ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwbr20 আগষ্ট পৃষ্ঠা ১-৮
  • জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা—২০২০
  • উপশীৰ্ষক
  • আগষ্ট ৩-৯
  • আগষ্ট ১০-১৬
  • আধ্যাত্মিক ৰত্ন বিচাৰক
  • আগষ্ট ১৭-২৩
  • আগষ্ট ২৪-৩০
  • আগষ্ট ৩১–চেপ্টেম্বৰ ৬
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা—২০২০
mwbr20 আগষ্ট পৃষ্ঠা ১-৮

জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা

আগষ্ট ৩-৯

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যাত্ৰাপুস্তক ১৩-১৪

“থিৰে থাকা; যিহোৱাই আজি তোমালোকলৈ যি পৰিত্ৰাণৰ কাৰ্য্য সিদ্ধ কৰিব, তাক দেখিবা”

w১৩ ৪/১ ৪

মোচি​—⁠বিশ্বাসৰ এক উত্তম উদাহৰণ

মোচিয়ে হয়তো অনুমান কৰিছিল যে ইস্ৰায়েলীসকলক ৰক্ষা কৰিবলৈ যিহোৱাই চূফ সাগৰক দুভাগ কৰিব। কিন্তু এটা কথাৰ ওপৰত তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল যে ঈশ্বৰে নিজৰ লোকসকলক ৰক্ষা কৰিবলৈ নিশ্চয় কিবা কৰিব। মোচিয়ে যিদৰে যিহোৱাৰ ওপৰত ভৰসা কৰিছিল, ঠিক তেনেদৰে, ইস্ৰায়েলীসকলেও যিহোৱাক ভৰসা কৰাটো তেওঁ বিচাৰিছিল। সেইবাবে, তেওঁ ইস্ৰায়েলীসকলক এইদৰে কৈছিল, “তোমালোকে ভয় নকৰিবা, থিৰে থাকা; যিহোৱাই আজি তোমালোকলৈ যি পৰিত্ৰাণৰ কাৰ্য্য সিদ্ধ কৰিব তাক দেখিবা।” (যাত্ৰাপুস্তক ১৪:১৩) মোচিয়ে ইস্ৰায়েলীসকলৰ বিশ্বাস দৃঢ় কৰিব পাৰিলেনে? নিশ্চয়, কেৱল মোচিৰেই নহয়, সকলো ইস্ৰায়েলীৰ বিশ্বাস দৃঢ় হৈছিল। কিয়নো বাইবেলত উল্লেখ আছে, “বিশ্বাসৰ গুণে তেওঁবিলাকে, শুকান মাটিয়েদি যোৱাৰ দৰে, লোহিত সাগৰৰ মাজেদি গমন কৰিলে।” (ইব্ৰী ১১:২৯) মোচিয়ে যি বিশ্বাস দেখুৱালে তাৰপৰা কেৱল মোচিয়েই নহয়, সকলোৱে লাভৱান হʼল।

w১৮.০৯ ২৬ ¶১৩

সৰ্বশক্তিমান হোৱাৰ সত্ত্বেও আনক সহানুভূতি দেখুৱাই

১৩ যাত্ৰাপুস্তক ১৪:​১৯-২২ পঢ়ক। কল্পনা কৰক আপুনি ইস্ৰায়েলীসকলৰ লগত আছে। আপোনাৰ পাছফালে মিচৰৰ সেনা আছে আৰু সন্মুখত চূফ সাগৰ। কিন্তু তেতিয়াই ঈশ্বৰে পদক্ষেপ লয়। তেওঁ মেঘৰ স্তম্ভ আপোনাৰ ওচৰৰপৰা আঁতৰাই পাছফালে লৈ যায়। সেইবাবে, মিচৰৰ সৈন্যবাহিনীবিলাকে আপোনাৰ ফালে আগবাঢ়ি আহিব নোৱাৰে। তেওঁলোকৰ ফালে আন্ধাৰ হৈ পৰে আৰু আপোনাৰ ফালে পোহৰ। তাৰ পাছত মোচিয়ে হাতখন সাগৰ ফালে মেলি থকা আপুনি দেখিছে আৰু পূৰ্ব দিশৰপৰা প্ৰবল বতাহ বলিব ধৰিছে। ক্ষন্তেকতে, সাগৰৰ মাজত বহল ৰাস্তা ওলাই পৰে। তেতিয়া আপুনি আৰু আন লোকসকলে নিজৰ নিজৰ পৰিয়াল আৰু জীৱ-জন্তুক লৈ শুকান মাটিত সংগঠিতভাৱে খোজকাঢ়ি গৈ আছে। আপুনি মাটি ডোখৰ দেখি আচৰিত হৈছে। মাটি ডোখৰ একেবাৰে শুকান আৰু টান। কʼতো বোকা নাই, পানীও গোট মাৰি বৰফ হোৱা নাই যে আপুনি পিচলি পৰিব। আপুনি সহজে খোজকাঢ়ি গৈ আছে। ইয়াৰ উপৰিও লাহে লাহে খোজকঢ়া লোকসকলেও সুৰক্ষিতভাৱে সাগৰ পাৰ হʼব পাৰিলে।

w০৯ ৩/১৫ ৭ ¶৩-৪

যিহোৱাক কেতিয়াও নাপাহৰিব

মিচৰীয়াসকল নিজৰ ভঙা-চিঙা ৰথক লৈ সংঘৰ্ষত লিপ্ত হৈ থাকোতে, সকলো ইস্ৰায়েলীয়ে চূফ সাগৰৰ পূৰ্ব পাৰে গৈ পোৱাৰ পাছত, মোচিয়ে চূফ সাগৰৰ ফালে নিজৰ হাতখন আগবঢ়াই। তাৰ পাছত যিহোৱাই দেৱালৰ দৰে হৈ থকা পানীৰ ঢৌক ভাঙে। কোটি কোটি লিটাৰ পানী ফৰৌণ আৰু তেওঁৰ সৈন্যবাহিনীৰ ওপৰত ভাহি পৰে আৰু সিহঁত পানীত ডুব যায়। সকলো শক্ৰৰ বিনাশ হোৱাৰ ফলত ইস্ৰায়েলীসকল এতিয়া মুক্ত!​—⁠যাত্ৰা. ১৪:​২৬-২৮; গীত. ১৩৬:​১৩-১৫.

এই ঘটনাৰ ফলত ওচৰে-পাঁজৰে থকা দেশবোৰে বহুসময়লৈকে ইস্ৰায়েলীসকলক ভয় কৰিছিল। (যাত্ৰা. ১৫:​১৪-১৬) ৪০ বছৰ পাছত যিৰীহোত বাস কৰা ৰাহবে দুজন ইস্ৰায়েলী পুৰুষক এইদৰে কৈছিল, “তোমালোকৰ কাৰণে ভয়ত দ্ৰৱ হৈ গৈছে, . . . কিয়নো, তোমালোক মিচৰৰ পৰা ওলাই অহা সময়ত যিহোৱাই তোমালোকৰ সাক্ষাতে কেনেকৈ চূফ সাগৰৰ পানী শুকুৱাইছিল।” (যিহো. ২:​৯, ১০) যিহোৱাই যিদৰে ইস্ৰায়েলীসকলক ৰক্ষা কৰিছিল, তাক অধৰ্মী দেশৰ লোকসকলে পাহৰা নাছিল, তেনেহʼলে ইস্ৰায়েলীসকলে পাহৰাৰ কোনো কাৰণেই নাছিল।

আধ্যাত্মিক ৰত্ন বিচাৰক

it-১ ১১১৭

ৰাজপথ, ৰাস্তা

প্ৰাচীন সময়ত পলেষ্টিয়াসকলৰ এলেকাত এখন নগৰৰপৰা আন এখন নগৰলৈ যাবলৈ বা এখন ৰাজ্যৰপৰা আন এখন ৰাজ্যলৈ যাবলৈ বহুতো পথ আৰু ৰাজপথ আছিল। ইয়াৰে কিছুমান ৰাস্তা ব্যৱসায়ৰ বাবে প্ৰায় ব্যৱহাৰ হৈছিল। (গণ ২০:​১৭-১৯; ২১:​২১, ২২; ২২:​৫, ২১-২৩; যিহো ২:২২; বিচা ২১:১৯; ১চমূ ৬:​৯, ১২; ১৩:​১৭, ১৮) ব্যৱসায়ৰ বাবে ব্যৱহাৰ হোৱা ৰাস্তা মিচৰপৰা দম্মেচক লৈ আছিল। এই ৰাস্তা মিচৰপৰা ওলাই ঘচা আৰু অস্কিলোন নামৰ পলেষ্টিয়া নগৰ ফালেদি গৈছিল। ইয়াৰ আগলৈ উত্তৰ পূৰ্ব দিশৰ মগিদ্দোৰ ফালে অলপ বেঁকা হৈ, হাচোৰপৰা আগলৈ গৈ গালীল সাগৰৰ উত্তৰ ফালেদি দম্মেচকলৈ গৈছিল। মিচৰপৰা প্ৰতিজ্ঞা কৰা দেশলৈ যাবলৈ পলেষ্টিয়া ফালেদি যোৱা এই ৰাস্তা একেবাৰে ওচৰ আছিল। কিন্তু যিহোৱাই ইস্ৰায়েলীসকলক আন ৰাস্তা ফালেদি লৈ গৈছিল, যাতে তেওঁলোকক পলেষ্টিয়াসকলে আক্ৰমণ কৰিব নোৱাৰে।​—⁠যাত্ৰা ১৩:⁠১৭.

it-১ ৭৮২ ¶২-৩

মিচৰপৰা ইস্ৰায়েলীসকলে ওলাই আহে

চূফ সাগৰক কোন ঠাইত দুভাগ কৰা হৈছিল, যাতে ইস্ৰায়েলীসকলে সহজে পাৰ হʼব পাৰে?

লক্ষ্য কৰক, যেতিয়া ইস্ৰায়েলীসকলে নিজৰ যাত্ৰাৰ দ্বিতীয় পৰ্যায়ত এথম নামৰ ঠাইত গৈ পালে, যি “অৰণ্যৰ দাঁতিত” আছিল, তেতিয়া যিহোৱাই মোচিক কʼলে যে “ঘূৰি গৈ, পী-হহীৰোতৰ আগত . . . সাগৰৰ দাঁতিতে ছাউনি পাতিবাগৈ।” ইয়াৰপৰা ফৰৌণে হয়তো অনুমান কৰিছিল যে ইস্ৰায়েলীসকল “দেশৰ মাজত আটকি আছে।” (যাত্ৰা ১৩:২০; ১৪:​১-৩) কিছুমান বিদ্বানে কয় যে যেতিয়া ইস্ৰায়েলীসকলে মিচৰপৰা ওলাই আহিছিল, তেতিয়া তেওঁলোকে এল হাজ নামৰ ৰাস্তাদি গৈছিল। তেওঁলোকে কোৱা মতে যেতিয়া যিহোৱাই ইস্ৰায়েলীসকলক “ঘূৰি” যাবলৈ কৈছিল, তেতিয়া ইয়াৰ বাবে মূল পাঠত যি হীব্ৰু শব্দ ব্যৱহাৰ কৰা হৈছিল, তাৰ অৰ্থ কেৱল ৰাস্তা সলনি কৰাই নহয়, সম্পূৰ্ণভাৱে দিশ সলনি কৰাও বুজাই। ইস্ৰায়েলীসকলে কোন ঠাইত নিজৰ দিশ সলনি কৰিছিল? বিদ্বানসকলৰ অনুসৰি যেতিয়া তেওঁলোকে স্বেজ উপসাগৰৰ উত্তৰ দিশত পালে, তেতিয়া তেওঁলোকে নিজৰ দিশ সলনি কৰিলে আৰু উপসাগৰৰ পশ্চিম ফালে আগবাঢ়ি গʼল। তেওঁলোকৰ এফালে জেবেল আতাকা পৰ্বতমালাৰ পূৰ্ব অংশ আছিল আৰু আনফালে সাগৰ। ইস্ৰায়েলীসকল বহু সংখ্যক হোৱাৰ বাবে যদি মিচৰীয়াসকলে উত্তৰ ফালেদি আগবাঢ়ি অহা হʼলে তেওঁলোকে সমস্যাত পৰিলেহেঁতেন, কিয়নো তেওঁলোকে তাৰপৰা সহজে ওলাই যাব নোৱাৰিলেহেঁতেন।

প্ৰথম শতিকাত যিহূদীসকলেও বিশ্বাস কৰিছিল যে ইস্ৰায়েলীসকলে এই ৰাস্তাই দি চূফ সাগৰ পালে গৈ। যদিও বহুতো বিদ্বানে এয়া বিশ্বাস নকৰে, কিন্তু বাইবেলে ইয়াৰ প্ৰমাণ দিয়ে। (যাত্ৰা ১৪:​৯-১৬) অনুমান কৰা হৈছে যে ইস্ৰায়েলীসকলে স্বেজ উপসাগৰ পাৰ হৈ, চূফ সাগৰ পাৰ হোৱা নাছিল। কিয়নো, ফৰৌণৰ সৈন্যবাহিনীয়ে যদি উপসাগৰৰ ওচৰতে, সাগৰৰ আন ফালেদি তেওঁলোকক বন্দী কৰিলেহেঁতেন।​—⁠যাত্ৰা ১৪:​২২, ২৩.

আগষ্ট ১০-১৬

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যাত্ৰাপুস্তক ১৫-১৬

“গীত গাই যিহোৱাক প্ৰশংসা কৰক”

w৯৫ ১০/১৫ ১১ ¶১১

এতিয়া সত্য ঈশ্বৰক কিয় ভয় কৰা উচিত?

১১ যেতিয়া যিহোৱাই মিচৰৰ সৈন্যবাহিনীক বিনাশ কৰিলে, তেতিয়া নিজৰ উপাসকসকলৰ দৃষ্টিত তেওঁ উত্তম বুলি প্ৰমাণিত হʼল আৰু দূৰ এলেকাৰ লোকসকলে তেওঁৰ নাম জানিব পাৰিলে। (যিহোচূৱা ২:​৯, ১০; ৪:​২৩, ২৪) নিজৰ উপাসকসকলক ৰক্ষা কৰিব নোৱাৰা, মিচৰৰ শক্তিহীন মিছা দেৱ-দেৱীবিলাকেও যিহোৱাৰ নাম উত্তম বুলি গণ্য কৰিলে। মিচৰীয়াসকলে নিজৰ দেৱ-দেৱী, সৈন্যবাহিনী আৰু মানুহৰ ওপৰত ভৰসা কৰিছিল, সেইবাবে তেওঁলোকে নিৰাশ হৈ পৰিছিল। (গীতমালা ১৪৬:⁠৩) জীৱিত ঈশ্বৰে নিজৰ লোকসকলক ৰক্ষা কৰিলে, সেইবাবে ইস্ৰায়েলীসকলে যিহোৱাক প্ৰশংসা কৰিবলৈ গীত গাইছিল।

w৯৫ ১০/১৫ ১১-১২ ¶১৫-১৬

এতিয়া সত্য ঈশ্বৰক কিয় ভয় কৰা উচিত?

১৫ মোচিৰ যদি লগত আমি সুৰক্ষিত থকাহেঁতেন, আমিও এই গীত গাবলৈ উৎসাহিত হʼলোহেঁতেন, “হে যিহোৱা, দেৱতাবোৰৰ মাজত তোমাৰ তুল্য কোন আছে? পবিত্ৰতাত তোমাৰ নিচিনা আদৰণীয়ই বা কোন? প্ৰশংসাত ভয়ানক, আচৰিত কৰ্ম্মকাৰীয়েই বা কোন?” (যাত্ৰাপুস্তক ১৫:১১) সেইসময়ৰপৰা বহু শতিকালৈকে এনেধৰণেই অনুভূতি দেখুৱা হৈছে। বাইবেলৰ শেষৰ কিতাপত পাঁচনি যোহনে ঈশ্বৰৰ বিশ্বাসী অভিষিক্ত সেৱকসকলৰ এক সমূহৰ বৰ্ণনা কৰিছে, “তেওঁবিলাকে, ঈশ্বৰৰ দাস মোচিৰ গীত গান” কৰিলে। এই মহৎ গীত কি? “হে সৰ্ব্বশক্তিমান প্ৰভু পৰমেশ্বৰ, তোমাৰ কৰ্ম্ম মহৎ আৰু আচিৰত; হে চিৰস্থায়ী ৰজা, তোমাৰ পথ ন্যায় আৰু সত্য। হে প্ৰভু, কোনে ভয় নকৰিব? আৰু তোমাৰ নাম মহিমান্বিত নকৰিব? কিয়নো কেৱল তুমিহে পবিত্ৰ।”​—⁠প্ৰকাশিত বাক্য ১৫:​২-৪.

১৬ বৰ্তমান সময়তো বিশ্বজুৰি যিহোৱাৰ উপাসকসকলে বহুতো কাৰণত যিহোৱাক মহিমান্বিত কৰে। তেওঁলোকে কেৱল যিহোৱাই সৃষ্টি কৰা বস্তুৰ কাৰণে প্ৰংশসা কৰে এনে নহয়, ইয়াৰ পৰিৱৰ্তে তেওঁৰ নিয়ম আৰু সিদ্ধান্তবোৰৰ প্ৰতিও সন্মান দেখুৱাই। যিহোৱাই তেওঁলোকক মিছা ধৰ্ম্মৰপৰা মুক্ত কৰিছে, এতিয়া তেওঁলোক এই জগতৰ ভাগ নহয়, কিয়নো তেওঁলোকে ঈশ্বৰৰ নিয়ম আৰু সিদ্ধান্তবোৰ পালন কৰে। প্ৰতিবছৰে, লাখ লাখ লোকে এই দুষ্ট জগতৰপৰা ওলাই যিহোৱাৰ শুদ্ধ সংগঠনৰ লগত জড়িত হৈছে। যিহোৱাই মিছা ধৰ্ম্ম আৰু এই দুষ্ট জগতক বহুত সোনকালে বিনাশ কৰিব। তাৰ পাছত যিহোৱাৰ সেৱকসকলে এই পৃথিৱীত অনন্ত কাল জীয়াই থাকিব।

it-২ ৪৫৪ ¶১

সংগীত

ইস্ৰায়েলীসকলে যেতিয়া এক গোট হৈ গীত গাইছিল, তেতিয়া হয়তো তেওঁলোকে দুটা সমূহত ভাগ হৈ গীত গাইছিল। প্ৰথমে গায়কসকলৰ এটা সমূহে কিবা গীত গাইছিল, তাৰ উত্তৰত আনটো সমূহে গীত গাইছিল। অথবা এজন গায়কে গীতৰ আৰম্ভ কৰিছিল আৰু উত্তৰত গায়কসকলৰ সমূহে কিবা গাইছিল। তেওঁলোকে সম্পূৰ্ণ গীত এইদৰেই গাইছিল। বাইবেলত এই বিষয়ে উল্লেখ আছে। (যাত্ৰা ১৫:২১; ১চমূ ১৮:​৬, ৭) উদাহৰণস্বৰূপে, গীতমালা ১৩৬-ৰ গীত এইদৰেই লিখা হৈছিল। বাইবেলত উল্লেখ আছে যে নহিমিয়াৰ সময়ত যেতিয়া যিৰূচালেমৰ দেৱালৰ উদ্ঘাটন কৰা হৈছিল, তেতিয়া ধন্যবাদৰ গীত গোৱাৰ দুটা ডাঙৰ দল আছিল। তেওঁলোকে হয়তো এইদৰেই গীত গাইছিল।​—⁠নহি ১২:​৩১, ৩৮, ৪০-৪২.

it-২ ৬৯৮

ভাববাদিনী

মিৰিয়মক বাইবেলত প্ৰথম স্ত্ৰী ভাববাদিনী বুলি কোৱা হৈছে। মিৰিয়মে হয়তো ঈশ্বৰৰ প্ৰেৰণাৰে গীত গাইছিল, তাইৰ যোগেদি ঈশ্বৰে নিজৰ বাৰ্ত্তা জনাইছিল। (যাত্ৰা ১৫:​২০, ২১) বাইবেলত উল্লেখ আছে যে তাই আৰু হাৰোণে মোচিক এইদৰে কৈছিল, “আমাৰ যোগেদি [যিহোৱাই] নকয় জানো?” (গণ ১২:⁠২) ভৱিষ্যবক্তা মীখাৰ যোগেদি যিহোৱাই কৈছিল যে যেতিয়া তেওঁ ইস্ৰায়েলীসকলক মুকলি কৰিছিল, তেতিয়া তেওঁ “মোচি, হাৰোণ, আৰু মিৰিয়মক” তেওঁলোকৰ আগে আগে পঠাইছিল। (মীখা ৬:⁠৪) যদিও মিৰিয়মে যিহোৱাৰ বাৰ্ত্তা লোকসকলক জনাইছিল, কিন্তু যিহোৱাৰ লগত তাইৰ সম্পৰ্ক, তাইৰ ভাই মোচিৰ দৰে দৃঢ় নাছিল। যিহোৱাই নিযুক্ত কৰা মোচিক মিৰিয়মে বিৰোধ কৰিছিল আৰু সেইবাবে যিহোৱাই তাইক শাস্তি দিছিল।​—⁠গণ ১২:​১-১৫.

আধ্যাত্মিক ৰত্ন বিচাৰক

w১১ ৯/১ ১৪

আপুনি জানেনে?

ইস্ৰায়েলীসকলে অৰণ্যত থকাৰ সময়ত যিহোৱাই তেওঁলোকক কিয় খাদ্যৰ বাবে বটা চৰাই দিছিল?

ইস্ৰায়েলীসকলে মিচৰ দেশৰপৰা ওলাই অহাৰ পাছত যিহোৱাই দুটা পৰিস্থিতিত তেওঁলোকক আহাৰ হিচাপে বহুতো বটা চৰাই দিছিল।​—⁠যাত্ৰাপুস্তক ১৬:১৩; গণনা পুস্তক ১১:⁠৩১.

বটা হৈছে এবিধ সৰু চৰাই। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ৭ ইঞ্চি (১৮ চে.মি) আৰু ওজন প্ৰায় ১০০ গ্ৰাম। বটা চৰায়ে পশ্চিম এছিয়া আৰু ইউৰোপ দেশত কণী পাৰে। পৰিভ্ৰমী চৰাই হিচাপে শীতকালত বটা চৰাইবোৰে উত্তৰ আফ্ৰিকা আৰু আৰব দেশলৈ গুচি যায়। পৰিভ্ৰমণ কৰাৰ সময়ত তেওঁলোকৰ এটা ডাঙৰ জাক ভূমধ্য সাগৰৰ পূৰ্ব ফালেদি চীনয় দেশ হৈ উৰি যায়।

দ্যা ৱেষ্টমিনিষ্টাৰ ডিক্সনেৰী অৱ দ্যা বাইবেলৰ অনুসৰি বটা চৰাই “অতি বেগেৰে আৰু ভালদৰে উৰিব পাৰে। কেতিয়াবা তেওঁলোকে বতাহৰ সহায়ত উৰে, যদি বতাহৰ গতি সলনি হয় বা উৰি উৰি ভাগৰি যায়, তেতিয়া হয়তো গোটেই জাকে মাটিত পৰে আৰু কিছুসময়ৰ বাবে মাটিত পৰি থাকে।” নিজৰ যাত্ৰা আৰম্ভ কৰাৰ আগতে তেওঁলোকে এদিন বা দুদিন মাটিত পৰি জিৰণি লʼবলগীয়া হয়। সেইবাবে, চিকাৰীয়ে সহজে তেওঁলোকক ধৰি লʼব পাৰে। বিংশ শতিকাৰ আৰম্ভণিত মিচৰ দেশৰপৰা প্ৰতিবছৰে প্ৰায় ৩০ লাখ বটা চৰাই আন দেশলৈ ৰপ্তানি কৰা হৈছিল।

দুয়োটা পৰিস্থিতিত যিহোৱাই ইস্ৰায়েলীসকলক বসন্তকালত বটা চৰাই দিছিল। যদিও সেইসময়ত বটা চৰাই চীনয় এলেকা হৈ গৈছিল, কিন্তু যিহোৱাই প্ৰবল বতাহৰ বলোৱাৰ বাবে এই চৰাইবোৰ ইস্ৰায়েলীসকলৰ ছাউনিৰ আশে-পাশে পৰিছিল।​—⁠গণনা পুস্তক ১১:⁠৩১.

w০৬ ১/১৫ ৩১

পাঠকসকলৰ প্ৰশ্ন

ইস্ৰায়েলীসকলে মিচৰ দেশৰপৰা মুক্ত হোৱাৰ কিছুদিনৰ পাছত, যেতিয়া ইস্ৰায়েলীসকলে আহাৰ বাবে ফুচ-ফুচনি কৰিছিল, তেতিয়া যিহোৱাই তেওঁলোকৰ বাবে মান্নাৰ ব্যৱস্থা কৰিছিল। (যাত্ৰাপুস্তক ১২:​১৭, ১৮; ১৬:​১-৫) সেইসময়ত, মোচিয়ে হাৰোণক এইদৰে পৰামৰ্শ দিছিল, “তুমি এটা পাত্ৰ লৈ, তাত পূৰা এক ওমৰ মান্না ভৰাই, তোমালোকৰ পুৰুষানুক্ৰমে থাকিবলৈ, যিহোৱাৰ সন্মুখত থৈ দিয়াগৈ।” বাইবেলত আগলৈ এইদৰে উল্লেখ আছে, “যিহোৱাই মোচিক দিয়া আজ্ঞাৰ দৰেই, [এটা বক্সত যʼত গুৰুত্বপূৰ্ণ নথি-পত্ৰ জমা কৰি ৰখা হয়] সেয়ে সদায় থাকিবৰ নিমিত্তে, হাৰোণে তাক সাক্ষ্য-ফলিৰ আগত থৈ দিলেগৈ।” (যাত্ৰাপুস্তক ১৬:​৩৩, ৩৪) ইয়াত কোনো সন্দেহ নাই যে হাৰোণে সেইসময়ত এটা পাত্ৰত মান্না জমা কৰি লৈছিল। তাৰ পাছত যেতিয়া সাক্ষ্য-ফলিৰ চন্দুক তৈয়াৰ হʼল আৰু মোচিয়ে তাৰ ভিতৰত শিলৰ ফলি ৰাখিলে, তেতিয়া হাৰোণেও তাৰ ভিতৰত মান্নাৰ পাত্ৰ ৰাখিছিল।

আগষ্ট ১৭-২৩

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যাত্ৰাপুস্তক ১৭-১৮

“নম্ৰ প্ৰাচীনসকলে আনক শিকায় আৰু দায়িত্ব দিয়ে”

w১৩ ৪/১ ৬

মোচি প্ৰেমৰ এক উদাহৰণ

মোচিয়ে নিজৰ সংগী ইস্ৰায়েলীসকলক প্ৰেম কৰিছিল। যিহোৱাই নিজৰ লোকসকলক নিৰ্দেশনা দিবলৈ মোচিক ব্যৱহাৰ কৰিছে বুলি ইস্ৰায়েলীসকলে বুজি পাইছিল। সেইবাবে যেতিয়া তেওঁলোকৰ কিবা সমস্যা হৈছিল, তেতিয়া তেওঁলোকে মোচিৰ ওচৰলৈ গৈছিল। আমি বাইবেলত পঢ়িবলৈ পাওঁ যে “ৰাতিপুৱাৰে পৰা সন্ধ্যালৈকে লোকবিলাক তেওঁৰ চাৰিওফালে থিয় হৈ আছিল।” (যাত্ৰাপুস্তক ১৮:​১৩-১৬) কল্পনা কৰক, লোকসকলে মোচিৰ ওচৰত সমস্যা সমাধান কৰিবলৈ আহে আৰু তেওঁ বহু সময়লৈকে বহি তেওঁলোকৰ কথা শুনিছিল। সেইবাবে, হয়তো তেওঁ ভাগৰি পৰিছিল। তথাপিও, মোচিয়ে তেওঁলোকক সহায় কৰিবলৈ সাজু আছিল, কিয়নো তেওঁ তেওঁলোকক প্ৰেম কৰিছিল।

w০৩ ১১/১ ৬ ¶২

জীৱনত আনন্দিত থাকিবলৈ ভৰসাৰ প্ৰয়োজন

দায়িত্ব দিবলৈ নিযুক্ত কৰাৰ আগতেই তেওঁলোকে ঈশ্বৰীয় গুণবোৰ প্ৰকাশ কৰিছিল। তেওঁলোকে আগতীয়াকৈ প্ৰমাণ দিছিল যে তেওঁলোক যিহোৱাৰ ভয় ৰাখোঁতা। সৃষ্টিকৰ্তাৰ প্ৰতি তেওঁলোকৰ গভীৰ সন্মান থকা বাবে তেওঁলোকে ঈশ্বৰক দুখী কৰিব বিচৰা নাছিল। সেই লোকসকলে মনে-প্ৰাণে ঈশ্বৰৰ মানদণ্ড অনুসৰি চলিবলৈ চেষ্টা কৰাটো, সকলো ইস্ৰায়েলীয়ে লক্ষ্য কৰিলে। তেওঁলোকে দুৰ্নীতি কৰি অৰ্জন কৰা ধনক ঘিণ কৰিছিল। ইয়াৰপৰা বুজিব পাৰি যে তেওঁলোকে দায়িত্ব পোৱাৰ পাছতো ভ্ৰষ্ট হৈ যায়। তেওঁলোকে আনৰ ভৰসাক আঘাত কৰি নিজৰ আৰু পৰিয়ালবৰ্গ বা বন্ধুসকলৰ স্বাৰ্থ পূৰ নকৰে।

w০২ ৫/১৫ ২৫ ¶৫

নিষ্ঠাই, ভক্ত লোকসকলৰ পৰিচালনা কৰে

মোচি এজন নম্ৰ ব্যক্তি আছিল। মোচিয়ে যেতিয়া লোকসকলৰ সমস্যা সমাধান কৰি কৰি ভাগৰি পৰিছিল, তেতিয়া তেওঁৰ শহুৱেক যিথ্ৰোৱে তেওঁক ব্যৱহাৰিক পৰামৰ্শ দিছিল যে তেওঁ নিজৰ কিছুমান দায়িত্ব আন যোগ্য ভাইসকলক দিয়ে যেন। মোচিয়ে নিজৰ সীমা বুজি পোৱাৰ বাবে এই পৰামৰ্শ স্বীকাৰ কৰিলে আৰু এইদৰে তেওঁ বুদ্ধিমতাৰে কাম কৰিলে। (যাত্ৰাপুস্তক ১৮:​১৭-২৬; গণনা পুস্তক ১২:⁠৩) এজন নম্ৰ ব্যক্তিয়ে আনক দায়িত্ব দিবলৈ সংকোচ নকৰে। লগতে, আন যোগ্য ভাইসকলক তেওঁলোকৰ ক্ষমতা অনুসৰি নিজৰ দায়িত্ব দিলে, তেওঁ নিজৰ অধিকাৰ হেৰুৱাই পেলাব বুলি ভয় নকৰে। (গণনা পুস্তক ১১:​১৬, ১৭, ২৬-২৯) এনেধৰণৰ ব্যক্তিয়ে আনক আধ্যাত্মিকতাত উন্নতি কৰিবলৈ সহায় কৰিবলৈ সদায় সাজু থাকে। (১ তীমথিয় ৪:১৫) আমিও এনেদৰে কৰা উচিত নহয়নে?

আধ্যাত্মিক ৰত্ন বিচাৰক

w১৬.০৯ ৬ ¶১৪

“তোমাৰ হাত ঢিলা নহওক”

১৪ যেতিয়া ইস্ৰায়েলীসকলে অমালেকীয়াসকলৰ লগত যুদ্ধ কৰিছিল, তেতিয়া হাৰোণ আৰু হূৰে মোচিৰ হাত দুখন দাঙি থকাত সহায় কৰিছিল। আজি আমিও আনক বেলেগ বেলেগ উপায়েৰে সহায় আৰু সহযোগ আগবঢ়াব পাৰোঁ। আমাৰ ভাই-ভনীসকলে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে, যেনে বৃদ্ধ অৱস্থা, অসুস্থ শৰীৰ, পৰিয়ালৰ বিৰোধ, অকলশৰীয়া অৱস্থা আৰু মৃত্যুত আপোনজনাক হেৰুৱাইছে। আমি ডেকা ভাইসকলৰো সাহস বঢ়াব পাৰোঁ, যিসকলক বেয়া কাম আৰু এই জগতত নাম অৰ্জ্জন কৰিবলৈ হেঁচা দিয়া হৈছে। (১ থিচ. ৩:​১-৩; ৫:​১১, ১৪) আপুনি নিজৰ ভাই-ভনীসকলৰ লগত ৰাজ্যগৃহ বা প্ৰচাৰ কাৰ্য্যলৈ বা তেওঁলোকৰ লগত আহাৰ খোৱাৰ সময়ত বা ফোনত কথা পাতোঁতে, তেওঁলোকৰ প্ৰতি আগ্ৰহ দেখুৱাওক আৰু উৎসাহিত কৰক।

it-১ ৪০৬

সংৰক্ষিত

বাইবেলে প্ৰমাণ দিয়ে যে মোচিৰ যি কিতাপ কেইখন পবিত্ৰ শাস্ত্ৰৰ ভাগ হয়, সেইবোৰ ঈশ্বৰৰ পবিত্ৰ আত্মাৰ নিৰ্দেশনাৰ অনুসৰি লিখা হৈছিল আৰু ইয়াৰপৰা বুজিব পাৰি যে ঈশ্বৰৰ শুদ্ধ উপাসনা কেনেকৈ কৰা উচিত। মোচিয়ে নিজ ইচ্ছাৰে ইস্ৰায়েলীসকলৰ নায়ক হোৱা নাছিল। ইয়াৰ উপৰিও যিহোৱাই মোচিক যেতিয়া ইস্ৰায়েলীসকলৰ নেতৃত্ব লʼবলৈ কৈছিল, তেতিয়া তেওঁ এই দায়িত্ব লʼবলৈ অস্বীকাৰ কৰিছিল। (যাত্ৰা ৩:​১০, ১১; ৪:​১০-১৪) ঈশ্বৰে মোচিক গুৰুত্বপূৰ্ণ দায়িত্ব দিয়াৰ লগতে আচৰিত কাৰ্য্য কৰিবলৈ শক্তিও দিছিল। ফৰৌণৰ ৰাজগৃহত মায়াকৰ্ম্ম কৰা শাস্ত্ৰজ্ঞবিলাকে মোচিক আচৰিত কাৰ্য্য কৰা দেখি, তেওঁলোকে এয়া বিশ্বাস কৰিবলৈ বাধ্য হʼল যে মোচিয়ে ঈশ্বৰৰ শক্তিৰ যোগেদিহে এইদৰে কৰিব পাৰিছে। (যাত্ৰা ৪:​১-৯; ৮:​১৬-১৯) গতিকে, ইয়াৰপৰা বুজিব পাৰি যে মোচিয়ে বাইবেল লিখিবলৈ আৰু লোকসকলক নিৰ্দেশনা দিবলৈ ইচ্ছা কৰা নাছিল। এই কাম কৰিবলৈ যিহোৱাই তেওঁক আজ্ঞা দিছিল। পবিত্ৰ আত্মাৰ যোগেদি মোচিয়ে যিহোৱাৰ ফলিয়া হৈ কথা পাতিছিল আৰু তাৰ পাছত তেওঁ কিছুমান কিতাপ লিখিলে, যিবোৰ বাইবেল সংৰক্ষিতৰ ভাগ হয়।​—⁠যাত্ৰা ১৭:⁠১৪.

আগষ্ট ২৪-৩০

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যাত্ৰাপুস্তক ১৯-২০

“দহটা আজ্ঞা আমাৰ বাবে কি অৰ্থ ৰাখে?”

w৮৯ ১১/১৫ ৬ ¶১

দহটা আজ্ঞা আপোনাৰ বাবে কি অৰ্থ ৰাখে?

প্ৰথম চাৰিটা আজ্ঞা যিহোৱা আৰু তেওঁৰ সেৱাৰ লগত জড়িত আছে। (প্ৰথম) আমি কেৱল তেওঁৰেই উপাসনা কৰাটো যিহোৱাই বিচাৰে। (মথি ৪:১০) (দ্বিতীয়) তেওঁৰ উপাসকসকলে মূৰ্তিবোৰক উপাসনা কৰা উচিত নহয়। (১ যোহন ৫:২১)। (তৃতীয়) আমি সদায় ঈশ্বৰৰ নাম সন্মান সহকাৰে লোৱা উচিত। (যোহন ১৭:২৬; ৰোমীয়া ১০:১৩) (চতুৰ্থ) আমাৰ জীৱনত যিহোৱাৰ উপাসনাক আটাইতকৈ বেছি গুৰুত্ব দিয়া উচিত। এনে কৰাৰ যোগেদি আমাৰ ব্যক্তিগত ইচ্ছাতকৈ বেছি যিহোৱাৰ উপাসনাৰ ওপৰত ধ্যান দিব পাৰিম আৰু এইদৰে আমি “বিশ্ৰাম-বাৰৰ” দিন পালন কৰাৰ দৰে হʼব।​—⁠ইব্ৰী ৪:​৯, ১০.

w৮৯ ১১/১৫ ৬ ¶২-৩

দহটা আজ্ঞা আপোনাৰ বাবে কি অৰ্থ ৰাখে?

(পঞ্চম) যদি লʼৰা-ছোলাৱীয়ে মা-দেউতাকৰ আজ্ঞা পালন কৰে, তেনেহʼলে পৰিয়ালত একতা থাকিব আৰু যিহোৱাই আশীৰ্বাদ দিব। এয়া “অঙ্গীকাৰযুক্ত প্ৰথম আজ্ঞা।” মা-দেউতাৰ আজ্ঞা পালন কৰিলে, “তোমাৰ কল্যাণ হব” আৰু “দেশত দীৰ্ঘায়ু হব।” (ইফিচীয়া ৬:​১-৩) এই প্ৰতিজ্ঞা বৰ্তমান সময়ত দুষ্ট জগতৰ “শেষ-কালত” নতুন যুৱক-যুৱতীৰ বাবে বেছিকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছে। যদি তেওঁলোকে এই আজ্ঞা পালন কৰে, তেনেহʼলে তেওঁলোকে মৃত্যুৰ সন্মুখীন নহʼব।​—⁠২ তীমথিয় ৩:১; যোহন ১১:⁠২৬.

ওচৰ-চুবুৰীয়াৰ প্ৰতি থকা প্ৰেমে আমাক তেওঁলোকৰ ক্ষতি কৰাত বাধা দিব। (ষষ্ঠ) হত্যা কৰা, (সপ্তম) ব্যভিচাৰ কৰা, (অষ্টম) চোৰ কৰা, (নৱম) তেওঁলোকৰ বিৰুদ্ধে মিছা সাক্ষী দিয়া। (১ যোহন ৩:​১০-১২; ইব্ৰী ১৩:৪; ইফিচীয়া ৪:২৮; মথি ৫:৩৭; ৬:​১৬-১৯) কিন্তু, এই আজ্ঞা কেৱল আমাৰ কাৰ্য্যলৈকে সীমিত হৈ আছেনে? বা ইয়ে আমাৰ উদ্দেশ্যক পৰীক্ষা কৰিবলৈ উৎসাহিত কৰেনে? (দশম) আজ্ঞাত আমাক আনৰ বস্তু প্ৰতি লোভ কৰাৰপৰা আঁতৰি থাকিবলৈ সাৱধান কৰা হৈছে। ইয়াৰপৰা আমি বুজিব পাৰোঁ যে যিহোৱাই আমাৰ উদ্দেশ্য সঠিক হোৱাটো বিচাৰে।​—⁠হিতোপদেশ ২১:⁠২.

আধ্যাত্মিক ৰত্ন বিচাৰক

it-২ ৬৮৭¶১-২

পুৰোহিত

খ্ৰীষ্টান পুৰোহিত পদ। যিহোৱাই ইস্ৰায়েলীসকলক প্ৰতিজ্ঞা কৰিছিল যে যদি ইস্ৰায়েলীসকলে তেওঁৰ নিয়ম অনুসৰি জীৱন-যাপন কৰে, তেনেহʼলে তেওঁলোকে ‘ৰাজকীয় পুৰোহিতসমূহ আৰু পবিত্ৰ জাতি হʼব।’ (যাত্ৰা ১৯:⁠৬) কিন্তু হাৰোণ আৰু তেওঁৰ সন্তানসকলৰ পুৰোহিত পদ, ভৱিষ্যতে হʼবলগীয়া এটা ডাঙৰ পুৰোহিত পদৰ চিনহে আছিল। (ইব্ৰী ৮:​৪, ৫) মোচিৰ নিয়ম শেষ নোহোৱালৈকেহে আৰু নতুন নিয়ম পালন নকৰালৈকে হাৰোণৰ পুৰোহিত পদ থাকিব। (ইব্ৰী ৭:​১১-১৪; ৮:​৬, ৭, ১৩) যিহোৱাৰ ৰাজ্যত সৰ্ব প্ৰথমে পুৰোহিত হিচাপে সেৱা কৰিবলৈ কেৱল ইস্ৰায়েল জাতিক সুযোগ দিয়া হৈছিল, কিন্তু পাছলৈ যিহূদী নোহোৱা লোকসকলকো এই সুযোগ দিয়া হৈছিল।​—⁠পাঁচ ১০:​৩৪, ৩৫; ১৫:১৪; ৰোম ১০:⁠২১.

বেছি ভাগ যিহূদীসকলে খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰা নাছিল, সেইবাবে ইস্ৰায়েল ৰাষ্ট্ৰ স্বৰ্গত ৰাজকীয় পুৰোহিতসমূহ আৰু পবিত্ৰ জাতি হোৱাৰ সুযোগ হেৰুৱালে। (ৰোম ১১:​৭, ২০) ইস্ৰায়েল জাতিয়ে যিহোৱাৰ বিৰুদ্ধে বাৰে বাৰে কাম কৰাৰ বাবে যিহোৱাৰ ভৱিষ্যতবক্তা হোচেয়াৰ যোগেদি তেওঁলোকক সতৰ্কবাণী দিছিল “তুমি জ্ঞান অগ্ৰাহ্য কৰিলা, এই হেতুকে মইও তোমাক অগ্ৰাহ্য কৰিম, তাতে তুমি মোৰ পুৰোহিত আৰু নহবা; তুমি তোমাৰ ঈশ্বৰৰ ব্যৱস্থা পাহৰিলা, এই কাৰণে মইও তোমাৰ সন্তানবিলাকক পাহৰিম।” (হোচে ৪:⁠৬) যীচুৱে যিহূদী ধৰ্ম্ম গুৰুবিলাক এইদৰেই কৈছিল, “তোমালোকৰ পৰা ঈশ্বৰৰ ৰাজ্য নিয়া হৈ, তাৰ ফল উৎপন্ন কৰা জাতিক দিয়া হব।” (মথি ২১:৪৩) তথাপিও যীচু যেতিয়ালৈকে এই পৃথিৱীত আছিল, তেওঁ নিয়মবোৰ পালন কৰিছিল আৰু নিজৰ কাৰ্য্যৰ যোগেদি প্ৰকাশ কৰিলে যে তেওঁ হাৰোণৰ পুৰোহিত পদক আদৰ কৰে। উদাহৰণস্বৰূপে, যেতিয়া তেওঁ লোকসকলৰ কুষ্ঠ ৰোগ সুস্থ কৰিছিল, তেতিয়া যীচুৱে তেওঁলোকক কৈছিল তোমালোকে পুৰোহিত ওচৰলৈ গৈ শুচি হʼবলৈ বলি উৎসৰ্গ কৰাগৈ।​—⁠মথি ৮:৪; মাৰ্ক ১:৪৪; লূক ১৭:⁠১৪.

w০৪ ৩/১ ৩১ ¶১

যাত্ৰাপুস্তক কিতাপৰ আলোকপাত

২০:৫​—⁠যিহোৱাই কেনেকৈ ভৱিষ্যতে জন্ম হʼবলগীয়া “সন্তানবিলাকৰ ওপৰত পিতৃবিলাকৰ অপৰাধৰ প্ৰতিফল” দিয়ে? দায়িত্ব বহন কৰা এটা নিৰ্দিষ্ট বয়স হোৱাৰ লগে লগে প্ৰত্যেকজন ব্যক্তিৰ আচৰণ আৰু মনোবৃত্তিৰ ওপৰত আধাৰিত কৰি তেওঁক বিচাৰ কৰা হয়। কিন্তু যেতিয়া ইস্ৰায়েল জাতিয়ে বিপথগামী হৈ মূৰ্ত্তি পুজা কৰিব ধৰিলে, তেতিয়া তাৰ পৰিণাম পিছৰ পুৰুষৰ লোকসকলে ভুগীবলগীয়া হৈছিল। তদুপৰি তেওঁলোকৰ ধৰ্ম্মত বিশৃঙ্খলতা উৎপন্ন হোৱাত বিশ্বাসী ইস্ৰায়েল ব্যক্তিসকলৰ বাবে অখণ্ডতা বজাই ৰাখাত কঠিন হৈছিল।

আগষ্ট ৩১–চেপ্টেম্বৰ ৬

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যাত্ৰাপুস্তক ২১-২২

“জীৱনৰ বিষয়ে যিহোৱাৰ দৰে দৃষ্টিভংগী বজাই ৰাখক”

it-১ ২৭১

মাৰ-পিত কৰা

যদি এজন ইব্ৰীৰ দাসে তেওঁৰ কথা নুশুনে বা তেওঁৰ প্ৰতিৰোধ কৰে, তেনেহʼলে গৰাকীয়ে তেওঁক লাঠীৰে মাৰিব পাৰিছিল। কিন্তু, তেওঁৰ মাৰাৰ বাবে যদি দাসৰ মৃত্যু হয়, তেনেহʼলে গৰাকীক শাস্তি দিয়া হৈছিল। যদি দাসে এক-দুদিন জীয়াই থাকে, তেনেহʼলে গৰাকীয়ে দাস জনক মাৰি পেলোৱাৰ কোনো উদ্দেশ্য নাই বুলি প্ৰমাণিত হৈছিল। গৰাকীয়ে দাস জনক শাস্তি দিয়াৰ অধিকাৰ আছিল, কিয়নো তেওঁ গৰাকীৰ “ধনস্বৰূপ” আছিল। যিকোনো ব্যক্তিয়ে জানি-শুনি নিজৰ সম্পত্তিৰ হানি কৰিব নিবিচাৰে, কিয়নো ইয়াৰপৰা তেওঁৰেই ক্ষতি হয়। যদি দাসৰ মৃত্যু দুই-এদিনৰ পাছত হয়, তেনেহʼলে গৰাকীয়ে মাৰাৰ কাৰণে নে আন কিবা কাৰণত দাস জনৰ মৃত্যু হৈছে, এয়া কোৱা কঠিন হৈছিল। সেইবাবে যদি দাস জন এক-দুদিন জীয়াই থাকে, তেনেহʼলে গৰাকীয়ে শাস্তি পোৱা নাছিল।​—⁠যাত্ৰা ২১:​২০, ২১.

lv ৯১-৯২ ¶১৬

ঈশ্বৰৰ দৰে আপুনিও জীৱনক বহুমূলীয়া বুলি গণ্য কৰেনে?

১৬ যিহোৱা ঈশ্বৰৰ দৃষ্টিত অজন্মা সন্তানৰ জীৱনো বহুমূলীয়া। প্ৰাচীন ইস্ৰায়েলীসকলৰ সময়ত গৰ্ভৱতী তিৰোতাক যদি কোনোবাই আঘাত কৰে আৰু পৰিণামস্বৰূপে মাক বা সন্তানৰ মৃত্যু হয়, তেনেহʼলে ঈশ্বৰৰ দৃষ্টিত সেই ব্যক্তিজনক নৰহত্যাকাৰী বুলি দোষীসাব্যস্ত কৰা হৈছিল আৰু তেওঁ “প্ৰাণৰ সলনি প্ৰাণ” দিবলগীয়া হৈছিল। (যাত্ৰাপুস্তক ২১:​২২, ২৩ পঢ়ক।) নিজৰ স্বাৰ্থ আৰু অনৈতিক কাৰ্য্যৰ বাবে প্ৰতিবছৰে হাজাৰ হাজাৰ অজন্মা সন্তানক ইচ্ছাকৃতভাৱে গৰ্ভপাত কৰি হত্যা কৰা হৈছে। কল্পনা কৰকচোন, এনেবোৰ কাৰ্য্য দেখি যিহোৱা ঈশ্বৰৰ কেনে অনুভৱ হয়?

w১০ ৪/১৫ ২৯ ¶৪

আপুনি সুৰক্ষিত থকাটো যিহোৱাই বিচাৰে

মোচিৰ নিয়মত জীৱ-জন্তুৰ ক্ষেত্ৰতো এনেধৰণৰ নিয়ম দিয়া হৈছিল। যদি গৰুৰ শিঙেৰে খোঁচাত কাৰোবাৰ মৃত্যু হয়, তেনেহʼলে গৰাকীয়ে গৰুটোক মাৰি পেলাবলগীয়া হৈছিল, যাতে সেই গৰুৱে আন কাৰোবাক আঘাত কৰিব নোৱাৰে। গৰুৰ গৰাকীৰ বহুত লোকচান হৈছিল, কিয়নো তেওঁ সেই গৰুৰ মাংস খাব বা বেচিবও নোৱাৰিছিল। উদাহৰণস্বৰূপে, যদি এটা গৰুৱে কাৰোবাক আঘাত কৰিছে, তথাপিও গৰাকীয়ে গৰুটোক বান্ধি ৰখা নাই, তেতিয়া কি? যদি সেই গৰুৱে আন কাৰোবাক মাৰি পেলাই, তেনেহʼলে এয়া নিয়ম আছিল যে গৰুৰ, লগতে তাৰ গৰাকীকো মাৰি পেলাবলগীয়া হৈছিল। এই নিয়মৰ বাবে লোকসকলে পশু-পালনৰ ক্ষেত্ৰত অৱহেলা নকৰিছিল।​—⁠যাত্ৰা. ২১:​২৮, ২৯.

আধ্যাত্মিক ৰত্ন বিচাৰক

w১০ ১/১৫ ৪ ¶৪-৫

আমি যিহোৱাক নিজৰ জীৱন কিয় সমৰ্পণ কৰা উচিত?

৪ সমৰ্পণ এক গম্ভীৰ বিষয়ে হয়। এয়া কাৰোবাক কথা দিয়া বা কিবা কাম কৰিবলৈ প্ৰতিজ্ঞা কৰাতকৈ গুৰুত্বপূৰ্ণ। এনেধৰণৰ প্ৰতিজ্ঞাৰপৰা আমি যেনেকৈ লাভৱান হওঁ, ঠিক সেইদৰে সমৰ্পণ কৰিলেও আমি লাভৱান হওঁ। ইয়াৰপৰা আমাৰ কি লাভ হয়? এয়া বুজিবলৈ বন্ধুত্বৰ উদাহৰণলৈ মন কৰক। ইয়াৰপৰা লাভৱান হʼবলৈ আপুনি এজন বন্ধু হিচাপে নিজৰ দায়িত্ব পালন কৰিব লাগিব। যেনে, বন্ধুক চোৱা-চিতা কৰা, নিজৰ কৰ্তব্য বুলি ভাবক। বাইবেলত ভাল বন্ধুত্বৰ বহুতো উদাহৰণ আছে, তাৰ ভিতৰত এটা হৈছে দায়ূদ আৰু যোনাথনৰ বন্ধুত্ব। তেওঁলোকৰ বন্ধুত্ব ইমানেই গভীৰ আছিল যে তেওঁলোকে এজনে-আনজনক কেতিয়াও নেৰিবলৈ প্ৰতিজ্ঞা কৰি লৈছিল। (১ চমূৱেল ১৭:৫৭; ১৮:​১, ৩ পঢ়ক। ) যদিও বৰ্তমান সময়ত খব কমেই এনে বন্ধুত্ব দেখিবলৈ পোৱা যায়। যদি দুজন বন্ধুৱে এজনে-আনজনৰ চোৱা-চিতা কৰিবলৈ নিজৰ কৰ্তব্য নাপাহৰে, তেনেহʼলে তেওঁলোকৰ বন্ধুত্ব দিনক দিনে বাঢ়ি বাঢ়ি দৃঢ় হৈ গৈ থাকিব।​—⁠হিতো. ১৭:১৭; ১৮:⁠২৪.

৫ সমৰ্পণৰ দ্বিতীয়টো লাভ আন এটা সম্বন্ধৰপৰা বুজিব পাৰে, সেয়া ইস্ৰায়েলীসকলক দিয়া নিয়মত কোৱা হৈছিল। সেয়া হৈছে গৰাকী আৰু দাসৰ সম্বন্ধ। যদি গৰাকীজন ভাল ব্যক্তি হয়, তেনেহʼলে দাসে তেওঁৰ সেৱা কৰাত সুৰক্ষিত অনুভৱ কৰে। যদি তেওঁ গোটেই জীৱন গৰাকীৰ সেৱা কৰিব বিচাৰে, তেনেহʼলে তেওঁ গৰাকীৰ লগত চুক্তি কৰিবলগীয়া হৈছিল। নিয়মত লিখা আছে, “সেই বন্দীয়ে যদি স্পষ্টৰূপে কয়, যে, মই নিজ প্ৰভু, নিজ তিৰোতা, আৰু সন্তান বিলাকক প্ৰেম কৰোঁ, মুক্ত হৈ নেযাওঁ, তেন্তে তাৰ প্ৰভুৱে তাক ঈশ্বৰৰ ওচৰলৈ লৈ যাব, আৰু তাক দুৱাৰ বা দুৱাৰৰ চৌকাঠৰ দুই দাঁতিৰ এডাললৈ নি, তাৰ প্ৰভুৱে বিন্ধনাৰে তাৰ কাণ বিন্ধিব; তেতিয়াৰে পৰা সি সদায় সেই প্ৰভুৰ বন্দী হৈ থাকিব।”​—⁠যাত্ৰা. ২১:​৫, ৬.

it-১ ১১৪৩

শিং

যাত্ৰাপুস্তক ২১: ১৪ পদত উল্লেখ থকা কথাৰ অৰ্থ এয়া হʼব পাৰে, যদি এজন পুৰোহিতে কাৰোবাৰ হত্যা কৰে, তেনেহʼলে তেওঁকো মৃত্যুদণ্ড দিয়া হৈছিল। বা ইয়াৰ অৰ্থ এয়াও হʼব পাৰে যে যদি কোনোবাই জানি-শুনি কাৰোবাক হত্যা কৰে আৰু পলাই গৈ যজ্ঞ-বেদিৰ শিঙ ধৰি থাকে, তথাপিও তেওঁক শাস্তি দিয়া হৈছিল।​—⁠১ৰাজা ২:​২৮-৩৪ পদবোৰ তুলনা কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক