ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb24 জানুৱাৰী পৃষ্ঠা ৮-৯
  • জানুৱাৰী ২৯–ফেব্ৰুৱাৰী ৪

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জানুৱাৰী ২৯–ফেব্ৰুৱাৰী ৪
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
mwb24 জানুৱাৰী পৃষ্ঠা ৮-৯

জানুৱাৰী ২৯–ফেব্ৰুৱাৰী ৪

ইয়োব ৪০-৪২

গীত ১২৪ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. ইয়োবে যি শিকিলে, তাৰ পৰা আমিও শিকিব পাৰোঁ

(১০ মি.)

মনত ৰাখক যিহোৱাই যিমান জানে আমি সিমান নাজানোঁ(ইয়ো ৪২:১-৩; w১০-HI ১০/১৫ ৩-৪ ¶৪-৬)

যিহোৱা আৰু তেওঁৰ সংগঠনে যিবোৰ পৰামৰ্শ দিয়ে, সেইবোৰ লগে লগে পালন কৰক (ইয়ো ৪২:৫, ৬; w১৭.০৬-HI ২৫ ¶১২)

যিসকল লোকে সমস্যাৰ সময়ত বিশ্বাসী হৈ থাকে, যিহোৱাই তেওঁলোকক পুৰস্কাৰ দিয়ে (ইয়ো ৪২:১০-১২; যাকো ৫:১১; w২২.০৬ ২৫ ¶১৭-১৮)

ইয়োব আৰু তেওঁৰ পত্নী এখন পাহাৰত থিয় হৈ আছে। ইয়োবে নিজৰ পত্নীক জীৱ-জন্তুৰ জাক আৰু ঘৰৰ ফালে দেখুৱাই আছে। তেওঁলোকে এজনে-আনজনক চাই হাঁহি আছে আৰু যিহোৱাৰ প্ৰতি কৃতজ্ঞ হৈছে।

ইয়োবে বিশ্বাসী হৈ থকাৰ বাবে যিহোৱাই তেওঁক আশীৰ্বাদ দিলে

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • ইয়ো ৪২:৭—ইয়োবৰ তিনিজন বন্ধুৱে আচলতে কাৰ বিৰোধে কথা পাতিছিল? এই কথা জনাৰ বাবে যেতিয়া লোকসকলে আমাক তুচ্ছ বুলি ভাবে, তেতিয়া আমি কেনেকৈ ধৈৰ্য্য ধৰিব পাৰোঁ? (it-২-E ৮০৮)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

৩. বাইবেল পাঠ

(৪ মি.) ইয়ো ৪২:১-১৭ (শিক্ষা অধ্যায় ১১)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) ঘৰে-ঘৰে প্ৰচাৰ।গৃহস্থই বাইবেলৰ বিষয়ে নাজানে। (লোকসকলক প্ৰেম কৰক পাঠ ৫ ভাগ ৩)

৫. বাইবেল অধ্যয়ন কৰক

(৫ মি.) এক অনন্ত জীৱন! পাঠ ১৩ ভাগ ৬-৭ আৰু “কিছুমান লোকে কয়” (লোকসকলক প্ৰেম কৰক পাঠ ১১ ভাগ ৪)

৬. ভাষণ

(৪ মি.) লোকসকলক প্ৰেম কৰক আন কিছুমান পৰামৰ্শ ক ভাগ ২—বিষয়: পৃথিৱী কেতিয়াও ধ্বংস নহʼব। (শিক্ষা অধ্যায় ১৩)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত ১০৮

৭. আনক যিহোৱাৰ প্ৰেম অনুভৱ কৰিবলৈ সহায় কৰক

(১৫ মি.) আলোচনা।

“আমি যিহোৱাৰ পৰিয়ালত প্ৰকৃত প্ৰেম পালোঁ” নামৰ ভিডিঅʼখনৰ এটা দৃশ্য। মীমীয়ে নিজৰ মাকৰ লগত হস্পিতালত এজনী ভনীক লগ কৰিবলৈ আহিছে। তেওঁলোকে সেই ভনীৰ বাবে কাৰ্ড আৰু ফুল লৈ আহিছে।

আমি অতি আনন্দিত যে আমাৰ ঈশ্বৰ যিহোৱা প্ৰেমময় ঈশ্বৰ হয়। (১যোহ ৪:৮, ১৬) এই গুণেই আমাক তেওঁৰ ফালে আকৰ্ষিত কৰে। এই গুণৰ বাবেই আমি তেওঁৰ বন্ধু হৈ থাকিব বিচাৰোঁ। যেতিয়া আমি তেওঁৰ সেৱা কৰোঁ, তেতিয়া আমি অনুভৱ কৰিব পাৰোঁ যে তেওঁ আমাক কিমান প্ৰেম কৰে।

আমি নিজৰ পৰিয়াল, ভাই-ভনী আৰু আন লোকসকলক যিহোৱাৰ নিচিনা প্ৰেম কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰোঁ। (ইয়ো ৬:১৪; ১যোহ ৪:১১) এইদৰে আমি আনক যিহোৱাৰ বিষয়ে জানিবলৈ আৰু তেওঁৰ কাষ চাপিবলৈ সহায় কৰোঁ। কিন্তু আমি যদি আনক প্ৰেম নকৰোঁ, তেনেহʼলে যিহোৱাই তেওঁলোকক প্ৰেম কৰে বুলি বিশ্বাস কৰিবলৈ তেওঁলোকক কঠিন লাগিব।

আমি যিহোৱাৰ পৰিয়ালত প্ৰকৃত প্ৰেম পালোঁ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:

লয়লয় আৰু মীমীৰ অনুভৱৰ পৰা কেনেকৈ জানিব পাৰি যে আনক প্ৰেম কৰাটো অতি গুৰুত্বপূৰ্ণ?

ভাই-ভনীসকলক যিহোৱাৰ প্ৰেম অনুভৱ কৰাবলৈ আমি কি কৰিব পাৰোঁ?

  • তেওঁলোক যিহোৱাৰ মূল্যৱান মেৰ হয় বুলি আমি মনত ৰখা উচিত। —গীত ১০০:৩

  • আমি তেওঁলোকে উৎসাহিত হোৱা কথা কোৱা উচিত।—ইফি ৪:২৯

  • আমি তেওঁলোকৰ ভাৱনা বুজি পোৱা উচিত আৰু তেওঁলোকৰ লগত ভালদৰে ব্যৱহাৰ কৰা উচিত।—মথি ৭:১১, ১২

৮. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) এক অনন্ত জীৱন! পাঠ ৪৩

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত ১২১ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক