ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb25 জানুৱাৰী পৃষ্ঠা ২-৩
  • জানুৱাৰী ৬-১২

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জানুৱাৰী ৬-১২
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৫
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৫
mwb25 জানুৱাৰী পৃষ্ঠা ২-৩

জানুৱাৰী ৬-১২

গীতমালা ১২৭-১৩৪

গীত নং ১৩৪ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. পিতৃ-মাতৃসকল—নিজৰ লʼৰা-ছোৱালীৰ যত্ন লৈ থাকক

(১০ মি.)

পিতৃ-মাতৃসকল ভৰসা ৰাখক যে পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ যিহোৱাই আপোনাক নিশ্চয় সহায় কৰিব (গীত ১২৭:১, ২)

লʼৰা-ছোৱালী, যিহোৱাই দিয়া আধিপত্য (গীত ১২৭:৩; w২১.০৮ ৫ ¶৯)

প্ৰতিজন লʼৰা-ছোৱালীৰ প্ৰয়োজনীয়তা বেলেগ, সেইবাবে তাৰ অনুসৰি শিকাওক (গীত ১২৭:৪; w১৯.১২-HI ২৬-২৭ ¶২০)

পিতৃয়ে নিজৰ লʼৰা-ছোৱালীক “বাইবেলৰপৰা মোৰ শিক্ষা” নামৰ ব্ৰচাৰখনৰ পৰা শিকাই আছে। তেওঁলোকে ভাবিছে যে নতুন পৃথিৱীত তেওঁলোকে হাতী আৰু গৰিলাৰ লগত খেলি আছে।

পিতৃ-মাতৃয়ে যেতিয়া নিজন লʼৰা-ছোৱালীৰ যত্ন লʼবলৈ যিহোৱাৰ ওপৰত ভৰসা কৰে, তেতিয়া যিহোৱা বহুত আনন্দিত হয়

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ১৩১:১, ২—এই পদৰ পৰা পিতৃ-মাতৃয়ে কি শিকিব পাৰে? (w২১.০৭ ২২ ¶৬)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ১৩২:১-১৮ (শিক্ষা অধ্যায় ২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। (লোকসকলক প্ৰেম কৰক পাঠ ১ ভাগ ৩)

৫. কথা-বতৰা আৰম্ভ কৰক

(৪ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। গৃহস্থই এনে কিবা কয় যি বাইবেলৰ শিক্ষাৰ লগত মিল নাখায়। (লোকসকলক প্ৰেম কৰক পাঠ ৫ ভাগ ৪)

৬. বাইবেল অধ্যয়ন কৰক

(৫ মি.) এক অনন্ত জীৱন! পাঠ ১৬ ভাগ ৪-৫. নিজৰ বিদ্যাৰ্থীৰ লগত কথা পাতক যে অহা সপ্তাহ যেতিয়া আপুনি নাথাকিব, তেতিয়া তেওঁৰ অধ্যয়ন কেনেকৈ হʼব। (লোকসকলক প্ৰেম কৰক পাঠ ১০ ভাগ ৪)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ১৩

৭. পিতৃ-মাতৃসকল—নিজৰ উদাহৰণৰ পৰা লʼৰা-ছোৱালীক শিকাওক

(১৫ মি.) আলোচনা।

যিহোৱাৰ সংগঠনে বহুতো লেখ, কিতাপ-পত্ৰিকা আৰু ভিডিঅʼ তৈয়াৰ কৰিছে, যাৰ যোগেদি পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীক যিহোৱাৰ বিষয়ে শিকাব পাৰে। কিন্তু লʼৰা-ছোৱালীক শিকোৱাৰ আটাইতকৈ ভাল উপায় হৈছে তেওঁলোকৰ ভাল উদাহৰণ।—দ্বিতী ৬:৫-৯.

যীচুৱেও নিজৰ শিষ্যসকলক শিকাবলৈ এই উপায়ে ব্যৱহাৰ কৰিছিল।

যোহন ১৩:১৩-১৫ পঢ়ক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:

  • যীচুৱে যিদৰে নিজৰ উদাহৰণৰ পৰা শিকালে এয়া প্ৰভাৱশালী আছিল বুলি আপুনি কিয় ভাবে?

পিতৃ-মাতৃসকল কিবা কোৱাৰ পৰিৱৰ্তে যদি কৰি দেখুৱাই, তেনেহʼলে আপোনাৰ সন্তান বেছিকৈ শিকিব। আপোনাৰ ভাল উদাহৰণ চায় লʼৰা-ছোৱালীয়ে আপোনাৰ কথা শুনিব আৰু মানি চলিব।

ছবি: “নিজৰ সন্তানৰ বাবে ভাল উদাহৰণ ৰাখক” নামৰ ভিডিঅʼখনৰ দৃশ্য। ১. গাৰ্চিয়া পৰিয়ালৰ সকলো লোকে গাড়ীত সভালৈ গৈ আছে। ২. সভাৰ পৰা অহাৰ পাছত তেওঁলোকে টেবুলৰ চাৰিফালে বহি আছে। ৩. ভাই গাৰ্চিয়াই ব্যক্তিগত অধ্যয়ন কৰি থকাৰ মাজতে নিজৰ ছোৱালীৰ লগত কথা পাতিছে। ৪. ভাই আৰু তেওঁৰ পত্নী গাৰ্চিয়াই নিজৰ এজনী ছোৱালীৰ লগত বাইবেলৰ পৰা যুক্তিসঙ্গত ভাৱে কথা পাতি আছে।

নিজৰ সন্তানৰ বাবে ভাল উদাহৰণ ৰাখক ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক:

  • ভাই আৰু ভনী গাৰ্চিয়াই নিজৰ ছোৱালী কেইজনীক কি বিশেষ কথা শিকালে?

  • আপুনি নিজৰ লʼৰা-ছোৱালীৰ বাবে ভাল উদাহৰণ বজাই ৰখাৰ বিষয়ে এই ভিডিঅʼৰ পৰা কি শিকিলে?

নিজৰ উদাহৰণৰ পৰা লʼৰা-ছোৱালীক শিকাওক যে . . .

  • মনোৰঞ্জন, মদ খোৱা আৰু চচিয়েল মিডিয়াৰ ব্যৱহাৰৰ বিষয়ে কেনেকৈ সঠিক নিৰ্ণয় লʼব পাৰি

  • যিহোৱাৰ উপাসনাক কেনেকৈ আমি নিজৰ জীৱনত প্ৰথম স্থান দিব পাৰোঁ

  • স্বামী-স্ত্ৰীয়ে কেনেকৈ এজনে আনজনৰ লগত প্ৰেম আৰু সন্মানেৰে ব্যৱহাৰ কৰিব পাৰে

৮. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) w২১.১১ ২-৩ ¶১-৭

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ৭৩ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক