নৱেম্বৰ ২-৮
যাত্ৰাপুস্তক ৩৯-৪০
গীত ৮৯ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“মোচিয়ে যিহোৱাই কোৱাৰ দৰেই কৰিলে”: (১০ মি.)
যাত্ৰা ৩৯:৩২—যিহোৱাই সাক্ষাৎ কৰা তম্বু যিদৰে বনাবলৈ কৈছিল, মোচিয়ে ঠিক সেইদৰেই কৰিলে (w১১-HI ৯/১৫ ২৭ ¶১৩)
যাত্ৰা ৩৯:৪৩—যেতিয়া সাক্ষাৎ কৰা তম্বু তৈয়াৰ হʼল, তেতিয়া মোচিয়ে তাক চালি-জাৰি চালে
যাত্ৰা ৪০:১, ২, ১৬—মোচিয়ে সাক্ষাৎ কৰা তম্বু যিহোৱাই কোৱাৰ দৰেই নিৰ্মাণ কৰিলে (w০৫ ৮/১ ১৮-১৯ ¶৩)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
যাত্ৰা ৩৯:৩৪—তম্বু ঢাকিবলৈ ইস্ৰায়েলীসকলে তহচ জন্তুৰ ছাল কʼৰপৰা আনিছিল? (it-২-E ৮৮৪ ¶৩, ৪)
যাত্ৰা ৪০:৩৪—যেতিয়া মেঘডোখৰ সাক্ষাৎ কৰা তম্বুটো ঢাকি ধৰিলে, তাৰ অৰ্থ কি আছিল? (w১৫-HI ৭/১৫ ২১ ¶১)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি. বা কম) যাত্ৰা ৩৯:১-২১ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাতৰ ভিডিঅ’: (৪ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। ভিডিঅʼখনত যেতিয়া প্ৰশ্ন সোধে, তেতিয়া ভিডিঅʼখন ৰখাওক আৰু শ্ৰোতাসকলক সেই প্ৰশ্নবোৰ সোধক। লগতে এই বিষয়েও আলোচনা কৰক যে যদি কোনোবাই ৰাজনৈতিক বা সামাজিক বিষয়ত কথা পাতিব বিচাৰে, তেতিয়া আমি কেনেকৈ নিৰপেক্ষতা বজাই ৰাখিব পাৰোঁ।
প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। গৃহস্থই কোনো নেতা বা ৰাজনীতিৰ বিষয়ে আপোনাৰ মন্তব্য সুধিছে, তেওঁৰ প্ৰশ্নৰ উত্তৰ দিয়ক। (শিক্ষা অধ্যায় ১২)
ভাষণ: (৫ মি. বা কম) w১৬.০৪-HI ২৯ ¶৮-১০—বিষয়: নিজৰ কথা-বতৰা আৰু চিন্তা-ভাৱনাত নিৰপেক্ষতা বজাই ৰাখক। (শিক্ষা অধ্যায় ১৪)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
শুনক আৰু বুজক (মথি ১৩:১৬): (১৫ মি.) ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত এই প্ৰশ্নবোৰ সোধক: আমি মনোযোগেৰে শুনা কিয় প্ৰয়োজন? মাৰ্ক ৪:২৩, ২৪ পদত লিখা কথাষাৰ অৰ্থ কি? ভাইজনে ইব্ৰী ২:১ পদটো বুজাবলৈ কি উদাহৰণ দিলে? আমি যি শুনিছো সেয়া বুজিছো বুলি কেনেকৈ প্ৰকাশ কৰিব পাৰোঁ?
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি. বা কম) ঈশ্বৰৰ প্ৰেম অধ্যায় ৯ ¶১-১২, পৃ. ১১৫ বক্স
সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)
গীত ১০৩ আৰু প্ৰাৰ্থনা