলʼচফিয়াচ, আক্ষৰিক অৰ্থত জ্ঞানৰ প্ৰতি প্ৰেম] আৰু প্ৰবঞ্চনাৰপৰা’ সাৱধান হʼবলৈ পৰামৰ্শ দিয়ে, যি ‘মানুহবিলাকৰ পুৰুষে পুৰুষে চলি অহা বিধিৰ’ অনুসৰি আছিল।​—কল ২:৮; পদ ২০-২৩ লগত তুলনা কৰক।

(১ কৰিন্থীয়া ২:৩-৫) আৰু মই তোমালোকৰ মাজত দুৰ্ব্বলতা, ভয়, আৰু মহা-কম্পনেৰে আছিলোঁ। ৪ আৰু তোমালোকৰ বিশ্বাস মানুহৰ জ্ঞানত নহৈ, ঈশ্বৰৰ শক্তিত যেন নিৰ্ভৰ কৰা হয়, ৫ এই কাৰণে মোৰ বাক্য আৰু ঘোষণা, জ্ঞানৰ মন মোহা কথাৰে নহৈ, পবিত্ৰ আত্মা আৰু শক্তিৰেহে সপ্ৰমাণ হৈছিল।

w০৮ ৭/১৫ ২৭ ¶৬

কৰিন্থৰ ভাই-ভনীসকললৈ লিখা চিঠিবোৰৰ আলোকপাত

২:৩-৫. কৰিন্থ হৈছে গ্ৰীক দৰ্শনবিদ্যা আৰু শিক্ষাৰ কেন্দ্ৰস্থল। ইয়াত সাক্ষ্য দিয়াৰ সময়ত পৌলে শ্ৰোতাসকলক আগ্ৰহী কৰি তুলিব পাৰিব নে নোৱাৰে, তাৰ বিষয়ে হয়তো চিন্তিত হৈছিল। ঈশ্বৰে দিয়া সেৱা কাৰ্য্য পূৰ কৰিবলৈ তেওঁ কোনোধৰণৰ দুৰ্ব্বল বা ভয়ক নিজৰ জীৱনত প্ৰভাৱ পৰিবলৈ দিয়া নাছিল। ঠিক সেইদৰে, আমাৰ জীৱনত যিয়েই পৰিস্থিতি নহওক কিয়, আমি ৰাজ্যৰ শুভবাৰ্ত্তা ঘোষণা কৰিবলৈ কেতিয়াও বন্ধ নকৰিম। পৌলৰ দৰে আমিও সহায়ৰ বাবে যিহোৱাৰ ওপৰত নিৰ্ভৰ কৰিব পাৰোঁ।

বাইবেল পাঠ

(১ কৰিন্থীয়া ১:১-১৭) ঈশ্বৰৰ ইচ্ছাৰে যীচু খ্ৰীষ্টৰ আমন্ত্ৰিত পাঁচনি পৌল আৰু চোস্থিনি ভাই,​— ২ কৰিন্থিত থকা ঈশ্বৰৰ যি মণ্ডলী, অৰ্থাৎ খ্ৰীষ্ট্‌ যীচুত পবিত্ৰ কৰা যি যি আমন্ত্ৰিত পবিত্ৰ লোক আছে, তেওঁবিলাকৰ, আৰু সকলো ঠাইতে আমাৰ, অৰ্থাৎ তেওঁবিলাকৰো আমাৰো, প্ৰভু যীচু খ্ৰীষ্টৰ নামত প্ৰাৰ্থনা কৰা সকলো লোকৰ সমীপলৈ। ৩ আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক। ৪ ঈশ্বৰৰ যি অনুগ্ৰহ খ্ৰীষ্ট্‌ যীচুত তোমালোকক দিয়া হল, তাৰ কাৰণে মই তোমালোকৰ অৰ্থে সদায় মোৰ ঈশ্বৰৰ ধন্যবাদ কৰি আছোঁ; ৫ কিয়নো তেওঁতেই তোমালোক সকলো বিষয়তে, বিশেষকৈ সকলো বিধ বক্তৃতা আৰু জ্ঞান-ধনত ধনী হলা; ৬ তোমালোকৰ মাজত খ্ৰীষ্টৰ সাক্ষ্য এনেকৈ থিৰ কৰা হৈছিল যে, ৭ তোমালোকে কোনো বৰৰ পৰা বঞ্চিত নহৈ, আমাৰ প্ৰভু যীচু খ্ৰীষ্ট্‌ প্ৰকাশিত হোৱা দিনলৈ বাট চাই আছা; ৮ আৰু তেওঁ শেষলৈকে তোমালোকক থিৰ কৰি ৰাখিব; তাতে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ সেই দিনত তোমালোক নিৰ্দ্দোষী হবা। ৯ ঈশ্বৰ বিশ্বাসী; তেওঁৰেই দ্বাৰাই, তেওঁৰ পুত্ৰ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ সহভাগী হবলৈ, তোমালোক আমন্ত্ৰিত হলা। ১০ হে ভাইবিলাক, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে তোমালোকক বিনয় কৰোঁ, যেন তোমালোক সকলোৱে একে কথা কোৱা, আৰু তোমালোকৰ মাজত বিভেদ নহয়, কিন্তু একে মন আৰু একে বিবেচনাত সিদ্ধ হৈ যোৱা। ১১ কিয়নো, হে মোৰ ভাইবিলাক, তোমালোকৰ বিষয়ে ক্লোয়ীহঁতৰ পৰা শুনিবলৈ পালোঁ যে, তোমালোকৰ মাজত বাদ-বিবাদ আছে। ১২ সেয়ে এই, তোমালোক প্ৰতিজনে কোৱা, বোলে, মই পৌলৰ, মই আপল্লোৰ, মই কৈফাৰ, মই খ্ৰীষ্টৰ। ১৩ খ্ৰীষ্টক ভাগ ভাগ কৰা হল নে? পৌলক জানো তোমালোকৰ নিমিত্তে ক্ৰুচত দিয়া হৈছিল? বা পৌলৰ নামেৰে জানো তোমালোক বাপ্তাইজিত হৈছিলা? ১৪ তোমালোক মোৰ নামেৰে বাপ্তাইজিত হলা বুলি, কোনেও যেন নকয়, ১৫ এই কাৰণে মই, ক্ৰিষ্প আৰু গায়ৰ বাহিৰে তোমালোকৰ মাজত আন কাকো বাপ্তাইজ নকৰাৰ কাৰণে, ঈশ্বৰৰ ধন্যবাদ কৰিছোঁ। ১৬ আৰু মই স্তিফানৰ ঘৰৰবিলাককো বাপ্তাইজ কৰিলোঁ; তাত বাজে আন কোনোক যে বাপ্তাইজ কৰিলোঁ, এনে কথা মোৰ মনত নপৰে। ১৭ কিয়নো বাপ্তাইজ কৰিবলৈ নহয়, শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈহে খ্ৰীষ্টে মোক পঠালে; কিন্তু খ্ৰীষ্টৰ ক্ৰুচ কিজানি ব্যৰ্থ হয়, এই কাৰণে বিদ্যাযুক্ত কথাৰে প্ৰচাৰ কৰিবলৈ পঠোৱা নাই।

মাৰ্চ ২৫-৩১

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ১ কৰিন্থীয়া ৪-৬

“অলপ খমিৰে, সনা পিঠাগুড়িৰ আটাইখিনি ফুলায়”

(১ কৰিন্থীয়া ৫:১, ২) তোমালোকৰ মাজত ব্যভিচাৰ আছে বুলি সকলো পিনে শুনা যায়; যি ব্যভিচাৰ পৰজাতিবিলাকৰ মাজতো নাই, এনে ব্যভিচাৰ; অৰ্থাৎ কোনোৱে নিজৰ পিতৃৰ ভাৰ্য্যাক ৰাখিছে। ২ আৰু সেই কৰ্ম্ম কৰাজনক যাতে তোমালোকৰ মাজৰ পৰা দূৰ কৰা হয়, তাৰ কাৰণে শোক কৰা ছাৰি, তোমালোকে অহঙ্কাৰহে কৰিছা।

(১ কৰিন্থীয়া ৫:৪-৮) আমাৰ প্ৰভু যীচুৰ নামেৰে তোমালোকে মোৰ আত্মাই সৈতে গোট খাই, আমাৰ প্ৰভু যীচুৰ শক্তিৰে তেনেকুৱা মানুহক, তেওঁৰ মাংসৰ বিনাশৰ অৰ্থে, চয়তানৰ হাতত শোধাই দিয়া উচিত, ৫ যাতে প্ৰভু যীচুৰ দিনা তেওঁৰ আত্মাই পৰিত্ৰাণ পায়। ৬ তোমালোকৰ সেই শ্লাঘা ভাল নহয়; অলপ খমিৰে যে সনা পিঠাগুড়িৰ গোটেই লদা ফুলায়, ইয়াক তোমালোকে নাজানা নে? ৭ তোমালোক যেনেকৈ অখমিৰ হৈছা, তেনেকৈ, সনা পিঠাগুড়িৰ নতুন লদাৰ নিচিনা হবলৈ, পুৰণি খমিৰ দূৰ কৰা। কাৰণ আমাৰ নিস্তাৰ-পৰ্ব্বৰ মেৰ পোৱালি যি খ্ৰীষ্ট্‌, তেওঁক বলিদান কৰা হল; ৮ এতেকে পাপৰূপ পুৰণি খমিৰেৰে নহয়, বিশেষকৈ হিংসা আৰু দুষ্টতাৰূপ খমিৰেৰে নহয়, কিন্তু খমিৰ নোহোৱা পিঠাৰে, অৰ্থাৎ অকপটতা আৰু সত্যতাৰে আমি পৰ্ব্ব কৰোঁহঁক।

(১ কৰিন্থীয়া ৫:১৩) কিন্তু বাহিৰা মানুহৰ সোধ-বিচাৰ ঈশ্বৰেহে কৰে। তোমালোকৰ মাজৰ পৰা সেই পাপিষ্ঠক বাহিৰ কৰা।

it-২ ২৩০

খমিৰ

পাঁচনি পৌলে কৰিন্থ মণ্ডলীৰ ভাই-ভনীসকলক খমিৰৰ উদাহৰণ দিছিল। ইয়াৰ যোগেদি কৰিন্থৰ ভাই-ভনীসকলৰ মাজত অনৈতিক কাৰ্য্যত লিপ্ত থকা ব্যক্তিজনক বাহিৰ কৰিবলৈ আজ্ঞা দিছিল। তেওঁ এইদৰে কৈছিল: “অলপ খমিৰে যে সনা পিঠাগুড়িৰ গোটেই লদা ফুলায়, ইয়াক তোমালোকে নাজানা নে? তোমালোক যেনেকৈ অখমিৰ হৈছা, তেনেকৈ, সনা পিঠাগুড়িৰ নতুন লদাৰ নিচিনা হবলৈ, পুৰণি খমিৰ দূৰ কৰা। কাৰণ আমাৰ নিস্তাৰ-পৰ্ব্বৰ মেৰ পোৱালি যি খ্ৰীষ্ট্‌, তেওঁক বলিদান কৰা হল।” তাৰ পাছত তেওঁ ‘খমিৰৰ’ অৰ্থ স্পষ্টৰূপে বুজায় দিয়ে। “এতেকে পাপৰূপ পুৰণি খমিৰেৰে নহয়, বিশেষকৈ হিংসা আৰু দুষ্টতাৰূপ খমিৰেৰে নহয়, কিন্তু খমিৰ নোহোৱা পিঠাৰে, অৰ্থাৎ অকপটতা আৰু সত্যতাৰে আমি পৰ্ব্ব কৰোঁহঁক।” (১কৰি ৫:৬-৮) পৌলে ইয়াত খমিৰ নোহোৱা পিঠাৰ পৰ্ব্বৰ উদাহৰণ দিছিল, যি নিস্তাৰ-পৰ্ব্বৰ অলপ পাছতে পালন কৰা হৈছিল। যেনেকৈ অলপ খমিৰে সনা পিঠাগুড়িৰ গোটেই লদা ফুলায়, তেনেকৈ যদি মণ্ডলীৰপৰা সেই অনৈতিক কাৰ্য্যত লিপ্ত থকা ব্যক্তিজনক বাহিৰ কৰা নহয়, তেনেহʼলে তেওঁৰ প্ৰভাৱ গোটেই মণ্ডলীৰ ওপৰত পৰিব পাৰে। ইয়াৰ উপৰিও যিহোৱাৰ দৃষ্টিত মণ্ডলী অসুদ্ধ হৈ পৰিব। যিদৰে খমিৰ নোহোৱা পিঠাৰ পৰ্ব্বৰ দিনা ইস্ৰায়েলীসকলে ঘৰত খমিৰ ৰখাৰ প্ৰয়োজন নাছিল, ঠিক সেইদৰে ‘খমিৰৰ’ দৰে ব্যক্তিজনক মণ্ডলীত ৰখাৰ প্ৰয়োজন নাছিল।

it-২ ৮৬৯-৮৭০

চয়তান

‘মাংসৰ বিনাশৰ অৰ্থে, চয়তানৰ হাতত শোধাই দিয়াৰ’ অৰ্থ কি?

যিজন ব্যক্তিয়ে নিজৰ পিতৃৰ পত্নীৰ লগত অনৈতিক যৌন সম্পৰ্ক ৰাখে, তেনে ব্যক্তিক মণ্ডলীৰপৰা বাহিৰ কৰিবলৈ পাঁচনি পৌলে কৰিন্থ মণ্ডলীৰ ভাই-ভনীসকলক নিৰ্দেশনা দিছিল। তেওঁ এইদৰে লিখিছিল: “তেওঁৰ মাংসৰ বিনাশৰ অৰ্থে, চয়তানৰ হাতত শোধাই দিয়া উচিত।” (১কৰি ৫:৪) ইয়াৰ অৰ্থ হৈছে, সেই ব্যক্তিজনক মণ্ডলীৰপৰা বহিষ্কৃত কৰা আৰু তেওঁৰ লগত সম্পৰ্ক নৰখা। (১কৰি ৫:১৩) তেওঁক চয়তানৰ হাতত শোধাই দিয়াৰ অৰ্থ হৈছে তেওঁক মণ্ডলীৰপৰা উলিয়াই দিয়া আৰু যি জগতৰ ঈশ্বৰ আৰু শাসক চয়তান হয়, তালৈ পঠিয়াই দিয়া। “অলপ খমিৰে” যেনেকৈ “সনা পিঠাগুড়িৰ গোটেই লদা ফুলায়,” তেনেকৈ মণ্ডলীৰ ভিতৰত থকা ‘মাংস’ অথবা মাংসিক কাৰ্য্যৰে প্ৰভাৱিত কৰা এই ব্যক্তিজনক বহিষ্কাৰ কৰি মণ্ডলীয়ে ‘মাংসিক’ কাৰ্য্যৰ প্ৰভাৱৰপৰা আঁতৰি থাকিব পাৰিব। (১কৰি ৫:৬, ৭) পাঁচনি পৌলে হুমিনায় আৰু আলেকজান্দৰক চয়তানক গতাই দিছিল। কিয়নো তেওঁলোক বিশ্বাসৰপৰা আঁতৰি গৈছিল আৰু তেওঁলোকৰ বিবেক ভ্ৰষ্ট হৈছিল। তেওঁলোকৰ বিশ্বাসৰ সদৃশ জাহাজখন ভাঙি গৈছিল।​—১তীম ১:২০.

(১ কৰিন্থীয়া ৫:৯-১১) তোমালোকে ব্যভিচাৰী মানুহে সৈতে আলাপ-ব্যৱহাৰ নকৰিবা বুলি তোমালোকলৈ পত্ৰত লিখিছিলোঁ; ১০ কিন্তু সেই বুলিয়েই যে, এই জগতৰ ব্যভিচাৰী, বা লুভীয়া আৰু অপহাৰক, বা দেৱপূজক লোকে সৈতে একেবাৰে আলাপ-ব্যৱহাৰ কৰিব নালাগে, এনে নহয়; সেই দৰে হলে, তোমালোক জগতৰ বাহিৰ হব লগা হয়। ১১ কিন্তু ভাই বুলি খ্যাত হোৱা কোনো মানুহ যদি ব্যভিচাৰী, লুভীয়া, দেৱপূজক, নিন্দক, মতলীয়া, বা অপহাৰক হয়, তেন্তে তেওঁৰে সৈতে আলাপ-ব্যৱহাৰ, এনে কি, খোৱা বোৱাও নকৰিবা বুলিহে লিখিছিলোঁ।

lv ৩৯-৪০ ¶১৯-২১

কেতিয়া সংগতি কৰা উচিত নহʼব

১৯ কেতিয়াবা কেতিয়াবা মণ্ডলীৰ কোনো এজন বিশেষ সদস্যৰ লগত মিলা-মিচা নকৰিবলৈ আমাক নিৰ্দেশনা দিয়া হয়। যেতিয়া কোনো সদস্যই ঈশ্বৰৰ নিয়ম উলংঘন কৰি অনুতাপ নকৰে বা সত্যক ত্যাগ কৰি মিছা শিক্ষা দিয়ে বা মণ্ডলীৰ লগত সম্পৰ্ক নাৰাখে, এনে সদস্যক বহিষ্কাৰ কৰা হয়। ঈশ্বৰৰ বাক্যই এনে লোকসকলৰ লগত “আলাপ-ব্যৱহাৰ” অৰ্থাৎ মিলা-মিচা কৰাৰপৰা দূৰে থাকিবলৈ আমাক নিৰ্দেশনা দিয়ে। (১ কৰিন্থীয়া ৫:১১-১৩ পঢ়ক; ২ যোহন ৯-১১) যদি আমাৰ কোনো বন্ধু বা পৰিয়ালৰ সদস্যক বহিষ্কাৰ কৰা হয়, তেনেহʼলে বাইবেলৰ এই নিৰ্দেশনা পালন কৰিবলৈ আমাৰ হয়তো কঠিন হʼব পাৰে। সেই সময়ত আমি স্থিৰে থাকি, যিহোৱা ঈশ্বৰৰ প্ৰতি বিশ্বাসী হৈ তেওঁৰ আজ্ঞা পালন কৰিমনে? মনত ৰাখিব যে বিশ্বাসী আৰু আজ্ঞাকাৰী লোক যিহোৱা ঈশ্বৰৰ দৃষ্টিত বহুমূলীয়া।

২০ বহিষ্কাৰ কৰা ব্যৱস্থা হৈছে যিহোৱা ঈশ্বৰৰ এক প্ৰেমৰ ব্যৱস্থা। আমি কিয় এনেকৈ কʼব পাৰোঁ? পাপ কৰি অনুতাপ নকৰা লোকসকলক বহিষ্কাৰ কৰাৰ যোগেদি যিহোৱা ঈশ্বৰৰ পবিত্ৰ নাম আৰু তেওঁৰ মানদণ্ডবোৰক সন্মান দেখুৱা হয়। (১ পিতৰ ১:১৫, ১৬) বহিষ্কাৰ কৰা ব্যৱস্থাই মণ্ডলীক সুৰক্ষিত কৰি ৰাখে। এইদৰে জানি-শুনি পাপ কৰা লোকসকলৰ বেয়া প্ৰভাৱৰপৰা বিশ্বাসী সদস্যসকলে ৰক্ষা পৰে আৰু তেওঁলোকে জানিব পাৰিব যে এই দুষ্ট পৃথিৱীখনত মণ্ডলীয়ে হৈছে এক সুৰক্ষিত স্থান। (১ কৰিন্থীয়া ৫:৭; ইব্ৰী ১২:১৫, ১৬) এনে কঠোৰ অনুশাসনৰ দ্বাৰা পাপ কৰা ব্যক্তিজনৰ প্ৰতি প্ৰেম দেখুৱা হয়। তেওঁক সঠিক পথত আহিবলৈ হয়তো এনে অনুশাসনৰ প্ৰয়োজন আৰু এই অনুশাসনে তেওঁক যিহোৱালৈ পুনৰ ঘূৰি অহাত, উচিত পদক্ষেপ লʼবলৈ সহায় কৰিব।​—ইব্ৰী ১২:১১.

২১ আমাৰ ঘনিষ্ঠ বন্ধুসকলৰ প্ৰভাৱ আমাৰ ওপৰত নপৰিব বুলি আমি কেতিয়াও ভবা উচিত নহয়। সেইবাবে, আমি বুদ্ধিমতাৰে বন্ধু বাছনি কৰা উচিত। যদি আমি যিহোৱাৰ বন্ধুসকলক আমাৰ বন্ধু কৰি তোলো আৰু ঈশ্বৰে ভালপোৱা লোকসকলক আমি ভাল পাওঁ, তেনেহʼলে আমি ভাল বন্ধু বিচাৰি পাবলৈ সক্ষম হʼম। এই বন্ধুসকলৰপৰা শিকা কথাবোৰে আমাক যিহোৱা ঈশ্বৰক সেৱা কৰাৰ আমাৰ সংকল্পক দৃঢ় কৰাত সহায় কৰিব।

আধ্যাত্মিক ৰত্ন বিচাৰক

(১ কৰিন্থীয়া ৪:৯) কাৰণ, বোধ হয়, পাঁচনিবিলাক যি আমি, আমাক ঈশ্বৰে সকলোৰে শেষ কৰি, মৰণলৈ নিৰূপণ কৰা লোকৰ দৰে দেখুৱালে; কিয়নো জগতৰ আগত, অৰ্থাৎ স্বৰ্গদূত আৰু মানুহবিলাকৰো আগত আমি কৌতুকৰ পাত্ৰ হৈছোঁ।

w০৯ ৫/১৫ ২৪ ¶১৬

স্বৰ্গদূতসকল​—“সেৱা-শুশ্ৰূষাকাৰী আত্মা”

১৬ পৰীক্ষাৰ মাজেৰে পাৰ হোৱা খ্ৰীষ্টানসকলে ‘স্বৰ্গদূতসকলৰ আগত কৌতুকৰ পাত্ৰ’ হয়। (১ কৰি. ৪:৯) স্বৰ্গদূতসকলে আমাৰ কাৰ্য্যবোৰৰ ওপৰত চকু ৰাখে আৰু বিশ্বাসৰ বাবে আমি যি ত্যাগ কৰোঁ, তাক দেখি তেওঁলোকে সন্তুষ্ট হয়। ইয়াৰ উপৰিও, যেতিয়া এজন কোনো পাপ কৰা ব্যক্তিয়ে মন পালটন কৰি ঘূৰি আহে, তেতিয়াও তেওঁলোকে আনন্দিত হয়। (লূক ১৫:১০) যেতিয়া খ্ৰীষ্টান ভনীসকলে ঈশ্বৰৰ মানদণ্ডবোৰ পালন কৰে, তেতিয়া স্বৰ্গদূতসকলে ধ্যান দিয়ে। বাইবেলে এইদৰে উল্লেখ কৰিছে: “স্বৰ্গদূতবিলাকৰ নিমিত্তে তিৰোতা মানুহে নিজৰ মূৰত ক্ষমতাৰ চিন ৰখা তেওঁৰ কৰ্ত্তব্য।” (১ কৰি. ১১:৩, ১০) সঁচাকৈ, খ্ৰীষ্টান ভনী আৰু পৃথিৱীৰ সকলো সেৱকে ঈশ্বৰৰ নীতি-নিয়ম আৰু মূৰব্বীক সন্মান কৰা দেখি স্বৰ্গদূতসকলে আনন্দিত হয়। এনেধৰণৰ আজ্ঞাকাৰীতাই স্বৰ্গীয় ঈশ্বৰৰ পুত্ৰসকলৰ বাবে এক সুন্দৰ উদাহৰণ ৰাখে।

(১ কৰিন্থীয়া ৬:৩) আমি যে স্বৰ্গদূতবিলাকৰো সোধ-বিচাৰ কৰিম, তাক নাজানা নে? তেন্তে এই জীৱনৰ সম্পৰ্কীয় বিষয়ত কোনো কথাই নাই।

it-২ ২১১

নিয়ম

স্বৰ্গদূতসকললৈ দিয়া নিয়ম। মানুহতকৈ স্বৰ্গদূতসকলৰ স্থান উচ্চ। তেওঁলোকেও ঈশ্বৰৰ নিয়ম আৰু আজ্ঞা পালন কৰে। (ইব্ৰী ১:৭, ১৪; গীত ১০৪:৪) যিহোৱা ঈশ্বৰে চয়তানকো কিছুমান আজ্ঞা দিছিল আৰু কিছুমান কাম কৰিবলৈ নিষেধ কৰিছিল। (ইয়ো ১:১২; ২:৬) প্ৰধান স্বৰ্গদূত মীখায়েলেও যিহোৱা ঈশ্বৰক মহান ন্যায়ী হিচাপে স্বীকাৰ কৰিছিল। সেইবাবে, চয়তানৰ লগত তৰ্ক হোৱাৰ সময়ত তেওঁ এইদৰে কৈছিল: “যিহোৱাই তোমাক ধম্‌কি দিয়ক।” (যিহূ ৯; জখ ৩:২ লগত তুলনা কৰক।) যিহোৱা ঈশ্বৰে সকলো স্বৰ্গদূতৰ ওপৰত যীচু খ্ৰীষ্টক অধিকাৰ দিছে। (ইব্ৰী ১:৬; ১পিত ৩:২২; মথি ১৩:৪১; ২৫:৩১; ফিলি ২:৯-১১) সেইবাবে, যীচুৰ আজ্ঞা অনুসৰি এজন স্বৰ্গদূতে যোহনৰ ওচৰলৈ গৈছিল। (প্ৰকা ১:১) প্ৰথম কৰিন্থীয়া ৬:৩ পদত পাঁচনি পৌলে কৈছিল যে স্বৰ্গদূতসকলৰ ন্যায় কৰিবলৈ খ্ৰীষ্টৰ অভিষিক্ত ভাইসকলক নিযুক্ত কৰা হৈছে। ইয়াৰ অৰ্থ হৈছে দুষ্ট স্বৰ্গদূতবিলাকক ধ্বংস কৰাত হয়তো অভিষিক্ত খ্ৰীষ্টানসকলেও ভাগ লʼব।

বাইবেল পাঠ

(১ কৰিন্থীয়া ৬:১-১৪) তোমালোকৰ এজনৰ বিৰুদ্ধে আন জনৰ কোনো কথা থাকিলে, পবিত্ৰ লোকৰ আগত গোচৰ নকৰি, অধৰ্ম্মী লোকৰ আগত গোচৰ কৰিবলৈ সাহ আছে নে? ২ নতুবা, পবিত্ৰ লোকে যে জগতৰেই সোধ-বিচাৰ কৰিব, ইয়াক তোমালোকে নাজানা নে কি? আৰু তোমালোকৰ দ্বাৰাই যদি জগতৰ সোধ-বিচাৰ হয়, তেন্তে অতি সৰু কথাৰ সোধ-বিচাৰ কৰিবলৈ, তোমালোকে অযোগ্য নে? ৩ আমি যে স্বৰ্গদূতবিলাকৰো সোধ-বিচাৰ কৰিম, তাক নাজানা নে? তেন্তে এই জীৱনৰ সম্পৰ্কীয় বিষয়ত কোনো কথাই নাই। ৪ এতেকে এই জীৱনৰ সম্পৰ্কীয় বিষয়ে সোধ-বিচাৰ কৰিবলৈ হলে, মণ্ডলীয়ে হেয়জ্ঞান কৰাবিলাকক সোধৰ আসনত বহুউৱা নে? ৫ তোমালোকে লাজ পাবৰ কাৰণে মই এই কথা কৈছোঁ। ভাই ভাইৰ মাজতে নিষ্পত্তি কৰিব পৰা এনে জ্ঞানী লোক তোমালোকৰ মাজত এজনো নাই নে? ৬ কিন্তু ভায়ে ভাইৰ ওপৰত মোকৰ্দ্দমা কৰে, তাকো বিশ্বাস নকৰাবিলাকৰ আগতেহে কৰে। ৭ তোমালোকে ইজনে সিজনৰ ওপৰত মোকৰ্দ্দমা কৰাত, সকলো পিনে তোমালোকৰ হানি হব লাগিছে। তাতকৈ তোমালোকে অন্যায় কিয় নসহা? আৰু নিজৰো হানি হবলৈ কিয় নিদিয়া? ৮ কিন্তু তাক কৰা ছাৰি, তোমালোকে নিজে অন্যায় কৰিছাহে, এনে কি, ভাইবিলাকৰেই হানি কৰিছা। ৯ নতুবা, অধৰ্ম্মীবিলাকে যে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব, ইয়াক তোমালোকে নাজানা নে কি? তোমালোকে ভ্ৰান্ত নহবা; ১০ ব্যভিচাৰী, দেৱপূজক, পৰস্ত্ৰীগামী, সুখাভিলাষী, পুংমৈথুনী, চোৰ, লুভীয়া, মতলীয়া, নিন্দক, বা অপহাৰক, এইবিলাকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব। ১১ তোমালোক কোনো কোনো তেনেকুৱা লোক আছিলা; কিন্তু এতিয়া আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে আৰু ঈশ্বৰৰ আত্মাৰে তোমালোক ধৌত হলা, পবিত্ৰীকৃত হলা, আৰু ধাৰ্ম্মিক বুলি গণিত হলা। ১২ মোলৈ সকলো অবাধ, কিন্তু সকলোৱেই হিতজনক নহয়। মোলৈ সকলো অবাধ, কিন্তু একোৰো অধীন নহম। ১৩ পেটৰ কাৰণে আহাৰ; আহাৰৰ কাৰণেও পেট; কিন্তু ঈশ্বৰে দুয়োকো নাইকিয়া কৰিব। তথাপি শৰীৰ ব্যভিচাৰৰ কাৰণে নহয়, প্ৰভুৰ কাৰণেহে; ১৪ আৰু প্ৰভুও শৰীৰৰ কাৰণেহে; আৰু ঈশ্বৰে নিজৰ শক্তিৰে প্ৰভুকো তুলিলে, আৰু আমাকো তুলিব।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক