ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • wp21 নং ২ পৃষ্ঠা ৩
  • এক নতুন পৃথিৱীৰ প্ৰয়োজন

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এক নতুন পৃথিৱীৰ প্ৰয়োজন
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০২১
  • মিল থকা বিষয়
  • এক আভাস
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০২১
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০২১
wp21 নং ২ পৃষ্ঠা ৩
এজন ব্যক্তি টিভিত দেখুৱা বেয়া খবৰৰপৰা নিজৰ দৃষ্টি ঘূৰাইছে। যুদ্ধ, বেমাৰ, দৰিদ্ৰতা আৰু প্ৰতিবাদৰ দৃশ্যবোৰ চাই তেওঁ চিন্তিত হৈছে।

এক নতুন পৃথিৱীৰ প্ৰয়োজন

ৰাষ্ট্ৰ সংঘ নামৰ সংগঠনে গোটেই পৃথিৱীত শান্তি আনিবলৈ চেষ্টা কৰিছে। ইয়াৰ এজন ডাঙৰ অধিকাৰীয়ে এইদৰে কৈছে, “পৃথিৱীৰ পৰিস্থিতি একেবাৰে বেয়া।” আপুনি কি ভাবে?

চাৰিওফালে বেয়া খবৰ শুনিবলৈ পোৱা গৈছে। যেনে,

  • বেমাৰ আৰু মহামাৰী বিয়পি পৰিছে

  • ভূমিকম্প আৰু বানপানীয়ে বহুতো অনিষ্ট কৰিছে

  • দৰিদ্ৰতা আৰু খোৱা-বোৱাৰ অভাৱ হৈছে

  • প্ৰদূষণ আৰু পৃথিৱীৰ তাপমাত্ৰা বাঢ়ি গৈছে

  • অপৰাধ, হত্যা আৰু অন্যায় হৈ আছে

  • যুদ্ধত বহুতোলোকৰ মৃত্যু হৈছে

পৃথিৱীৰ পৰিস্থিতি ভাল হোৱাটো আমি সকলোৱে বিচাৰোঁ, যʼত . . .

  • কোনেও বেমাৰ নহওক

  • কোনো কথাৰ ভয় নহওক

  • প্ৰচুৰ পৰিমাণে খোৱা বস্তু হওক

  • বতাহ, পানী পৰিষ্কাৰ হওক

  • কোনো অন্যায় নহওক

  • চাৰিওফালে শান্তি হওক

অতি সোনকালে পৃথিৱীৰ পৰিৱেশ সলনি হʼব। তেতিয়া তাৰ পৰিস্থিতি কেনেকুৱা হʼব?

আমি বাস কৰা পৃথিৱীখন ধ্বংস হৈ যাব নেকি?

আহিবলগীয়া নতুন পৰিস্থিতিত জীয়াই থাকিবলৈ আমি কি কৰিব লাগিব?

ঈশ্বৰে পবিত্ৰ শাস্ত্ৰ বাইবেলত ইয়াৰ বিষয়ে উল্লেখ কৰিছে। প্ৰহৰীদুৰ্গৰ এই সংখ্যাত আমি এই প্ৰশ্নবোৰৰ উত্তৰ জানিব পাৰিম।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক