অধ্যয়নৰ লেখ ৮
“সচেতন হোৱা, পৰ দি থাকা”
“সচেতন হোৱা, পৰ দি থাকা।”—১ পিত. ৫:৭.
গীত ১৪৪ পুৰস্কাৰৰ ওপৰত দৃষ্টি ৰাখা
লেখৰ এক আভাসa
১. (ক) জগতৰ অন্ত কেতিয়া হʼব, ইয়াৰ বিষয়ে যীচুৱে নিজৰ শিষ্যসকলক কি কৈছিল? (খ) যীচুৱে তেওঁলোকক কি সাৱধানবাণী দিলে?
যীচুৰ মৃত্যুৰ কিছুদিনৰ আগত তেওঁৰ চাৰিজন শিষ্যই তেওঁক এইদৰে সুধিছিল, “এই জগতৰ শেষ হোৱাৰ চিন কি?” (মথি ২৪:৩) যিহূদী ব্যৱস্থা অৰ্থাৎ যিৰূচালেম আৰু তাৰ মন্দিৰৰ নাশ হোৱা চিনৰ বিষয়ে শিষ্যসকলে জানিব বিচাৰিছিল। যীচুৱে তেওঁলোকক কেৱল যিহূদী ব্যৱস্থাৰ অন্তৰ বিষয়ে কোৱা নাছিল, ইয়াৰ পৰিৱৰ্তে আজি আমি জীয়াই থকা এই জগতৰ অন্তৰ বিষয়েও কৈছিল। কিন্তু জগতৰ অন্ত কেতিয়া হʼব, এই বিষয়ে যীচুৱে এইদৰে কৈছিল, “পিতৃৰ বাহিৰে স্বৰ্গত থকা দূতবিলাক, বা পুত্ৰ, বা কোনেও সেই দিন বা সেই মুহূৰ্ত্ত নাজানে।” তাৰ পাছত যীচুৱে নিজৰ সকলো শিষ্যক এই সাৱধানবাণী দিছিল, ‘সাৱধান হোৱা; আৰু পৰ দি থাকা।’—মাৰ্ক ১৩:৩২-৩৭.
২. প্ৰথম শতিকাত খ্ৰীষ্টানসকলে কিয় সচেতন হৈ থকাৰ প্ৰয়োজন আছিল?
২ প্ৰথম শতিকাত যিহূদিয়াত থকা খ্ৰীষ্টানসকলে সাৱধানে অৰ্থাৎ সচেতনে থকা অতি প্ৰয়োজন আছিল, কাৰণ ইয়াত তেওঁলোকৰ জীৱন আৰু মৰণৰ কথা আছিল। যিৰূচালেম আৰু তাৰ মন্দিৰ নাশ হোৱাৰ বিষয়ে শিষ্যসকলে কেনেকৈ জানিব পাৰে, তাৰ বিষয়ে যীচুৱে তেওঁলোকক কৈছিল। তেওঁ কৈছিল, “যেতিয়া যিৰূচালেমক সৈন্যবিলাকেৰে বেৰি ধৰা দেখিবা, তেতিয়া তাৰ ধ্বংস ওচৰ চাপিল্হি বুলি জানিবা।” যেতিয়া এই চিনবোৰ পূৰ হʼল, তেতিয়া তেওঁলোকে যীচুৰ সাৱধানবাণী পালন কৰি পৰ্বতলৈ পলাই যোৱাৰ প্ৰয়োজন আছিল। (লূক ২১:২০, ২১) যিসকলে এই সাৱধানবাণীৰ ওপৰত ধ্যান দিলে, তেওঁলোকৰ কি লাভ হʼল। যেতিয়া ৰোমান সৈনিকসকলে যিৰূচালেমক ধ্বংস কৰিলে, তেতিয়া এই লোকসকলৰ জীৱন ৰক্ষা পৰিল।
৩. এই লেখত আমি কি আলোচনা কৰিম?
৩ আজি আমি এই জগতৰ একেবাৰে শেষকালত জীয়াই আছোঁ। সেইবাবে, আমিও সচেতন হৈ পৰ দি থাকিব লাগিব। এই লেখত আমি আলোচনা কৰিম যে জগতৰ ঘটনাবোৰৰ ওপৰত ধ্যান দিয়াৰ সময়ত আমি কেনেকৈ সচেতন হৈ থাকিব পাৰোঁ, আমি কেনেকৈ নিজৰ ওপৰত ধ্যান দিব পাৰোঁ আৰু আজি আমাৰ ওচৰত যি সময় আছে, তাক কেনেকৈ ভালদৰে ব্যৱহাৰ কৰিব পাৰোঁ।
জগতত ঘটা ঘটনাবোৰ ধ্যান দিয়াৰ সময়ত সচেতন হওক
৪. পৃথিৱীত হৈ থকা ঘটনাবোৰে বাইবেলৰ ভৱিষ্যতবাণীবোৰ কেনেকৈ পূৰ কৰি আছে, তাৰ ওপৰত আমি কিয় ধ্যান দিয়া উচিত?
৪ আজি পৃথিৱীত কি হৈ আছে, তাৰ বিষয়ে জানিবলৈ আমি সদায় আগ্ৰহী হৈ থাকোঁ আৰু এনে কৰাত কোনো ভুল নহয়, ইয়াৰ পৰা আমি জানিব পাৰোঁ যে বাইবেলৰ ভৱিষ্যতবাণীবোৰ পূৰ হৈ আছে। যেনে, যীচুৱে এনে কিছুমান বিশেষ ঘটনাবোৰৰ বিষয়ে কৈছিল, যাৰ পৰা আমি জানিব পাৰোঁ যে চয়তানৰ জগতৰ অন্ত একেবাৰে কাষ চাপিছে। (মথি ২৪:৩-১৪) বাইবেলৰ ভৱিষ্যতবাণীবোৰ কেনেকৈ পূৰ হৈ আছে, তাৰ ওপৰত ধ্যান দিবলৈ পাঁচনি পিতৰেও আমাক উৎসাহিত কৰিছে। কাৰণ এনে কৰিলে আমাৰ বিশ্বাস বাঢ়িব। (২ পিত. ১:১৯-২১) বাইবেলৰ শেষ কিতাপ প্ৰকাশিত বাক্যতো এনেধৰণৰ কথাই লিখা আছে: “অলপতে যি যি ঘটিব লাগে, তাক যীচু খ্ৰীষ্টে তেওঁৰ দাসবিলাকক দেখুৱাবৰ কাৰণে, ঈশ্বৰে তেওঁত সমৰ্পণ কৰা তেওঁৰ প্ৰকাশিত বাক্য।” (প্ৰকা. ১:১) সেইবাবে, আমি প্ৰায়েই ধ্যান দিওঁ যে পৃথিৱীত কি কি ঘটনা ঘটি আছে। আমি এয়াও ভাবোঁ যে এই ঘটনাবোৰে বাইবেলৰ কোনো ভৱিষ্যতবাণীতো পূৰ কৰা নাই। সেইবাবে, এই ঘটনাবোৰৰ বিষয়ে আমাক হয়তো আনৰ লগতো কথা পাতিব মন যায়।
বাইবেলৰ ভৱিষ্যতবাণীবোৰৰ বিষয়ে আলোচনা কৰাৰ সময়ত আমি কি কৰা উচিত আৰু কি কৰা উচিত নহয়? (অনুচ্ছেদ ৫ চাওক)b
৫. আমি কি কৰিব লাগিব আৰু কি কৰিব নালাগে? (ছবিখনো চাওক।)
৫ আমি বাইবেলৰ ভৱিষ্যতবাণীবোৰৰ বিষয়ে আনৰ লগত কথা পাতিব পাৰোঁ, কিন্তু এনে কৰাৰ সময়ত কেতিয়াও অনুমান কৰা উচিত নহয়। কাৰণ এনে কৰিলে মণ্ডলীৰ একতা ভাঙি যাব আৰু এইদৰে হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। যেনে, হয়তো আমি শুনোঁ যে জগতৰ নেতাসকলে ডাঙৰ সমস্যাক কেনেকৈ সমাধান কৰিব আৰু পৃথিৱীত শান্তি আৰু সুৰক্ষা কেনেকৈ আনিব, তাৰ বিষয়ে কথা পাতি আছে। এনে কথাবোৰ শুনাৰ পাছত আমি কেতিয়াও এইদৰে অনুমান কৰা উচিত নহয় যে ‘তাৰ মানে, ১ থিচলনীকীয়া ৫:৩ পদত কোৱা ভৱিষ্যতবাণী পূৰতো হোৱা নাই!’ ইয়াৰ পৰিৱৰ্তে যিহোৱাৰ সংগঠনৰ পৰা অহা নতুন নতুন কথা বা নতুন বুজাবুজিবোৰ জানি থাকিব লাগিব। যেতিয়া আমি সেই কথাবোৰৰ আধাৰত এজনে-আনজনৰ লগত কথা পাতোঁ, তেতিয়া আমাৰ ‘একে বিবেচনা’ অৰ্থাৎ আমাৰ চিন্তাধাৰা একে হʼব আৰু মণ্ডলীত একতা থাকিব।—১ কৰি. ১:১০; ৪:৬.
৬. দ্বিতীয় পিতৰ ৩:১১-১৩ পদৰ পৰা আমি কি শিকিব পাৰোঁ?
৬ দ্বিতীয় পিতৰ ৩:১১-১৩ পঢ়ক। এই পদবোৰৰ পৰা জানিব পাৰি যে যেতিয়া আমি বাইবেলৰ কোনো ভৱিষ্যতবাণীৰ ওপৰত ধ্যান দিওঁ, তেতিয়া আমি কি উদ্দেশ্যেৰে এইদৰে কৰি আছোঁ, তাৰ ওপৰত মন কৰা উচিত। ‘ঈশ্বৰৰ দিন’ অতি সোনকালে আহি আছে, এই কথাটো সদায় মনত ৰাখিবলৈ পিতৰে আমাক উৎসাহিত কৰিছিল। কিয় বাৰু? যিহোৱাই হৰমাগিদোন অনাৰ “দিন আৰু সময়” আমি জানিব বিচাৰিছোঁ, তাৰ কাৰণে নহয়। ইয়াৰ পৰিৱৰ্তে আজি আমাৰ ওচৰত যি সময় আছে, সেই সময়ক আমি যাতে ‘পবিত্ৰ আচাৰ-ব্যৱহাৰ আৰু ভক্তিৰ’ কামত ব্যৱহাৰ কৰিব পাৰোঁ। (মথি ২৪:৩৬; লূক ১২:৪০) আন অৰ্থত কʼবলৈ গʼলে আমাৰ আচাৰ-ব্যৱহাৰ যিহোৱাৰ মানদণ্ডৰ অনুসৰি হোৱা আৰু আমি যিহোৱাৰ বাবে যিয়েই কৰোঁ, তাৰ পৰা তেওঁৰ বাবে প্ৰেম প্ৰকাশ পোৱাটো আমি বিচাৰোঁ। এনে কৰিবলৈ আমি নিজৰ ওপৰত ধ্যান দিয়াটো অতি প্ৰয়োজন।
নিজলৈ ধ্যান দিয়াৰ অৰ্থ কি?
৭. আমি কেনেকৈ নিজলৈ ধ্যান দিব পাৰোঁ? (লূক ২১:৩৪, ৩৫)
৭ যীচুৱে নিজৰ শিষ্যসকলক কৈছিল যে তেওঁলোকে কেৱল পৃথিৱীত হৈ থকা ঘটনাবোৰলৈ ধ্যান দিয়া উচিত নহয়। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে নিজলৈও ধ্যান দিয়া উচিত। এবাৰ তেওঁ নিজৰ শিষ্যসকলক সাৱধানবাণী দিয়াৰ সময়ত এই কথাও কৈছিল, “তোমালোকে নিজলৈ সাৱধানে থাকিবা।” (লূক ২১:৩৪, ৩৫ পঢ়ক।) যিজন ব্যক্তিয়ে নিজলৈ সাৱধান হয় অৰ্থাৎ নিজলৈ ধ্যান দিয়ে, তেওঁ চিন্তা কৰে যে কি কি কথাৰ বাবে যিহোৱাৰ লগত থকা তেওঁৰ সম্পৰ্ক নাইকিয়া হʼব পাৰে আৰু সেই কথাবোৰৰ পৰা সদায় আঁতৰি থাকিবলৈ চেষ্টা কৰে। এইদৰে তেওঁ নিজকে ঈশ্বৰৰ প্ৰেমত বজাই ৰাখিব পাৰে।—হিতো. ২২:৩; যিহূ. ২০, ২১.
৮. পাঁচনি পৌলে খ্ৰীষ্টানসকলক কি কৈছিল?
৮ পাঁচনি পৌলেও নিজলৈ ধ্যান দিবলৈ খ্ৰীষ্টানসকলক কৈছিল। উদাহৰণস্বৰূপে, তেওঁ ইফিচৰ খ্ৰীষ্টানসকলক এইদৰে কৈছিল, “এতেকে কি দৰে চলা, তালৈ সাৱধানে চাবা; অজ্ঞানৰ দৰে নহয়, কিন্তু জ্ঞানীৰ দৰে চলিবা।” (ইফি. ৫:১৫, ১৬) যিহোৱাৰ লগত থকা আমাৰ বন্ধুত্বক নাইকিয়া কৰিবলৈ চয়তানে সদায় চেষ্টা কৰি থাকে। সেইবাবে, বাইবেলত আমাক পৰামৰ্শ দিয়া হৈছে যে আমি “প্ৰভুৰ ইচ্ছা কি,” তাক জানি থাকিব লাগিব, যাতে চয়তানৰ সকলো ফান্দৰ পৰা আমি বাচি থাকিব পাৰোঁ।—ইফি. ৫:১৭.
৯. আমি যিহোৱাৰ ইচ্ছাৰ বিষয়ে কেনেকৈ জানিব পাৰোঁ?
৯ যিহোৱাৰ লগত থকা আমাৰ বন্ধুত্বক বিপদত পেলাব পৰা প্ৰতিটো কথা বাইবেলত লিখা নাই। সেইবাবে, বহু বাৰ আমি নিজে নিৰ্ণয় লʼব লাগিব যে আমি কি কৰিম আৰু কি নকৰিম। যদি আমি সঠিক নিৰ্ণয় লʼব বিচাৰোঁ, তেনেহʼলে আমি ‘যিহোৱাৰ ইচ্ছা কি’ জানিব লাগিব। এয়া আমি কেনেকৈ বুজিব পাৰোঁ? প্ৰতিদিনে বাইবেল অধ্যয়ন আৰু ধ্যান কৰাৰ যোগেদি। যেতিয়া আমি যিহোৱাৰ ইচ্ছা জানিবলৈ আৰু ‘খ্ৰীষ্টৰ নিচিনা মন’ ৰাখিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰোঁ, তেনেহʼলে আমি “জ্ঞানীৰ দৰে” চলিব পাৰিম। আমি সেই বিষয়বোৰতো সঠিক নিৰ্ণয় লʼব পাৰিম, যি বিষয়বোৰত বাইবেলত চিধা-চিধিকৈ কোনো নিয়ম দিয়া নাই। (১ কৰি. ২:১৪-১৬) যিহোৱাৰ লগত থকা আমাৰ বন্ধুত্বক নাইকিয়া কৰা কিছুমান বিপদক আমি সহজতে চিনাক্ত কৰিব পাৰোঁ, কিন্তু কিছুমানক চিনাক্ত কৰাটো সহজ নহয়।
১০. আমি কি কি কামৰ পৰা আঁতৰি থকা উচিত?
১০ কিছুমান কামে যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্কক বিপদত পেলাব পাৰে। যেনে, প্ৰেমৰ অভিনয় বা ফ্লাৰ্ট কৰা, বেছি মদ খোৱা, অধিককৈ ভোজন পান কৰা, আঘাত লগাকৈ কথা কোৱা, মাৰ-পিট থকা কাৰ্য্যক্ৰম বা চিনেমা চোৱা আৰু অশ্লীল ছবিবোৰ বা ভিডিঅʼ চোৱা। এনে কামবোৰৰ পৰা আমি আঁতৰি থকা উচিত। (গীত. ১০১:৩) যিহোৱাৰ লগত থকা আমাক সম্পৰ্কক নাইকিয়া কৰিবলৈ চয়তানে দিনে-ৰাতিয়ে চেষ্টা কৰি আছে। (১ পিত. ৫:৮) যদি আমি সচেতন হৈ নাথাকোঁ, তেনেহʼলে চয়তানে আমাৰ মনত কিছুমান বিষাক্ত বীজ ৰুই দিব পাৰে। যেনে, আমি হয়তো আনৰ প্ৰতি ঈৰ্ষা কৰিব পাৰোঁ, মিছা কথা কʼব পাৰোঁ, লোভ কৰিব পাৰোঁ, অহংকাৰী হৈ পৰিব পাৰোঁ, আনৰ প্ৰতি খং পুহি ৰাখিব পাৰোঁ বা তেওঁলোকক ঘৃণা কৰিব পাৰোঁ। (গালা. ৫:১৯-২১) আৰম্ভণিতে এই সকলোবোৰ ইমান ডাঙৰ কথা যেন নালাগিব পাৰে। কিন্তু আমি যদি নিজৰ মনৰ পৰা এইবোৰ লগে লগে উলিয়াই নিদিওঁ, তেনেহʼলে এই বিষাক্ত বীজ বাঢ়ি থাকিব, যিয়ে আমাৰ বহুত হানি কৰিব পাৰে।—যাকো. ১:১৪, ১৫.
১১. (ক) আমি সহজে চিনাক্ত কৰিব নোৱাৰা এটা বিপদ কি? (খ) এই বিপদৰ পৰা আমি কিয় সাৱধান হোৱা উচিত?
১১ এনে এটা বিপদৰ বিষয়ে চিন্তা কৰক, যাক আমি হয়তো সহজে চিনাক্ত কৰিব নোৱাৰোঁ, সেয়া হৈছে বেয়া সংগতি। চিন্তা কৰক, এজন যিহোৱাৰ সাক্ষী নোহোৱা ব্যক্তিৰ লগত আপুনি কাম কৰে। তেওঁ সাক্ষীসকলৰ বিষয়ে ভাল ভবাটো আপুনি বিচাৰে। সেইবাবে, আপুনি তেওঁক প্ৰায়ে সহায় কৰে আৰু তেওঁৰ লগত ভালদৰে ব্যৱহাৰ কৰে। ব্ৰেকৰ সময়ত আপুনি কেতিয়াবা কেতিয়াবা তেওঁৰ লগত আহাৰ খায়। কিছু সময়ৰ পাছত প্ৰতিদিনে তেওঁৰ লগত আহাৰ খাবলৈ ধৰে। পাছত আপুনি লক্ষ্য কৰে যে তেওঁ অনৈতিক কথাবোৰৰ বিষয়ে কেতিয়াবা কেতিয়াবা কথা পাতে। আৰম্ভণিতে আপুনি তেওঁৰ কথালৈ ইমান ধ্যান নিদিয়ে। কিন্তু পাছত তেওঁৰ কথা শুনাটো আপোনাৰ অভ্যাস হৈ পৰে আৰু সেইবোৰ কথা আপোনাৰ ইমান বেয়া নালাগে। এদিনাখন কামৰ পাছত তেওঁ আপোনাক মদ খাবলৈ মাতে আৰু আপুনি মান্তি হৈ যায়। লাহে লাহে আপুনি তেওঁৰ নিচিনা চিন্তা কৰিবলৈ ধৰে। এতিয়া আপুনি কি ভাবে কিছু সময়ৰ পাছত আপুনি তেওঁৰ নিচিনা কাম কৰিবলৈ নধৰিব নে? অৱশ্যে আমি লোকসকলৰ লগত ভালদৰে ব্যৱহাৰ কৰিব লাগে আৰু তেওঁলোকক সন্মান কৰিব লাগে। কিন্তু আমি এয়াও মনত ৰাখিব লাগিব যে আমি যিসকলৰ লগত সময় কটাওঁ, আমি তেওঁলোকৰ দৰেই হৈ পৰোঁ। (১ কৰি. ১৫:৩৩) সেইবাবে, আমি যীচুৰ কথা মনত ৰখা উচিত আৰু নিজৰ ওপৰত ধ্যান দিয়া উচিত। তেতিয়া আমি এনে লোকসকলৰ লগত সময় কটোৱাৰ পৰা আঁতৰি থাকিব পাৰিম, যিসকলে যিহোৱাৰ মানদণ্ড পালন নকৰে। কাৰণ আমি জানোঁ যে এনে কৰাটো আমাৰ বাবে বিপদজনক হʼব পাৰে।—২ কৰি. ৬:১৫.
সময়ৰ ভালদৰে ব্যৱহাৰ কৰক
১২. যিৰূচালেমৰ নাশৰ অপেক্ষা কৰাৰ সময়ত যীচুৰ শিষ্যসকলে কি কৰাৰ প্ৰয়োজন আছিল?
১২ যীচুৰ শিষ্যসকলে যিৰূচালেম নাশ হʼব বুলি জানিছিল, কিন্তু তেতিয়ালৈকে তেওঁলোকে এনেই বহি থকাৰ প্ৰয়োজন নাছিল। যীচুৱে তেওঁলোকক এটা কাম দিছিল। যীচুৱে তেওঁলোকক “যিৰূচালেম আদি কৰি গোটেই যিহূদিয়া আৰু চমৰিয়া দেশত, আৰু পৃথিবীৰ সীমালৈকে” শুভবাৰ্তা শুনাবলৈ আজ্ঞা দিছিল। (পাঁচ. ১:৬-৮) সেই শিষ্যসকলে বহুত ডাঙৰ দায়িত্ব লাভ কৰিছিল। তেওঁলোকে এই দায়িত্ব মনে-প্ৰাণে পূৰ কৰি সময়ৰ ভালদৰে ব্যৱহাৰ কৰিলে।
১৩. আমি কিয় সময়ৰ ভালদৰে ব্যৱহাৰ কৰা উচিত? (কলচীয়া ৪:৫)
১৩ কলচীয়া ৪:৫ পঢ়ক। আমি নিজৰ সময় ভালদৰে ব্যৱহাৰ কৰি নিজলৈ ধ্যান দিয়াৰ দৰে হয়। সেইবাবে, আমি নিজৰ সময় কেনেকৈ ব্যৱহাৰ কৰি আছোঁ, তাৰ বিষয়ে ভবা উচিত। এনে কৰাটো অতি গুৰুত্বপূৰ্ণ, কাৰণ “যিকোনো ঘটনা আমাৰ লগত ঘটিব পাৰে” আৰু হঠাতে আমাৰ মৃত্যু হʼব পাৰে।—উপ. ৯:১১, NW.
আমি নিজৰ সময়ৰ কেনেকৈ ভালদৰে ব্যৱহাৰ কৰিব পাৰোঁ? (অনুচ্ছেদ ১৪-১৫ চাওক)
১৪-১৫. আমি নিজৰ সময়ৰ কেনেকৈ ভালদৰে ব্যৱহাৰ কৰিব পাৰোঁ? (ইব্ৰী ৬:১১, ১২) (ছবিখনো চাওক।)
১৪ আজি আমি সকলোৱে নিজৰ সময়ৰ কেনেকৈ ভালদৰে ব্যৱহাৰ কৰিব পাৰোঁ? যিহোৱাৰ ইচ্ছা পূৰ কৰি আৰু তেওঁৰ লগত থকা বন্ধুত্বক মজবুত কৰি। (যোহ. ১৪:২১) আমি “থিৰ আৰু অলৰ হৈ, প্ৰভুৰ কাৰ্য্যত সদায় উপচি” পৰাটো অতি প্ৰয়োজন। (১ কৰি. ১৫:৫৮) যদি আমি এনে কৰোঁ, তেনেহʼলে অন্ত অহাৰ আগতে বা আমাৰ মৃত্যুৰ আগতে আমি এয়া ভাবি দুখিত নহʼম যে মই নিজৰ সময় যিহোৱাৰ সেৱাত ভালদৰে ব্যৱহাৰ কৰা হʼলে কিমান ভাল আছিল!—মথি ২৪:১৩; ৰোম. ১৪:৮.
১৫ আজি যীচুৰ শিষ্যসকলে গোটেই পৃথিৱীত ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা প্ৰচাৰ কৰি আছে আৰু যীচুৱে একেৰাহে তেওঁলোকক নিৰ্দেশনা দি আছে। তেওঁ সংগঠনৰ যোগেদি আমাক ভালদৰে প্ৰচাৰ কৰিবলৈ শিকাই আছে আৰু এই কামত আমাক প্ৰয়োজন হোৱা প্ৰকাশনবোৰ দি আছে। (মথি ২৮:১৮-২০) যীচুৱে দেখোন নিজৰ প্ৰতিজ্ঞা পূৰ কৰিলে, কিন্তু তেওঁ আমাৰ পৰা কি বিচাৰে? যীচুৱে বিচাৰে যে যেতিয়ালৈকে যিহোৱাই এই জগতৰ অন্ত নকৰে, তেতিয়ালৈকে আমি লোকসকলক প্ৰচাৰ কৰিবলৈ আৰু তেওঁলোকক শিকাবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰোঁ আৰু সচেতন হৈ থাকোঁ। এইদৰে কৰি আমি ইব্ৰী ৬:১১, ১২ পদত দিয়া পৰামৰ্শ পালন কৰাৰ দৰে হʼব আৰু আমাৰ আশা পূৰ হʼব বুলি আমি শেষলৈকে সম্পূৰ্ণৰূপে ভৰসা ৰাখিব পাৰিম।—পঢ়ক।
১৬. আপুনি কি কৰিবলৈ থিৰাং কৰিলে?
১৬ চয়তানৰ জগতখন অন্ত কৰিবলৈ যিহোৱাই সেই দিন আৰু সময় নিৰ্ধাৰণ কৰি ৰাখিছে। ইয়াৰ পাছত তেওঁ নিজৰ বাক্যত নতুন পৃথিৱীৰ বিষয়ে কৰা সকলো ভৱিষ্যতবাণী পূৰ কৰিব। সেই সময় নহালৈকে আমাক হয়তো কেতিয়াবা কেতিয়াবা অনুভৱ হʼব পাৰে যে অন্ত আহিবলৈ দেৰি হৈছে। কিন্তু যিহোৱাৰ দিন আহিবলৈ “উচিত সময়তকৈ দেৰি নহব।” (হব. ২:৩) গতিকে আহক আমি থিৰাং কৰোঁ যে আমি ‘যিহোৱালৈ অপেক্ষা কৰিম, আমাৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰলৈ বাট চাম।’—মীখা ৭:৭.
গীত ১৩৯ নিজকে নতুন পৃথিৱীত চাওক
a এই লেখত আমি শিকিম যে আমি পৃথিৱীত হৈ থকা ঘটনাবোৰৰ ওপৰত ধ্যান দিয়াৰ সময়ত আমি কি কৰা উচিত আৰু কি কৰা উচিত নহয় আৰু কেনেকৈ সচেতন হৈ থাকিব পাৰোঁ। ইয়াৰ লগতে এয়াও শিকিম যে আমি কেনেকৈ নিজলৈ ধ্যান দিব পাৰোঁ আৰু আমি নিজৰ সময় কেনেকৈ ভালদৰে ব্যৱহাৰ কৰিব পাৰোঁ।
b ছবিৰ বিষয়ে: (ওপৰত) এহাল দম্পতীয়ে নিউজ চাই আছে। নিউজ চাই তেওঁলোকে যি অনুমান কৰিলে, সেই বিষয়ে সভাৰ পাছত আন ভাই-ভনীসকলৰ লগত কথা পাতি আছে। (তলত) এহাল দম্পতীয়ে প্ৰশাসন গোষ্ঠীৰ পৰা অহা আপডেট চাই আছে, যাতে বাইবেলৰ ভৱিষ্যতবাণীৰ বিষয়ে তেওঁলোকে নতুন নতুন কথা আৰু নতুন বুজাবুজিৰ বিষয়ে জানিব পাৰে। বিশ্বাসী বুদ্ধিমান দাসে প্ৰস্তুত কৰা প্ৰকাশনবোৰ তেওঁলোকে আনক দি আছে।