ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwbr20 অক্টোবৰ পৃষ্ঠা ১-৭
  • জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা—২০২০
  • উপশীৰ্ষক
  • অক্টোবৰ ৫-১১
  • অক্টোবৰ ১২-১৮
  • অক্টোবৰ ১৯-২৫
  • অক্টোবৰ ২৬–নৱেম্বৰ ১
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা—২০২০
mwbr20 অক্টোবৰ পৃষ্ঠা ১-৭

জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা

অক্টোবৰ ৫-১১

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যাত্ৰাপুস্তক ৩১-৩২

“মূৰ্ত্তি-পূজাৰপৰা আঁতৰি থাকক”

w০৯ ৫/১৫ ১১ ¶১১

পৰিপক্কতাৰ লক্ষ্যৰ ফালে আগবাঢ়িবলৈ চেষ্টা কৰি থাকক—“যিহোৱাৰ মহাদিন ওচৰ”

১১ বাইবেলৰপৰা শিকা কথাবোৰ পালন কৰিবলৈ আমাৰ বাবে কঠিন হʼব পাৰে, বিশেষকৈ যেতিয়া আমি সমস্যাৰ সন্মুখীন হওঁ। আহক ইস্ৰায়েলীসকলৰ উদাহৰণলৈ লক্ষ্য কৰোঁ। যিহোৱাই তেওঁলোকক মিচৰৰ দাসত্বৰপৰা মুকলি কৰাইছিল। এই ঘটনাৰ কিছুদিনৰ পাছতেই “লোকবিলাকে মোচিৰে সৈতে বিবাদ” আৰু “যিহোৱাৰ পৰীক্ষা” কৰিবলৈ ধৰিলে। তেওঁলোকে এইদৰে কিয় কৰিলে? কিয়নো তেওঁলোকৰ ওচৰত খাবলৈ পানী নাছিল। (যাত্ৰা. ১৭:১-৪) ইস্ৰায়েলীসকলে চুক্তি কৰিছিল আৰু “যিহোৱাই যি যি কথা কৈছে, সেই সকলোকে” পালন কৰিবলৈ মান্তি হৈছিল। এই চুক্তি দুমাহো হোৱা নাছিল আৰু ইস্ৰায়েলীসকলে মূৰ্তি-পূজাৰ বিষয়ে যিহোৱাই দিয়া নিয়ম উলংঘন কৰিলে। (যাত্ৰা. ২৪:৩, ১২-১৮; ৩২:১, ২, ৭-৯) মোচিয়ে যিহোৱাৰপৰা নিৰ্দ্দেশনা লʼবলৈ কেইবাদিনলৈকে হোৰেব পৰ্ব্বতত আছিল। মোচিৰ অনুপস্থিতিৰ বাবে তেওঁলোক চিন্তিত হৈছিলনে? তেওঁলোকে ভাবিছিলনে যদি অমালেকে পুনৰ আমাক আক্ৰমণ কৰিলে, মোচিৰ অবিহনে আমি তেওঁলোকৰ ওচৰত সহজে পৰাজয় হʼম। কিয়নো যোৱা বাৰ আমি মোচিৰ যোগেদিয়ে জয় লাভ কৰিছিলোঁ? (যাত্ৰা. ১৭:৮-১৬) হয়তো এয়াই কাৰণে আছিল, কাৰণ যিয়ে নহকও কিয়, ইস্ৰায়েলীসকলে ঈশ্বৰৰ “বশৱৰ্ত্তী হবলৈ অসন্মত” হʼল। (পাঁচ. ৭:৩৯-৪১) তেওঁলোকে আজ্ঞা পালনত “অবিশ্বাসৰ আৰ্হিৰ দৰে” কৰি লৈছিল, সেইবাবে তেওঁলোকে প্ৰতিজ্ঞা কৰা দেশত প্ৰৱেশ কৰিবলৈ চিন্তিত হৈছিল। পৌলে খ্ৰীষ্টানসকলক “যত্ন” কৰিবলৈ উৎসাহিত কৰিছিল, যাতে তেওঁলোকে ইস্ৰায়েলীসকলৰ দৰে নহওক।—ইব্ৰী ৪:৩, ১১.

w১২ ১০/১৫ ২৫ ¶১২

ঈশ্বৰৰ আজ্ঞা পালন কৰক আৰু তেওঁৰ প্ৰতিজ্ঞাৰপৰা লাভৱান হওক

১২ ইস্ৰায়েলীসকলৰ লগত কৰা চুক্তিৰ অনুসৰি যিহোৱাই যি প্ৰতিজ্ঞা কৰিছিল, সেয়া তেওঁ পূৰ কৰিবলৈ ধৰিলে। তেওঁ উপাসনাৰ বাবে তম্বু আৰু পুৰোহিতসকলৰ ব্যৱস্থা কৰিছিল, যাতে পুৰোহিতসকলে অসিদ্ধ লোকসকলক ঈশ্বৰৰ লগত এক সম্পৰ্ক গঢ়ি তুলিবলৈ সহায় কৰে। কিন্তু আনহাতে, ইস্ৰায়েলীসকলে ঈশ্বৰৰ লগত কৰা সমৰ্পণক পাহৰি গʼল আৰু তেওঁলোকে “ইস্ৰায়েলৰ পবিত্ৰ জনাক অসন্তুষ্ট কৰিলে।” (গীত. ৭৮:৪১) উদাহৰণস্বৰূপে, যেতিয়া ঈশ্বৰে মোচিক চীনয় পৰ্ব্বতত নিৰ্দ্দেশনা দি আছিল, তেতিয়া ইস্ৰায়েলীসকলে ধৈৰ্য্য নেদেখুৱালে আৰু ঈশ্বৰৰ প্ৰতি তেওঁলোকৰ বিশ্বাস কমিবলৈ ধৰিলে। তেওঁলোকে ভাবিলে যে মোচিয়ে তেওঁলোকক এৰি দিলে, সেইবাবে তেওঁলোকে এটা সোণৰ দামুৰি সাজিলে আৰু এইদৰে কʼলে “হে ইস্ৰায়েল, মিচৰ দেশৰ পৰা তোমাক উলিয়াই অনা ঈশ্বৰ এয়া।” (যাত্ৰা. ৩২:১, ৪) তাৰ পাছত তেওঁলোকে মূৰ্তিটোৰ আগত প্ৰণিপাত কৰিলে আৰু বলিদান উৎসৰ্গ কৰিবলৈ ধৰিলে আৰু এইদৰে কʼলে আমি “যিহোৱাৰ উদ্দেশে উৎসৱ” পালন কৰিছোঁ। এইবোৰ দেখি যিহোৱাই মোচিক কʼলে “মই তেওঁবিলাকক যি পথৰ বিষয়ে আজ্ঞা দিছিলোঁ, তেওঁবিলাক বেগতে তাৰ পৰা ঘূৰিল।” (যাত্ৰা. ৩২:৫, ৬, ৮) কিন্তু দুখৰ বিষয় যে তেতিয়াৰেপৰা ইস্ৰায়েলীসকলে যিহোৱালৈ বহুতো সংকল্প কৰিলে, কিন্তু সেইবোৰ পূৰ নকৰিলে।—গণ. ৩০:২.

w১৮.০৭ ২০ ¶১৪

আপুনি যিহোৱাৰ ফলিয়ানে?

১৪ মূৰ্তিবিলাকৰ উপাসনা কৰা ভুল হয় বুলি ইস্ৰায়েলীসকলে জানিছিল। (যাত্ৰা. ২০:৩-৫) কিন্তু খন্তেকতে তেওঁলোকে এই নিয়ম পাহৰি গʼল! তেওঁলোকে সোণৰ দামুৰিটোক উপাসনা কৰিবলৈ ধৰিলে। যিহোৱাৰ আজ্ঞা উলংঘন কৰাৰ পাছতো তেওঁলোকে ভাবিছিল যে তেওঁলোক যিহোৱাৰ ফলিয়া হৈ আছে। হাৰোণে এয়াও কৈছিল যে দামুৰিটোক উপাসনা কৰা “যিহোৱাৰ উদ্দেশে উৎসৱ” হয়! তেওঁলোকে নিজকে কিমান ডাঙৰ ফাঁকি দিছিল! এয়া দেখি যিহোৱাই মোচিক কʼলে “তেওঁবিলাক ভ্ৰষ্ট হʼল” আৰু মই “যি পথৰ বিষয়ে আজ্ঞা দিছিলোঁ” তেওঁলোকে সেই পথত চলিবলৈ এৰি দিলে। যিহোৱাই তেওঁলোকৰ ওপৰত ইমান ক্ৰোধিত হʼল যে তেওঁ গোটেই ৰাষ্ট্ৰক বিনাশ কৰিবলৈ ভাবিলে।—যাত্ৰা. ৩২:৫-১০.

আধ্যাত্মিক ৰত্ন বিচাৰক

w১৯.১২ ২ ¶৪

কাম আৰু আৰাম কৰাৰ “এক সময় আছে”

৪ আমি লক্ষ্য কৰিলোঁ যে, যিহোৱা আৰু যীচু খ্ৰীষ্ট দুয়োজন বহুত পৰিশ্ৰমী। কিন্তু ইয়াৰ অৰ্থ হয়নে যে আমি সকলো সময়তে কাম কৰি থাকিব লাগে? নহয়। কিন্তু ঈশ্বৰ যিহোৱা মানুহৰ দৰে নহয়। তেওঁ কেতিয়াও ভাগৰি নপৰে, কিন্তু আমি ভাগৰি যাওঁ। হয়, বাইবেলত উল্লেখ আছে যে যিহোৱাই আকাশ আৰু পৃথিৱী সৃষ্টি কৰাৰ পাছত “সপ্তম দিনা বিশ্ৰাম” কৰিলে। (যাত্ৰা. ৩১:১৭) ইয়াৰ অৰ্থ হৈছে সপ্তম দিনাখন যিহোৱাই পৃথিৱীত সৃষ্টিৰ কাম কৰিবলৈ বন্ধ কৰিলে আৰু তেওঁ যি যি সৃষ্টি কৰিছিল, সেইবোৰৰ আনন্দ উপভোগ কৰিলে। যীচু খ্ৰীষ্টও এই পৃথিৱীত থকাৰ সময়ত কঠিন পৰিশ্ৰম কৰিছিল, তথাপিও তেওঁ আৰাম কৰিবলৈ আৰু বন্ধুসকলৰ লগত আহাৰ খাবলৈ সময় উলিয়াইছিল।—মথি ১৪:১৩; লূক ৭:৩৪.

w৮৭ ৬/১৫ ৫, বক্স

ঈশ্বৰৰ আঙুলি

মিচৰৰ মায়াকৰ্ম্ম কৰা শাস্ত্ৰজ্ঞবিলাকে মোচিৰ দৰে ধূলিক ওকণীলৈ পৰিণত কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু কৰিব নোৱাৰিলে। সেইবাবে তেওঁলোকে ফৰৌণক কʼলে, “এই কৰ্ম্ম ঈশ্বৰৰ আঙুলিৰে কৰা।” (যাত্ৰাপুস্তক ৮:১৮, ১৯) চীনয় পৰ্ব্বতত যিহোৱা ‘ঈশ্বৰে আঙুলিৰে লিখা শিলৰ ফলি দুখন’ মোচিক দিলে। (যাত্ৰাপুস্তক ৩১:১৮) আমি জানো যে ঈশ্বৰ মানৱ শৰীৰৰ দৰে নহয়, তেনেহʼলে ‘ঈশ্বৰৰ আঙুলিৰ’ অৰ্থ কি হয়? লূক আৰু মথি কিতাপৰপৰা আমি ইয়াৰ উত্তৰ জানিব পাৰোঁ। লূকে লিখিছিল যে যীচুৱে “ঈশ্বৰৰ আঙুলিৰে ভূতবোৰক” খেদিছিল। (লূক ১১:২০) কিন্তু মথিয়ে লিখিছিল যে তেওঁ “ঈশ্বৰৰ আত্মাৰ দ্বাৰাই” এইদৰে কৰিছিল। (মথি ১২:২৮) ইয়াৰপৰা জানিব পাৰি যে ‘ঈশ্বৰৰ আঙুলিৰ’ অৰ্থ হৈছে তেওঁৰ পবিত্ৰ আত্মা। এয়া কোনো ব্যক্তি নহয়, ঈশ্বৰৰ সক্ৰিয় শক্তি হয় যাৰ সহায়ত তেওঁ নিজৰ উদ্দেশ্য পূৰ কৰে।

অক্টোবৰ ১২-১৮

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যাত্ৰাপুস্তক ৩৩-৩৪

“যিহোৱাৰ মনোমোহা গুণ”

w১৩ ৩/১৫ ২৪ ¶৩

যিহোৱাৰ মহান নামক সন্মান কৰক

৩ ঈশ্বৰৰ নাম জনাৰ অৰ্থ কেৱল “যিহোৱা” শব্দৰে পৰিচিত হʼলেই নুবুজায়। ইয়াৰ প্ৰকৃত অৰ্থ হৈছে, যিহোৱা কেনেধৰণৰ ঈশ্বৰ হয় তাক জনা। ইয়াত যিহোৱাৰ গুণ, উদ্দেশ্য আৰু বাইবেলত উল্লেখ থকা তেওঁৰ কামৰ বিষয়ে জনাও জড়িত আছে, যেনে তেওঁ নিজৰ সেৱকসকলৰ লগত কেনে ব্যৱহাৰ কৰিছিল। যেনেকৈ তেওঁৰ উদ্দেশ্য পূৰ হʼবলৈ ধৰিছে, তেনেকৈ তেওঁ আমাক এই সকলোবোৰ বিষয়ে বুজিবলৈ অলপ-অলপকৈ জ্ঞান দিছে। (হিতো. ৪:১৮) যিহোৱাই প্ৰথমে তেওঁৰ নাম প্ৰথম দম্পত্তি কৈছিল, সেইবাবে হৱাই কয়িনক জন্ম দিয়াৰ পাছত এই নাম লৈছিল। (আদি. ৪:১) বিশ্বাসী পূৰ্বপুৰুষ নোহ, অব্ৰাহাম, ইচহাক, আৰু যাকোবেও ঈশ্বৰৰ নাম জানিছিল। যিহোৱাই তেওঁলোকক আশীৰ্বাদ কৰিলে, তেওঁলোকৰ চোৱা-চিতা কৰিলে আৰু নিজৰ উদ্দেশ্যৰ বিষয়ে জনালে, তেতিয়া তেওঁলোকৰ হৃদয়ত যিহোৱাৰ নামৰ প্ৰতি সন্মান বাঢ়িবলৈ ধৰিলে। পাছলৈ যিহোৱাই মোচিক নিজৰ নামৰ বিষয়ে এটা গুৰুত্বপূৰ্ণ কথা জনালে।

w০৯ ১০/১ ২৮ ¶৩-৫

যেতিয়া ঈশ্বৰে নিজৰ বিষয়ে কৈছিল

যিহোৱাই সৰ্ব্বপ্ৰথমে কৈছিল যে তেওঁ ‘কৃপা আৰু দয়াৰ’ ঈশ্বৰ হয়। (পদ ৬) এজন বিদ্বানৰ মতে, যি হীব্ৰু শব্দৰ অনুবাদ “দয়া” কৰা হৈছে, তাৰপৰা বুজিব পাৰি যে ঈশ্বৰৰ অন্তৰত “কোমল কৰুণা আছে, ঠিক যেনেদৰে এজন পিতৃৰ নিজৰ সন্তানৰ প্ৰতি থাকে।” “কৃপা” শব্দৰ বাবে যি শব্দ ব্যৱহাৰ কৰা হৈছে, সেয়া এটা ক্ৰিয়াৰ লগত জড়িত আছে। এই ক্ৰিয়া “এনে ব্যক্তিৰ বাবে ব্যৱহাৰ কৰা হয়, যাৰ হৃদয়ে সহায়ৰ প্ৰয়োজন হোৱা লোকসকলক সহায় কৰিবলৈ তেওঁক উৎসাহিত কৰে।” আমি এই কথা জনাটো যিহোৱাই বিচাৰে যে, তেওঁ নিজৰ উপাসকসকলক ঠিক তেনেদৰেই চোৱা-চিতা কৰে, যিদৰে পিতৃ-মাতৃয়ে নিজৰ সন্তানসকলৰ চোৱা-চিতা কৰে। যিহোৱাই তেওঁলোকক প্ৰেম কৰে আৰু তেওঁলোকৰ প্ৰয়োজনীতা পূৰ কৰে।—গীতমালা ১০৩:৮, ১৩.

তাৰ পাছত যিহোৱাই কʼলে তেওঁ “ক্ৰোধত ধীৰ।” (পদ ৬) তেওঁৰ সেৱকসকলে কিবা ভুল কৰিলে, তেওঁ অতিপাত ক্ৰোধীত নহয়। ইয়াৰ পৰিৱৰ্তে, তেওঁ ধৈৰ্য্য ধৰে আৰু তেওঁলোকৰ দুৰ্বলতাবোৰ সহন কৰে। ইয়াৰ উপৰিও তেওঁ তেওঁলোকৰ ভুলবোৰ শুধৰণি কৰিবলৈ সময় দিয়ে।—২ পিতৰ ৩:৯.

ঈশ্বৰে আৰু কʼলে তেওঁ “দয়া [‘প্ৰকৃত প্ৰেম,’ NW] আৰু সত্যতাত মহান”। (পদ ৬) প্ৰকৃত প্ৰেম এটা অমূল্য গুণ হয়, যিয়ে যিহোৱাক তেওঁৰ সেৱকসকলৰ লগত এক সম্পৰ্কত বজাই ৰাখে। সেইবাবে তেওঁলোকৰ মাজৰ সম্পৰ্ক দৃঢ় হয়, যাক কোনেও নাইকিয়া কৰিব নোৱাৰে। (দ্বিতীয় বিবৰণ ৭:৯) যিহোৱা সত্যতাৰ উৎস হয়। তেওঁ কাৰো লগত বিশ্বাসঘাত নকৰে আৰু কোনেও তেওঁক বিশ্বাসঘাত কৰিব নোৱাৰে। তেওঁ “সত্য ঈশ্বৰ” হয়। সেইবাবে আমি তেওঁৰ সকলো কথাৰ ওপৰত বিশ্বাস কৰিব পাৰোঁ, লগতে তেওঁ ভৱিষ্যতৰ বিষয়ে কৰা প্ৰতিজ্ঞাবোৰৰ ওপৰতো বিশ্বাস কৰিব পাৰোঁ।—গীতমালা ৩১:৫.

w০৯ ১০/১ ২৮ ¶৬

যেতিয়া ঈশ্বৰে নিজৰ বিষয়ে কৈছিল

যিহোৱাই আমাক আৰু এটা সত্যতা জনাইছে যে তেওঁ “অপৰাধ, আজ্ঞালঙ্ঘন, আৰু পাপ” ক্ষমা কৰে। (পদ ৭) যিসকল লোকে হৃদয়েৰে অনুতাপ কৰে, তেওঁলোকক যিহোৱাই ‘ক্ষমা’ কৰিবলৈ সাজু থাকে। (গীতমালা ৮৬:৫) কিন্তু তেওঁ কোনো ধৰণৰ দুষ্টতাক আওকাণ নকৰে। যিহোৱাই কৈছিল যে “তেওঁ নিশ্চয়ে দোষীক নিৰ্দ্দোষী নকৰে।” (পদ ৭) যিহোৱা পবিত্ৰ আৰু ন্যায়ী ঈশ্বৰ হয়। সেইবাবে তেওঁ জানি-শুনি পাপ কৰা লোকসকলক শাস্তি নিদিয়াকৈ নাথাকিব। কেতিয়াবা নহয় কেতিয়াবা তেওঁলোকে কৰা ভুলৰ শাস্তি পাব।

আধ্যাত্মিক ৰত্ন বিচাৰক

w০৪ ৩/১ ৩১ ¶৫

যাত্ৰাপুস্তক কিতাপৰ আলোকপাত

৩৩:১১, ২০—ঈশ্বৰে কেনেকৈ মোচিৰ সৈতে “সম্মুখা-সম্মুখিকৈ” কথা-বতৰা হৈছিল? এই উক্তিটোৱে দুই ফালৰপৰা হোৱা কথোপকথনক নিৰ্দ্দেশিত কৰিছে। মোচিয়ে ঈশ্বৰৰ প্ৰতিনিধিজনৰ সৈতে কথা-বতৰা হৈ তেওঁৰ দ্বাৰা যিহোৱাৰ নিৰ্দ্দেশনা পাইছিল। কিন্তু মোচিয়ে কেতিয়াও যিহোৱাক দেখা নাছিল, কিয়নো কোনো ‘মানুহে ঈশ্বৰক দেখি জীয়াই থাকিব নোৱাৰে।’ দৰাচলতে যিহোৱা ঈশ্বৰে ব্যক্তিগতভাৱে মোচিৰ সৈতে কথোপকথন কৰা নাছিল। গালাতীয়া ৩:১৯ পদত কৈছে যে সেই বিধি-ব্যৱস্থা “দূতবিলাকৰ দ্বাৰাই এজন মধ্যস্থৰ হাতেৰে বিধিস্বৰূপে নিৰূপণ কৰোৱা হল।”

w৯৮ ৯/১ ২০ ¶৫

গুৰুত্বপূৰ্ণ বিষয়বোৰক প্ৰথম স্থান দিওঁক

দেশৰ সকলো ইস্ৰায়েলী বা যিহূদী ধৰ্ম পালন কৰা পুৰুষসকলক বছৰত তিনিবাৰ যিহোৱাৰ সন্মুখত উপস্থিত হʼবলৈ আদেশ দিয়া হৈছিল। পৰিয়ালৰ মুৰব্বীসকলে বুজি পাইছিল যে এই ব্যৱস্থাৰপৰা পৰিয়ালৰ সকলো সদস্যই লাভৱান হʼব, সেইবাবে কিছুমান পৰিয়ালৰ মুৰব্বীসকলে নিজৰ-নিজৰ পত্নী আৰু সন্তানসকলক, তেওঁলোকৰ লগত লৈ যাবলৈ ব্যৱস্থা কৰিলে। কিন্তু যেতিয়া পৰিয়ালে ঘৰ এৰি যাব, তেতিয়া শত্ৰুসকলৰ আক্ৰমণৰপৰা তেওঁলোকৰ ঘৰ আৰু খেতি-পথাৰ কোনে ৰক্ষা কৰিব? যিহোৱাই প্ৰতিজ্ঞা কৰিছিল: “তুমি বছৰৰ ভিতৰত তিনিবাৰ নিজ ঈশ্বৰ যিহোৱাৰ আগত উপস্থিত হʼবলৈ গলে, তোমাৰ ভূমিলৈ কোনেও লোভ নকৰিব।” (যাত্ৰাপুস্তক ৩৪:২৪) এই কথা ভৰসা কৰিবলৈ ইস্ৰায়েলীসকলক বিশ্বাসৰ প্ৰয়োজন আছিল যে যদি তেওঁলোকে আধ্যাত্মিকতাক প্ৰথম স্থান দিয়ে, তেনেহʼলে তেওঁলোকৰ ভৌতিক বস্তুবোৰৰ হানি নহʼব। যিহোৱাই নিজৰ প্ৰতিজ্ঞা পূৰ কৰিলেনে? নিশ্চয় কৰিলে!

অক্টোবৰ ১৯-২৫

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যাত্ৰাপুস্তক ৩৫-৩৬

“যিহোৱাই নিজৰ সেৱকসকলক যোগ্য কৰি তুলে”

w১৪ ১২/১৫ ৪ ¶৪

স্ব-ইচ্ছাৰে দান কৰা সকলক যিহোৱাই আশীৰ্বাদ দিয়ে

সত্য উপাসনাত সহযোগ কৰা লোকসকলে দিয়া দানক দেখি যিহোৱাই আনন্দিত নহয়, কিন্তু তেওঁলোকৰ দান কৰাৰ ইচ্ছা দেখি আনন্দিত হয়। তেওঁলোকৰ হৃদয়ে উপাসনাৰ ঠাই নিৰ্মাণ কৰিবলৈ নিজৰ সময় আৰু শক্তি ব্যৱহাৰ কৰিবলৈ তেওঁলোকক উৎসাহিত কৰিলে। এই ঘটনাই উনুকিয়াই দিয়ে যে ‘সকলো জ্ঞানী মনৰ তিৰোতাবিলাকে নিজ নিজ হাত কাটিলে।’ সঁচাকৈ “জ্ঞানৰ দ্বাৰাই উৎসাহ জন্মা সকলো তিৰোতাবিলাকে ছাগৰ নোমৰ সূতা কাটিলে।” লগতে যিহোৱাই বচলেলক “সকলো প্ৰকাৰ শিল্প-কৰ্ম্ম কৰিবলৈ, তেওঁক জ্ঞান, বুদ্ধি, বিদ্যা” দি নিপুণ কৰিলে। দৰাচলতে, ঈশ্বৰে বচলেল আৰু অহলীয়াবক দিয়া সকলো কাম পূৰ কৰিবলৈ প্ৰয়োজনীয় কৌশল দিলে।—যাত্ৰা. ৩৫:২৫, ২৬, ৩০-৩৫.

w১১ ১২/১৫ ১৯ ¶৬

প্ৰাচীন সময়ৰ বিশ্বাসী সেৱকসকলে ঈশ্বৰৰ পবিত্ৰ আত্মাৰ নিৰ্দ্দেশনা অনুসৰি চলিছিল

৬ বচলেল মোচিৰ সময়ছোৱাৰ ঈশ্বৰৰ এজন সেৱক আছিল। তেওঁৰ উদাহৰণৰপৰা আমি শিকিব পাৰোঁ যে ঈশ্বৰৰ পবিত্ৰ আত্মা কেনেকৈ কাম কৰে। (যাত্ৰাপুস্তক ৩৫:৩০-৩৫ পঢ়ক। ) বচলেলক তম্বুৰ প্ৰয়োজনীয় বস্তুবোৰ বনোৱাৰ বাবে নায়ক হিচাপে নিযুক্ত কৰা হৈছিল। এই কাম বহুত ডাঙৰ আছিল, সেইবাবে ইয়াত যথেষ্ট সময় আৰু পৰিশ্ৰমৰো প্ৰয়োজন আছিল। কিন্তু তেওঁৰ এই কামৰ বিষয়ে আগতে কোনো জ্ঞান আছিলনে? থাকিবও পাৰে। কিন্তু ইয়াৰ আগতে হয়তো তেওঁ মিচৰীয়াসকলৰ কাৰণে ইটা বনোৱাৰ কাম কৰিছিল। (যাত্ৰা. ১:১৩, ১৪) তেনেহʼলে বচলেলে এই কঠিন কাম কেনেকৈ পূৰ কৰিলে? যিহোৱাই তেওঁক “জ্ঞান, বুদ্ধি, বিদ্যা, আৰু . . . সকলো প্ৰকাৰ শিল্প-কৰ্ম্ম, আৰু কৌশলৰ কাৰ্য্য কল্পনা কৰিবলৈ” আৰু সুন্দৰ বস্তুবোৰ তৈয়াৰ কৰিবলৈ নিপুণ কৰিলে। পবিত্ৰ আত্মাই বচলেলৰ স্বাভাৱিক দক্ষতা বৃদ্ধি কৰিলে। অহলীয়াবৰ লগতো এইদৰে হৈছিল। বচলেল আৰু অহলীয়াবে এই কাম নিশ্চয় ভালদৰে শিকি লৈছিল কিয়নো তেওঁলোকে কেৱল নিজেই এই কাম কৰা নাছিল, কিন্তু আনকো এই কাম কৰিবলৈ প্ৰশিক্ষণ দিছিল। নিশ্চয়, যিহোৱাই আনক শিকাবলৈ তেওঁলোকক অনুপ্ৰাণিত কৰিলে।

w১১ ১২/১৫ ১৯ ¶৭

প্ৰাচীন সময়ৰ বিশ্বাসী সেৱকসকলে ঈশ্বৰৰ পবিত্ৰ আত্মাৰ নিৰ্দ্দেশনা অনুসৰি চলিছিল

৭ বচলেল আৰু অহলীয়াবে তৈয়াৰ কৰা বস্তুবোৰ পাঁচশ বছৰ পাছতো ব্যৱহাৰ কৰা হৈছিল। (২ বং. ১:২-৬) হয়, তেওঁলোকৰ কাম মজবুত আৰু স্থায়ী আছিল। এই কথাই প্ৰমাণ কৰে যে ঈশ্বৰৰ পবিত্ৰ আত্মাই তেওঁলোকক নিৰ্দ্দেশনা দিছিল। বচলেল আৰু অহলীয়াব, আজিৰ নিৰ্মাণকাৰীসকলৰ দৰে নাছিল যিসকলে কেৱল নিজৰ নাম অৰ্জন কৰিব বিচাৰে। তেওঁলোকে নিজৰ কামৰ মহিমা যিহোৱাক দিলে।—যাত্ৰা. ৩৬:১, ২.

আধ্যাত্মিক ৰত্ন বিচাৰক:

w০৫ ৬/১ ১৫ ¶১৪

যিহোৱাৰ পথবোৰৰ বিষয়ে জনা

১৪ আধ্যাত্মিক বিষয়বোৰক প্ৰথম স্থান দিয়া। আধ্যাত্মিক বিষয়বোৰৰ প্ৰতি মনোযোগ দিয়াৰ সময়ত ইস্ৰায়েলসকলক তেওঁলোকৰ ভৌতিক আৱশ্যকতাবোৰৰ বাবে অত্যাধিক সময় আৰু শক্তি অতিবাহিত কৰিবলৈ অনুমতি দিয়া নাছিল। ইয়াৰ অৰ্থ এইটো যে ইস্ৰায়েলসকলে অনাৱশ্যকীয় বিষয়বোৰক নিজৰ জীৱনত অধিক গুৰুত্ব দিব নালাগিছিল। তাৰ পৰিৱৰ্তে তেওঁলোকে উপাসনাৰ সম্বন্ধে ঈশ্বৰে সপ্তাহত আছুতীয়াকৈ কৰা ব্যৱস্থাত একান্তভাৱে সময় অতিবাহিত কৰিব লাগিছিল। (যাত্ৰাপুস্তক ৩৫:১-৩; গণনা পুস্তক ১৫:৩২-৩৬) প্ৰত্যেক বছৰে আয়োজিত কৰা পবিত্ৰ সভাবোৰত উপস্থিত হʼবলৈ তেওঁলোকে আছুতীয়াকৈ সময় উলিয়াব লাগিছিল। (লেবীয়া পুস্তক ২৩:৪-৪৪) ইয়ে তেওঁলোকক যিহোৱাৰ মহান কৰ্ম্ম, তেওঁৰ পথবোৰ সোঁৱৰিবলৈ আৰু তেওঁৰ মঙ্গলময় গুণৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ সুযোগ আগবঢ়াইছিল। তেওঁলোকে ঈশ্বৰৰ প্ৰতি নিষ্ঠাৱান হৈ ঈশ্বৰীয় ভয় আৰু প্ৰেম বিকশিত কৰি তেওঁৰ পথবোৰৰ অনুসাৰে চলিবলৈ পাৰিলেহেঁতেন। (দ্বিতীয় বিবৰণ ১০:১২, ১৩) বৰ্তমান যিহোৱাৰ উপাসকসকলেও সেই নিৰ্দ্দেশনাবোৰত সন্মিলিত থকা সিদ্ধান্তসমূহৰ দ্বাৰা লাভৱান হʼব পাৰে।—ইব্ৰী ১০:২৪, ২৫.

w০০ ১১/১ ২৯ ¶২

দান কৰিলে আনন্দ লাভ কৰোঁ

বহুবছৰলৈকে ইস্ৰায়েলীসকলে দাসত্বৰ জীৱন কটাবলগীয়া হৈছিল, তেওঁলোকে বহুতো দুখ-কষ্টৰ সন্মুখীন হৈছিল। তাৰ পাছত মুকলি হৈ তেওঁলোকে ধন-সম্পত্তি লাভ কৰিলে আৰু সেই ধন-সম্পত্তি তেওঁলোকক দান কৰিবলৈ কোৱা হৈছে, তেতিয়া তেওঁলোকে কেনে অনুভৱ কৰিছিল? তেওঁলোকে ভাবিব পাৰিলেহেঁতেন যে আমি যি ধন-সম্পত্তি লাভ কৰিছোঁ, এয়া আমাৰ পৰিশ্ৰমৰ ফল হয়, সেইবাবে ইয়াৰ ওপৰত কেৱল আমাৰ অধিকাৰ আছে। কিন্তু তেওঁলোকে এইদৰে ভাবিলেনে আৰু দান দিবলৈ অস্বীকাৰ কৰিলেনে? নহয়, তেওঁলোকে সংকোচ নকৰাকৈ আৰু হৃদয় খুলি দান দিলে। তেওঁলোকে যিহোৱাৰ অনুগ্ৰহতে এই সকলোবোৰ বস্তু লাভ কৰিছে বুলি নাপাহৰিলে। সেইবাবে তেওঁলোকে উদাৰতাৰে সোণ-ৰূপ আৰু জীৱ-জন্তু দান কৰিলে। তেওঁলোকে ‘মনৰ ইচ্ছাৰে’ দান কৰিলে। “যিবিলাকৰ মনত ইচ্ছা হʼল” সঁচাকৈ তেওঁলোকে “নিজ ইচ্ছাৰে যিহোৱাৰ উদ্দেশে নৈবেদ্য আনিলে।”—যাত্ৰাপুস্তক ২৫:১-৯; ৩৫:৪-৯, ২০-২৯; ৩৬:৩-৭.

অক্টোবৰ ২৬–নৱেম্বৰ ১

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যাত্ৰাপুস্তক ৩৭-৩৮

“পবিত্ৰ-স্থানত বেদিবোৰৰ ভূমিকা”

w০৩ ২/১৫ ২৮ ¶৫

উপাসনাত বেদিৰ গুৰুত্বতা কি?

যেতিয়া ঈশ্বৰে ইস্ৰায়েল জাতিক নিজৰ নিয়ম দিছিল, তেতিয়া তেওঁলোকক পবিত্ৰ-স্থান বনাবলৈ কৈছিল। এয়া তেওঁলোকে এঠাইৰ পৰা আন ঠাইলৈ নিবপৰা তম্বুৰ দৰে আছিল । ইয়াক “সাক্ষাৎ কৰা তম্বু” বুলিও কোৱা হৈছিল আৰু ঈশ্বৰৰ উপাসনাৰ বাবে এয়া এক বিশেষ ব্যৱস্থা আছিল। (যাত্ৰাপুস্তক ৩৯:৩২, ৪০) এই পবিত্ৰ-স্থান বা তম্বুত দুটা বেদি আছিল। এটা বেদিত হোম-বলি দিয়া হৈছিল। এয়া চিটীম কাঠেৰে বনোৱা হৈছিল আৰু পিতলৰ পতা মৰা আছিল। ইয়াক পবিত্ৰ-স্থানৰ দুৱাৰৰ সন্মুখত ৰখা হৈছিল আৰু তাত জীৱ-জন্তুৰ বলিদান উৎসৰ্গ কৰা হৈছিল। (যাত্ৰাপুস্তক ২৭:১-৮; ৩৯:৩৯; ৪০:৬, ২৯) আনটো বেদিত ধূপ জ্বলোৱা হৈছিল। এয়াও চিটীম কাঠেৰে বনোৱা হৈছিল, কিন্তু ইয়াত সোণৰ পতা মৰা আছিল। এই বেদি তম্বুৰ ভিতৰত, অতি পবিত্ৰ ভাগৰ পৰ্দ্দাৰ ওচৰত ৰখা হৈছিল। (যাত্ৰাপুস্তক ৩০:১-৬; ৩৯:৩৮; ৪০:৫, ২৬, ২৭) তাৰ ওপৰত দিনত দুবাৰ, ৰাতিপুৱা আৰু সন্ধ্যা বিশেষ ধৰণৰ ধূপ জ্বলোৱা হৈছিল। (যাত্ৰাপুস্তক ৩০:৭-৯) ৰজা চলোমনে ঈশ্বৰৰ উদ্দেশ্য নিৰ্মাণ কৰা স্থায়ী মন্দিৰ, পবিত্ৰ-স্থানৰ নক্সাৰ আধাৰত বনোৱা হৈছিল, সেইবাবে তাতো দুটা বেদি আছিল।

it-১ ১১৯৫

ধূপ

পবিত্ৰ-স্থানত ব্যৱহাৰ হোৱা পবিত্ৰ ধূপ মূল্যৱান সামগ্ৰীৰে তৈয়াৰ কৰা হৈছিল, যিবোৰ ইস্ৰায়েলীসকলে দান কৰিছিল। (যাত্ৰা ২৫:১, ২, ৬; ৩৫:৪, ৫, ৮, ২৭-২৯) সুগন্ধি ধূপ কি চাৰিবিধ সামগ্ৰীৰে তৈয়াৰ কৰিব লাগে যিহোৱাই মোচিক কৈছিল। যিহোৱাই কʼলে, “তুমি নিজৰ নিমেত্তে সুগন্ধি দ্ৰব্য, অৰ্থাৎ নাটাফ, নখী, হেল্‌বনা, এই সকলো সুগন্ধি দ্ৰব্যৰ, আৰু নিৰ্ম্মল কুন্দুৰুৰ প্ৰত্যেকটা সমভাগ কৰি লবা। আৰু তাৰ দ্বাৰাই সুগন্ধি-দ্ৰব্য-ব্যৱসায়ীৰ নিয়মেৰে কৰা লোণ মিহলোৱা এক নিৰ্ম্মল পবিত্ৰ সুগন্ধি ধূপ যুগুত কৰিবা। তাৰ অলপ গুড়ি কৰি, যি সাক্ষাৎ কৰা তম্বুত মই তোমাৰে সৈতে সাক্ষাৎ কৰিম, তাত সাক্ষ্য-ফলিৰ চন্দুকৰ সম্মুখত তাক থবা; সেয়ে তোমালোকলৈ অতি পবিত্ৰ হব।” লগতে যিহোৱাই এয়াও কʼলে, “যি কোনোৱে নিজে ঘ্ৰাণ লʼবৰ নিমিত্তে তাৰ নিচিনা ধূপ যুগুত কৰিব, তাক নিজ লোকবিলাকৰ মাজৰ পৰা উচ্ছন্ন কৰা হব।” (যাত্ৰা ৩০:৩৪-৩৮; ৩৭:২৯) এইদৰে যিহোৱাই প্ৰকাশ কৰিলে যে এই ধূপ পবিত্ৰ হয় আৰু ইয়াৰ ব্যৱহাৰ কেৱল তেওঁৰ উপাসনাতে কৰা উচিত।

it-১ ৮২ ¶১

বেদি

পবিত্ৰ-স্থানৰ বেদিবোৰ। যিহোৱাই পবিত্ৰ-স্থান নিৰ্মাণ কৰাৰ যি নক্সা দিছিল, তাৰ অনুসৰি তাত দুটা বেদি বনোৱা হৈছিল। হোম-বলিৰ বেদি (যাক “পিতলৰ বেদি” বুলিও কোৱা হৈছিল [যাত্ৰা ৩৯:৩৯]) চিটীম কাঠেৰে বনোৱা হৈছিল। এয়া ফোঁপোলা আকাৰৰ নিৰ্মাণ কৰা হৈছিল আৰু ওপৰ আৰু তল দুয়োফালে খোলা আছিল। ইয়াৰ দীৰ্ঘ আৰু প্ৰস্থ ২.২ মি. (৭.৩ ফুট) আৰু উচ্চতা ১.৩ মি. (৪.৪ ফুট) আছিল। বেদিৰ ওপৰৰ চাৰিটা চুকত “শিং” সজা হৈছিল। ইয়াৰ ওপৰত পিতলৰ পতা মৰা হৈছিল। বেদিৰ বাবে পিতলৰ এটা জালি বনোৱা হৈছিল। এই জালি বেদিৰ ভিতৰত লগোৱা হৈছিল। এই জালি বেদিৰ কাষেৰে “তল ভাগত” অৰ্থাৎ “থাকৰ তলত” লগোৱা হৈছিল। বেদিৰ চাৰিটা চুকত, জালিৰ কাষত চাৰিটা খাৰুৱা লগোৱা হৈছিল, যাতে তাৰ ভিতৰত কানমাৰি সোমোৱাই বেদি বৈ নিব পাৰি। এই কানমাৰি চিটীম কাঠৰ আছিল আৰু তাৰ ওপৰত পিতলৰ পতা মৰা আছিল। হয়তো ইয়াৰ অৰ্থ আছিল যে বেদিৰ দুয়োফালে ফাঁক বনোৱা হৈছিল, যাতে মাজত জালি সোমোৱাব পাৰি। কিছুমান বিদ্বানৰ মতে বেদিৰ কেৱল বাহিৰ ফালে খাৰুৱা লগোৱা আছিল, কিন্তু কিছুমানে বিশ্বাস কৰে যে জালিৰ দুয়োফালে খাৰুৱা লগোৱা আছিল। বেদিৰ লগতে ব্যৱহাৰ হোৱা আন বস্তুবোৰ, যেনে জুইৰ আঙঠা-ধৰা পাত্ৰ, জীৱ-জন্তুৰ তেজ জমা কৰা পাত্ৰ, মাংস উঠোৱা পাত্ৰ আৰু হেঁতা এই সকলোবোৰ পিতলেৰে বনোৱা হৈছিল।—যাত্ৰা ২৭:১-৮; ৩৮:১-৭, ৩০; গণ ৪:১৪.

আধ্যাত্মিক ৰত্ন বিচাৰক

it-১ ৩৬

চিটীম গছ

চিটীম গছৰ ডালবিলাক বহু দূৰলৈকে সিঁচৰিত হৈ থাকে আৰু ইয়াৰ দীঘল দীঘল কাঁইট থাকে। প্ৰায়ে দেখিবলৈ পোৱা যায় যে যেতিয়া কিছুমান চিটীম গছ একে লগে বাঢ়িবলৈ ধৰে, তেতিয়া এটা আনটোৰ লগত লাগি ধৰে যাৰ বাবে এই গছ দেখিবলৈ জোপোহাৰ দৰে হয়। হয়তো সেইবাবে এই গছৰ বাবে ব্যৱহাৰ হোৱা হীব্ৰু শব্দ চিটীম, মূল ভাষাত এই শব্দ প্ৰায় প্ৰতিবাৰে বহুবচনত ব্যৱহাৰ কৰা হৈছে। চিটীম গছ ৬ পৰা ৮ মিটাৰ ওখ হয় (২০ পৰা ২৬ ফুট), কিন্তু ই প্ৰায়ে জোপোহাৰ দৰে হয়। এই গছৰ পাত কোমল পাখিৰ দৰে হয়। ইয়াত হালধীয়া বৰণৰ ধুনীয়া ফুল আৰু চেপেটা ফল ধৰে। এই গছৰ বাকলি কʼলা ৰঙৰ আৰু দেখিবলৈ উখৰা-মাখৰা হয়। ইয়াৰ কাঠ টান, শিতল আৰু গধুৰ হয় আৰু ইয়াত পোক নধৰে। এই গছজোপা মৰুভূমিত বেছিকৈ পোৱা যায়। সেইবাবে পবিত্ৰ-স্থান আৰু ইয়াৰ বস্তুবোৰ চিটীম কাঠেৰে বনোৱা হৈছিল। উদাহৰণস্বৰূপে, নিয়ম-চন্দুক (যাত্ৰা ২৫:১০; ৩৭:১), দৰ্শন-পিঠা থোৱা মেজ (যাত্ৰা ২৫:২৩; ৩৭:১০), বেদিবোৰ (যাত্ৰা ২৭:১; ৩৭:২৫; ৩৮:১), এই বস্তুবোৰ তুলিবলৈ দীঘল-দীঘল কানমাৰি (যাত্ৰা ২৫:১৩, ২৮; ২৭:৬; ৩০:৫; ৩৭:৪, ১৫, ২৮; ৩৮:৬), পৰ্দ্দা লগাবলৈ যুগুত কৰা খুঁটা (যাত্ৰা ২৬:৩২, ৩৭; ৩৬:৩৬), তক্তা (যাত্ৰা ২৬:১৫; ৩৬:২০) আৰু তক্তাবোৰ জোৰা লগাবলৈ চিটীম কাঠৰ ডাং বনোৱা হৈছিল (যাত্ৰা ২৬:২৭; ৩৬:৩২).

w১৫ ৪/১ ১৫ ¶৪

আপুনি জানেনে?

প্ৰাচীন সময়ৰ দাপোণ আজিৰ দাপোণতকৈ বেলেগ আছিল। দাপোণবোৰ কাচৰ নাছিল, সেইবোৰ কাঁহ, পিতল, সোণ আৰু ৰূপৰ দৰে উজ্জ্বল ধাতুৰে তৈয়াৰ কৰা হৈছিল। বাইবেলত পবিত্ৰ-স্থান নিৰ্মাণৰ বিষয়ে উল্লেখ কৰা সময়ত প্ৰথমবাৰ দাপোণ বিষয়ে উল্লেখ পোৱা যায়। তিৰোতাসকলে পবিত্ৰ-স্থানত পিতলৰ প্ৰক্ষালন-পাত্ৰ আৰু তাৰ খুৰা গঢ়াবলৈ দাপোণ দান দিলে। (যাত্ৰাপুস্তক ৩৮:৮) কিন্তু এইবোৰ বনোৱাৰ আগতে দাপোণবোৰক গলোৱা হৈছিল।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক