খ্ৰীষ্টান হিচাপে জীৱন-যাপন
ব্ৰডকাষ্টিঙৰ গীতৰপৰা আপুনি কি শিকিব পাৰে?
ব্ৰডকাষ্টিঙৰ কোনটো গীত আপোনাক বেছি ভাল লাগে আৰু কিয়? যেতিয়া সেই গীতৰ ভিডিঅ’ চায়, তেতিয়া আপোনাক লাগেনে যে ই আপোনাৰ জীৱনৰ লগত মিল আছে? সকলো গীতৰ বিষয় আৰু সংগীত বেলেগ বেলেগ হয়। সেইবাবে, সকলোৱে গীতবোৰ শুনিবলৈ ভাল পায়। ব্ৰডকাষ্টিঙৰ গীত আৰু ইয়াৰ ভিডিঅʼবোৰ কেৱল মনোৰঞ্জনৰ বাবে প্ৰস্তুত কৰা হৈছে, এনে নহয়।
ব্ৰডকাষ্টিঙৰ প্ৰতিটো গীতে আমাক ব্যৱহাৰিক শিক্ষা দিয়ে আৰু ইয়াৰ যোগেদি আমি খ্ৰীষ্টান জীৱন আৰু প্ৰচাৰ কাৰ্য্যত উন্নতি কৰিব পাৰোঁ। কিছুমান গীত অতিথি-সৎকাৰ, একতা, বন্ধুত্ব, সাহসী, প্ৰেম বা বিশ্বাসৰ বিষয়ে আছে। আন কিছুমান যিহোৱাৰ ওচৰলৈ উভতি অহা, ক্ষমা কৰা, নিষ্ঠা বজাই ৰখা আৰু যিহোৱাৰ সেৱাত লক্ষ্য ৰখাৰ বিষয়ে আছে। ইয়াৰ উপৰিও, ভাবি-চিন্তি মোবাইল ফোন ব্যৱহাৰ কৰাৰ বিষয়েও এটি গীত আছে। ব্ৰডকাষ্টিঙৰ গীতৰপৰা আপুনি কি শিকিছে?
নিচেই কাষত আছে নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
ভিডিঅʼখনত দেখুৱা বৃদ্ধ দম্পতীয়ে ভৱিষ্যতৰ কি আশীৰ্ব্বাদৰ বিষয়ে কল্পনা কৰিছে?—আদি ১২:৩
যিহোৱাই যিকোনো পৰিস্থিতিত নিজৰ প্ৰতিজ্ঞাবোৰ পূৰ কৰিব বুলি আমি কেনেকৈ নিজৰ বিশ্বাস দৃঢ় কৰিব পাৰোঁ?
আমি কাক পুনৰ লগ পোৱাৰ বাবে আশা কৰিছোঁ?
ঈশ্বৰৰ ৰাজ্যৰ ওপৰত আশা ৰাখিলে আমি কেনেকৈ কঠিন পৰিস্থিতিত ধৈৰ্য্য ধৰিব পাৰিম?—ৰোম ৮:২৫