জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
মাৰ্চ ২-৮
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
আদিপুস্তক ২২-২৩
“ঈশ্বৰে অব্ৰাহামৰ পৰীক্ষা কৰে”
w১২ ৭/১ ২০ ¶৪-৬
ঈশ্বৰে অব্ৰাহামক নিজৰ পুত্ৰৰ বলিদান দিবলৈ কিয় কৈছিল?
অব্ৰাহামক কোৱা যিহোৱাৰ বাক্যলৈ ধ্যান দিয়ক: ‘তুমি নিজ পুত্ৰক, তুমি প্ৰেম কৰা তোমাৰ সেই একেটি পুত্ৰ ইচহাকক হোমৰ অৰ্থে বলিদান কৰাগৈ।’ (আদিপুস্তক ২২:২) মন কৰক, যিহোৱাই কৈছিল, “তুমি প্ৰেম কৰা” তোমাৰ একেটি পুত্ৰ ইচহাক। যিহোৱাই জানিছিল যে ইচহাক অব্ৰাহামৰ বাবে আলাসৰ লাড়ু আছিল। যিহোৱা ঈশ্বৰেও নিজৰ পুত্ৰ যীচুক বহুত প্ৰেম কৰে। সেইবাবে, তেওঁ স্বৰ্গৰপৰা কথা পতাৰ সময়ত দুবাৰ যীচুক “এওঁ মোৰ প্ৰিয় পুত্ৰ” বুলি কৈছিল।—মাৰ্ক ১:১১; ৯:৭.
এই কথাৰ ওপৰতো ধ্যান দিয়ক যে যেতিয়া যিহোৱা ঈশ্বৰে ইচহাকক বলিদান দিবলৈ অব্ৰাহামক কৈছিল, তেতিয়া তেওঁ মূল ভাষাত এনে এক শব্দ ব্যৱহাৰ কৰিছিল, যিয়ে দেখুৱায় যে তেওঁ অব্ৰাহামক আদেশ দিয়া নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ প্ৰেমেৰে অব্ৰাহামক অনুৰোধ কৰিছিল। এজন বাইবেল বিদ্বানে কৈছিল যে ঈশ্বৰৰ এই শব্দই প্ৰমাণ কৰে যে “প্ৰভুৱে অব্ৰাহামৰপৰা যি বলিদান বিচাৰিছিল, তাক তেওঁ মূল্যাংকন কৰিছিল।” ঈশ্বৰৰ এই অনুৰোধৰপৰা অব্ৰাহামৰ নিশ্চয় বৰ দুখ লাগিছিল। ঠিক সেইদৰে, আমি কল্পনা কৰিব পাৰোঁ যে যিহোৱাই নিজৰ পুত্ৰক দুখ-কষ্ট ভুগী মৃত্যু হোৱা দেখি কিমান কষ্ট পাইছিল। ইমান কষ্ট যিহোৱাই কেতিয়াও পোৱা নাছিল।
সঁচাকৈ, যিহোৱা ঈশ্বৰে অব্ৰাহামক যি কৰিবলৈ কৈছিল, তাক পঢ়ি আমাৰ হয়তো খং উঠিব পাৰে। কিন্তু আমি মনত ৰখা উচিত যে যিহোৱা ঈশ্বৰে সেই বিশ্বাসী ব্যক্তিজনক নিজৰ পুত্ৰৰ বলিদান দিবলৈ নিদিলে। তেওঁ অব্ৰাহামক সেই কষ্টেৰে পাৰ হʼবলৈ নিদিলে, যি প্ৰতিজন পিতৃ-মাতৃৰ বাবে অতি কষ্টকৰ হয়। যিহোৱা ঈশ্বৰে ইচহাকক মৰিবলৈ নিদিলে। কিন্তু তেওঁ নিজৰ পুত্ৰক ‘আমাৰ আটাইৰে কাৰণে শোধাই দিলে।’ (ৰোমীয়া ৮:৩২) যিহোৱা ঈশ্বৰে ইমান কষ্ট কিয় সহ্য কৰিলে? কিয়নো “আমি জীৱন লাভ কৰিবলৈ” ঈশ্বৰে এইদৰে কৰিলে। (১ যোহন ৪:৯) ইয়ে প্ৰমাণ কৰে যে যিহোৱা ঈশ্বৰে আমাক প্ৰেম কৰে। আমিও যিহোৱাক প্ৰেম কৰিবলৈ তেওঁৰ প্ৰেমে আমাক অনুপ্ৰাণিত নকৰেনে?
w১২ ১০/১৫ ২৩ ¶৬
ঈশ্বৰৰ আজ্ঞা পালন কৰক আৰু তেওঁৰ শপতৰপৰা উপকৃত হওক
৬ যিহোৱা ঈশ্বৰেও কেইবাবাৰো শপত খাইছিল, যাতে অসিদ্ধ মানুহে তেওঁৰ প্ৰতিজ্ঞাৰ ওপৰত বিশ্বাস কৰিব পাৰে। তেওঁ শপত খোৱাৰ সময়ত এনেধৰণৰ বাক্য ব্যৱহাৰ কৰিছিল: “প্ৰভু যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত।” (যিহি. ১৭:১৬) বাইবেলে ৪০-তকৈ বেছি ঘটনাৰ বিষয়ে উল্লেখ কৰিছে, যেতিয়া যিহোৱা ঈশ্বৰে শপত খাইছিল। ইয়াৰে সকলোৰে পৰিচিত এটা উদাহৰণ হৈছে, অব্ৰাহামৰ ওচৰত খোৱা শপত। অব্ৰাহামৰ লগত যিহোৱা ঈশ্বৰে কেইবাবাৰো চুক্তি বা প্ৰতিজ্ঞা কৰিছিল। ইয়াৰপৰা অব্ৰাহামে বুজিব পাৰিছিল যে প্ৰতিজ্ঞা কৰা বংশ অব্ৰাহামৰ পৰিয়াল অৰ্থাৎ তেওঁৰ পুত্ৰ ইচহাকৰ যোগেদি আহিব। (আদি. ১২:১-৩, ৭; ১৩:১৪-১৭; ১৫:৫, ১৮; ২১:১২) এনে এটা সময় আহিল যে যিহোৱা ঈশ্বৰে অব্ৰাহামৰ কঠিন পৰীক্ষা লৈছিল। নিজৰ মৰমৰ পুত্ৰক বলিদান দিবলৈ যিহোৱা ঈশ্বৰে অব্ৰাহামক আজ্ঞা দিছিল। অব্ৰাহামে কোনো পলম নকৰি যিহোৱাৰ আজ্ঞা পালন কৰিলে। কিন্তু নিজৰ পুত্ৰক বলিদান দিয়াৰ আগমুহূৰ্ত্ততে এজন স্বৰ্গদূতে তেওঁক ৰখালে। তাৰ পাছত যিহোৱা ঈশ্বৰে শপত খালে, “মই নিজ নামেৰে শপত কৰি কৈছোঁ, তুমি এই কাৰ্য্য কৰা হেতুকে তোমাৰ পুত্ৰ, তোমাৰ একটি পুত্ৰকে মোক দিবলৈ অসন্মত নোহোৱা হেতুকে, মই নিশ্চয়ে তোমাক আশীৰ্ব্বাদ কৰি, আকাশৰ তৰাবোৰৰ আৰু সাগৰৰ তীৰত থকা বালিৰ দৰে, তোমাৰ বংশ অতিশয়ৰূপে বঢ়াম; আৰু তোমাৰ বংশই নিজ শত্ৰুবিলাকৰ নগৰবোৰৰ দুৱাৰ অধিকাৰ কৰিব। আৰু পৃথিৱীৰ সমুদায় জাতি, তোমাৰ বংশতে আশীৰ্ব্বাদপ্ৰাপ্ত হব; কিয়নো তুমি মোৰ বাক্য পালন কৰিলা।”—আদি. ২২:১-৩, ৯-১২, ১৫-১৮.
আধ্যাত্মিক ৰত্ন বিচাৰক
w১৬.০২ ১১ ¶১৩
যিহোৱা ঈশ্বৰে তেওঁক “মোৰ বন্ধু” বুলি কৈছিল
১৩ নিজৰ দাসবিলাকক এটা ঠাইত এৰি দিয়াৰ সময়ত অব্ৰাহামে কৈছিল, “তোমালোকে গাধই সৈতে ইয়াতে থাকা; মই আৰু লৰাই সৌখিনিলৈ গৈ সেৱা কৰো; পাছে তোমালোকৰ ওচৰলৈ উলটি আহিম।” (আদি. ২২:৫) অব্ৰাহামে এইদৰে কোৱাৰ অৰ্থ কি আছিল? যিহেতু তেওঁ ইচহাকক বলিদান দিবলৈ গৈছিল। কিন্তু তেওঁ এইদৰে কিয় কৈছিল যে তেওঁ ইচহাকৰ সৈতে উলটি আহিব? তেওঁ নিজৰ দাসবিলাকক মিছা কথা কৈছিল নেকি? তেওঁ মিছা কথা কোৱা নাছিল। বাইবেলে কৈছে যে যিহোৱা ঈশ্বৰে ইচহাকক পুনৰুত্থান কৰিব পাৰিব বুলি অব্ৰাহামে জানিছিল। (ইব্ৰী ১১:১৯ পঢ়ক।) অব্ৰাহামে জানিছিল যে যিহোৱা ঈশ্বৰে বৃদ্ধ বয়সত চাৰা আৰু তেওঁক সন্তান জন্ম দিবলৈ শক্তি দিছিল। (ইব্ৰী ১১:১১, ১২, ১৮) অব্ৰাহামে জানিছিল যে যিহোৱাৰ বাবে কোনো কাম অসম্ভৱ নহয়। সেইদিনাখন কি হʼব অব্ৰাহামে নাজানিছিল, কিন্তু তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল যে প্ৰয়োজন হʼলে, যিহোৱা ঈশ্বৰে তেওঁৰ পুত্ৰক পুনৰুত্থান কৰিব, যাতে তেওঁৰ সকলো প্ৰতিজ্ঞা পূৰ হয়। সেইবাবে, অব্ৰাহামক ‘বিশ্বাস কৰা সকলোৰে পিতৃ’ বুলি কোৱা হৈছে।
it-১ ৮৫৩ ¶৫-৬
পূৰ্বজ্ঞান আৰু ভৱিষ্যতৰ বিষয়ে নিৰ্ণয় লোৱাৰ দক্ষতা
পূৰ্বজ্ঞানৰ দক্ষতাক বুদ্ধিমতাৰে ব্যৱহাৰ। ভৱিষ্যতৰ বিষয়ে জনাৰ দক্ষতা ঈশ্বৰৰ ওচৰত আছে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ আমাৰ ভৱিষ্যতৰ বিষয়ে আগতেই নিৰ্ণয় লৈছে। এই দক্ষতা তেওঁ যিদৰে ব্যৱহাৰ কৰিছে, ইয়ে তেওঁৰ নৈতিক মানদণ্ড আৰু তেওঁৰ বাক্যত কোৱা তেওঁৰ ব্যক্তিত্বৰ লগত মিল হোৱা উচিত। বাইবেলৰ বহুতো পদৰপৰা বুজিব পাৰি যে ঈশ্বৰে নিজৰ দক্ষতাক বুদ্ধিমতাৰে ব্যৱহাৰ কৰে। তেওঁ প্ৰথমে পৰিস্থিতিক ভালদৰে পৰীক্ষা কৰে আৰু তাৰ আধাৰত নিৰ্ণয় লয়।
আদিপুস্তক ১১:৫-৮ পদৰ উদাহৰণলৈ ধ্যান দিয়ক। ইয়াত উল্লেখ কৰা হৈছে যে বাবিলৰ লোকসকলে ঈশ্বৰৰ বিৰুদ্ধে ওখ ঘৰ নিৰ্মাণ কৰাৰ সময়ত যিহোৱা ঈশ্বৰে লক্ষ্য কৰিলে আৰু পৰিস্থিতিৰ বুজ লʼলে। তাৰ পাছত তেওঁলোকৰ উদ্দেশ্যত বাধা দিবলৈ তেওঁ কিবা কৰিবলৈ নিৰ্ণয় লʼলে। চদোম আৰু ঘমোৰাত দুষ্টতা বাঢ়ি যোৱাৰ সময়ত ঈশ্বৰে অব্ৰাহামক কৈছিল যে তেওঁ (স্বৰ্গদূতৰ যোগেদি) পৰীক্ষা কৰি চাব। তেওঁ কৈছিল, “মোৰ কাণত পৰা তাৰ চিঞৰৰ দৰে, সিহঁতে সকলোভাৱে, কৰিছে নে নাই, তাক চাবলৈ মই নামি যাওঁ; যদি নহয়, তেন্তে জানিম।” (আদি ১৮:২০-২২; ১৯:১) ঈশ্বৰে কৈছিল যে তেওঁ ‘অব্ৰাহামৰ বিষয়ে ভালদৰে জানিলে।’ পাছলৈ অব্ৰাহামে যেতিয়া ইচহাকক বলিদান দিবলৈ লৈছিল, তেতিয়া যিহোৱাই কৈছিল, “তুমি যে ঈশ্বৰৰ ভয়কাৰী লোক, তাক মই এতিয়া জানিছোঁ; কাৰণ তোমাৰ পুত্ৰ, তোমাৰ একেটি পুত্ৰকে মোক দিবলৈ অসন্মত নহলা।”—আদি ১৮:১৯; ২২:১১, ১২; নহি ৯:৭, ৮; গালা ৪:৯ পদৰ লগত তুলনা কৰক।
মাৰ্চ ৯-১৫
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
আদিপুস্তক ২৪
“ইচহাকৰ বাবে পত্নী”
wp১৬.৩ ১৪ ¶৩
‘মই যাম’
অব্ৰাহামে ইচহাকৰ বাবে কোনো কনানীয়া ছোৱালী নানিবলৈ ইলীয়েজৰক শপত খাবলৈ কʼলে। কিয় বাৰু? কিয়নো কনানীয়া লোকসকলে যিহোৱা ঈশ্বৰৰ উপাসনা কৰা নাছিল আৰু তেওঁৰ আদৰো কৰা নাছিল। অব্ৰাহামে জানিছিল যে যিহোৱা ঈশ্বৰে কনানীয়া লোকসকলক তেওঁলোকে কৰা বেয়া কামৰ শাস্তি নিশ্চয় দিব। সেইবাবে, ইচহাকে কনানীয়া আৰু তেওঁলোকৰ অনৈতিক আচাৰ-ব্যৱহাৰৰ লগত কোনোধৰণৰ সম্পৰ্ক ৰখাটো অব্ৰাহামে বিচৰা নাছিল। ঈশ্বৰৰ প্ৰতিজ্ঞা পূৰ কৰাত ইচহাকে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি অব্ৰাহামে জানিছিল।—আদিপুস্তক ১৫:১৬; ১৭:১৯; ২৪:২-৪.
wp১৬.৩ ১৪ ¶৪
‘মই যাম’
ইলীয়েজৰে তেওঁৰ লগত কি হৈছিল, সেই সকলো নিজৰ আলহীক কʼবলৈ ধৰে। যেতিয়া তেওঁ হাৰণৰ ওচৰৰ এটা নাদৰ কাষত পায়, তেতিয়া তেওঁ যিহোৱালৈ প্ৰাৰ্থনা কৰে। তেওঁ যেন ইচহাকৰ বাবে এজনী ছোৱালী বাছনি কৰিবলৈ কʼলে। কেনেকৈ বাৰু? ইলীয়েজৰে যিহোৱাক কৈছিল যে যিজনী ছোৱালী ইচহাকৰ পত্নী হʼব, তাই নাদৰ ওচৰলৈ আহিব আৰু যেতিয়া তেওঁ তাইক পানী খুজিব, তেতিয়া তাই কেৱল তেওঁকেই নহয়, কিন্তু তেওঁৰ উটবোৰকো পানী খুৱাব। (আদিপুস্তক ২৪:১২-১৪) কোনজনী ছোৱালীয়ে ইলীয়েজৰে কৰা প্ৰাৰ্থনাৰ দৰে কাম কৰিলে? ৰিবেকাই। কল্পনা কৰক, যদি ৰিবেকাই ইলীয়েজৰৰ এই সকলো কথা শুনা হʼলে কেনে অনুভৱ কৰিলেহেঁতেন!
wp১৬.৩ ১৪ ¶৬-৭
‘মই যাম’
কেই সপ্তাহমানৰ আগতে ইলীয়েজৰে অব্ৰাহামক সুধিছিল যে যদি “ছোৱালী মোৰ লগত নাহে,” তেতিয়া অব্ৰাহামে উত্তৰ দিছিল: “তুমি . . . মোৰ শপতৰ পৰা মুক্ত হবা।” (আদিপুস্তক ২৪:৩৯, ৪১) বথুৱেলৰ ঘৰটো ছোৱালীৰ পছন্দক গুৰুত্ব দিয়া হৈছিল। ইচহাকৰ বাবে ছোৱালী বিচাৰি পোৱাৰ বাবে ইলীয়েজৰে অতি আনন্দিত হৈছিল। সেইবাবে, পাছদিনা ৰাতিপুৱাই তেওঁ ৰিবেকাক ইচহাকৰ বাবে নিজৰ লগত লৈ যাবলৈ বথুৱেলৰ অনুমতি বিচাৰে। কিন্তু তেওঁ আৰু দহ দিন তেওঁলোকৰ লগত থকাটো ৰিবেকাৰ পৰিয়ালে বিচাৰিছিল। অৱশেষত, তেওঁলোকে বিষয়টো সমাধান কৰিবলৈ কʼলে, “আমি ছোৱালীক মাতি আনি, সুধি, তাইৰ মুখৰ কথা শুনো।”—আদিপুস্তক ২৪:৫৭.
এতিয়া ৰিবেকাই কি নিৰ্ণয় লʼব? তাই নিজৰ পিতৃ আৰু ভাইৰ প্ৰতি সহানুভূতি দেখুৱাই ইলীয়েজৰৰ লগত অচিনাকী দেশত যাবলৈ অস্বীকাৰ কৰিব নেকি? অথবা যিহোৱাৰ উদ্দেশ্যত এটা সৰু ভূমিকা পালন কৰাটো এক সন্মানৰ বিষয় বুলি গণ্য কৰিবনে? ৰিবেকাৰ জীৱন হঠাতে পৰিৱৰ্তন হৈছিল আৰু হয়তো এই পৰিৱৰ্তন তাইৰ জীৱনত সহজ হʼব। এই বিষয়ে তাই কেনে অনুভৱ কৰিছিল, তাইৰ উত্তৰৰপৰা জানিব পাৰি। তাই কৈছিল, ‘মই যাম।’—আদিপুস্তক ২৪:৫৮.
আধ্যাত্মিক ৰত্ন বিচাৰক
wp১৬.৩ ১২-১৩
‘মই যাম’
এদিনাখন গধুলি ৰিবেকাই নিজৰ কলহ পানীৰে পূৰ কৰি উভতি অহাৰ সময়ত এজন বয়সস্থ ব্যক্তি দৌৰি আহি তাইক কʼলে “বিনয় কৰোঁ, তোমাৰ কলহৰ পৰা মোক অলপমান পানী খাবলৈ দিয়া।” এয়া সঁচাকৈ এক বিনম্ৰ অনুৰোধ আছিল! ৰিবেকাই বুজিব পাৰিছিল যে ব্যক্তিজন বহু দূৰৈৰপৰা যাত্ৰা কৰি আহিছে। সেইবাবে, তাই লগে লগে, কলহটো নিজৰ কান্ধৰপৰা নমালে আৰু ব্যক্তিজনক ঠাণ্ডা পানী খাবলৈ দিলে। তাই লক্ষ্য কৰিলে যে ব্যক্তিজনৰ লগত দহটা উঠ আছে আৰু ঘোলনী এতিয়াও খালী হৈ আছে। ৰিবেকাই যিমান পাৰে সিমান ব্যক্তিজনক সহায় কৰিব বিচাৰিছিল। সেইবাবে, তাই কৈছিল, “আপোনাৰ উটবোৰে খাই নতায়মানে মই সিহঁতলৈকো তুলিম।”—আদিপুস্তক ২৪:১৭-১৯.
মন কৰক যে যেতিয়ালৈকে দহটা উটৰ পানীৰ পিয়াহ নমৰে, তেতিয়ালৈকে পানী খোৱাই থাকিব বুলি ৰিবেকাই কৈছিল। যদি এটা উটৰ বৰ পানী লাগে, তেন্তে সি ৯৫ লিটাৰতকৈ বেছি পানী খাব পাৰে। যদি আমি অনুমান কৰি লওঁ যে সকলো উটৰ পিয়াহ লাগিছিল, তেনেহʼলে ৰিবেকাক সঁচাকৈ কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হʼলহেঁতেন। কিন্তু জানিব পৰা যায় যে উটবোৰৰ ইমান পিয়াহ লগা নাছিল। ৰিবেকাই এই কথা আগতিয়াকৈ জানিছিল নে? তাই জনা নাছিল। সেই বৃদ্ধ ব্যক্তিজনক সহায় কৰিবলৈ তাই উচ্ছুক আছিল আৰু ইয়াৰ বাবে তাই পৰিশ্ৰম কৰিবলৈও সাজু আছিল। সেই ব্যক্তিজনে তাইৰ সহায় গ্ৰহণ কৰিলে। তাৰ পাছত, ৰিবেকাই ফূৰ্তিৰে বাৰে বাৰে নাদৰপৰা পানী তুলি ঘোলনীত ভৰোৱা ব্যক্তিজনে আচৰিত হৈ চাই আছিল।—আদিপুস্তক ২৪:২০, ২১.
wp১৬.৩ ১৩
‘মই যাম’
গধুলি হৈ গৈছিল। ৰিবেকাই বহু সময় ধৰি নাদৰপৰা পানী তুলি আছিল বুলি বা তাই নিজৰ কাম শেষ কৰি ঘৰলৈ উভতি যোৱাৰ পাছত পৰিয়ালৰ লোকসকলে শুই গৈছিল বুলি বিৱৰণত কʼতো উল্লেখ নাই। তাই পানী নিবলৈ ইমান দেৰি কৰিছে বুলি কোনো লোকে বিচাৰি অহাৰ কথাও উল্লেখ নাই।
wp১৬.৩ ১৫ ¶৩
‘মই যাম’
অৱশেষত, লেখৰ আৰম্ভণিত উল্লেখ কৰা দিনৰ সময় আহি পৰিল। এই বণিকসকলে যাত্ৰা কৰি কনানৰ দক্ষিণ অঞ্চল পোৱাৰ সময়ত গধুলি হৈ গৈছিল। ৰিবেকাই এজন ব্যক্তিক মুকলি ঠাইত খোজকাঢ়ি ফুৰা দেখিলে। এনে লাগিছিল সি যেন কিবা গভীৰ চিন্তাত পৰিছে। উটে মাটিত বহাৰ আগতে ৰিবেকাই ‘উটৰ পৰা নামিল।’ তাই দাসসকলক সুধিলে, “আমাৰ সৈতে সাক্ষাৎ কৰিবলৈ পথাৰৰ মাজেদি অহা সৌ জন কোন মানুহ?” সেইজন ইচহাক হয় বুলি জনাৰ লগে লগে তাই আঁচলেলে নিজৰ মূৰ ঢাকি লʼলে। (আদিপুস্তক ২৪:৬২-৬৫) তাই এইদৰে কিয় কৰিলে? আচলতে তাই নিজৰ হʼবলগীয়া স্বামীৰ প্ৰতি অধীনতা দেখুৱাইছিল। আজি কিছুমান লোকক হয়তো এই কথা পুৰণিকলীয়া যেন লাগিব পাৰে। কিন্তু সঁচা কথা কʼবলৈ গʼলে, আমি পুৰুষ বা তিৰোতা সকলোৱে নম্ৰতাৰ গুণ বিকশিত কৰাৰ প্ৰয়োজন। ৰিবেকাৰ নম্ৰতা গুণৰপৰা আমি বহু কথা শিকিব পাৰোঁ।
মাৰ্চ ১৬-২২
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
আদিপুস্তক ২৫-২৬
“এচৌৱে নিজৰ জ্যেষ্ঠাধিকাৰ বেচে”
it-১ ১২৪২
যাকোব
এচৌৰ আত্মসংযম নাছিল আৰু তেওঁ শান্ত স্বভাৱৰ ব্যক্তি নাছিল। তেওঁ চিকাৰ কৰিবলৈ অনাই-বনাই ঘূৰি ফুৰিছিল। এচৌক পিতৃয়ে বহুত মৰম কৰিছিল। কিন্তু যাকোব এচৌতকৈ একেবাৰে বেলেগ আছিল। তেওঁ শান্ত স্বভাৱৰ আছিল। মেৰবোৰক চোৱা-চিতা কৰাৰ উপৰিও, তেওঁ এজন বিশ্বাসযোগ্য ব্যক্তি আছিল আৰু তেওঁ ভালদৰে ঘৰ তদাৰক কৰিছিল। তেওঁৰ মা, ৰিবেকাই তেওঁক বহুত মৰম কৰিছিল। যাকোবৰ বিষয়ে বাইবেলে এইদৰে কৈছে যে তেওঁ এজন “শান্ত [হীব্ৰু ভাষাত, টাম] আৰু তম্বুত থাকোঁতা লোক হʼল।” (আদি ২৫:২৭, ২৮) হীব্ৰু ভাষাত ব্যৱহাৰ হোৱা টাম শব্দটো যিহোৱাই সন্তুষ্ট হোৱাৰ লোকসকলৰ বাবে ব্যৱহাৰ কৰিছে। উদাহৰণস্বৰূপে, “ৰক্তপাতকাৰীবোৰে সিদ্ধ লোকক ঘিণ কৰে।” কিন্তু যিহোৱাই আশ্বাস দিয়ে যে ‘সিদ্ধ মানুহৰ শেষফল শান্তি।’ (হিতো ২৯:১০; গীত ৩৭:৩৭) বিশ্বাসী সেৱক ইয়োবৰ বিষয়ে কোৱা হৈছে যে তেওঁ “সিদ্ধ, [হীব্ৰু ভাষাত টাম] সৰল” ব্যক্তি আছিল।—ইয়ো ১:১, ৮; ২:৩.
w১৯.০২ ১৬ ¶১১
আমি কৃতজ্ঞ বুলি কিয় দেখুৱা উচিত?
১১ কিন্তু দুখৰ বিষয় যে বাইবেলত উল্লেক কৰা কিছুমান লোকে ভাল বিষয়বোৰৰ বাবে কৃতজ্ঞতা দেখুৱা নাছিল। এচৌৰ উদাহৰণলৈ মন কৰক। তেওঁৰ পিতৃ-মাতৃয়ে যিহোৱাক বহুত প্ৰেম কৰিছিল আৰু তেওঁৰ আদৰ কৰিছিল। কিন্তু এচৌৱে পবিত্ৰ বিষয়বোৰৰ প্ৰতি কৃতজ্ঞতা দেখুৱা নাছিল। (ইব্ৰী ১২:১৬ পঢ়ক।) এই কথা কেনেকৈ জানিব পাৰি? এচৌৱে কোনো চিন্তা নকৰাকৈ এসাঁজ আহাৰৰ বাবে নিজৰ জ্যেষ্ঠাধিকাৰক যাকোবলৈ বেচিলে। (আদি. ২৫:৩০-৩৪) পাছত, সেই নিৰ্ণয়ৰ বাবে এচৌ বৰ দুখিত হʼল। যেতিয়া তেওঁ জ্যেষ্ঠাধিকাৰৰ আশীৰ্বাদ নাপালে, তেতিয়া তেওঁ অভিযোগ কৰিবলৈ ধৰিলে। কিন্তু এনে কৰাটো সঠিক নাছিল, কিয়নো তেওঁ কেতিয়াও তেওঁৰ ওচৰত থকা বস্তুবোৰৰ প্ৰতি কৃতজ্ঞতা দেখুৱা নাছিল।
it-১ ৮৩৫
জ্যেষ্ঠাধিকাৰ
প্ৰাচীন সময়ত জ্যেষ্ঠ সন্তানক পৰিয়ালত বহুতো মান-সন্মান দিয়া হৈছিল আৰু পিতৃৰ পাছত তেওঁকেই পৰিয়ালৰ মুৰব্বী হিচাপে নিৰ্বাচন কৰা হৈছিল। ইয়াৰ উপৰিও, পিতৃৰ দুগুণ সম্পত্তি তেওঁক দিয়া হৈছিল। (দ্বিতী ২১:১৭) মিচৰত যোচেফে নিজৰ ভাইসকলক আহাৰ খাবলৈ দিয়াৰ সময়ত জ্যেষ্ঠ হোৱাৰ বাবে ৰূবেণক প্ৰথম স্থানত বহিবলৈ দিছিল। (আদি ৪৩:৩৩) কিন্তু বাইবেলত সদায় জ্যেষ্ঠজনৰ বিষয়ে উল্লেখ নকৰে। ইয়াৰ পৰিৱৰ্তে, যিহোৱাৰ বিশ্বাসী হৈ থকা লোক বা তেওঁৰ উদ্দেশ্য পূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা লোকসকলৰ বিষয়ে প্ৰায়ে প্ৰথমে উল্লেখ কৰা হয়।—আদি ৬:১০; ১বং ১:২৮; আদি ১১:২৬, ৩২; ১২:৪ পদৰ লগত তুলনা কৰক।
আধ্যাত্মিক ৰত্ন বিচাৰক
(ইব্ৰী ১২:১৬) বা এসাঁজ আহাৰৰ নিমিত্তে নিজ জ্যেষ্ঠাধিকাৰ বেচা যি এচৌ, তেওঁৰ নিচিনা কোনো ধৰ্ম্ম-নিন্দক, বা কোনো ব্যভিচাৰী হয়, তালৈ সাৱধানে চাবা।
w১৭.১২ ১৫ ¶৫-৭
পাঠকসকলৰ প্ৰশ্ন
এতিয়া আহক ইব্ৰী ১২:১৬ পদৰ ওপৰত পুনৰ ধ্যান দিওঁ। ইয়াত এইদৰে লিখা আছে: “এসাঁজ আহাৰৰ নিমিত্তে নিজ জ্যেষ্ঠাধিকাৰ বেচা যি এচৌ, তেওঁৰ নিচিনা কোনো ধৰ্ম্ম-নিন্দক, বা কোনো ব্যভিচাৰী হয়, তালৈ সাৱধানে চাবা।” এই পদত কি কোৱা হৈছে?
পাঁচনি পৌলে ইয়াত মচীহৰ বংশাৱলীৰ বিষয়ে আলোচনা কৰা নাছিল। তেওঁ খ্ৰীষ্টানসকলক “নিজ নিজ ভৰিলৈ পোন বাট” কৰিবলৈ উৎসাহিত কৰিছিল। এনে কৰিলে তেওঁলোকে ‘ঈশ্বৰৰ অনুগ্ৰহৰপৰা’ বঞ্চিত নহʼব। যদি তেওঁলোকে যৌন অনৈতিক কাৰ্য্যত লিপ্ত হয়, তেনেহʼলে তেওঁলোকে এই অনুগ্ৰহ লাভ নকৰিব। (ইব্ৰী ১২:১২-১৬) এনে কৰাৰ যোগেদি তেওঁলোকে এচৌৰ দৰে মনোবৃত্তি দেখুৱা হʼব, যিজনে “পবিত্ৰ বিষয়বোৰৰ প্ৰতি কৃতজ্ঞতা দেখুৱাত” ব্যৰ্থ হʼল আৰু অপবিত্ৰ কাৰ্য্যত লিপ্ত হৈছিল।
এচৌৱে কুল-পিতৃৰ সময়ত বাস কৰিছিল আৰু তেওঁ কেইবাবাৰু বলিদান উৎসৰ্গ কৰাৰ সন্মান লাভ কৰিছিল। (আদি. ৮:২০, ২১; ১২:৭, ৮; ইয়ো. ১:৪, ৫) কিন্তু মানৱীয় দৃষ্টিভংগীৰ বাবে তেওঁ এবাটি দালৰ বাবে জ্যেষ্ঠাধিকাৰৰ লগত জড়িত থকা সকলো সন্মান বেচিলে। তেওঁ হয়তো এইদৰে কৰাৰ কাৰণ হৈছে যে তেওঁ সেই পৰিস্থিতিৰ সন্মুখীন হʼব বিচৰা নাছিল, যি অব্ৰাহামৰ বংশৰ বিষয়ে আগতিয়াকৈ কোৱা হৈছিল। (আদি. ১৫:১৩) এচৌৱে ইয়াকো দেখুৱালে যে তেওঁৰ পবিত্ৰ বিষয়বোৰৰ প্ৰতি আদৰ নাছিল, কিন্তু অপবিত্ৰ বস্তুৰ প্ৰতিহে আদৰ আছিল। সেইবাবে, তেওঁ মিছা দেৱতাক উপাসনা কৰা দুজনী তিৰোতাক বিয়া কৰিছিল আৰু ইয়াৰ বাবে তেওঁৰ পিতৃ-মাতৃক বৰ বেজাৰ লাগিছিল। (আদি. ২৬:৩৪, ৩৫) তেওঁ যাকোবৰ সম্পূৰ্ণ বিপৰীত আছিল। যাকোবে সত্য ঈশ্বৰক উপাসনা কৰা তিৰোতাক বিয়া কৰিবলৈ বহুতো ত্যাগ কৰিছিল।—আদি. ২৮:৬, ৭; ২৯:১০-১২, ১৮.
it-২ ২৪৫ ¶৬
মিছা
এয়া সত্য যে বাইবেলৰ অনুসৰি জানি-শুনি মিছা কথা কোৱাটো একেবাৰ ভুল, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আমি সেই সকলো কথা আনক জনাম, যাৰ বিষয়ে আনে জনাৰ কোনো অধিকাৰ নাই। যীচুৱে কৈছিল, “কুকুৰবোৰক পবিত্ৰ বস্তু নিদিবা; আৰু তোমালোকৰ মুকুতা গাহিৰৰ আগত নেপেলাবা; কিজানি সিহঁতে সেইবোৰক ভৰিৰে গচকে, আৰু ঘুৰি তোমালোককো ছিৰি পেলায়।” (মথি ৭:৬) সেইবাবে, যীচুৱে কিছুমান পৰিস্থিতিত এনেদৰে কৰিছিল। যেতিয়া তেওঁ বুজিব পাৰিছিল যে কিবা বিষয়ে জনালে কোনো সমস্যা হʼব পাৰে, তেতিয়া তেওঁ সেই বিষয়ে সম্পূৰ্ণ কথা জনোৱা নাছিল। ইয়াৰ উপৰিও তেওঁ লোকসকলক পোনপতিয়াকৈ উত্তৰ দিয়া নাছিল। (মথি ১৫:১-৬; ২১:২৩-২৭; যোহ ৭:৩-১০) তেনেহʼলে যিহোৱাৰ উপাসনা নকৰা লোকসকলক অব্ৰাহাম, ইচহাক, ৰাহাব আৰু এলিচাই যি কৈছিল, সেয়া মিছা আছিল নেকি? নিশ্চয় নহয়। তেওঁলোকেও সকলো কথা কোৱা নাছিল বা বিষয়টো অন্য ফালে ঢাল খুৱাইছিল।—আদি ১২:১০-১৯; অধ্যায় ২০; ২৬:১-১০; যিহো ২:১-৬; যাকো ২:২৫; ২ৰাজা ৬:১১-২৩.
মাৰ্চ ২৩-২৯
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
আদিপুস্তক ২৭-২৮
“যাকোবে নিজৰ পাবলগীয়া আশীৰ্বাদ লাভ কৰে”
ৰিবেকা এগৰাকী ঈশ্বৰলৈ ভয় ৰাখা তিৰোতা আছিল
এচৌৱে যাকোবৰ বন্দী হʼব বুলি কোৱা বিষয়টোক ইচহাকে জানিছিল নে নাই সেই সম্পৰ্কে বাইবেলে একো উল্লেখ কৰা নাই। তথাপিও আশীৰ্ব্বাদ যে কেৱল যাকোবে পাব, সেই বিষয়ে কেৱল তেওঁ আৰু তেওঁৰ মাক ৰিবেকাই ভালদৰে জানিছিল। এবাৰ ৰিবেকাই তাইৰ গিৰিয়েক ইচহাকে তেওঁৰ জ্যোষ্ঠ পুত্ৰ এচৌক আশীৰ্ব্বাদ দিয়াৰ বিষয়ে বিবেচনা কৰা বুলি জানিব পাৰি তাই অনতিপলমে পদক্ষেপ লʼলে। পুনৰাই বৃদ্ধ-অৱস্থাতো ৰিবেকাৰ দৃঢ়সংকল্প আৰু উৎসাহ দেখিবলৈ পোৱা গৈছিল। তাই যাকোবক দুটা উত্তম ছাগলী পোৱালি আনিবলৈ কʼলে যাতে ইচহাকৰ বাবে সুস্বাদু আহাৰ যুগুত কৰিব পাৰে। তাৰ পিছত যাকোবক এচৌৰ উত্তম বস্ত্ৰ পিন্ধাই, তেওঁৰ হাত দুখন আৰু ডিঙিৰ নোম নোহোৱা ঠাইত সেই ছাগলী পোৱালিৰ ছাল লগাই ইচহাকৰ ওচৰত সেই যুগুত কৰা আহাৰ আৰু পিঠাৰ সৈতে যাকোবক পঠিয়ালে। সেই আহাৰ খাই ইচহাকে তৃপ্ত হৈ এচৌক দিবলগীয়া আশীৰ্ব্বাদ যেন যাকোবক দিয়ে সেয়া তাই বিচাৰিছিল। কিন্তু যাকোবে তেনে কৰিবলৈ অমান্তি হৈছিল। কিয়নো তেওঁ ভাবিছিল যে যদি তেওঁলোকে কৰা তেনে কাৰ্য্যৰ বিষয়ে ইচহাকে জানিবলৈ পাই তেন্তে আশীৰ্ব্বাদৰ সলনি অভিশাপহে পাব! যাকোবৰ কোনো ধৰণৰ যুক্তি মানি নলৈ ৰিবেকাই এইদৰে কৈছিল: “বোপা, তোমাৰ সেই শাও মোৰ ওপৰত পৰক।” অৱশেষত তাই যাকোবক তৈয়াৰী কৰি যুগুত কৰা সুস্বাদু আহাৰ আৰু পিঠা দি তেওঁক ইচহাকৰ ওচৰলৈ পঠিয়ালে।—আদিপুস্তক ২৭:১-১৭.
ৰিবেকাই কিয় তেনে কৰিলে তাৰ বিষয়ে বাইবেলত একো উল্লেখ কৰা নাই। বহুতে তাইৰ এই কাৰ্য্যৰ প্ৰতি অভিযোগ কৰে। কিন্তু বাইবেলে বা পিছলৈ তাইৰ গিৰিয়েকে সেই বিষয়ে জানিবলৈ পাই তাইক দোষী সাব্যস্ত কৰা নাছিল। বৰঞ্চ, ইচহাকে যাকোবক অধিককৈ আশীৰ্ব্বাদ দিলে। (আদিপুস্তক ২৭:২৯; ২৮:৩, ৪) যিহোৱাই তাইৰ দুয়োজন পুত্ৰৰ সম্বন্ধে কৰা ভৱিষ্যতবাণীৰ বিষয়ে ৰিবেকাই ভালদৰে জানিছিল। সেইবাবে তাই লোৱা তেনে ধৰণৰ পদক্ষেপ যিহোৱাৰ ইচ্ছাৰ সামঞ্জস্যত আছিল।—ৰোমীয়া ৯:৬-১৩.
w০৭ ১০/১ ৩১ ¶২-৩
পাঠকসকলৰ প্ৰশ্ন
যাকোব আৰু ৰিবেকাই যি কৰিলে, সেই বিষয়ে বাইবেলত বিতংভাৱে উল্লেখ কৰা নাই। কিন্তু হঠাতে এই পৰিস্থিতি আহি পৰিল বুলি তেওঁলোকে নিশ্চয় কৈছিল। আমি মনত ৰখা উচিত যে ইশ্বৰৰ বাক্যই ৰিবেকা আৰু যাকোবৰ কামক ভাল নে বেয়া, তাক বিচাৰ নকৰে। এই ঘটনাৰপৰা এইটো স্পষ্ট নহয় যে বিশ্বাসঘাত কৰা আৰু মিছা কথা কোৱাটো এক সাধাৰণ বিষয়। কিন্তু বাইবেলে আমাক এই ঘটনাৰ বিষয়ে বুজিবলৈ নিশ্চয় সহায় কৰিছে।
প্ৰথমতে, এই ঘটনাৰপৰা বুজিব পাৰি যে ইচহাকৰপৰা পোৱা আশীৰ্বাদৰ ওপৰত যাকোবৰ অধিকাৰ আছিল, এচৌৰ নহয়। ইতিমধ্যে যাকোবে আইনগতভাৱে জ্যেষ্ঠাধিকাৰ নিজৰ যঁজা ভাই এচৌৰপৰা কিনি লৈছিল। এচৌৱে নিজৰ জ্যেষ্ঠাধিকাৰৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাছিল। সেইবাবে, এসময়ত এসাঁজ আহাৰৰ বাবে সেই অধিকাৰক বেচি দিছিল। বাইবেলে এইদৰে উল্লেখ কৰিছে, “এচৌৱে সেই জ্যেষ্ঠাধিকাৰ হেয়জ্ঞান কৰিলে।” (আদিপুস্তক ২৫:২৯-৩৪) সেইবাবে, যাকোবে আশীৰ্বাদৰ লʼবলৈ নিজৰ পিতৃৰ ওচৰলৈ গৈছিল আৰু প্ৰকৃততে এই আশীৰ্বাদৰ ওপৰত তেওঁৰেই অধিকাৰ আছিল।
it-১ ৩৪১ ¶৬
আশীৰ্বাদ
কুলপিতৃৰ সময়ত এজন পিতৃয়ে নিজৰ মৃত্যুৰ আগমুহূৰ্ত্তত নিজৰ লʼৰাবিলাকক আশীৰ্বাদ দিছিল। এয়া কোনো সাধাৰণ নহয়, কিন্তু এক গুৰুত্বপূৰ্ণ বিষয় আছিল। ইচহাকে যাকোবক নিজৰ জ্যেষ্ঠ পুত্ৰ এচৌ বুলি ভাবি নিজৰ ভাইতকৈ তেওঁৰ ধন-সম্পত্তি বৃদ্ধি হʼবলৈ আৰু সদায় যিহোৱাৰ অনুমোদন লাভ কৰিবলৈ আশীৰ্বাদ দিছিল। আন কথাত কʼবলৈ গʼলে ইচহাকে যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল যে তেওঁ নিজৰ সন্তানক আশীৰ্বাদ দিয়ে, কিয়নো ইচহাকে বৃদ্ধ হৈছিল আৰু তেওঁ চকুৰে ভালদৰে দেখা নাপাইছিল। (আদি ২৭:১-৪, ২৩-২৯; ২৮:১, ৬; ইব্ৰী ১১:২০; ১২:১৬, ১৭) পাছলৈ ইচহাকে যেতিয়া গম পালে যে তেওঁ এচৌৰ সলনি যাকোবক আশীৰ্বাদ দিছে, তেতিয়া তেওঁ পুনৰ যাকোবক মাতি আশীৰ্বাদ দিয়ে। তাৰ পাছত যাকোবক বহুতো কথা খুলি কৈছিল। (আদি ২৮:১-৪) যাকোবেও মৃত্যুৰ আগত যোচেফৰ দুয়োটা সন্তানক আশীৰ্বাদ দিয়ে আৰু তাৰ পাছত তেওঁ নিজৰ সন্তানক আশীৰ্বাদ দিয়ে। (আদি ৪৮:৯, ২০; ৪৯:১-২৮; ইব্ৰী ১১:২১) ঠিক সেইদৰে মোচিও নিজৰ মৃত্যুৰ আগত গোটেই ইস্ৰায়েল জাতিক আশীৰ্বাদ দিছিল। (দ্বিতী ৩৩:১) এই সকলো ঘটনাত আশীৰ্বাদ দিয়াৰ সময়ত যি যি কথা কোৱা হৈছিল, সেই সকলো পূৰ হৈছিল। ইয়াৰপৰা প্ৰমাণিত হয় যে সেই সকলো ভৱিষ্যতবাণী আছিল। কিছুমান ক্ষেত্ৰত আশীৰ্বাদ দিয়াৰ সময়ত ব্যক্তিজনৰ মূৰত হাত ৰখা হৈছিল।—আদি ৪৮:১৩, ১৪.
আধ্যাত্মিক ৰত্ন বিচাৰক
w০৬ ৪/১৫ ৬ ¶৩-৪
জীৱন সংগীৰ লগত কথা পাতিবলৈ কিহৰ প্ৰয়োজন?
আমি কেনেকৈ কʼব পাৰোঁ যে ইচহাক আৰু ৰিবেকাই নিজৰ কথা ভালদৰে কʼবলৈ আৰু এজনে-আনজনক বুজিবলৈ চেষ্টা কৰিছিল? যেতিয়া তেওঁৰ ডাঙৰ পুত্ৰই হেৎ জাতিৰ দুজনী ছোৱালীক বিয়া কৰাইছিল, তেতিয়া তেওঁৰ পৰিয়ালত অশান্তিৰ সৃষ্টি হৈছিল। ৰিবেকাই ইচহাকক বাৰে বাৰে কৈছিল: “এই হিত্তীয়া জীয়াৰীবিলাকৰ কাৰণে, মোৰ জীৱনত ঘিণ লাগিছে; যদি যাকোবেও [তেওঁলোকৰ কনিষ্ঠ পুত্ৰ] ইহঁতৰ নিচিনা এই দেশীয় লোকৰ জীয়াৰীবিলাকৰ কোনো হিত্তীয়া ছোৱালী বিয়া কৰে, তেন্তে মই জীয়াই থকাৰ কি লাভ?” (আদিপুস্তক ২৬:৩৪; ২৭:৪৬) ৰিবেকাই নিজৰ সকলো চিন্তা ইচহাকক স্পষ্টকৈ জনাইছিল।
ইচহাকে নিজৰ দ্বিতীয় পুত্ৰ, যাকোবক কনানীয়া ছোৱালীক বিয়া নকৰিবলৈ আজ্ঞা দিছিল। (আদি ২৮:১, ২) ইয়ে দেখুৱায় যে ইচহাকে ৰিবেকাৰ কথা ভালদৰে বুজি পালে আৰু পদক্ষেপ লʼলে। এই দম্পতীয়ে এক গুৰুত্বপূৰ্ণ বিষয়ে কথা পাতিবলৈ আৰু এজনে-আনজনৰ কথা বুজি পোৱাত সফল হৈছিল। এয়া আমাৰ বাবে এক উত্তম উদাহৰণ। যদি স্বামী-স্ত্ৰীয়ে কোনো এটা বিষয়ত এজনে-আনজনৰ সন্মত নহয়, তেনেহʼলে তেওঁলোকে কি কৰিব পাৰি?
আদিপুস্তক কিতাপৰ আলোকপাত ভাগ—২
২৮:১২, ১৩—যাকোবে দৰ্শনত দেখা “এখন জখলা,” কিহক বুজাইছিল? এই “জখলা” দেখাত ওপৰলৈ যোৱা শিলৰ খটখটিৰ নিচিনা আছিল, যি স্বৰ্গ আৰু পৃথিৱীৰ সৈতে থকা যোগাযোগক বুজাইছিল। ঈশ্বৰৰ স্বৰ্গদূতে ওপৰলৈ উঠা আৰু তললৈ নমা কাৰ্য্যই তেওঁলোকে যিহোৱা আৰু তেওঁৰ অনুমোদন প্ৰাপ্ত মানুহৰ মাজত এক বিশেষ প্ৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা আদায় কৰাক সুচায়।—যোহন ১:৫১.
মাৰ্চ ৩০–এপ্ৰিল ৫
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
আদিপুস্তক ২৯-৩০
“যাকোবৰ বিবাহ”
w০৩ ১০/১৫ ২৯ ¶৬
যাকোবে আধ্যাত্মিক বিষয়বোৰক গুৰুত্ব দিছিল
সেইসময়ত কন্যাৰ পৰিয়ালক এক মূল্য দিয়াৰ প্ৰতিশ্ৰুতি কৰাৰ পাছতহে বিবাহৰ সম্বন্ধ নিশ্চিত কৰা হৈছিল। পাছলৈ মোচিৰ নিয়মৰ অনুসৰি যিজনী ছোৱালীক ফুচুলাই তাইৰ লগত কুকৰ্ম কৰা হৈছিল, তাৰ মূল্য ৫০ চেকল আছিল। বিদ্বান গাৰ্দন ৱেনহামৰ মতে এইটো “সকলোতকৈ ডাঙৰ মূল্য আছিল।” কিন্তু বেছিভাগ “বহুত কম আছিল।” (দ্বিতীয় বিবৰণ ২২:২৮, ২৯) যাকোবে বিবাহৰ বাবে এই মূল্য যোগাৰ কৰিব পৰা নাছিল। সেইবাবে, তেওঁ লাবনৰ ঘৰত সাত বছৰ কাম কৰিবলৈ প্ৰস্তাৱ দিছিল। ৱেনহামে আগলৈ কয়, “প্ৰাচীন বাবিলৰ সময়ত দিন হাজিৰা কৰা লোকে এমাহত আধা বা এক চেকল পাইছিল (সাত বছৰত ৪২-ৰপৰা ৪৮ চেকল)। এই গণনাৰ অনুসৰি বিবাহৰ বাবে ৰাহেলক খুজাৰ সময়ত যাকোবে বহুত ডাঙৰ মূল্য দিবলৈ প্ৰস্তাৱ দিছিল।” লাবনে আনন্দেৰে এই প্ৰস্তাৱ গ্ৰহণ কৰিছিল।—আদিপুস্তক ২৯:১৯.
w০৭ ১০/১ ৮-৯
দুখিত ভনীসকল, যিসকলে “ইস্ৰায়েলৰ বংশ স্থাপন” কৰিছে
লেয়াই যাকোবক বিশ্বাসঘাত কৰিবলৈ পৰিকল্পনা কৰিছিল নেকি? অথবা তাই নিজৰ পিতৃৰ আজ্ঞা পালন কৰিবলৈ বাধ্য হৈছিল নেকি? সেইসময়ত ৰাহেল কʼত আছিল আৰু তাই সকলোবোৰ কথা জানিছিল নেকি? যদি জানিছিল, তেনেহʼলে তাইক কেনে লাগিছিল? তাই পিতৃৰ বিৰুদ্ধে মাত মাতিছিল নেকি? বাইবেলে এই প্ৰশ্নবোৰৰ উত্তৰ নিদিয়ে। এই বিষয়ে ৰাহেল আৰু লেয়াই যিয়ে নাভাবক কিয়, কিন্তু এটা কথা সঁচা যে যেতিয়া যাকোবে এই বিশ্বাসঘাতকতাৰ বিষয়ে জানিলে, তেতিয়া তেওঁৰ খং উঠিছিল। তেওঁ লাবনৰ ছোৱালীবিলাকৰপৰা নহয়, কিন্তু লাবনৰপৰা উত্তৰ বিচাৰিছিল। যাকোবে কৈছিল, “ৰাহেলৰ নিমিত্তে জানো মই তোমাক খাটি দিয়া নাই? তেন্তে মোক কিয় ছল কৰিলা?” লাবনে কৈছিল, “বৰ জনীৰ আগেয়ে সৰু জনীক দিয়া আমাৰ ইয়াত দস্তুৰ নাই। এতিয়া এইৰ সাত দিন পূৰ কৰা। তেতিয়া আমি তোমাক সিজনীও দিম; আৰু তাইৰ নিমিত্তেও তুমি মোৰ ইয়াত সাত বছৰ খাটি দিবা।” (আদিপুস্তক ২৯:২৫-২৭) এইদৰে নিবিচৰাৰ সত্ত্বেও যাকোবৰ দুজনী তিৰোতাৰ লগত বিয়া হৈছিল, যাৰ বাবে পৰিয়ালত এক ঈৰ্ষা ভাৱৰ সৃষ্টি হৈছিল।
it-২ ৩৪১ ¶৩
বিবাহ
উদযাপন। ইস্ৰায়েলত বিবাহৰ সময়ত কোনো ৰীতি-নীতি পালন কৰা নহৈছিল। কিন্তু আনন্দ-ফূৰ্তি নিশ্চয় কৰা হৈছিল। বিবাহৰ দিনাখন কন্যাই অতিশয় বেছি প্ৰস্তুতি কৰিছিল। প্ৰথমতে, তাই গা-পা ধুই সুগন্ধি তেল ঘহিছিল। (ৰূথ ৩:৩; যিহি ২৩:৪০ পদৰ লগত তুলনা কৰক।) তাৰ পাছত তাই বগা সাজ আৰু আ-অলংকাৰ পিন্ধে। কিছুমান ক্ষেত্ৰত সেৱকসকলে সহায় কৰিছিল। কন্যাজনীৰ পোছাক কিমান ধুনীয়া হʼব, সেয়া তেওঁলোকৰ আৰ্থিক পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিছিল। (যিৰি ২:৩২; প্ৰকা ১৯:৭, ৮; গীত ৪৫:১৩, ১৪) তাই নিজৰ সামৰ্থ অনুসৰি আ-অলংকাৰে নিজকে সজাইছিল। (যিচ ৪৯:১৮; ৬১:১০; প্ৰকা ২১:২) তাৰ পাছত মূৰৰপৰা ভৰিলৈকে ওৰণি লৈছিল। (যিচ ৩:১৯, ২৩) ইয়াৰপৰা বুজিব পাৰি যে লাবনে যাকোবক কিয় সহজে বিশ্বাসঘাত কৰিব পাৰিলে। লাবনে ৰাহেলৰ লগত নহয়, কিন্তু লেয়াৰ লগত যাকোবৰ বিয়া কৰিছে বুলি তেওঁ গমেই নাপালে। (আদি ২৯:২৩, ২৫) যেতিয়া ৰিবেকাই প্ৰথমবাৰ ইচহাকক লগ পাইছিল, তেতিয়া তাই নিজৰ মূৰটো ঢাকি লৈছিল। (আদি ২৪:৬৫) ইয়ে দেখুৱাই যে কন্যাই নিজৰ হʼবলগীয়া স্বামীৰ অধিকাৰৰ প্ৰতি সন্মান দেখুৱায়।—১কৰি ১১:৫, ১০.
আধ্যাত্মিক ৰত্ন বিচাৰক
it-১ ৫০
তুলি লোৱা
ৰাহেল আৰু লেয়াই নিজৰ দাসসকলক যাকোবক দিছিল, যাতে তেওঁলোকে সন্তান জন্ম দিয়ে। এই সন্তানসকলক ৰাহেল আৰু লেয়া নিজে জন্ম দিয়া সন্তান যেন জ্ঞান কৰিছিল। (আদি ৩০:৩-৮, ১২, ১৩, ২৪) দাসসকলৰ এই সন্তানসকলে ৰাহেল আৰু লেয়াৰ সন্তানসকলৰ দৰে উত্তৰাধিকাৰী হিচাপে সম্পত্তিৰ ভাগ পালে। এই সন্তানসকলৰ ওপৰত ৰাহেল আৰু লেয়াৰ সম্পূৰ্ণ অধিকাৰ আছিল। কিয়নো তেওঁলোক যাকোবৰ সন্তান আছিল আৰু তেওঁলোকৰ মাই ৰাহেল আৰু লেয়াৰ দাসী আছিল।
আদিপুস্তক কিতাপৰ আলোকপাত ভাগ—২
৩০:১৪, ১৫—ৰাহেলে কিছুমান দূদা ফলৰ বাবে স্বামীৰ সৈতে সঙ্গম কৰাৰ সুযোগ কিয় বিনিময় কৰিলে? প্ৰাচীন সময়ত দূদা ফলৰ উদ্ভিদ ৰাগিয়াল আৰু সঙ্কূচিত পেশী জঠৰ হোৱাটো নিৰোধ বা যন্ত্ৰণা হ্ৰাস কৰিবলৈ ব্যৱহাৰ কৰিছিল। এই উদ্ভিদৰ ফল যৌন আবেগতা বঢ়াই মানুহৰ গৰ্ভধাৰণ ক্ষমতা বৃদ্ধি কৰা বা গৰ্ভধাৰণৰ সহায়ক হিচাবেও ব্যৱহাৰ কৰা হৈছিল। (পৰমগীত ৭:১৩) যিহেতু বাইবেলত এইটো কোৱা নাই যে ৰাহেলে কিয় সলনি কৰিবলৈ প্ৰেৰিত হʼল। সম্ভৱতঃ তাই ভাবিছিল যে বাঁজী হোৱাৰ নিন্দা আঁতৰ কৰিবলৈ গৰ্ভধাৰণ কৰাত দূদা ফলে সহায় কৰিব। কিন্তু যিহোৱাই কিছু বছৰৰ পিছত তাইক “গৰ্ভধাৰণৰ শক্তি” দিলে।—আদিপুস্তক ৩০:২২-২৪.