ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb24 জানুৱাৰী পৃষ্ঠা ৬-৭
  • জানুৱাৰী ২২-২৮

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জানুৱাৰী ২২-২৮
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
mwb24 জানুৱাৰী পৃষ্ঠা ৬-৭

জানুৱাৰী ২২-২৮

ইয়োব ৩৮-৩৯

গীত ১১ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. আপুনি সৃষ্টিক চাবলৈ সময় উলিয়াই নে?

(১০ মি.)

পৃথিৱীখন সৃষ্টি কৰাৰ পাছত যিহোৱাই নিজৰ কামবোৰ চালি-জাৰি চালে (আদি ১:১০, ১২; ইয়ো ৩৮:৫, ৭; w২১.০৮ ৯-১০ ¶৭)

স্বৰ্গদূতসকলেও যিহোৱাৰ সৃষ্টিক চাবলৈ সময় উলিয়ালে (ইয়ো ৩৮:৬; w২০.০৮ ১৪ ¶২)

যদি আমি সময় উলিয়াই সৃষ্টিক চাওঁ আৰু তাৰ মূল্যাংকন কৰোঁ, তেনেহ’লে আমি যিহোৱাৰ ওপৰত আৰু ভৰসা কৰিম (ইয়ো ৩৮:৩২-৩৫; w২৩.০৩ ১৬ ¶৮)

এগৰাকী মাতৃ আৰু তাইৰ ছোৱালীজনীয়ে ঘৰৰ বাহিৰত এজনী পখিলা উৰি থকা চাই আছে। তেওঁলোকে বহুত আনন্দিত আছে।

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • ইয়ো ৩৮:৮-১০—যিহোৱাই বনোৱা নিয়মবোৰৰ পৰা আমি তেওঁৰ বিষয়ে কি শিকিব পাৰোঁ? (it-২-E ২২২)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

৩. বাইবেল পাঠ

(৪ মি.) ইয়ো ৩৯:১-২২ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(২ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। যেতিয়া আপোনাৰ অনুভৱ হয় যে এজন ব্যক্তিয়ে কথা পাতিব বিচৰা নাই, তেতিয়া মৰমেৰে কথা-বতৰা শেষ কৰক। (লোকসকলক প্ৰেম কৰক পাঠ ২ ভাগ ৩)

৫. পুনৰ লগ কৰক

(৫ মি.) ঘৰে-ঘৰে প্ৰচাৰ। যোৱাবাৰ গৃহস্থই আপোনাক জনাইছিল যে অলপতে তেওঁ নিজৰ কোনো আপোনজনাক মৃত্যুত হেৰুৱাইছে। (লোকসকলক প্ৰেম কৰক পাঠ ৯ ভাগ ৩)

৬. ভাষণ

(৫ মি.) লোকসকলক প্ৰেম কৰক আন কিছুমান পৰামৰ্শ ক ভাগ ১—বিষয়: ঘটি থকা ঘটনাবোৰে আৰু মানুহৰ বেয়া আচৰণবোৰে দেখুৱাই যে এই পৃথিৱীৰ পৰিস্থিতি অতি সোনকালে সলনি হʼব। (শিক্ষা অধ্যায় ১৬)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত ১১১

৭. সৃষ্টিক চাই আমি নিজৰ পৰিৱৰ্তে যিহোৱাৰ ওপৰত ধ্যান দিব পাৰোঁ

(১৫ মি.) আলোচনা।

ইয়োবে যিহোৱাই সৃষ্টি কৰা জীৱ-জন্তুবোৰৰ বিষয়ে চিন্তা কৰি আছে। যেনে, জলহস্তী, বগলী, উটপক্ষী, ঘঁৰিয়াল, ঈগল, ঘোঁৰা, বৰণীয়া ষাঁড় গৰু। পিছফালে ধুমুহা হৈছে আৰু ওচৰতে ইলীহূ আৰু ইয়োবৰ তিনিজন বন্ধু বহি আছে।

চয়তানে ইয়োবৰ ওপৰত বহুতো সমস্যা আনিলে। ইয়োবৰ তিনিজন বন্ধুৱেও তেওঁৰ ওপৰত বহুতো মিছা অভিযোগ লগালে। সেইবাবে, তেওঁ কেৱল নিজৰ সমস্যাবোৰে দেখা পাইছিল।

ইয়োব ৩৭:১৪ পঢ়ক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:

নিজৰ সমস্যাৰ পৰিৱৰ্তে যিহোৱাৰ ওপৰত ধ্যান দিবলৈ ইয়োবক কি কৰাৰ প্ৰয়োজন আছিল?

সমস্যা আহিলে আমি বহুত চিন্তিত হৈ পৰিব পাৰোঁ। এনে পৰিস্থিতিত যদি আমি যিহোৱাই বনোৱা বস্তুবোৰৰ ওপৰত ধ্যান দিওঁ, তেনেহ’লে আমি মনত ৰাখিব পাৰিম যে তেওঁ কিমান মহান হয় আৰু তেওঁৰ বিশ্বাসী হৈ থকাৰ আমাৰ ইচ্ছাও দৃঢ় হ’ব। ইয়াৰ লগতে তেওঁ আমাৰ যত্ন ল’ব বুলি আমাৰ ভৰসা বাঢ়িব।—মথি ৬:২৬.

ইয়োবৰ কিতাপৰ পৰা আমি কি শিকিব পাৰোঁ—জীৱ-জন্তুবোৰ চায় ভিডিঅ’খন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:

এই ভিডিঅ’খন চাই যিহোৱাৰ ওপৰত আপোনাৰ ভৰসা কেনেকৈ বাঢ়ে?

৮. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) এক অনন্ত জীৱন! পাঠ ৪২ আৰু টোকা ৪

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত ১৩১ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক