ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb24 জানুৱাৰী পৃষ্ঠা ৪-৫
  • জানুৱাৰী ১৫-২১

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জানুৱাৰী ১৫-২১
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
mwb24 জানুৱাৰী পৃষ্ঠা ৪-৫

জানুৱাৰী ১৫-২১

ইয়োব ৩৬-৩৭

গীত ১৪৭ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. অনন্ত জীৱন দিয়াৰ ঈশ্বৰৰ প্ৰতিজ্ঞাৰ ওপৰত আমি কিয় ভৰসা কৰিব পাৰোঁ?

(১০ মি.)

যিহোৱা আগৰে পৰা আছে আৰু সদায় থাকিব (ইয়ো ৩৬:২৬; wp১৬.১ ১৩ ¶১-২)

যিহোৱাৰ ওচৰত জীৱন সুৰক্ষা কৰাৰ শক্তি আৰু বুদ্ধি আছে (ইয়ো ৩৬:২৭, ২৮; w২০.০৫ ২২ ¶৬)

আমি অনন্ত জীৱন কেনেকৈ পাব পাৰোঁ তাৰ বিষয়ে যিহোৱাই শিকায় (ইয়ো ৩৬:৪, ২২; যোহ ১৭:৩)


অনন্ত জীৱন দিবলৈ ঈশ্বৰে আমাক যি প্ৰতিজ্ঞা কৰিছে, তাৰ ওপৰত আমি সম্পূৰ্ণ ভৰসা ৰখা উচিত। তেতিয়াহে আমি জীৱনত অহা সকলো সমস্যাৰ সন্মুখীন হʼব পাৰিম।—ইব্ৰী ৬:১৯; w২২.১০ ২৮ ¶১৬.

প্ৰমোদবনত সকলোৱে আনন্দ-ফুৰ্তি কৰি আছে। লʼৰা-ছোৱালীবিলাকে সিংহৰ লগত খেলি আছে, এজনী তিৰোতাৰ হাতত বেলেগ বেলেগ শাক-পাচলি ভৰাই থোৱা টুকুৰি আছে, এহাল দম্পতীয়ে বাগিচাত একেলগে মিলি কাম কৰি আছে, তাৰ পাছত আৰাম কৰি আছে।

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • ইয়ো ৩৭:২০—প্ৰাচীন সময়ত খবৰ বা তথ্যবোৰ এঠাইৰ পৰা আন ঠাইলৈ কেনেকৈ পঠিওৱা হৈছিল? (it-১-E ৪৯২)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

৩. বাইবেল পাঠ

(৪ মি.) ইয়ো ৩৬:১-২১ (শিক্ষা অধ্যায় ২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) ৰাজহুৱাভাৱে প্ৰচাৰ। (লোকসকলক প্ৰেম কৰক পাঠ ৩ ভাগ ৩)

৫. পুনৰ লগ কৰক।

(৪ মি.) ঘৰে-ঘৰে প্ৰচাৰ। (লোকসকলক প্ৰেম কৰক পাঠ ২ ভাগ ৫)

৬. আপুনি কি বিশ্বাস কৰে বুজাওক

(৫ মি.) ভাষণ। সঘনাই সোধা প্ৰশ্ন ¶২১—বিষয়: যিহোৱাৰ সাক্ষীসকলে কিয় ৰক্ত সঞ্চাৰণ নকৰে? (শিক্ষা অধ্যায় ১৮)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত ৪৯

৭. কোনো চিকিৎসা বা চাৰ্জাৰিৰ বিষয়ে সঠিক নিৰ্ণয় লʼবলৈ এতিয়াৰে পৰা তৈয়াৰী কৰক

(১৫ মি.) আলোচনা। এই ভাগ এজন প্ৰাচীনে আগবঢ়াব।

যিহোৱাৰ সংগঠনে এনে বহুতো ব্যৱস্থা কৰিছে, যাৰ সহায়ত আমি তেজৰ বিষয়ে ঈশ্বৰৰ নিয়ম পালন কৰিব পাৰোঁ। (পাঁচ ১৫:২৮, ২৯) আপুনি এই ব্যৱস্থাবোৰৰ লাভ উঠাইছে নে?

এডভান্ছ হেল্থ কেয়াৰ ডাইৰেক্টিভ (DPA) আৰু আইডেনটিটি কাৰ্ড (ic): চিকিৎসাৰ ক্ষেত্ৰত তেজৰ ব্যৱহাৰৰ বিষয়ে এজন ৰোগীৰ ইচ্ছা কি, তাৰ বিষয়ে এই কাৰ্ডবোৰত কোৱা হৈছে। বাপ্তিষ্মা লোৱা প্ৰচাৰকে সাহিত্য সেৱকৰ পৰা dpa অৰ্থাৎ ‘নʼ ব্লাড’ কাৰ্ড লʼব পাৰে। যদি তেওঁলোকৰ সৰু লʼৰা-ছোৱালী আছে, তেনেহʼলে তেওঁলোকে আইডেনটিটি কাৰ্ড লʼব পাৰে। আমি সদায় এই কাৰ্ডবোৰ নিজৰ লগত ৰখা উচিত। যদি আপুনি এই কাৰ্ড পূৰ কৰা নাই বা ইয়াত কিবা সাল-সলনি কৰাৰ প্ৰয়োজন আছে, তেনেহʼলে অতি সোনকালে এইদৰে কৰক।

S-401 ফৰ্ম আৰু S-407 ফৰ্ম: গৰ্ভৱতী ভনীসকলে প্ৰাচীনসকলৰ পৰা S-401 ফৰ্ম লʼব পাৰে। যিসকল ভাই-ভনীৰ কিবা চাৰ্জাৰি হʼবলগীয়া আছে বা তেওঁলোকক কেন্সাৰৰ লগত জড়িত কিবা চিকিৎসা কৰিবলগীয়া আছে, তেনেহʼলে তেওঁলোকে প্ৰাচীনসকলৰ পৰা S-407 লʼব পাৰে। এই ফৰ্মবোৰত এনে তথ্যবোৰ দিয়া হৈছে, যাৰ সহায়ত তেওঁলোকে চিকিৎসাৰ ক্ষেত্ৰত সঠিক নিৰ্ণয় লʼব পাৰে, সেই সময়তো যেতিয়া তেজৰ লগত জড়িত কিবা সমস্যা আহে।

চিকিৎসালয় যোগোযোগ সমিটি (এইচ.এল.চি.): এইচ.এল.চি.-ৰ ভাইসকল এনে প্ৰাচীন হয়, যিসকলক ডাক্তৰ আৰু ভাই-ভনীসকলক তেজৰ বিষয়ে তথ্য দিবলৈ ট্ৰেইনিং দিয়া হয়। তেওঁলোকে আপোনাৰ ডাক্তৰক জনাব পাৰে যে তেজ নোলোৱাকৈ কি কি চিকিৎসাৰ ব্যৱস্থা আছে। তেওঁলোকে আপোনাক এনে ডাক্তৰ বিচাৰিবলৈও সহায় কৰিব পাৰে, যিসকলে তেজৰ অবিহনে চিকিৎসা কৰিবলৈ সাজু থাকে। দিন বা ৰাতি যিকোনো সময়তে এইচ.এল.চি.-ৰ ভাইসকলে আমাক সহায় কৰিবলৈ সাজু হৈ থাকে। যেতিয়া আপোনাক হস্পিতালত ভৰ্তি হʼবলগীয়া হয় বা কোনো চাৰ্জাৰি বা থেৰাপি কৰিবলগীয়া হয়, যেনে কেন্সাৰৰ লগত জড়িত থেৰাপি, তেতিয়া অতি সোনকালে এইচ.এল.চি.-ৰ ভাইসকলক যোগাযোগ কৰক। তেজৰ লগত জড়িত কোনো সমস্যা নহʼব বুলি অনুভৱ হʼলেও এইদৰে কৰক। গৰ্ভৱতী ভনীসকলেও এইদৰে কৰা উচিত। এইচ.এল.চি.-ৰ ভাইসকলৰ লগত যোগাযোগ কৰিবলৈ কোনো এজন প্ৰাচীনৰ লগত কথা পাতক।

চিকিৎসালয় যোগাযোগ সমিতিয়ে আমাক কেনেকৈ সহায় কৰে? ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:

কোনো চিকিৎসা বা চাৰ্জাৰিৰ প্ৰয়োজন হোৱাৰ সময়ত এইচ.এল.চি.-ৰ ভাইসকলে আমাক কেনেকৈ সহায় কৰিব পাৰে?

আপুনি সাজু আছে নে?

যদি চিকিৎসাৰ সময়ত তেজৰ লগত জড়িত কোনো সমস্যা হয়, তেনেহʼলে

ভাইসকলক যোগাযোগ কৰক

৮. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) এক অনন্ত জীৱন! পাঠ ৪১ ভাগ ৫ আৰু আমি কি শিকিলোঁ, আপুনি কেনেকৈ উত্তৰ দিব আৰু লক্ষ্য

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত ৩৪ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক