ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb25 মে’ পৃষ্ঠা ২-৩
  • মে’ ৫-১১

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মে’ ৫-১১
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৫
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৫
mwb25 মে’ পৃষ্ঠা ২-৩

মে’ ৫-১১

হিতোপদেশ ১২

গীত নং ১০১ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. কঠিন পৰিশ্ৰম কৰিলে পুৰস্কাৰ পোৱা যায়

(১০ মি.)

অপ্ৰয়োজনীয় বস্তুবোৰত সময় নষ্ট নকৰিব (হিতো ১২:১১)

পৰিশ্ৰমী হওক আৰু প্ৰতিটো কাম মনে-প্ৰাণে কৰক (হিতো ১২:২৪; w১৬.০৬-HI ৩০-৩১ ¶৬)

আপুনি নিজৰ পৰিশ্ৰমৰ ফল পাব (হিতো ১২:১৪)

ছবি: এজন ভায়ে পাইপ-লাইন লগোৱাৰ কাম আৰু উপাসনাৰ লগত জড়িত কামবোৰ কৰিবলৈ কঠিন পৰিশ্ৰম কৰে। ১. তেওঁ নিজৰ সঁজুলি লৈ গৈ আছে। ২. তেওঁ এটা ৰেঞ্চ লৈ এটা ডাঙৰ পাইপত কাম কৰি আছে। ৩. তেওঁ নিজৰ পৰিয়ালৰ লগত সভাত আছে, তেওঁ আৰু তেওঁৰ সৰু ছোৱালীজনীয়ে উত্তৰ দিবলৈ হাত দাঙিছে। ৪. তেওঁ তেল ডিপুত এজন ব্যক্তিক ট্ৰেক্ট দি সাক্ষ্য দিছে।

পৰামৰ্শ: যদি আমি আনৰ লাভৰ বিষয়ে চিন্তা কৰি কঠিন পৰিশ্ৰম কৰোঁ, তেনেহʼলে আমি সন্তুষ্টি পাম। —পাঁচ ২০:৩৫; w১৫-E ২/১ ৫ ¶৪-৬.

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • হিতো ১২:২৫—আমি কেনেকৈ কথাৰ শক্তিৰে আনক সহায় কৰিব পাৰোঁ? (w২৪.০৯ ২৮ ¶১০)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) হিতো ১২:১-২০ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(২ মি.) ঘৰে-ঘৰে প্ৰচাৰ। (লোকসকলক প্ৰেম কৰক পাঠ ১ ভাগ ৪)

৫. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) ঘৰে-ঘৰে প্ৰচাৰ। গৃহস্থক সোধক যে তেওঁ বাইবেল অধ্যয়ন কৰিব বিচাৰেনে। (লোকসকলক প্ৰেম কৰক পাঠ ৫ ভাগ ৪)

৬. পুনৰ লগ কৰক

(৩ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। এনে এজন ব্যক্তিক আমাৰ ৱেবছাইটৰ বিষয়ে জনাওক যাৰ লʼৰা-ছোৱালী আছে। (লোকসকলক প্ৰেম কৰক পাঠ ৯ ভাগ ৩)

৭. আপুনি কি বিশ্বাস কৰে বুজাওক

(৩ মি.) প্ৰদৰ্শন। সঘনাই সোধা প্ৰশ্ন ৩—বিষয়: আপোনাৰ ধৰ্ম্মই কেৱল সত্য ধৰ্ম্ম হয় বুলি আপুনি ভাৱে নে? (লোকসকলক প্ৰেম কৰক পাঠ ৪ ভাগ ৩)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ২১

৮. যিহোৱাৰ সহায়ত টকা-পইচাৰ অভাৱৰ সন্মুখীন হʼব পাৰে

(১৫ মি.) আলোচনা।

আজি জগতৰ আৰ্থিক পৰিস্থিতি যিকোনো সময়ত সলনি হʼব পাৰে। এনে পৰিস্থিতিত আমি হয়তো চাকৰি বিচৰাৰ বা চাকৰি হেৰুৱাই দিয়াৰ চিন্তা কৰিব পাৰোঁ বা আমি কম টকা-পইচা অৰ্জন কৰোঁ আৰু ইয়াৰ পৰা প্ৰতিদিনে আমাৰ প্ৰয়োজনীয়তা কেনেকৈ পূৰ হʼব বুলি চিন্তা কৰিব পাৰোঁ। অথবা আমি হয়তো ভাবিব পাৰোঁ যে যদি আমি বৃদ্ধ হৈ যাওঁ, তেনেহʼলে কোনে আমাৰ চোৱা-চিতা কৰিব। যিহোৱাই আমাক আশ্বাস দিছে যে যদি আমি তেওঁক নিজৰ জীৱনত প্ৰথম স্থান দিওঁ, তেনেহʼলে তেওঁ আমাৰ সকলো প্ৰয়োজনীয়তাৰ প্ৰতি ধ্যান দিব। আনকি এনে পৰিস্থিতিতো যেতিয়া হঠাতে আমি টকা-পইচাৰ অভাৱৰ সন্মুখীন হওঁ।—গীত ৪৬:১-৩; ১২৭:২; মথি ৬:৩১-৩৩.

“যিহোৱাই সদায় আমাৰ যত্ন লʼলে” ভিডিঅʼখনৰ এখন দৃশ্য। ভাই আলভেৰেডʼৱে নিজৰ পত্নীৰ হাত ধৰি নিজৰ পৰিয়ালৰ লগত প্ৰাৰ্থনা কৰি আছে।

যিহোৱাই সদায় আমাৰ যত্ন লʼলে ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:

  • ভাই আলভেৰেডʼৰ অনুভৱৰ পৰা আপুনি কি শিকিলে?

১ তীমথিয় ৫:৮ পঢ়ক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:

  • এই পদৰ পৰা যিহোৱাই নিজৰ পৰিয়ালৰ লোকসকলৰ অৰ্থাৎ নিজৰ সেৱকসকলৰ যত্ন লʼব বুলি আপোনাৰ বিশ্বাস কেনেকৈ বাঢ়ে?

আহক বাইবেলৰ কিছুমান সিদ্ধান্তৰ ওপৰত মন কৰোঁ, যাৰ সহায়ত আপুনি টকা-পইচাৰ অভাৱৰ সন্মুখীন হʼব পাৰে:

  • সৰল জীৱন-যাপন কৰক। বিনা কাৰণত ধাৰ নলʼব আৰু অপ্ৰয়োজনীয় বস্তুবোৰত টকা-পইচা খৰচ কৰাৰ পৰা আঁতৰি থাকক।—মথি ৬:২২

  • পঢ়া-লিখা আৰু কামৰ বিষয়ে এনে নিৰ্ণয় লওক, যাৰ পৰা আপুনি যিহোৱাৰ সেৱাক নিজৰ জীৱনত প্ৰথম স্থান দিব পাৰে।—ফিলি ১:৯-১১

  • নম্ৰ হওক। যদি আপুনি চাকৰি হেৰুৱাই দিয়ে, তেনেহʼলে যিকোনো কাম কৰিবলৈ সাজু থাকক; সৰু-সুৰা কামো, যাতে আপুনি নিজৰ পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰ কৰিব পাৰে।—হিতো ১৪:২৩

  • আপোনাৰ ওচৰত যিমান আছে, হয়তো অকনমানেই হʼব পাৰে, সেয়াও আনৰ লগত ভগাওক।—ইব্ৰী ১৩:১৬

৯. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) w২১.১২ ১৯-২১ ¶১১-১৮

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ৫৭ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক