ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb25 মাৰ্চ পৃষ্ঠা ১৪-১৫
  • এপ্ৰিল ২৮–মে’ ৪

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এপ্ৰিল ২৮–মে’ ৪
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৫
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৫
mwb25 মাৰ্চ পৃষ্ঠা ১৪-১৫

এপ্ৰিল ২৮–মে’ ৪

হিতোপদেশ ১১

গীত নং ৯০ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. এনেধৰণৰ কথা নকʼব!

(১০ মি.)

আপোনাৰ ‘ওচৰ-চুবুৰীয়াই’ আঘাত পোৱাকৈ কথা নকʼব (হিতো ১১:৯; w০২-HI ৫/১৫ ২৬ ¶৪)

অশান্তি সৃষ্টি কৰা কথা নকʼব (হিতো ১১:১১; w০২-HI ৫/১৫ ২৭ ¶২-৩)

গোপনীয় কথাবোৰ আনক নকʼব (হিতো ১১:১২, ১৩; w২০.০৩ ২১-২২ ¶১২-১৩)

ৰাজ্যগৃহত দুজন ভাই কথা পাতি আছে। তাৰে মাজৰ এজন ভায়ে তেওঁৰ ফালে আহি থকা আন এজন ভাইৰ বিষয়ে বেয়াকৈ কৈ আছে।

ধ্যানৰ বাবে প্ৰশ্ন: লূক ৬:৪৫ পদত যীচুৱে যি কৈছিল, সেয়া মনত ৰাখি আনে আঘাত পোৱাকৈ কথা কোৱাৰ পৰা আমি কেনেকৈ আঁতৰি থাকিব পাৰোঁ?

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • হিতো ১১:১৭—দয়া দেখুৱালে আমাৰ কেনেকৈ লাভ হয়? (g২০.০১-HI ১১, বক্স)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) হিতো ১১:১-২০ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৪ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। সুযোগ বিচাৰি ব্যক্তিজনক অলপতে হোৱা সভাত আপুনি কি শিকিলে তাৰ বিষয়ে কওক। (লোকসকলক প্ৰেম কৰক পাঠ ২ ভাগ ৪)

৫. পুনৰ লগ কৰক

(৪ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। শিক্ষাদানৰ সঁজুলিৰ বাকচৰ পৰা এখন ভিডিঅʼ দেখুৱাওক। (লোকসকলক প্ৰেম কৰক পাঠ ৮ ভাগ ৩)

৬. বাইবেল অধ্যয়ন কৰক

(৪ মি.) ৰাজহুৱাভাৱে প্ৰচাৰ। ব্যক্তিজনক সোধক যে তেওঁ বাইবেল অধ্যয়ন কৰিব বিচাৰেনে, যদি বিচাৰে তেনেহʼলে এয়া কেনেকৈ কৰে তাৰ বিষয়ে জনাওক। (লোকসকলক প্ৰেম কৰক পাঠ ১০ ভাগ ৩)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ১৫৭

৭. শান্তি ভাঙিব পৰা কথাবোৰ নকʼব

(১৫ মি.) আলোচনা।

আমি সকলোৱে অসিদ্ধ হোৱাৰ বাবে বহুবাৰ কিছুমান ভুল কথা কৈ দিওঁ। (যাকো ৩:৮) যদি আমি ভাবি-চিন্তি কথা কওঁ, তেনেহʼলে আমি এনে একো কথা নকʼম যাৰ বাবে আগলৈ গৈ আমাক দুখ লাগিব পাৰে। কি কি কথাই মণ্ডলীৰ শান্তি নাইকিয়া কৰিব পাৰে?

  • ফিতাহি মৰা। যেতিয়া কোনোবাই নিজৰ প্ৰশংসা কৰে, তেতিয়া আনৰ মনত প্ৰতিযোগিতা আৰু ঈৰ্ষাৰ ভাব আহিব পাৰে।— হিতো ২৭:২

  • মিছা কথা কোৱা। ইয়াত চিধা-চিধিকৈ মিছা কথা কোৱাৰ উপৰিও জানি-শুনি সঁচা কথা লুকুৱাই ৰখা আৰু ঘূৰাই-পকাই কথা কোৱাও জড়িত হৈ আছে। সৰু-সুৰা মিছা কথাৰ পৰাও ভৰসা নাইকিয়া হʼব পাৰে আৰু নাম বেয়া হʼব পাৰে।—উপ ১০:১

  • পৰচৰ্চা। ইয়াত কোনো ব্যক্তিৰ ব্যক্তিগত বিষয়বোৰৰ ওপৰত কথা পতা বা তেওঁৰ বিষয়ে অদৰকাৰী কথাবোৰ কোৱা জড়িত হৈ আছে, যি সঁচা নহয়। (১তীম ৫:১৩) ইয়াৰ বাবে কাজিয়া হʼব পাৰে বা একতা নাইকিয়া হʼব পাৰে

  • খঙত কথা কোৱা। যেতিয়া আমাৰ কাৰোবাৰ ওপৰত খং উঠে, তেতিয়া আমি নিজৰ নিয়ন্ত্ৰন হেৰুৱাই তেওঁক বেয়াকৈ কৈ দিওঁ। (ইফি ৪:২৬) কিন্তু ইয়াৰ বাবে আন ব্যক্তিজনে আঘাত পাব পাৰে।— হিতো ২৯:২২

 “শান্তি ভঙা কথাৰ পৰা আঁতৰি থাকক—এক আভাস” ভিডিঅʼখনৰ দৃশ্য। ১. লিলি আৰু চুমন মুখা-মুখিকৈ বহিছে। চুমন ফোনত জুলিৰ চʼচিয়েল মিডিয়াৰ পʼষ্ট চাই আছে। ২. ৰাজ্যগৃহৰ পাৰ্কিঙত জুলিয়ে চুমনৰ লগত খঙেৰে কথা পাতি আছে।

শান্তি ভঙা কথাৰ পৰা আঁতৰি থাকক—এক আভাস ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:

  • আমাৰ কথাৰ পৰা মণ্ডলীৰ শান্তি কেনেকৈ নাইকিয়া হʼব পাৰে?

মণ্ডলীত শান্তি কেনেকৈ পুনৰ স্থাপন কৰা হʼল, এয়া জানিবলৈ “শান্তি বিচাৰি, তাক খেদি যাওক” ভিডিঅʼখন চাওক।

৮. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) w২১.১২ ১৬-১৯ ¶১-১০

সমাপ্তিৰ মন্তব্য (৩ মি.) | ২০২৫ চনৰ অধিৱেশনৰ নতুন গীত আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক