ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w23 নৱেম্বৰ পৃষ্ঠা ৩১
  • হুলদা নিজৰ লক্ষ্যত উপনিত হʼল

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • হুলদা নিজৰ লক্ষ্যত উপনিত হʼল
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
w23 নৱেম্বৰ পৃষ্ঠা ৩১

হুলদা নিজৰ লক্ষ্যত উপনিত হʼল

আহক কিছু বছৰ পিছলৈ ঘূৰি চাওঁ আৰু ইণ্ডোনেচিয়াৰ চেংগিৰ বেছাৰ নামৰ সৰু দ্বীপলৈ যাওঁ। ইয়াত আমাৰ তিনিজনী ভনীয়ে সমুদ্ৰৰৰ পাৰত কিবা কাম কৰি আছে। এই দ্বীপত সকলোৱে জানে যে আমাৰ এই ভনীসকলে লোকসকলক বাইবেল অধ্যয়ন কৰায়। কিন্তু এতিয়া তেওঁলোকে কিবা বেলেগ কামত ব্যস্ত আছে।

ইণ্ডোনেচিয়া আৰু আশে-পাশে থকা দেশবোৰৰ মানচিত্ৰ। তাতে এখন সৰু ছবিত চেংগিৰ বেচাৰ নামৰ সৰু দ্বীপ দেখুৱা হৈছে।

উত্তৰ ইণ্ডোনেচিয়াৰ চেংগিৰ বেছাৰ দ্বীপ

প্ৰথমে তেওঁলোকে সমুদ্ৰৰ অলপ ভিতৰলৈ খোজকাঢ়ি সোমাই যায় আৰু তাৰ পৰা কিছুমান ডাঙৰ ডাঙৰ পাথৰ পাৰলৈ লৈ আহে। ইয়াৰে মাজৰ কিছুমান পাথৰ ফুটবলৰ সমান ডাঙৰ হয়। তাৰ পাছত কাঠৰ এখন চকীত বহি হাতুৰীৰে এই পাথৰবোৰক কুকুৰাৰ কণীৰ নিচিনা সৰু সৰু টুকুৰাত ভঙা হয়। ইয়াৰ পাছত এই টুকুৰাবোৰক প্লাষ্টিকৰ বাল্টিত ভৰোৱা হয়। এই বাল্টিবোৰ চিৰিৰ সহায়ত তেওঁলোকে থকা ঠাইলৈ লৈ যোৱা হয়। তাৰ পাছত এইবোৰক বস্তাত ভৰোৱা হয় যাতে ইয়াক ট্ৰাকত উঠাব পাৰে। এই পাথৰবোৰ ৰাস্তা বনোৱা কামত ব্যৱহাৰ কৰা হয়।

হুলদাই সমুদ্ৰৰ পাৰত পাথৰ গোটাই আছে

তাৰে মাজৰ এজনী ভনী হৈছে হুলদা। তাই আন ভনীসকলৰ তুলনাত এইবাৰ অলপ বেছিকৈ কাম কৰি আছে। তাই পাথৰ ভাঙি যি পইচা পায়, তাৰ পৰা তাইৰ পৰিয়াল ভালদৰে চলি যায়। কিন্তু তাই এই বাৰ অলপ বেছিকৈ কাম কৰিব বিচাৰিছে যাতে তাই অলপ টকা গোটাব পাৰে। কিয় বাৰু? কিয়নো তাই এটা টেবলেট কিনিব বিচাৰে যাতে তাই JW লাইব্ৰেৰী এপ চলাব পাৰে। ভনী হুলদাই ভালদৰে জানে যে তাত যিবোৰ ভিডিঅʼ আৰু প্ৰকাশন আছে, তাৰ যোগেদি তেওঁ ভালদৰে প্ৰচাৰ কৰিব পাৰে। লগতে তাই নিজেও ভালদৰে বাইবেল অধ্যয়ন কৰিব পাৰে।

ভনী হুলদাই প্ৰায় ডেৰ মাহলৈকে প্ৰতিটো ৰাতিপুৱা দুই ঘন্টা বেছিকৈ কাম কৰিলে। এই ডেৰ মাহত ভনীয়ে যি পাথৰ ভাঙিলে তাৰে এটা সৰু ট্ৰাক ভৰি গʼল। এতিয়া ভনীৰ ওচৰত ইমানে টকা হʼল যে ইয়াৰে তাই এখন টেবলেট কিনিলে।

হুলদাই টেবলেটেখন হাতত লৈছে

ভনী হুলদাই এইদৰে কয়, “মই পাথৰ ভাঙোঁতে বহুত ভাগৰি পৰিছিলোঁ আৰু মোৰ গাৰ বিষ হৈছিল। কিন্তু যেতিয়া এই টেবলেটেৰে মই লোকসকলক প্ৰচাৰ কৰিলোঁ আৰু সভাবোৰৰ ভালদৰে তৈয়াৰী কৰিলোঁ, তেতিয়া এই সকলো দুখ পাহৰি গʼলোঁ।” ভনীয়ে এয়াও কয় যে এই টেবলেটে বিশেষকৈ মহামাৰীৰ সময়ত বহুত সহায় কৰিলে। কিয়নো সেই সময়ত মণ্ডলীৰ সভা আৰু প্ৰচাৰৰ কামবোৰ ভিডিঅʼ কʼনফ্ৰেন্সিঙৰ জৰিয়তে হৈ আছিল। ভনী হুলদাই নিজৰ লক্ষ্যত উপনিত হোৱাৰ বাবে আমি বহুত আনন্দিত।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক