আগষ্ট ২৬–ছেপ্টেম্বৰ ১
গীতমালা ৭৮
গীত ৯৭ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)
১. ইস্ৰায়েলীসকলৰ দৰে বিশ্বাসঘাত নকৰিব
(১০ মি.)
ইস্ৰায়েলীসকলে যিহোৱাই কৰা আচৰিত কামবোৰ পাহৰিলে (গীত ৭৮:১১, ৪২; w৯৬-HI ১২/১ ২৯-৩০)
ইস্ৰায়েলীসকলে যিহোৱাই দিয়া ভাল ভাল বস্তুবোৰৰ মূল্যাংকণ নকৰিলে (গীত ৭৮:১৯; w০৬-HI ৮/১ ১০ ¶১৬)
ইস্ৰায়েলীসকলে নিজৰ ভুলবোৰৰ পৰা শিকাৰ পৰিৱৰ্তে বাৰে বাৰে যিহোৱাক বিশ্বাসঘাত কৰিলে (গীত ৭৮:৪০, ৪১, ৫৬, ৫৭; w১১-E ৭/১ ১০ ¶৩-৪)
ধ্যানৰ বাবে প্ৰশ্ন: যদি আমি যিহোৱাক বিশ্বাসঘাত কৰিব নিবিচাৰো, তেনেহʼলে আমি কি কৰা উচিত?
২. আধ্যাত্মিক ৰত্ন বিচাৰক
(১০ মি.)
গীত ৭৮:২৪, ২৫—মান্নাক “স্বৰ্গৰ শস্য” আৰু “স্বৰ্গীয় দূতৰ আহাৰ” বুলি কিয় কোৱা হৈছে? (w০৬-HI ৮/১ ৪ ¶৩)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?
৩. বাইবেল পাঠ
(৪ মি.) গীত ৭৮:১-২২ (শিক্ষা অধ্যায় ৫)
৪. কথা-বতৰা আৰম্ভ কৰক
(৩ মি.) ঘৰে-ঘৰে প্ৰচাৰ। গৃহস্থক সোধক যে তেওঁ বাইবেল অধ্যয়ন কৰিব বিচাৰেনে। (লোকসকলক প্ৰেম কৰক পাঠ ৫ ভাগ ৫)
৫. কথা-বতৰা আৰম্ভ কৰক
(৩ মি.) ঘৰে-ঘৰে প্ৰচাৰ। এখন ট্ৰেক্টৰ পৰা কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত গৃহস্থক সোধক যে তেওঁ বাইবেল অধ্যয়ন কৰিব বিচাৰেনে। (লোকসকলক প্ৰেম কৰক পাঠ ৫ ভাগ ৪)
৬. কথা-বতৰা আৰম্ভ কৰক
(১ মি.) ঘৰে-ঘৰে প্ৰচাৰ। যেতিয়া গৃহস্থই কৈ যে যি কʼবলৈ আছে সোনকালে কওক, তেতিয়া তেওঁক সোধক যে তেওঁ বাইবেল অধ্যয়ন কৰিব বিচাৰেনে। (লোকসকলক প্ৰেম কৰক পাঠ ২ ভাগ ৫)
৭. কথা-বতৰা আৰম্ভ কৰক
(৪ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। বাইবেলৰ ব্যৱহাৰ নকৰাকৈ এজন ব্যক্তিক জনাওক যে আপুনি যিহোৱাৰ সাক্ষী হয়। তাৰ পাছত গৃহস্থক সোধক যে তেওঁ বাইবেল অধ্যয়ন কৰিব বিচাৰেনে। (লোকসকলক প্ৰেম কৰক পাঠ ২ ভাগ ৪)
গীত ৯৬
৮. প্ৰচাৰক ফিলিপৰ দৰে হওক
(১৫ মি.) আলোচনা।
বাইবেলত কিছুমান ভাল আৰু কিছুমান বেয়া উদাহৰণবোৰ দিয়া আছে। এইবোৰৰ পৰা শিকিবলৈ আমি সময় উলিয়াব লাগিব আৰু পৰিশ্ৰম কৰিব লাগিব। লগতে, আমি তেওঁলোকৰ বিষয়ে পঢ়িব লাগিব, যি শিকোঁ তাৰ ওপৰত মনন কৰিব লাগিব আৰু নিজকে সলনি কৰিব লাগিব।
প্ৰচাৰক ফিলিপ এনে এজন খ্ৰীষ্টান আছিল যিজন ‘পবিত্ৰ শক্তি আৰু জ্ঞানেৰে পৰিপূৰ্ণ’ আছিল। (পাঁচ ৬:৩, ৫) তেওঁৰ উদাহৰণৰ পৰা আমি কি কি কথা শিকিব পাৰোঁ।
তেওঁলোকৰ পৰা শিকক —প্ৰচাৰক ফিলিপ। ভিডিঅʼখন দেখুৱাওক তাৰ পাছত শ্ৰোতাসকলক সোধক যে তলত দিয়া কথাবোৰৰ পৰা তেওঁলোকে কি শিকিলে:
হঠাতে সলনি হোৱা পৰিস্থিতিত ফিলিপে কিছুমান পদক্ষেপ লʼলে।—পাঁচ ৮:১, ৪, ৫
প্ৰয়োজন হোৱা ঠাইত গৈ প্ৰচাৰ কৰাৰ বাবে ফিলিপে বহুতো আশীৰ্বাদ লাভ কৰিলে।—পাঁচ ৮:৬-৮, ২৬-৩১, ৩৪-৪০
অতিথি-সৎকাৰ দেখুৱাৰ বাবে ফিলিপ আৰু তেওঁৰ পৰিয়ালৰ বহুতো লাভ হʼল।—পাঁচ ২১:৮-১০
ফিলিপৰ উদাহৰণত চলাৰ বাবে ভিডিঅʼত দেখুৱা পৰিয়ালে বহুত আনন্দিত হʼল।
৯. মণ্ডলীৰ বাইবেল অধ্যয়ন
(৩০ মি.) w২১.০৯ ১১-১৩ ¶১০-১৮