ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 নৱেম্বৰ পৃষ্ঠা ১৫
  • আমাৰ প্ৰাৰ্থনা যিহোৱাৰ বাবে মূল্যৱান হয়

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আমাৰ প্ৰাৰ্থনা যিহোৱাৰ বাবে মূল্যৱান হয়
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • প্ৰাৰ্থনাৰ যোগেদি ঈশ্বৰৰ কাষ চাপক
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • পবিত্ৰ হাত দাঙি প্ৰাৰ্থনা কৰক
    ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
  • প্ৰাৰ্থনা এক উপহাৰ হয়, ইয়াক মূল্যাংকন কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ কেনেকৈ দিয়ে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 নৱেম্বৰ পৃষ্ঠা ১৫
ছবি: পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ভাই-ভনীসকলে যিহোৱালৈ পাৰ্থনা কৰি আছে। ১. এজনী সৰু ছোৱালীয়ে নিজৰ মাকৰ লগত শুৱাৰ আগতে। ২. এজন স্বামী নিজৰ পত্নীৰ লগত, যিজনীয়ে বেমাৰ হৈ হস্পিতালৰ বিচনাত শুই আছে। ৩. এজন ভায়ে পাহাৰ বগোৱাৰ পাছত ধুনীয়া দৃশ্য চোৱাৰ সময়ত। ৪. চিন্তাত থকা এজনী ভনীয়ে। ৫. এজনী ভনীয়ে বাইবেল অধ্যয়ন কৰাৰ আগতে। ৬. এজন ভায়ে এনে এখন দেশত থাকে, যʼৰ আৰ্থিকস্থিতি ইমান ভাল নহয়। ৭. পিতৃ-মাতৃয়ে নিজৰ সৰু ছোৱালীৰ লগত আহাৰ খোৱাৰ আগতে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

আমাৰ প্ৰাৰ্থনা যিহোৱাৰ বাবে মূল্যৱান হয়

যেতিয়া আমি যিহোৱাৰ ইচ্ছা অনুসৰি প্ৰাৰ্থনা কৰোঁ, তেতিয়া সেই প্ৰাৰ্থনা সুগন্ধি ধূপৰ দৰে হয়, যিটো যিহোৱাৰ মন্দিৰত প্ৰতিদিনে জ্বলোৱা হৈছিল। (গীত ১৪১:২) প্ৰাৰ্থনা কৰাৰ সময়ত আমি যিহোৱাক কʼব পাৰোঁ যে আমি তেওঁক প্ৰেম কৰোঁ আৰু তেওঁৰ প্ৰতি কৃতজ্ঞ। আমি তেওঁক নিজৰ চিন্তা আৰু সমস্যাৰ বিষয়ে কʼব পাৰোঁ আৰু আমি কি বিচাৰোঁ, তাৰ বিষয়েও কʼব পাৰোঁ। আমি তেওঁৰ পৰা নিৰ্দেশনাও বিচাৰিব পাৰোঁ। যেতিয়া আমি এই সকলো কথা তেওঁক জনাওঁ, তেতিয়া আমি দেখুৱাওঁ যে আমি তেওঁক সকলোতকৈ ভাল বন্ধু বুলি ভাবোঁ। সভাত কৰা সৰু প্ৰাৰ্থনাও যিহোৱাই স্বীকাৰ কৰে, কিয়নো এয়া উপাসনাৰ এটা ভাগ হয়। কিন্তু আমি যেতিয়া অকলে মন খুলি আৰু বহু দেৰিলৈকে তেওঁৰ লগত কথা পাতোঁ, তেতিয়া তেওঁ আৰু বেছিকৈ আনন্দিত হয়।—হিতো ১৫:৮.

প্ৰাৰ্থনা কৰাটো মোৰ অভ্যাস হৈ পৰিল নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • ভাই জনচʼনে কি কি উপায়েৰে যিহোৱাৰ সেৱা কৰিবলৈ সুযোগ পালে?

  • ভাই জনচʼনে কি কি পৰিস্থিতিত প্ৰাৰ্থনা কৰি যিহোৱাৰ ওপৰত নিজৰ ভৰসা দেখুৱালে?

  • ভাই জনচʼনৰ অনুভৱৰ পৰা আপুনি কি শিকিলে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক