ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 ছেপ্টেম্বৰ পৃষ্ঠা ৮
  • ঘোষণা কাৰ্য্যত আমাৰ দক্ষতাৰ উন্নতি কৰা—কেমেৰা বা ইন্ট্যাৰকমৰ যোগেদি সাক্ষ্য দিয়ক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণা কাৰ্য্যত আমাৰ দক্ষতাৰ উন্নতি কৰা—কেমেৰা বা ইন্ট্যাৰকমৰ যোগেদি সাক্ষ্য দিয়ক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 ছেপ্টেম্বৰ পৃষ্ঠা ৮
এজন ভাই আৰু ভনীয়ে কেমেৰাৰ যোগেদি কাৰোবাক এখন ট্ৰেক দেখুৱাইছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

ঘোষণা কাৰ্য্যত আমাৰ দক্ষতাৰ উন্নতি কৰা—কেমেৰা বা ইন্ট্যাৰকমৰ যোগেদি সাক্ষ্য দিয়ক

কিয় গুৰুত্বপূৰ্ণ: আজি অপৰাধ বৃদ্ধি হোৱাৰ বাবে বহুতোলোকে নিজৰ ঘৰত সুৰক্ষা বাবে কেমেৰা আৰু ইন্ট্যাৰকম লগাই। এইদৰে তেওঁলোকে দুৱাৰ নোখোলাকৈ ঘৰলৈ অহা লোকসকলৰ লগত কথা পাতিব পাৰে। কিছুমান প্ৰচাৰকৰ বাবে কেমেৰা বা ইন্ট্যাৰকমত সাক্ষ্য দিয়াটো সহজ নহয়। কিয়নো সাক্ষ্য দিয়াৰ সময়ত তেওঁলোকে গৃহস্থক দেখা নাপায়। তলত উল্লেখ কৰা কিছুমান পৰামৰ্শৰ সহায়ত আপুনি ভয় নকৰাকৈ সাক্ষ্য দিব পাৰিব।

ইয়াক কেনেকৈ কৰিব:

  • লোকসকলৰ প্ৰতি সঠিক দৃষ্টিভংগী বজাই ৰাখক। বহুতোলোকে নিজৰ ঘৰত কেমেৰা বা ইন্ট্যাৰকম লগাই, কিন্তু তেওঁলোকে আমাৰ লগত কথা পাতিবলৈ আপত্তি নকৰে

  • মনত ৰাখিব কিছুমান ঘৰত আপুনি ঘণ্টা বজোৱাৰ আগতেই কেমেৰাই ৰেকৰ্ডিং কৰিবলৈ আৰম্ভ কৰি দিয়ে, সেইবাবে আপুনি দুৱাৰৰ ওচৰলৈ যোৱাৰ লগে লগে, গৃহস্থই আপোনাক চাব পাৰে আৰু আপোনাৰ কথা শুনিব পাৰে

  • কেমেৰা বা ইন্ট্যাৰকমত কথা পতাৰ সময়ত অংগি-ভংগি আৰু হাঁহি মুখেৰে কথা পাতক। মুখা-মুখিকৈ কথা পতাৰ দৰে, ব্যক্তিজনৰ লগত কথা পাতক। সাধাৰণতে আমি যেনেকৈ ঘৰে-ঘৰে প্ৰচাৰ কৰাৰ সময়ত কৰোঁ, ঠিক তেনেদৰেই কৰক। কেমেৰাৰপৰা সমদূৰত্বত থিয় হওক, যদি গৃহস্থই কোনো উত্তৰ নিদিয়ে, তেনেহʼলে কোনো বাৰ্তা নেৰিব

  • মনত ৰাখিব, কথা-বতৰা শেষ হোৱাৰ পাছতো গৃহস্থই আপোনাক চাব পাৰে আৰু আপোনাৰ কথা শুনিবও পাৰে

এয়া চেষ্টা কৰক

সেই একেজন ভাইয়ে সাক্ষ্য দিবলৈ নিজৰ মোবাইলত ৰেকৰ্ডিং কৰি প্ৰস্তুতি কৰিছে।

নিজৰ মোবাইলৰ কেমেৰাত সাক্ষ্য দিবলৈ প্ৰস্তুতি কৰক আৰু ৰেকৰ্ডিঙৰ ভিডিঅʼখন চলাই, কʼত শুধৰণি কৰিব পাৰে তাক চাওক

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক