খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“সেই সকলোৰে আলোচনা কৰা”
আমি কি বিষয়বোৰ আলোচনা কৰা উচিত? ফিলিপীয়া ৪:৮ পদত কৈছে যে আমি এনে বিষয়বোৰ আলোচনা কৰা উচিত যি সত্য, আদৰণীয়, ন্যায়, শুদ্ধ, সুখ্যাতিযুক্ত, সদগুণ আৰু যি প্ৰশংসাযুক্ত। খ্ৰীষ্টানসকলে কেৱল বাইবেলৰ বিষয়ে আলোচনা কৰিব লাগে, এনে নহয়। কিন্তু আমি যিয়েই আলোচনা নকৰোঁ কিয়, সেই সকলোবোৰে যিহোৱাক প্ৰশংসা কৰা উচিত। আমি এনে বিষয়বোৰৰ ওপৰত মনোযোগ দিব নালাগে, যিবোৰে যিহোৱাৰ প্ৰতি বিশ্বাসী হৈ থাকিবলৈ আমাক কঠিন কৰি তুলিব পাৰে।—গীত ১৯:১৪.
অসৎ চিন্তা-ধাৰাৰপৰা আঁতৰি থাকিবলৈ আমাৰ বাবে কঠিন হʼব পাৰে। কিয়নো আমি আমাৰ অসিদ্ধ শৰীৰৰ লগতে “এই যুগৰ দেৱতা” চয়তানৰো সংঘৰ্ষ কৰিব লাগে। (২কৰি ৪:৪) চয়তানে টেলিভিচন, ৰেডিঅ’, ইন্টাৰনেট, বাতৰি কাকত আৰু আলোচনীবোৰক নিয়ন্ত্ৰণ কৰে। সেইবাবে, আমি কোনো এটা বিষয় বাছনি কৰাৰ আগতে সাৱধান হোৱা উচিত। কিয়নো আমি যি পঢ়ো বা দেখো, ইয়ে আমাৰ চিন্তা-ভাৱনা আৰু কাৰ্য্যত প্ৰভাৱ পেলাব পাৰে।—যাকো ১:১৪, ১৫.
নিষ্ঠা বজাই ৰখাত বাধা দিয়া মনোৰঞ্জনৰপৰা আঁতৰি থাকক নামৰ ভিডিঅʼখন চাওক আৰু তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
ভাইজনে নিজৰ ফোনত কি চাই আছিল আৰু ইয়ে তেওঁক কেনেকৈ প্ৰভাৱিত কৰে?
গালাতীয়া ৬:৭, ৮ আৰু গীতমালা ১১৯:৩৭ পদে তেওঁক কেনেকৈ সহায় কৰে?