ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb24 ছেপ্টেম্বৰ পৃষ্ঠা ২-৩
  • ছেপ্টেম্বৰ ২-৮

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ছেপ্টেম্বৰ ২-৮
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
mwb24 ছেপ্টেম্বৰ পৃষ্ঠা ২-৩

ছেপ্টেম্বৰ ২-৮

গীতমালা ৭৯-৮১

গীত নং ২৯ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. যিহোৱাৰ গৌৰৱময় নামৰ প্ৰতি প্ৰেম দেখুৱাওক

(১০ মি.)

যিহোৱাৰ নাম বদনাম হোৱা কামবোৰৰ পৰা আঁতৰি থাকক (গীত ৭৯:৯; w১৭.০২-HI ৯ ¶৫)

যিহোৱাৰ নাম লওক (গীত ৮০:১৮; ijwbv-E ৩ ¶৪-৫)

যিসকলে যিহোৱাৰ আজ্ঞা পালন কৰে আৰু তেওঁৰ নামৰ প্ৰতি প্ৰেম দেখুৱায়, যিহোৱাই তেওঁলোকক বহুতো আশীৰ্বাদ দিয়ে (গীত ৮১:১৩, ১৬)

এজন ভায়ে ব্ৰেকৰ সময়ত তেওঁৰ লগত কাম কৰা এজন ব্যক্তিক jw.org যোগাযোগ কাৰ্ড দি আছে।

যেতিয়া আমি লোকসকলক জনাম যে আমি যিহোৱাৰ সাক্ষী হওঁ, তেতিয়া আমাৰ কামৰ পৰা যিহোৱাৰ নাম মহিমা হʼব

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ৮০:১—কেতিয়াবা কেতিয়াবা ইস্ৰায়েলৰ সকলো ফৈদক যোচেফৰ নামেৰে কিয় মতা হৈছিল? (it-২-E ১১১)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ৭৯:১–৮০:৭ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(১ মি.) ঘৰে-ঘৰে প্ৰচাৰ। গৃহস্থক সোধক যে তেওঁ বাইবেল অধ্যয়ন কৰিব বিচাৰেনে। (লোকসকলক প্ৰেম কৰক পাঠ ৪ ভাগ ৪)

৫. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। ব্যক্তিজনক সোধক যে তেওঁ বাইবেল অধ্যয়ন কৰিব বিচাৰেনে। (লোকসকলক প্ৰেম কৰক পাঠ ৪ ভাগ ৩)

৬. কথা-বতৰা আৰম্ভ কৰক

(২ মি.) ৰাজহুৱাভাৱে প্ৰচাৰ। ব্যক্তিজনক সোধক যে তেওঁ বাইবেল অধ্যয়ন কৰিব বিচাৰেনে। (লোকসকলক প্ৰেম কৰক পাঠ ৩ ভাগ ৩)

৭. পুনৰ লগ কৰক

(৫ মি.) ঘৰে-ঘৰে প্ৰচাৰ। এজন ব্যক্তিয়ে আগতে বাইবেলৰ বাৰ্তা ভালদৰে শুনিছিল, কিন্তু বাইবেল অধ্যয়ন কৰিবলৈ মানা কৰিছিল। তেওঁক সোধক যে তেওঁ এতিয়া অধ্যয়ন কৰিব বিচাৰেনে। (লোকসকলক প্ৰেম কৰক পাঠ ৮ ভাগ ৩)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ১০

৮. ‘তেওঁবিলাকে মোৰ নাম পবিত্ৰ কৰিব’

(১৫ মি.)

এদন বাগিচাত চয়তানে প্ৰথমবাৰ যিহোৱা নাম বদনাম কৰিছিল। তেতিয়াৰে পৰা সকলো স্বৰ্গদূত আৰু মানুহে যিহোৱা নাম মহিমা কৰিব নে নকৰে, এই গুৰুত্বপূৰ্ণ নিৰ্ণয় লʼবলগীয়া হয়।

মন কৰক, চয়তানে যিহোৱাক বদনাম কৰিবলৈ কিমান মিছা কথা কৈছিল। উদাহৰণস্বৰূপে, সি কৈছিল যে যিহোৱা এজন বেয়া আৰু নিষ্ঠুৰ ৰজা হয়। (আদি ৩:১-৬; ইয়ো ৪:১৮, ১৯) সি দাবী কৰিছিল যে যিহোৱাক উপাসনা কৰা লোকসকলে তেওঁক সঁচাকৈ প্ৰেম নকৰে। (ইয়ো ২:৪, ৫) সি বহুতো লোকৰ বিশ্বাস জন্মাইছে যে এই সুন্দৰ পৃথিৱী আৰু ইয়াৰ বস্তুবোৰ যিহোৱাই সৃষ্টি কৰা নাই।—ৰোম ১:২০, ২১.

এই মিছা কথাবোৰ জানি আপোনাৰ কেনেকুৱা লাগে? সকলোকে যিহোৱাৰ বিষয়ে সঁচা কথা কʼবলৈ আপোনাৰ মন নাযায় নে? যিহোৱাই জানিছিল যে তেওঁৰ লোকসকলে তেওঁৰ নাম পবিত্ৰ কৰিবলৈ সহায় কৰিব। (যিচ ২৯:২৩) আপুনি এয়া কেনেকৈ কৰিব পাৰে?

  • যিহোৱাৰ বিষয়ে শিকিবলৈ আৰু তেওঁক প্ৰেম কৰিবলৈ আনক সহায় কৰক। (যোহ ১৭:২৫, ২৬) যিহোৱা সঁচাকৈ আছে, এই কথাৰ প্ৰমাণ দিবলৈ আৰু তেওঁৰ গুণবোৰৰ বিষয়ে জনাবলৈ সদায় সাজু থাকক।—যিচ ৬৩:৭

  • সম্পূৰ্ণ মনেৰে যিহোৱাক প্ৰেম কৰক। (মথি ২২:৩৭, ৩৮) যিহোৱাৰ আজ্ঞাবোৰ পালন কৰক। আপোনাৰ লাভ হʼব বুলি নহয়, কিন্তু যিহোৱাক আনন্দিত কৰিবলৈ আজ্ঞাবোৰ পালন কৰক।—হিতো ২৭:১১

ছবি: “প্ৰেম কেতিয়াও লুপ্ত নহব . . . স্কুলৰ অনৈতিক পৰিৱেশৰ মাজতো” ভিডিঅʼখনৰ দৃশ্য। ১. এৰিয়েল নিজৰ ক্লাচত বহি আছে আৰু এজন লʼৰাই তাইৰ ফালে হাত দেখুৱাই সুধি আছে যে তাই পতাকা চালামি কিয় নকৰে। ২. তাই বাইবেল আৰু “বাইবেলৰ পৰা অমূল্য শিক্ষা” কিতাপৰ পাঠ ৬১-ৰ পৰা ব্যক্তিগত অধ্যয়ন কৰি আছে। ৩. তাই নিজৰ ক্লাচত থিয় হৈ সকলোকে সাক্ষ্য দি আছে। ৪. ডিয়েগুৰ ক্লাচৰ এজন লʼৰাই তেওঁক ইলেক্ট্ৰনিক চিগাৰেট দি আছে। ৫. তেওঁ টেবলেটত অনুসন্ধান কৰি আছে। ৬. তেওঁ আনন্দেৰে স্কুলৰ পৰা ঘৰলৈ গৈ আছে।

প্ৰেম কেতিয়াও লুপ্ত নহব . . . স্কুলৰ অনৈতিক পৰিৱেশৰ মাজতো ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক:

  • এৰিয়েল আৰু ডিয়েগুৱে কেনেকৈ যিহোৱাৰ নাম মহিমা কৰিলে?

  • তেওঁলোকে যিহোৱাৰ নাম কিয় মহিমা কৰিব বিচাৰিছিল?

  • আপুনি তেওঁলোকৰ দৰে কেনেকৈ হʼব পাৰে?

৯. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) w২১.০৯ ১৪-১৬ ¶১-৯

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ৯০ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক