ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | আদিপুস্তক ১২-১৪
এক চুক্তি যিয়ে আপোনাক প্ৰভাৱিত কৰে
১২:১-৩; ১৩:১৪-১৭
যিহোৱা ঈশ্বৰে অব্ৰাহামৰ লগত এক চুক্তি কৰে আৰু এই চুক্তি যীচু আৰু তেওঁৰ সহ-শাসকে স্বৰ্গৰপৰা শাসন কৰাৰ এক আইনগত আধাৰ হয়
খ্ৰীষ্টপূৰ্ব ১৯৪৩-ত, যেতিয়া অব্ৰাহামে কনানলৈ যাবলৈ ফৰাৎ নদী পাৰ হয়, তেতিয়া এই চুক্তি প্ৰযোজ্য হʼবলৈ ধৰে
মচীহৰ ৰাজ্যই যেতিয়ালৈকে ঈশ্বৰৰ শত্ৰুবোৰক ধ্বংস নকৰে আৰু পৃথিৱীৰ সকলো পৰিয়ালৰ বাবে আশীৰ্ব্বাদ কঢ়িয়াই নানে, তেতিয়ালৈকে এই চুক্তি বৰ্তি থাকিব
বিশ্বাসৰ বাবে যিহোৱা ঈশ্বৰে অব্ৰাহামক আশীৰ্ব্বাদ দিছিল। যদি আমিও যিহোৱাৰ প্ৰতিজ্ঞাৰ ওপৰত বিশ্বাস কৰোঁ, তেনেহʼলে অব্ৰাহামৰ লগত কৰা চুক্তিৰ অনুসৰি আমি কি কি আশীৰ্ব্বাদ লাভ কৰিম?