ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 নৱেম্বৰ পৃষ্ঠা ১১
  • জগতৰ অন্তৰ সময়ত আপোনাক বচোৱা হʼব বুলি ভৰসা ৰাখক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জগতৰ অন্তৰ সময়ত আপোনাক বচোৱা হʼব বুলি ভৰসা ৰাখক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • শেষলৈকে যিহোৱাৰ বিশ্বাসী হৈ থাকক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • শাৰী হৈ থিয় দি থাকি যিহোৱাৰ নিস্তাৰ কাৰ্য্য চোৱা!
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 নৱেম্বৰ পৃষ্ঠা ১১
এজন ভায়ে “গোটেই পৃথিৱীত যিহোৱাৰ শুদ্ধ উপাসনাৰ পুনৰ আৰম্ভণি!” নামৰ কিতাপখনৰ পৰা অধ্যয়ন কৰি আছে। অধ্যয়ন কৰাৰ সময়ত তেওঁ কল্পনা কৰিছে যে যিহোৱাৰ এজন স্বৰ্গদূতে তেওঁৰ লোকসকলৰ এটা সমূহৰ ৰক্ষা কৰি আছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

জগতৰ অন্তৰ সময়ত আপোনাক বচোৱা হʼব বুলি ভৰসা ৰাখক

যিহোৱাই এই জগতৰ লগত বহুত ধৈৰ্য্য ধৰিছে। কিন্তু তেওঁ সদায় ধৈৰ্য্য ধৰি নাথাকিব। অতি সোনকালে তেওঁ মিছা ধৰ্মবোৰক ধ্বংস কৰিব আৰু ৰাষ্ট্ৰৰ সমূহে ঈশ্বৰৰ লোককলৰ ওপৰত আক্ৰমণ কৰিব। তেতিয়া হৰমাগিদোনৰ যুদ্ধত যিহোৱাই দুষ্ট লোকসকলক একেবাৰে ধ্বংস কৰিব। এই ৰোমাঞ্চকৰ ঘটনাবোৰ চাবলৈ আমি সকলো সত্য খ্ৰীষ্টানে আগ্ৰহেৰে বাট চাই আছোঁ।

আমি আজি মহা-ক্লেশৰ বিষয়ে সকলো কথা নাজানোঁ। মহা-ক্লেশ কেতিয়া আৰম্ভ হʼব বা ৰাজনৈতিক শক্তিবোৰে কি কাৰণৰ বাবে ধৰ্মবোৰৰ ওপৰত আক্ৰমণ কৰিব, তাৰ বিষয়ে আমি নাজানোঁ। আমি এয়াও নাজানোঁ যে ঈশ্বৰৰ লোকসকলৰ ওপৰত ৰাষ্ট্ৰই কেনেকৈ আৰু কিমান সময়লৈকে আক্ৰমণ কৰিব। আমি নাজানোঁ যে হৰমাগিদোনৰ সময়ছোৱাত যিহোৱাই কিদৰে দুষ্ট লোকসকলক নাশ কৰিব।

কিন্তু ভৱিষ্যতে হʼবলগীয়া ঘটনাবোৰ সাহসেৰে সন্মুখীন হʼবলৈ আমাক যিবোৰ জনাৰ প্ৰয়োজন আছে, তাৰ বিষয়ে বাইবেলত কোৱা হৈছে। যেনে, আমি বাইবেলৰ যোগেদি গম পাওঁ যে আমি ‘শেষ-কালৰ’ একেবাৰে শেষ সময়ত জীয়াই আছোঁ। (২তীম ৩:১) আমি জানোঁ যে মিছা ধৰ্মৰ ওপৰত যি আক্ৰমণ হʼব, সেই আক্ৰমণ কৰাৰ সময়ক “কম” কৰা হৈছে, যাতে সত্য ধৰ্মৰ নাশ নহয়। (মথি ২৪:২২) আমি জানোঁ যে যিহোৱাই নিজৰ লোকসকলক বচাব। (২পিত ২:৯) আমি এয়াও জানোঁ যে যিহোৱাই হৰমাগিদোনৰ যুদ্ধত নেতৃত্ব লʼবলৈ যিজনক নিযুক্ত কৰিছে, তেওঁ ধাৰ্মিক আৰু বহুত শক্তিশালী হয়। তেওঁ হৰমাগিদোন যুদ্ধত দুষ্ট লোকসকলক নাশ কৰিব আৰু বৰ লোক সমূহক বচাব।—প্ৰকা ১৯:১১, ১৫, ১৬.

ভৱিষ্যতে হʼবলগীয়া ঘটনাবোৰ দেখি “ভয়ত মানুহবিলাক বিমূৰ্চ্ছিত হব।” কিন্তু আমাক ভয় কৰাৰ কোনো প্ৰয়োজন নাই। যিহোৱাই অতীতত নিজৰ লোকসকলক যিদৰে বচালে আৰু তেওঁ ভৱিষ্যতৰ বিষয়ে যিবোৰ তথ্য দিছে, তাৰ বিষয়ে আমি পঢ়িব পাৰোঁ আৰু ধ্যান কৰিব পাৰোঁ। এনে কৰাৰ যোগেদি আমি সেই সময়ত আমি নিজৰ “মূৰ দাঙি” থিয় হৈ থাকিব পাৰিম আৰু আমাৰ উদ্ধাৰ একেবাৰে ওচৰত আছে বুলি ভৰসা কৰিব পাৰিম।—লূক ২১:২৬, ২৮.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক