জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
জুন ১-৭
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | আদিপুস্তক ৪৪-৪৫
“যোচেফে নিজৰ ককায়েকহঁতক ক্ষমা কৰিলে”
w১৫ ৭/১ ১৪-১৫
“মই জানো তেওঁৰ প্ৰতিনিধি হৈছোঁ?”
যোচেফে এটা পৰিকল্পনা কৰিলে। তেওঁ নিজৰ ককায়েকহঁতক পুনৰ বন্দী কৰি লৈ আহি, তেওঁলোকক ৰূপৰ বাটি চুৰ কৰা অভিযোগ লগাবলৈ দাসবিলাকক আদেশ দিছিল। যেতিয়া সেই বাটিটো বিন্যামীনৰ মুটৰিত বিচাৰি পালে, তেতিয়া সকলোকে যোচেফৰ ওচৰত লৈ আহে। তেওঁৰ ককায়েকহঁতৰ বিষয়ে জানিবলৈ এতিয়া যোচেফৰ ওচৰত সুযোগ আছিল। যিহূদাই নিজৰ ককায়েকহঁতৰ ফলিয়া হৈ কথা পাতিলে। তেওঁ ক্ষমা বিচাৰিলে আৰু এয়াও কৈছিল যে তেওঁলোকে সকলোৱে মিচৰ দেশত দাস হিচাপে থাকিবলৈ সাজু আছে। কিন্তু যোচেফে কʼলে যে কেৱল বিন্যামীনেহে মিচৰত দাস হৈ থাকিব লাগিব আৰু সকলোৱে যাব পাৰে।—আদিপুস্তক ৪৪:২-১৭.
যিহূদাই নিজৰ মনৰ কথা এইদৰে কʼলে যে, “তাৰ মাকৰ সিয়েইহে থাকিল, আৰু তাৰ বাপেকে তাক স্নেহ কৰে।” নিশ্চয় এই কথাষাৰে যোচেফৰ হৃদয় স্পৰ্শ কৰিলে, কিয়নো তেওঁ যাকোবৰ পত্নী, ৰাহেলৰ ডাঙৰ পুত্ৰ আছিল আৰু বিন্যামীনৰ জন্মৰ সময়ত ৰাহেলৰ মৃত্যু হৈছিল। নিজৰ পিতৃৰ দৰে যোচেফৰ হৃদয়তো নিজৰ মাতৃৰ সকলো কথা মনত আছিল। এই কথাষাৰ শুনি যোচেফৰ হৃদয়ত বিন্যামীনৰ প্ৰতি প্ৰেম বাঢ়িল।—আদিপুস্তক ৩৫:১৮-২০; ৪৪:২০.
যিহূদাই বিন্যামীনক বন্দী নকৰিবলৈ যোচেফক অনুৰোধ কৰিলে। বিন্যামীনৰ সলনি তেওঁ নিজেই দাস হʼবলৈ সাজু আছিল। তাৰ পাছত তেওঁ হৃদয় স্পৰ্শীয় প্ৰাৰ্থনা কৰিলে, “মোৰ লগত লৰা নহলে, মই বোপাইৰ ওচৰলৈ কেনেকৈ যাম? গলে, বোপাইলৈ যি আপদ ঘটিব, তাক মই চাব নোৱাৰোঁ।” (আদিপুস্তক ৪৪:১৮-৩৪) এই কথাৰপৰা বুজিব পাৰি যে যিহূদা সলনি হৈছিল। তেওঁ কেৱল অনুতাপ কৰাই নহয়, আনৰ দুখ বুজিব পাৰিছিল। তেওঁ স্বাৰ্থপৰ নাছিল, সেইবাবে প্ৰকৃত প্ৰেম প্ৰকাশ কৰিছিল।
যোচেফ ব্যাকুল হৈছিল আৰু তেওঁ নিজৰ চকু পানী ৰখাব নোৱাৰিলে। সেইবাবে, তেওঁ নিজৰ দাসবিলাকক ওলাই যাবলৈ আদেশ দিলে আৰু কান্দিবলৈ ধৰিলে। তেওঁৰ ক্ৰন্দনৰ মাত ফৰৌণৰ ঘৰলৈকে শুনিলে। অৱশেষত তেওঁ নিজৰ পৰিচয় দি এইদৰে ক’লে, “তোমালোকৰ সেই যোচেফ ভায়াঁ ময়েই” এয়া শুনি যোচেফৰ ককায়েকহঁতে আচৰিত হ’ল। যোচেফে তেওঁলোকক সাৱটি ধৰিলে আৰু তেওঁলোকে কৰা সকলো অপৰাধ ক্ষমা কৰিলে। (আদিপুস্তক ৪৫:১-১৫) এনে কৰাৰ যোগেদি তেওঁ যিহোৱা ঈশ্বৰক অনুকৰণ কৰিলে, যিয়ে হৃদয়েৰে ক্ষমা কৰে। (গীতমালা ৮৬:৫) আমিও এইদৰে কৰিব পাৰোঁনে?
আধ্যাত্মিক ৰত্ন বিচাৰক
it-২ ৮১৩
কাপোৰ ছিৰা
যিহূদী আৰু পূব দেশীয় লোকসকলে দুখ প্ৰকাশ কৰিবলৈ নিজৰ কাপোৰ ছিৰিছিল, বিশেষকৈ সেইসময়ত যেতিয়া নিজৰ আপোনজনাৰ মৃত্যুৰ খবৰ শুনিছিল। এনে কৰাটো তেওঁলোকৰ বাবে সাধাৰণ কথা আছিল। তেওঁলোকে পিন্ধিব নোৱাৰাকৈ কাপোৰ ছিৰা নাছিল। ইয়াৰ পৰিৱৰ্তে, তেওঁলোকে বুকুলৈকেহে কাপোৰ ছিৰিছিল।
যেতিয়া যাকোবৰ ডাঙৰ পুত্ৰ ৰূবেণ গাঁতৰ ওচৰলৈ গৈ যোচেফক গাঁতত দেখা নাপায়, তেতিয়া তেওঁ নিজৰ কাপোৰ ছিৰে। এই ঘটনাটো বাইবেলত লিপিবদ্ধ কৰা কাপোৰ ছিৰাৰ প্ৰথম ঘটনা। তেওঁ নিজৰ কাপোৰ ছিৰি এইদৰে কৈছিল, “লৰাটি নাইকিয়া; মই নো এতিয়া ক‘লৈ যাম?” কিয়নো, ৰূবেণ জেষ্ঠ্যপুত্ৰ হোৱাৰ বাবে তেওঁৰ দায়িত্ব আছিল যে নিজৰ সৰু ভায়েক চোৱা-চিতা কৰা। তাৰ পাছত যেতিয়া যাকোবক তেওঁৰ পুত্ৰ যোচেফৰ মৃত্যুৰ বিষয়ে মিছা খৰব দিয়া হয়, তেতিয়া তেওঁ দুখ প্ৰকাশ কৰিবলৈ নিজৰ কাপোৰ ছিৰে আৰু কঁকালত চট পিন্ধি, অনেক দিনলৈকে পুতেকৰ কাৰণে শোক কৰিলে। (আদি ৩৭:২৯,৩০,৩৪) পাছত যেতিয়া মিচৰ দেশত বিন্যামীনৰ ওপৰত চোৰ বুলি মিছা অভিযোগ লগোৱা হৈছিল, সেইসময়তো যোচেফৰ ককায়েকহঁতে নিজৰ দুখ প্ৰকাশ কৰিবলৈ কাপোৰ ছিৰিছিল।—আদি ৪৪:১৩.
অকাৰণত ঘৃণাৰ পাত্ৰ হোৱা
১৫ অকাৰণতে ঘৃণা কৰোঁতাসকলৰ প্ৰতি পৰিহাসমূলক মনোবৃত্তি বিকশিত নকৰিবলৈ কিহে আমাক সহায় কৰিব? মনত ৰাখক যে আমাৰ প্ৰধান শত্ৰু হৈছে চয়তান আৰু তাৰ দূতবোৰ। (ইফিচীয়া ৬:১২) ইতিমধ্যেই কিছুমানে হয়তো জানিবুজি আমাৰ ওপৰত অত্যাচাৰ কৰিছে আৰু ইয়াৰ বেছিভাগ লোকে আনৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ তেনে কৰে। (দানিয়েল ৬:৪-১৬; ১ তীমথিয় ১:১২, ১৩) তথাপিও যিহোৱাৰ ইচ্ছা এই যে, “সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়।” (১ তীমথিয় ২:৪) কিয়নো বহুতো অত্যাচাৰীয়ে আমাৰ প্ৰকৃত খ্ৰীষ্টান ভাই-ভনীৰ উত্তম আচাৰ-ব্যৱহাৰ দেখি সত্যতাক গ্ৰহণ কৰি যিহোৱাৰ উপাসক হৈ পৰিছে। (১ পিতৰ ২:১২) ইয়াৰ উপৰিও আমি যাকোবৰ পুত্ৰ যোচেফৰ পৰা এক শিক্ষামূলক পাঠ শিকিব পাৰোঁ। যোচেফক নিজৰ ভাতৃসকলে অত্যাচাৰ কৰাৰ সত্ত্বেও তেওঁ কেতিয়াও প্ৰতিশোধ লোৱা নাছিল। কিয় তেওঁ প্ৰতিশোধ নলʼলে? কিয়নো তেওঁ যিহোৱাৰ ওপৰত সম্পূৰ্ণ ভাৰসা ৰাখিছিল আৰু তেওঁৰ উদ্দেশ্য পূৰ হোৱালৈ বাট চাই আছিল। (আদিপুস্তক ৪৫:৪-৮) ঠিক সেইদৰে যিহোৱা ঈশ্বৰেও নিজ নামৰ মহিমাৰ অৰ্থে আমাক হয়তো অত্যাচাৰৰ সম্মুখীন হʼবলৈ অনুমতি দিব পাৰে।—১ পিতৰ ৪:১৬.
জুন ৮-১৪
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | আদিপুস্তক ৪৬-৪৭
“আকালৰপৰা ৰক্ষা”
w৮৮ ৮/১ ৭ ¶২
আকালৰ সময়ত জীৱনক ৰক্ষা কৰা
২ সাত কাল শেষ হʼল আৰু যিহোৱাই যেনেকৈ ভৱিষ্যতবাণী কৰিছিল, ঠিক সেইদৰেই ঘটিল আৰু আকাল আৰম্ভ হʼল। এই আকাল কেৱল মিচৰ দেশতে নহয়, কিন্তু, ‘গোটেই দেশত আকাল হʼল।’ যেতিয়া মিচৰ দেশত প্ৰজাসকলে ভোকত ফৰৌণৰ ওচৰত আহাৰ বিচাৰিবলৈ গৈছিল, তেতিয়া ফৰৌণে এইদৰে কৈছিল, “ যোচেফৰ ওচৰলৈ যোৱা; তেওঁ যিহকে কয়, তাকে কৰিবাহঁক।” যেতিয়ালৈকে মিচৰীয়াসকলক ওচৰত টকা-পইচা আছিল, যোচেফে তাৰ বিনিময়ত শস্য দিছিল। তাৰ পাছত তেওঁ টকা-পইচাৰ সলনি জীৱ-জন্তুৰ বিনিময়ত শস্য দিছিল। অৱশেষত, প্ৰজাবিলাক যোচেফৰ ওচৰত আহি এইদৰে কৈছিল, “আহাৰ দি, আমাক আৰু আমাৰ মাটিকো কিনি লওক; আমি নিজ নিজ মাটিয়ে সৈতে ফৰৌণৰ বন্দী হম।” সেইবাবে, যোচেফে মিচৰীয়াসকলৰ সকলো মাটি ফৰৌণৰ কাৰণে কিনি লʼলে।—আদিপুস্তক ৪১:৫৩-৫৭; ৪৭:১৩-২০.
kr ২৩৫ ¶১১-১২
ঈশ্বৰৰ ৰাজ্যই এই পৃথিৱীত তেওঁৰ ইচ্ছা পূৰ কৰিব
১১ বহুত: আজি গোটেই পৃথিৱীত আকাল হৈছে। বাইবেলত ভৱিষ্যতবাণী কৰা হৈছিল যে, “প্ৰভু যিহোৱাই কৈছে, চোৱা, যি দিনা মই দেশত, অন্ন কি পানীৰ আকাল নহয়, কিন্তু যিহোৱাৰ বাক্য শুনাৰ আকাল ঘটাম, সেই দিন আহিছে।”(আমো ৮:১১) ঈশ্বৰৰ ৰাজ্যৰ নাগৰিকসকলেও এই আকালৰ সন্মুখীন হৈছেনে? যিহোৱা ঈশ্বৰে ভৱিষ্যতবাণী কৰিছিল যে তেওঁৰ লোক আৰু শত্ৰুবিলাকৰ পৰিস্থিতিৰ মাজত পাৰ্থক্য থাকিব। যিহোৱাই কৈছিল, “মোৰ দাসবিলাকে হলে ভোজন কৰিব, কিন্তু তোমালোক ভোকত আতুৰ হবা; চোৱা, মোৰ দাসবিলাকে হলে পান কৰিব, কিন্তু তোমালোক পিয়াহত আতুৰ হবা; চোৱা, মোৰ দাসবিলাকে হলে মনত আনন্দ কৰিব, কিন্তু তোমালোকে লাজ পাবা।” (যিচ. ৬৫:১৩) আপুনি এই ভৱিষ্যতবাণী পূৰ হোৱাটো লক্ষ্য কৰিছেনে?
১২ ঈশ্বৰৰ লগত দৃঢ় সম্পৰ্ক গঢ়ি তুলিবলৈ বহুতো ব্যৱস্থা কৰা হৈছে। এয়া এনে এখন নদীৰ নিচিনা যি ক্ৰমাণ্বয়ে ডাঙৰ আৰু গভীৰ হয়। বাইবেলৰ শিক্ষা বুজিবলৈ আমাৰ ওচৰত বহুতো প্ৰকাশন আছে। লগতে, ৰেকডিং, ভিডিঅ’, সভা, অধিৱেশন আৰু ৱেবচাইটত বহুতো তথ্য আছে। (যিহি. ৪৭:১-১২; যোৱে ৩:১৮) যিহোৱাই কৰা প্ৰতিজ্ঞাবোৰ আপোনাৰ দৈনন্দিন জীৱনত পূৰ হোৱা দেখি আপুনি আনন্দিত নহৈছেনে? আপুনি যিহোৱাৰ মেজৰপৰা নিয়মীয়াকৈ ভোজন কৰিছেনে?
আধ্যাত্মিক ৰত্ন বিচাৰক
it-১ ২২০ ¶১
মনোবৃত্তি আৰু অংগি-ভংগি
মৃত্যু হোৱা ব্যক্তিৰ চকু বন্ধ কৰা। যিহোৱাই যাকোবক কৈছিল, “যোচেফে তোমাৰ চকুত হাত দিব।” (আদি ৪৬:৪) যিহোৱাই যাকোবক এইদৰে কিয় কৈছিল? সেইসময়ত যেতিয়া কাৰোবাৰ মৃত্যু হৈছিল, তেতিয়া তেওঁৰ চকু বন্ধ কৰাৰ দায়িত্ব তেওঁৰ জেষ্ঠ্যপুত্ৰৰ হৈছিল। ইয়াৰপৰা বুজিব পাৰি যে যিহোৱাই যাকোবক কʼব বিচাৰিছিল যে যোচেফ জেষ্ঠ্যাধিকাৰ লাভ কৰিব।—১বং ৫:২.
পাঁচ ৭:১৪ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty
তিনি কুৰি পোন্ধৰ জন লোক: যেতিয়া স্তিফানে কৈছিল মিচৰ দেশত যাকোবৰ পৰিয়ালৰ সংখ্যা প্ৰায় তিনি কুৰি পোন্ধৰ জন লোক অৰ্থাৎ ৭৫ আছিল, তেতিয়া হয়তো তেওঁ হীব্ৰু শাস্ত্ৰৰ কোনো পদৰ উদ্ধৃতি দিয়া নাছিল। ইয়াৰ সংখ্যা হীব্ৰু শাস্ত্ৰৰ মাচৌৰাটিক টেক্সটচটো পোৱা নাযায়। আদি ৪৬:২৬ পদত উল্লেখ আছে, “যাকোবৰ পো-বোৱাৰীয়েকহঁতৰ বাহিৰে, তেওঁৰ ঔৰসত জন্মা আৰু তেওঁৰ লগত মিচৰ দেশলৈ যোৱা আটাই প্ৰাণী সৰ্ব্বমুঠ ছয়ষিষ্ঠ জন প্ৰাণী।” ২৭ পদত উল্লেখ আছে, “মিচৰলৈ যোৱা যাকোবৰ বংশৰ প্ৰাণী সৰ্ব্বমুঠ সত্তৰ জন আছিল। ”এই দুয়োটা পদত লোকসকলৰ গণনা বেলেগ বেলেগ পদ্ধতিৰে কৰা হৈছে। ২৬ পদত হয়তো কেৱল যাকোবৰ বংশৰ বিষয়ে উল্লেখ কৰা হৈছে আৰু ২৭ পদত যাকোবৰ পৰিয়ালবৰ্গৰ সেই সকলৰ বিষয়ে উল্লেখ আছে, যিসকলে মিচৰ দেশত আহিছিল। যাত্ৰা ১:৫ আৰু দ্বিতী ১০:২২ পদতো “সত্তৰ” দিয়া হৈছে। স্তিফানে তৃতীয় গণনাত “সত্তৰ” উল্লেখ কৰিছিল। তেওঁ হয়তো ইয়াত যাকোবৰ পৰিয়াল আৰু সকলো লোকক জড়িত কৰিছিল। কিছুমান লোকে ভাবিছিল যে স্তিফানে মনচি আৰু ইফ্ৰয়িমৰ পুত্ৰ আৰু নাতিসকলকো গণনা কৰিছিল। যোচেফৰ পুত্ৰসকলৰ মনচি আৰু ইফ্ৰয়িমৰ উল্লেখ ছেপ্টুৱেজিন্ট্ অনুবাদত আদি ৪৬:২০ পদত আছে। আন কিছুমান লোকে ভাবে যে এই গণনাত যাকোবৰ বোৱাৰীহঁতেও জড়িত আছে, যি আদি ৪৬:২৬ পদত গণনা কৰা হোৱা নাছিল। ইয়াৰপৰা আমি বুজিব পাৰোঁ যে হয়তো ৭৫ জন লোক মিচৰলৈ আহিছিল। প্ৰথম শতিকাত হীব্ৰু শাস্ত্ৰত যিবোৰ লিপি উপলব্ধ আছে, হয়তো তাৰ আধাৰত এই গণনা কৰা হৈছিল। বহুবছৰ ধৰি বিদ্বানসকলে বিশ্বাস কৰিছিল যে গ্ৰীকছেপ্টুৱেজিন্ট্ত আদি ৪৬:২৭ আৰু যাত্ৰা ১:৫ পদত লোকসকলৰ গণনা “৭৫” উল্লেখ আছে। ইয়াৰ উপৰিও, বিংশ শতিকাত মৃত সাগৰৰ ওচৰত পোৱা দুখন নুৰাত হীব্ৰু ভাষাত যাত্ৰা ১:৫ পদত “৭৫” উল্লেখ আছিল। হয়তো সেইকাৰণে স্তিফানে সেই প্ৰাচীন নুৰাবোৰৰ আধাৰত লোকসকলৰ সংখ্যা “৭৫” বুলি কৈছিল। এই কথা কিমান সত্য আমি নাজানোঁ। কিন্তু এইটো সত্য যে স্তিফান আৰু আদিপুস্তক পদত বেলেগ বেলেগ পদ্ধতিৰে গণনা কৰা হৈছে।
জুন ১৫-২১
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | আদিপুস্তক ৪৮-৫০
“বৃদ্ধসকলে আনক শিকাবলৈ ভৰপূৰ জ্ঞান আছে”
it-১ ১২৪৬ ¶৮
যাকোব
যাকোব নিজৰ মৃত্যুৰ আগমুহূৰ্তত যোচেফৰ পুত্ৰসকলক আশীৰ্বাদ দিছিল। ঈশ্বৰৰ ইচ্ছা অনুসৰি তেওঁ প্ৰথমে সৰু পুত্ৰ ইফ্ৰয়িমক, তাৰ পাছত মনচিক আশীৰ্বাদ দিলে। যোচেফে জেষ্ঠ্য হোৱাৰ বাবে উত্তৰাধিকাৰৰ দুগুণ ভাগ লাভ কৰিলেহেঁতেন আৰু সেইবাবে, যাকোবে তেওঁক আশ্বাস দিলে, “মই মোৰ নিজ তৰোৱাল আৰু ধনুৰে ইমোৰীয়াহঁতৰ হাতৰ পৰা লোৱা সেই এডোখৰ মাটি তোমাৰ ভাই-ককাইবিলাকতকৈ তোমাক বেচিকৈ দিছোঁ।” (আদি ৪৮:১-২২; ১বং ৫:১) যাকোবে হমোৰৰ পুতেকহঁতৰপৰা লোৱা মাটিৰ কথা কৈছিলনে? নহয়, তেওঁ চিখিমৰপৰা সেই মাটিডোখৰ যুদ্ধ কৰি লাভ কৰা নাছিল, ইয়াৰ পৰিৱৰ্তে কিনিছিল। (আদি ৩৩:১৯, ২০) ইয়াৰপৰা বুজিব পাৰি যে যাকোবে যোচেফেক যি প্ৰতিজ্ঞা কৰিছিল, সেয়া আচলতে এই কথাৰ ভৱিষ্যতবাণী আছিল যে আগলৈ যাকোবৰ বংশই কনান দেশক জয় লাভ কৰিব। এই ভৱিষ্যতবাণী পূৰ হʼব বুলি যাকোবৰ সম্পূৰ্ণ বিশ্বাস আছিল। সেইবাবে, তেওঁ এইদৰে কʼব পাৰিছিল যে তেওঁ নিজেই তৰোৱাল আৰু ধনুৰে কনান দেশক পৰাজয় কৰিলে। পাছলৈ যেতিয়া ইস্ৰায়েলী কনান দেশত বাস কৰিবলৈ ধৰিলে, তেতিয়া ইফ্ৰয়িম আৰু মনচি মাটিৰ দুভাগ পালে। এইদৰে যোচেফ জেষ্ঠ্য হোৱাৰ বাবে দুগুণ ভাগ পালে।
it-২ ২০৬ ¶১
শেষ-কাল
যাকোবৰ মৃত্যুৰ আগমুহূৰ্তত কৰা ভৱিষ্যতবাণী। যাকোবে নিজৰ পুত্ৰসকলক এইদৰে কৈছিল, “তোমালোক গোট খোৱা; আগলৈ তোমালোকৰ যি যি ঘটিব, তাক মই তোমালোকক জনাওঁ।” যাকোবে “আগলৈ” বুলি কোৱাৰ অৰ্থ কি আছিল? তেওঁ ভৱিষ্যতবাণীত সেইসময়ৰ কথা কৈছিল, যেতিয়া তেওঁ কোৱা কথাবোৰ পূৰ হʼবলৈ ধৰিব। (আদি ৪৯:১) যিহোৱাই তেওঁৰ ককা অব্ৰামক (অব্ৰাহাম) ২০০ বছৰ আগতে কৈছিল যে তেওঁৰ বংশক ৪০০ বছৰ ধৰি তাড়না দিয়া হʼব। (আদি ১৫:১৩) এই কথাৰপৰা বুজিব পাৰি যে যাকোবে যি সময়ৰ কথা কৈছিল সেয়া তেতিয়ালৈকে আৰম্ভ নহয়, যেতিয়ালৈকে ৪০০ বছৰ শেষ নহয়। ইয়াৰ আন এটা ভৱিষ্যতবাণী পূৰ হʼবলগীয়া আছিল আৰু সেয়া “ঈশ্বৰৰ ইস্ৰায়েলৰ” ওপৰত পূৰ হʼলহেঁতেন।—গালা ৬:১৬; ৰোম ৯:৬.
w০৭ ৬/১ ২৮ ¶১০
বৃদ্ধসকল—ডেকাসকলৰ বাবে এক আশীৰ্বাদ
১০ বৃদ্ধসকলে নিজৰ বন্ধুসকলৰ ওপৰত ভাল প্ৰভাৱ পেলাব পাৰে। যাকোবৰ পুত্ৰ, যোচেফলৈ ধ্যান দিয়ক। যোচেফ ১১০ বছৰ বয়সত, “নিজৰ অস্থিৰ বিষয়ে আদেশ দিলে।” তেওঁ এয়াও কৈছিল যে যেতিয়া ইস্ৰায়েলীসকলে মিচৰ দেশ এৰি যাব, তেতিয়া তেওঁলোকে যোচেফৰ অস্থি লগত লৈ যাব। (ইব্ৰী ১১:২২; আদিপুস্তক ৫০:২৫) বৃদ্ধকালত কোৱা এই সৰু কথাৰ যোগেদি তেওঁ নিজৰ বিশ্বাস প্ৰকাশ কৰিলে। যোচেফৰ বিশ্বাসে তেওঁৰ পাছৰ সত্য উপাসকসকলৰ ওপৰত ভাল প্ৰভাৱ পেলালে। এয়া কেনেকৈ? আচলতে, যোচেফৰ মৃত্যুৰ পাছত, মিচৰীয়াসকলে ইস্ৰায়েলী লোকসকলক বন্দী কৰি বহুবছৰলৈকে কঠিন পৰিশ্ৰম কৰালে। সেইসময়ত যোচেফে দিয়া আজ্ঞাই তেওঁলোকৰ বিশ্বাস দৃঢ় কৰিছিল যে তেওঁলোক নিশ্চয় বন্দীৰপৰা মুকলি হʼব।
আধ্যাত্মিক ৰত্ন বিচাৰক
ঈশ্বৰক মহিমা কৰা সকল ধন্য
৪ প্ৰতিজ্ঞাত দেশত প্ৰৱেশ কৰা পূৰ্ব্বেই গাদ নামৰ ইস্ৰায়েলী জাতিয়ে যৰ্দ্দন নদীৰ পূবদিশত অৱস্থিত তৃণভূমি থকা দেশখনত বাস কৰিবলৈ অনুৰোধ কৰিছিল, যাতে তেওঁলোকৰ বৃহৎ সংখ্যাত থকা ঘৰচীয়া জীৱ-জন্তুক পোহ-পাল কৰিবলৈ কোনো কষ্ট নহয়। (গণনা পুস্তক ৩২:১-৫) কিন্তু তাত বাস কৰাৰ অৰ্থ আছিল প্ৰত্যেকদিনা গম্ভীৰ প্ৰত্যাহ্বানজক পৰিস্থিতিৰ সম্মুখীন হোৱা। আনহাতে, যৰ্দ্দন নদীখনৰ বাবে তাৰ পশ্চিমে অৱস্থিত থকা দেশখনক শত্ৰুবিলাকে সহজে আক্ৰমণ কৰিব নোৱাৰিছিল। (যিহোচূৱা ৩:১৩-১৭) কিন্তু নদীখনৰ পূবদিশত অৱস্থিত থকা ঠাইবোৰৰ পৰা যে বিপদৰ সম্ভাৱনা আছিল, এই বিষয়ে জৰ্জ এদেম স্মীথে লিখা দ্য হিচ্ট্ৰিকেল জিৱ্গ্ৰাফী অৱ দ্য হলি লেন্ড নামৰ কিতাপখনত এইদৰে কৈছে: “ইয়াৰ বেছিভাগ ঠাই মুকলি পথাৰ, সমান্তৰাল ভূমি আৰু আৰবীয় মালভূমিৰ লৈকে কোনো পৰ্ব্বতমালা নাছিল। গতিকে তেওঁলোকৰ ওপৰত সদায়ে ভোকাতুৰ অঘৰী যাযাবৰ লোকবিলাকে আক্ৰমণ কৰাৰ বিপদ আছিল। তদুপৰি তেওঁলোকৰ কিছুমানে প্ৰত্যেক বছৰে চৰণীয়া পথাৰত থকা জীৱ-জন্তুকো আক্ৰমণ কৰিব আহিছিল।”
৫ এই ইস্ৰায়েলী জাতিয়ে কেনেকৈ তেনে ধৰণৰ পৰিস্থিতিৰ সম্মুখীন হৈছিল? বহু শতিকাৰ পূৰ্ব্বেই তেওঁলোকৰ কূলপিতৃ যাকোব মৃতৱস্থাত থকাৰ সময়ত ভৱিষ্যতবাণী কৰি এইদৰে কৈছিল: “গাদক হলে সৈন্য এদলে আক্ৰমণ কৰিব; কিন্তু সি সিহঁতৰ পাছ ফালে আক্ৰমণ কৰিব।” (আদিপুস্তক ৪৯:১৯) এই বাক্যবোৰ শুনি হয়তো নিৰুদম্য হোৱা যেন লাগিব পাৰে, কিন্তু বাস্তৱতে তেওঁলোকক দৃঢ়ৰূপে শত্ৰুক আক্ৰমণ কৰিবলৈ আজ্ঞা দিয়া হৈছিল। যাকোবে আশ্বাস দি কৈছিল যে যদি তেওঁলোকে তেনেদৰে কৰে, তেন্তে শত্ৰুবিলাকক সম্পূৰ্ণকৈ পৰাস্ত কৰিব পাৰিব।
it-১ ২৮৯ ¶২
বিন্যামীন
যাকোবে মৃত্যুৰ আগমুহূৰ্তত নিজৰ প্ৰিয় পুত্ৰ বিন্যামীনৰ বিষয়ে এইদৰে কৈছিল, “বিন্যামীন পশু ছিৰি পেলাওঁতা ৰাংকুকুৰ; ৰাতিপুৱা সি মৃগ ভক্ষণ কৰিব; সন্ধ্যা পৰত লুটদ্ৰব্য ভাগ বাঁটি দিব।” (আদি ৪৯:২৭) এইদৰে যাকোবে ভৱিষ্যতবাণী কৰিলে যে বিন্যামীনৰ বংশ যুদ্ধত পাৰ্গত হʼব, আৰু ঠিক সেইদৰে হʼল। বিন্যামীনৰ ফৈদৰ সৈনিক বাওঁ আৰু সোঁ দুয়ো হাতেৰে ফিঙ্গাৰ শিল মাৰিবলৈ, আৰু ধনুৰে কাঁড় মাৰিবলৈ নিপুণ আছিল। শুনিবলৈ পোৱা গৈছিল যে যদি তেওঁলোকে “এডাল চুলিৰ সমান বস্তুলৈ নিচান” কৰে তাকো লগাব পাৰিছিল। (বিচা ২০:১৬; ১বং ১২:২) কীচ ৰজাই ইগ্লোনক হত্যা কৰোৱা এহূদ বিন্যামীনৰ ফৈদৰ আছিল। তেওঁ এজন বিচাৰকৰ্ত্তা আছিল আৰু বাঁও হাতেৰে কাম কৰিছিল। (বিচা ৩:১৫-২১) এয়া মন কৰিবলগীয়া কথা যে যেতিয়া ইস্ৰায়েল ৰাষ্ট্ৰৰ শাসন কাল “ৰাতিপুৱা” অৰ্থাৎ আৰম্ভণি হৈছিল, তেতিয়া বিন্যামীনৰ ফৈদ ‘ইস্ৰায়েলৰ ফৈদবিলাকৰ মাজত সকলোত্কৈ সৰু ফৈদ’ আছিল। তথাপিও ইস্ৰায়েলৰ প্ৰথম ৰজা তেওঁৰ ফৈদৰপৰাই আহিছিল। তেওঁৰ নাম চৌল আছিল আৰু তেওঁ কীচৰ পুত্ৰ আছিল। তেওঁ এজন সাহসী সৈনিক আছিল আৰু তেওঁ কেইবাবাৰো পলেষ্টীয়াবিলাকক পৰাজয় কৰিছিল। (১চমূ ৯:১৫-১৭, ২১) ঠিক সেইদৰে, যেতিয়া ইস্ৰায়েল ৰাষ্ট্ৰৰ “সন্ধ্যা” হৈছিল, তেতিয়া বিন্যামীনৰ ফৈদৰপৰা ৰাণী ইষ্টেৰ আৰু প্ৰধানমন্ত্ৰী মৰ্দখই ইস্ৰায়েলীসকলৰ অস্তিত্ব লুপ্ত হোৱাৰপৰা ৰক্ষা কৰিলে। এয়া সেইসময়ৰ কথা, যেতিয়া ইস্ৰায়েলীসকলে পাৰস্য সাম্ৰাজ্যৰ অধীনত আছিল।—ইষ্টে ৩:৫-৭.
জুন ২২-২৮
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যাত্ৰাপুস্তক ১-৩
“মই যি আছোঁ, সেয়েই আছোঁ”
w১৩ ৩/১৫ ২৫ ¶৪
যিহোৱাৰ মহান নামক সন্মান কৰক
৪ যাত্ৰাপুস্তক ৩:১০-১৫ পঢ়ক। মোচিৰ ৮০ বছৰ বয়সত যিহোৱাই এটা গুৰুত্বপূৰ্ণ দায়িত্ব দিছিল। তেওঁ মোচিক আজ্ঞা দিছিল যে, “মোৰ প্ৰজা ইস্ৰায়েলৰ সন্তানবিলাকক মিচৰৰ পৰা উলিয়াই” আনা। তাৰ পাছত মোচিয়ে সন্মানেৰে যিহোৱাক এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিলে। মোচিয়ে এইদৰে সুধিলে, ‘তোমাৰ নাম কি?’ কিন্তু ঈশ্বৰৰ সেৱকসকলে তেওঁৰ নাম বহুত আগৰেপৰাই জানিছিল, তেনেহʼলে মোচিয়ে এই প্ৰশ্ন কিয় সুধিলে? হয়তো মোচিয়ে যিহোৱাৰ ব্যক্তিত্বৰ বিষয়ে বেছিকৈ জানিব বিচাৰিছিল। তেওঁ যিহোৱাৰ বিষয়ে এনে এটা কথা জানিব বিচাৰিছিল, যাৰ যোগেদি মোচিয়ে যিহোৱাৰ সেৱকসকলক প্ৰমাণ দিব পাৰে যে যিহোৱাই তেওঁলোকক মুকলি কৰাব। মোচিয়ে এনে প্ৰশ্ন কৰাটো স্বাভাৱিক আছিল, কিয়নো ইস্ৰায়েলীসকলে বহু সময়ৰপৰা বন্দীত আছিল। হয়তো ইস্ৰায়েলীসকল বিশ্বাস নকৰিলেহেঁতেন যে তেওঁলোকৰ কূলপিতৃৰ ঈশ্বৰে তেওঁলোকক মুকলি কৰিব পাৰে। কিছুমান ইস্ৰায়েলীয়ে মিচৰৰ দেৱী-দেৱতাবোৰকো উপাসনা কৰিছিল।—যিহি. ২০:৭, ৮.
kr ৪৩, বক্স
ঈশ্বৰৰ নামৰ অৰ্থ
হীব্ৰু ভাষাত যিহোৱাৰ নাম এটা ক্ৰিয়াৰপৰা ওলাইছে, যাৰ অৰ্থ হৈছে “আছোঁ।” কিছুমান বিদ্বানসকলে ভাবে যে এই ক্ৰিয়াই বুজায় যে কোনোবা আছে, যি গঢ়ি আছে। সেইবাবে, বহুতোলোকে বিশ্বাস কৰে যে ঈশ্বৰৰ নামৰ অৰ্থ হৈছে “তেওঁ অস্তিত্বত অনাৰ মূল।” এই সংজ্ঞা যিহোৱাৰ বাবে সঠিক, কিয়নো তেওঁ সকলো বস্তুৰ সৃষ্টিকৰ্তা হয়। তেওঁ বিশ্বব্ৰহ্মাণ্ড, মানৱজাতি, স্বৰ্গদূত আৰু সকলো বস্তু সৃষ্টি কৰিছে (বা অস্তিত্বত অহাৰ মূল)। সময় অতিবাহিত হোৱাৰ লগে লগে তেওঁ নিজৰ ইচ্ছা আৰু উদ্দেশ্য পূৰ কৰিবলৈ এনে কাম কৰিছে।
তেনেহʼলে যাত্ৰাপুস্তক ৩:১৩, ১৪ পদত যিহোৱাই যি কৈছিল, তাৰ অৰ্থ কি? মোচিয়ে তেওঁক সুধিছিল। “মই ইস্ৰায়েলৰ সন্তানবিলাকৰ ওচৰলৈ গৈ, সিবিলাকক যেতিয়া এই কথা কম, যে, তোমালোকৰ ওপৰ-পিতৃবিলাকৰ ঈশ্বৰে মোক তোমালোকৰ ওচৰলৈ পঠালে, তেতিয়া সিবিলাকে তেওঁৰ নাম কি বুলি যদি সোধে, তেন্তে মই সিবিলাকক কি উত্তৰ দিম?” তেতিয়া যিহোৱাই উত্তৰ দিলে, “মই যি আছোঁ, সেয়েই আছোঁ”
লক্ষ্য কৰক যে মোচিয়ে যিহোৱাক এয়া সোধা নাছিল যে তেওঁৰ নাম কি হয়। মোচি আৰু ইস্ৰায়েলীসকলে তেওঁৰ নাম ভালদৰে জানিছিল। মোচিয়ে যিহোৱাৰপৰা এনে কথা জানিব বিচাৰিছিল, যাৰ যোগেদি যিহোৱাৰ ওপৰত লোকসকলৰ বিশ্বাস দৃঢ় হয়। লগতে, সেই কথা যিহোৱাৰ নামৰ অৰ্থৰ লগতো প্ৰযোজ্য হয়। সেইবাবে যিহোৱাই যেতিয়া উত্তৰ দিছিল, “মই যি আছোঁ, সেয়েই আছোঁ” তেতিয়া তেওঁ নিজৰ বিষয়ে এই গুৰুত্বপূৰ্ণ কথা কৈছিল, নিজৰ উদ্দেশ্য পূৰ কৰিবলৈ যি বিচাৰে সেয়া হʼব পাৰে। উদাহৰণস্বৰূপে, মোচি আৰু ইস্ৰায়েলীসকলৰ বাবে যিহোৱা উদ্ধাৰ কৰোঁতা, নিয়ম স্থাপন কৰোঁতা, প্ৰয়োজনীয় বস্তু দিওঁতা আৰু বহুতো হৈছিল। এইদৰে যিহোৱাই নিজৰ লোকসকলক যি প্ৰতিজ্ঞা কৰিছিল, সেইবোৰ পূৰ কৰিবলৈ যি প্ৰয়োজন সেয়া হʼবলৈ নিৰ্ণয় লয়। যিহোৱা নামৰ অৰ্থ কেৱল যি বিচাৰে সেয়া হʼব পাৰে ইমানেই নহয়, কিন্তু তেওঁ নিজৰ উদ্দেশ্য পূৰ কৰিবলৈ সৃষ্টিকো যি বিচাৰে সেয়া কৰিব পাৰে।
আধ্যাত্মিক ৰত্ন বিচাৰক
g০৪ ৪/৮ ৬ ¶৫
মোচি নামৰ ব্যক্তি সঁচাকৈ আছিলনে?
আমি এয়া জানি আচৰিত হোৱা উচিতনে যে এগৰাকী মিচৰীয়া ৰাণীয়ে এটি ইব্ৰী লʼৰা তুলিছিল? নহয়, কিয়নো মিচৰীয়া ধৰ্মত শিক্ষা দিয়া হৈছিল যে ভাল কাম কৰিলেহে স্বৰ্গলৈ যাব পাৰি। জইছি টিলডেচলী নামৰ এজন পুৰাতত্ত্ববিদে তুলি লোৱাৰ বিষয়ে এইদৰে কৈছিল, “মিচৰ দেশত পুৰুষ-স্ত্ৰীৰ সমানেই অধিকাৰ আছিল। তাত এনে নিয়ম স্থাপন কৰা হৈছিল, যিয়ে আইনগতভাৱে আৰু আৰ্থিকভাৱে পুৰুষে যি অধিকাৰ লাভ কৰিছিল, সেই অধিকাৰ স্ত্ৰীসকলেও লাভ কৰিছিল আৰু স্ত্ৰীয়ে ইচ্ছা কৰিলে সন্তান তুলি লʼব পাৰে।” তুলি লোৱাৰ বিষয়ে এখন প্ৰাচীন লিপিয়ে এইদৰে উল্লেখ কৰিছে যে এগৰাকী মিচৰীয়া তিৰোতাই নিজৰ দাসবিলাকক তুলি লৈছিল। কিন্তু, এয়া সঁচানে যে মোচিক চোৱা-চিতা কৰিবলৈ নিজৰ মাতৃক ৰাখিছিল আৰু ইয়াৰ বাবে দৰমহা দিছিল? দ্বি এংকাৰ বাইবেল ডিক্সনাৰীৰ অনুসৰি মিচপতামিয়াৰ ব্যৱস্থাৰপৰা বুজিব পাৰি যে তোলনীয়া সন্তানৰ বাবে এনে ব্যৱস্থা কৰা হৈছিল।
যাত্ৰাপুস্তক কিতাপৰ আলোকপাত
৩:১—যিথ্ৰো কেনেধৰণৰ পুৰোহিত আছিল? কুলপতিৰ সময়ত পৰিয়ালৰ মুখীয়াল ব্যক্তিজনে তেওঁৰ পৰিয়ালটোৰ বাবে পুৰোহিত হিচাবে কাৰ্য্য কৰিছিল। প্ৰকৃততে যিথ্ৰোৱে মিদিয়নীয়া গোষ্ঠীৰ কুলপতিৰ মুখীয়াল আছিল। মিদিয়নীয়াসকল, কটূৰাৰপৰা জন্ম হোৱা অব্ৰাহামৰ বংশধৰ আছিল। তেওঁলোকে হয়তো যিহোৱাৰ উপাসনাৰ বিষয়ে জানিছিল।—আদিপুস্তক ২৫:১, ২.
জুন ২৯–জুলাই ৫
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যাত্ৰাপুস্তক ৪-৫
“মই তোমাৰ মুখৰ সহায় হৈ, তুমি কব লগীয়া কথা তোমাক শিকাম”
w১০ ১০/১৫ ১৪
অজুহাত দেখুৱাক যিহোৱাই কেনে দৃষ্টিৰে চায়?
“মই যোগ্য নহয়।” আপুনি হয়তো ভাবিব পাৰে যে মই শুভবাৰ্তা প্ৰচাৰ কৰাৰ যোগ্য নহয়। প্ৰাচীন সময়তো যিহোৱাৰ কিছুমান বিশ্বাসী সেৱকসকলে যিহোৱাৰ কামৰ কোনো যোগ্য নহয় বুলি ভাবিছিল। মোচিৰ উদাহৰণলৈ লক্ষ্য কৰক। যেতিয়া মোচিক যিহোৱাই এটা গুৰুত্বপূৰ্ণ কাম কৰিবলৈ আজ্ঞা দিছিল, তেতিয়া মোচিয়ে এইদৰে কৈছিল, “হে মোৰ প্ৰভু, মিনতি কৰিছোঁ, মই বাক্পটু নহওঁ; ইয়াৰ পূৰ্ব্বে, বা নিজ দাসক আপুনি কথা কোৱাৰ পাছতো নহওঁ; কিয়নো মোৰ মুখ আৰু জিবাও গধূৰ।” যদিও যিহোৱাই মোচিক আশ্বাস দিছিল, তথাপিও মোচিয়ে কʼলে, “হে মোৰ প্ৰভু, মই বিনয় কৰোঁ, যাৰ হতুৱাই পঠাবৰ ইচ্ছা, তাৰ হতুৱাই পঠাওক” (যাত্ৰা. ৪:১০-১৩) তেতিয়া যিহোৱাই কি কৰিলে?
w১৪ ৪/১৫ ৯ ¶৫-৬
আপুনি “অদৃশ্য জনাক” দেখা পাইনে?
৫ মোচি মিচৰলৈ উভতি যোৱাৰ আগতে যিহোৱাই তেওঁক এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত শিকালে আৰু পাছলৈ মোচিয়ে সেই সিদ্ধান্ত ইয়োবৰ কিতাপত লিখিছিল, “প্ৰভুলৈ ভয় ৰখাই জ্ঞান” (ইয়োব ২৮:২৮) সৰ্বশক্তিমান ঈশ্বৰে নিজৰ তুলনা মানুহৰ লগত কৰি মোচিক ভয় ৰাখিবলৈ আৰু বুদ্ধিমতাৰে চলিবলৈ শিক্ষা দিছিল। যিহোৱাই মোচিক কʼলে, “মানুহৰ মুখ কোনে নিৰ্ম্মাণ কৰিলে? বোবা বা কলা, নাইবা চকু থকা বা অন্ধ কোনে কৰে? মই যিহোৱাই জানো তাক নকৰোঁ?”—যাত্ৰা. ৪:১১.
৬ যিহোৱাই মোচিক কি কʼব বিচাৰিছিল? তেওঁ কʼব বিচাৰিছিল যে মোচিক ফৰৌণৰ ওচৰলৈ পঠোৱা জনা যিহোৱাই, সেইবাবে ভয় কৰাৰ কোনো প্ৰয়োজন নাই। ঈশ্বৰে মোচিক সাহস দিব, যাতে তেওঁ ফৰৌণক যিহোৱাৰ বাৰ্তা জনাব পাৰে আৰু এয়া প্ৰথমবাৰ নাছিল যে মিচৰত যিহোৱাৰ লোকসকলে সমস্যাত আছিল। মোচিয়ে হয়তো ধ্যান কৰিছিল যে আগতো যিহোৱাই অব্ৰাহাম, যোচেফ আৰু তেওঁক লগতে মিচৰ দেশৰ কিছুমান লোককো, ফৰৌণৰপৰা ৰক্ষা কৰিছিল। নিশ্চয়, যিহোৱাৰ আগত ফৰৌণ সামান্য আছিল। (আদি. ১২:১৭-১৯; ৪১:১৪, ৩৯-৪১; যাত্ৰা. ১:২২–২:১০) মোচি “অদৃশ্য জনাক” অৰ্থাৎ যিহোৱাক চাব পাৰিছিল। সেইবাবে, তেওঁ সাহসেৰে ফৰৌণৰ ওচৰত গৈ যিহোৱাই কোৱা সকলো কথা কʼলে।
w১০ ১০/১৫ ১৪
অজুহাত দেখুৱাক যিহোৱাই কেনে দৃষ্টিৰে চায়?
যিহোৱাই মোচিৰ যোগেদি এই কাম কৰালে, কিন্তু তেওঁৰ সহায়ৰ বাবে হাৰোণক পঠালে। (যাত্ৰা. ৪:১৪-১৭) ইয়াৰ উপৰিও, যিহোৱা মোচিৰ লগত আছিল, আৰু যি দায়িত্ব দিছিল সেয়া পূৰ কৰিবলৈ প্ৰয়োজন অনুসৰি সহায় আগবঢ়াইছিল। আপুনি বিশ্বাস কৰিব পাৰে যে আজিও যিহোৱাই অভিজ্ঞ ভাই-ভনীসকলৰ যোগেদি প্ৰচাৰ কাৰ্য্য পূৰ কৰিবলৈ আপোনাক সহায় কৰিব পাৰে। ইয়াৰ উপৰিও, ঈশ্বৰৰ বাক্যই আমাক আশ্বাস দিয়ে যে যিহোৱাই তেওঁৰ কাৰ্য্য পূৰ কৰিবলৈ আমাক যোগ্য কৰি তুলিব।—২ কৰি. ৩:৫; “মোৰ জীৱনৰ আটাইতকৈ আনন্দৰ বছৰ” বক্সটো চাওক।
আধ্যাত্মিক ৰত্ন বিচাৰক
w০৪ ৩/১৫ ২৮ ¶৪
পাঠকসকলৰ প্ৰশ্ন
তুমি মোৰ, “তেজৰ দ্বাৰাই পোৱা দৰা” চিপ্পোৰাই এইদৰে কোৱাটো আপোনাক আচৰিত যেন নালাগেনে। চিপ্পোৰাৰ এই কথাৰপৰা তেওঁৰ বিষয়ে কি বুজিব পাৰি? তেওঁ চুন্নতৰ নিয়ম পালন কৰি প্ৰকাশ কৰিলে যে তেওঁ যিহোৱাৰ লগত এটা চুক্তিত বান্ধ খাই আছে। পাছলৈ ইস্ৰায়েলীসকলৰ লগত কৰা নিয়ম চুক্তিয়ে প্ৰকাশ কৰিলে যে যিহোৱাৰ লগত যি নিয়ম স্থাপন কৰা হয়, সেই নিয়মত যিহোৱা এজন স্বামীৰ দৰে হয় আৰু আনটো পক্ষ এগৰাকী পত্নীৰ ভূমিকা পালন কৰে। (যিৰিমিয়া ৩১:৩২) তেনেহʼলে চিপ্পোৰাই যিহোৱাক (তেওঁৰ প্ৰতিনিধি, স্বৰ্গদূতৰ যোগেদি) “তেজৰ দ্বাৰাই পোৱা দৰা” কৈ এয়া বুজাব বিচাৰিছিল যে যিহোৱাৰ লগত তেওঁ যি নিয়ম স্থাপন কৰিছে, তাৰ চৰ্তবোৰ পালন কৰিবলৈ তেওঁ সাজু আছে। এয়া এনে আছিল যেন চুন্নৎ চুক্তিৰ আধাৰত তেওঁ যিহোৱাক নিজৰ স্বামী বুলি ভাবিলে আৰু এগৰাকী পত্নী হিচাপে তেওঁৰ অধীনত থাকিবলৈ স্বীকাৰ কৰিলে। চিপ্পোৰাই যি কৈছিল তাৰ অৰ্থ যিয়েই নহওক কিয়, কিন্তু এইটো সত্য যে ঈশ্বৰৰ নিয়ম পালন কৰিবলৈ তেওঁ তৎক্ষনাত সঠিক নিৰ্ণয় লʼলে, যাৰ ফলত নিজৰ পুত্ৰৰ জীৱন ৰক্ষা পৰিল।
it-২ ১২ ¶৫
যিহোৱা
কোনো এজন ব্যক্তিক চিনি পোৱাৰ অৰ্থ এইটো নহয় যে তেওঁক আমি ভালদৰে জানো। মূৰ্খ নাবলে দায়ূদৰ নাম জানিছিল। তথাপিও তেওঁ কৈছিল, “দায়ূদ কোন?” তেতিয়া তেওঁ এইদৰে কোৱাৰ অৰ্থ আছিল যে “তেওঁৰ কি যোগ্য আছে” (১চমূ ২৫:৯-১১; ২চমূ ৮:১৩ পদৰ লগত তুলনা কৰক।) ফৰৌণে এইদৰে প্ৰশ্ন কৰিছিল, “যিহোৱা নো কোন, যে, মই তেওঁৰ কথা শুনি ইস্ৰায়েলক এৰি দিম? মই যিহোৱাক নেজানো, আৰু ইস্ৰায়েলকো এৰি নিদিওঁ।” (যাত্ৰা ৫:১, ২) আচলতে, ফৰৌণৰ কোৱাৰ অৰ্থ আছিল যে যিহোৱা সত্য ঈশ্বৰ নহয়, মিচৰ দেশৰ ৰজা আৰু তেওঁৰ নিৰ্ণয়ৰ ওপৰত যিহোৱাৰ কোনো অধিকাৰ নাই। তেওঁ এয়া বিশ্বাস কৰা নাছিল যে মোচি আৰু হাৰোণৰ যোগেদি যি উদ্দেশ্যৰ বিষয়ে কৈছিল সেয়া পূৰ কৰিবলৈ যিহোৱাৰ শক্তি আছে। কিন্তু এতিয়া ফৰৌণ, মিচৰৰ সকলো লোক আৰু ইস্ৰায়েলীসকলে বুজিব পাৰিব যে যিহোৱা কোন। কেনেকৈ বাৰু? যিহোৱাই যেনেকৈ মোচিক বুজাইছিল যে তেওঁ ইস্ৰায়েলীসকলৰ লগত কৰা নিজৰ উদ্দেশ্য পূৰ কৰিব অৰ্থাৎ তেওঁলোকক বন্দীৰপৰা মুকলি কৰিব, প্ৰতিজ্ঞা কৰা দেশলৈ লৈ যাব আৰু তেওঁলোকৰ পূৰ্ব্বপুৰুষসকলক কৰা চুক্তি পূৰ কৰিব। এইদৰে যিহোৱাই ইস্ৰায়েলীসকলক কোৱা এই বাক্য পূৰ কৰিব, “ময়েই যে তোমালোকৰ ঈশ্বৰ যিহোৱা, ইয়াক তোমালোকে জানিবা।”—যাত্ৰা ৬:৪-৮.