অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়
“উপাসনাৰ গীতবোৰ” মুখস্থ কৰক
“কেতিয়াবা মই বহুত নিৰাশ হৈ যাওঁ। সেই সময়ত যিহোৱাই JW ব্ৰডকাষ্টিঙৰ গীতবোৰৰ যোগেদি মোক উৎসাহিত কৰে।”—আমেৰিকাত থকা ভনী লʼৰেন।
যিহোৱাৰ উপাসনা কৰিবলৈ খ্ৰীষ্টানসকলে আগৰে পৰা উপাসনাৰ গীত গাই আহিছে। (কল. ৩:১৬) গতিকে এই গীতবোৰ আপুনি মুখস্থ কৰিব পাৰিব নে? মুখস্থ কৰিলে ভৱিষ্যতে যদি আপোনাৰ ওচৰত গীতৰ কিতাপ বা মোবাইল নাথাকে, তেতিয়াও আপুনি ইয়াক গাবলৈ পাৰিব। ইয়াক মুখস্থ কৰিবলৈ আপুনি আগত কোৱা পদ্ধতিবোৰ ব্যৱহাৰ কৰিব পাৰে।
গীতৰ শব্দবোৰ ধ্যান দি পঢ়ক আৰু বুজিবলৈ চেষ্টা কৰক। যেতিয়া আপুনি তথ্যবোৰ ভালদৰে বুজিব, তেতিয়া ইয়াক মনত ৰখাটো আপোনাৰ বাবে সহজ হৈ পৰিব। আপুনি গীতৰ শব্দবোৰ (মূল গীত আৰু লৰা-ছোৱালীৰ বাবে গীতৰ শব্দ) jw.org-ত পাব। এয়া আপুনি jw লাইব্ৰেৰীত সংগীত ভাগৰ তলত পাব।
গীতৰ শব্দবোৰ লিখক। যেতিয়া আপুনি ইয়াৰ শব্দবোৰ নিজেই লিখিব, তেতিয়া এইবোৰ আপোনাৰ আৰু ভালদৰে মনত থাকিব। —দ্বিতী. ১৭:১৮.
গীত গাই মনত ৰাখিবলৈ চেষ্টা কৰক। শব্দবোৰ বাৰে বাৰে পঢ়ক বা গাওক।
আপোনাৰ কিমান মনত আছে। নোচোৱাকৈ গীত গাবলৈ চেষ্টা কৰক আৰু চাওক যে আপোনাৰ কিমান মনত আছে।