ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb24 ছেপ্টেম্বৰ পৃষ্ঠা ১৪-১৫
  • অক্টোবৰ ২৮–নবেম্বৰ ৩

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অক্টোবৰ ২৮–নবেম্বৰ ৩
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
mwb24 ছেপ্টেম্বৰ পৃষ্ঠা ১৪-১৫

অক্টোবৰ ২৮–নৱেম্বৰ ৩

গীতমালা ১০৩-১০৪

গীত নং ৩০ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. “আমি যে ধূলি মাথোন, তাক তেওঁ সোঁৱৰণ কৰে”

(১০ মি.)

কৰুণাৰ বাবে যিহোৱাই আমাক দয়া দেখুৱায় (গীত ১০৩:৮; w২৩.০৭ ২১ ¶৫)

যেতিয়া আমাৰ পৰা ভুল হয়, তেতিয়া যিহোৱাই আমাক অকলশৰীয়াকৈ এৰি নিদিয়ে (গীত ১০৩:৯, ১০; w২৩.০৯ ৬-৭ ¶১৬-১৮)

আমি যিবোৰ কাম কৰিব নোৱাৰোঁ, সেই কাম কৰাটো যিহোৱাই আশা নকৰে (গীত ১০৩:১৪; w২৩.০৫ ২৬ ¶২)

এগৰাকী পত্নীয়ে নিজৰ স্বামীক মনৰ কথা কৈ আছে আৰু স্বামীয়ে তাইৰ কথা মনোযোগেৰে শুনি আছে।

নিজকে সোধক, ‘নিজৰ জীৱন সংগীক দয়া দেখুৱাৰ ক্ষেত্ৰত মই যিহোৱাৰ উদাহৰণ অনুকৰণ কৰোঁ নে?’

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ১০৪:২৪—এই পদৰ পৰা আমি যিহোৱাৰ নতুন নতুন আৰু বেলেগ বেলেগ বস্তু বনোৱাৰ শক্তিৰ বিষয়ে কি শিকিব পাৰোঁ? (cl-HI ৫৫ ¶১৮)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ১০৪:১-২৪ (শিক্ষা অধ্যায় ১১)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) ৰাজহুৱাভাৱে প্ৰচাৰ। (লোকসকলক প্ৰেম কৰক পাঠ ৩ ভাগ ৪)

৫. পুনৰ লগ কৰক

(৪ মি.) ঘৰে-ঘৰে প্ৰচাৰ। বাইবেল অধ্যয়ন কৰিবলৈ মান্তি হোৱা গৃহস্থৰ লগত বাইবেল বিদ্যাৰ্থীক শিকি থাকিবলৈ উৎসাহিত কৰক ভিডিঅʼখনৰ পৰা আলোচনা কৰক। (শিক্ষা অধ্যায় ৯)

৬. ভাষণ

(৫ মি.) লোকসকলক প্ৰেম কৰক আন কিছুমান পৰামৰ্শ ক ভাগ ৬—বিষয়: ‘স্বামীয়ে নিজৰ পত্নীক নিজৰ নিচিনাকৈ প্ৰেম কৰা উচিত।’ (শিক্ষা অধ্যায় ১)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ৪৪

৭. আপুনি নিজৰ সীমা বুজি পায় নে?

(১৫ মি.) আলোচনা।

যেতিয়া আমি মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰোঁ, তেতিয়া তেওঁ আনন্দিত হয় আৰু তেওঁৰ লগতে আমিও আনন্দিত হওঁ। (গীত ৭৩:২৮) কিন্তু এইদৰে কৰিবলৈ আমি নিজৰ সীমা বুজি পোৱা উচিত, নহʼলে আমি বহুত চিন্তিত হʼব পাৰোঁ বা নিৰাশ হʼব পাৰোঁ।

“নিজৰ পৰা বহুত বেচি আশা নকৰিব” ভিডিঅʼখনত দেখুৱা ভনী।”

নিজৰ পৰা বহুত বেচি আশা নকৰিব ভিডিঅʼখন দেখুৱাওক, তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক:

  • যিহোৱাই আমাৰ পৰা কি আশা কৰে? (মীখা ৬:৮)

  • “নিজৰ পৰা বহুত বেচি আশা নকৰিব” ভিডিঅʼখনৰ দৃশ্য। সেই ভনীজনে নিজৰ বান্ধৱীৰ লগত কফি চʼপত বহি আছে আৰু তেওঁলোকে এগৰাকী বাইবেল বিদ্যাৰ্থীক উৎসাহিত কৰি আছে।
  • নিজৰ লক্ষ্যত উপনীত হোৱাৰ বাবে বেছিকৈ চিন্তা নকৰিবলৈ ভনীয়ে কি কৰিলে?

নিজৰ সীমা কেনেকৈ চিনাক্ত কৰিব পাৰি?

  • নিজৰ তুলনা আনৰ লগত নকৰিব। (গালা ৬:৪) এজন ব্যক্তিয়ে যি কৰি আছে, আপুনিও সেয়াই কৰিব লাগিব এনে নহয়। আপুনি এইদৰেও ভবা উচিত নহয় যে যদি তেওঁ কৰিব পাৰিছে, তেনেহʼলে মইও কৰিব পাৰিম। এজন ব্যক্তিৰ পৰিস্থিতি, বয়স আপোনাৰ দৰে হʼব পাৰে, কিন্তু তেওঁ যিমান কৰিব পাৰিছে আপুনি হয়তো তাতকৈ কম বা বেছি কৰিব পাৰে

  • কিবা নতুন কৰিবলৈ ভয় কৰি সেই কামৰ পৰা আঁতৰি নাথাকিব। (ৰোম ১২:১; ১কৰি ৭:৩১) হয়তো সেৱা কৰাৰ কোনো এটা উপায় আপোনাক কঠিন যেন লাগিব পাৰে বা সেই কাম কৰি আপুনি আনন্দ লাভ নকৰিব বুলি ভাবিব পাৰে। কিন্তু এইবোৰ কথাৰ বাবে সেই কাম কৰাৰ পৰা আঁতৰি নাথাকিব।—মলা ৩:১০

  • সৰু সৰু লক্ষ্য ৰাখক। যেনে, আপুনি অগ্ৰগামী সেৱা কৰিব পাৰিবনে? এয়া জানিবলৈ আপুনি প্ৰচাৰত বেছিকৈ ভাগ লʼব পাৰে বা এবছৰৰ কাৰণে সহযোগী অগ্ৰগামী সেৱা কৰিব পাৰে। ইয়াৰ পাছতো যদি আপোনাৰ অনুভৱ হয় যে আপুনি অগ্ৰগামী সেৱক হʼব নোৱাৰে বা এবছৰতকৈ বেছি এই সেৱা কৰিব নোৱাৰে, তথাপিও আপুনি আনন্দিত হʼব। কিয়নো আপুনি সৰু সৰু লক্ষ্যত উপনীত হʼব পাৰিলে।—উপ ৬:৯

  • সাল-সলনি কৰিবলৈ সাজু থাকক। সময়ৰ অনুসৰি আমাৰ পৰিস্থিতি সলনি হৈ থাকে। সেইবাবে, পৰিস্থিতিৰ অনুসৰি আমি কি কৰিব পাৰোঁ আৰু কি কৰিব নোৱাৰোঁ, সেয়াও সলনি হয়। গতিকে, মাজে-সময়ে নিজৰ লক্ষ্যবোৰ চালি-জাৰি চাওক

৮. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) w২১.১০ ৩-৫ ¶৯-১৩

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ৫৫ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক