ভিডিঅখনৰ চলচিত্ৰই এক প্ৰভাৱকাৰী সাক্ষী দিয়ে
১ “আমাৰ লʼৰাটোৱে খোজ কাঢ়িবলৈ শিকাৰ পূৰ্বেই সেই ভিডিঅখন চাইছিল। সি সেই ভিডিঅখন বাৰে বাৰে চাইছিল। এনে ধৰণৰ সাধনী পোৱাটো কিমান যে গুণদায়ক, যিয়ে আমাৰ লʼৰা-ছোৱালীৰ হৃদয়ত যিহোৱাৰ প্ৰেম প্ৰবিষ্ট কৰে!” পিতৃ-মাতৃসকলে কোনখন ভিডিঅৰ বিষয়ে উল্লেখ কৰিছিল? সেই ভিডিঅখনৰ নাম হৈছে নোহ—ঈশ্বৰৰ অনুসাৰে চলিছিল। এগৰাকী যিহোৱাৰ সাক্ষী নোহোৱা মহিলাৰ পুতেকে ঘৰৰ আন সদস্যৰ সৈতে নোহ নামৰ ভিডিঅখন চাইছিল। সেই মহিলাগৰাকীয়ে সংস্থালৈ ৪০০০ হাজাৰ টকা বৰঙণি হিচাবে দি সোধিছিল যে সংস্থাৰ ওচৰত লʼৰা-ছোৱালীৰ বাবে তৈয়াৰ কৰা আন কোনো ভিডিঅ উপলব্ধ আছেনে। যিহোৱাৰ সংগঠনে প্ৰস্তুত কৰা ভিডিঅবোৰে ডেকা বা বৃদ্ধই হওঁক সকলো বয়সৰ লোকক গভীৰভাৱে প্ৰভাৱিত কৰিছে।
২ পৰিয়ালত ব্যৱহাৰ: এটা যিহোৱাৰ সাক্ষী পৰিয়ালে যিহোৱাৰ সাক্ষীসকলে নাজীৰ অত্যাচাৰতো বিশ্বাসত দৃঢ় হৈ থাকিল নামৰ ভিডিঅখন চোৱাৰ পাছত মাতৃ গৰাকীয়ে এইদৰে বৰ্ণনা কৰি কৈছিল: “যিহোৱাই কিদৰে সাধাৰণ মানুহক সহন কৰিবলৈ অসাধাৰণ শক্তি প্ৰদান কৰিছিল, এই বিষয়ে মই ওৰে দিনটো ভাবি আছিলোঁ! ইয়ে মোক নিজৰ সৰু সৰু সমস্যাসমূহৰ বিষয়ে স্মৰণ কৰাই দিছিল। আমাৰ লʼৰা-ছোৱালীৰ সৈতে এই ভিডিঅখন চোৱাৰ দ্বাৰা যিহোৱাক নিৰ্ভৰ কৰাৰ আৱশ্যকতাৰ ওপৰত দৃষ্টি দিবলৈ স্পষ্টৰূপে সহায় কৰিছিল। এই ভিডিঅখন চোৱাৰ পাছত, আলোচনা কৰাৰ দ্বাৰা আমাৰ ছোৱালীবোৰে তেওঁলোকৰ জীৱনলৈ অহা যি কোনো পৰিস্থিতি আৰু হেঁচাৰ সম্মুখীন হʼবলৈ উত্তমৰূপে প্ৰস্তুত হৈছিল।”
৩ স্কুলত ব্যৱহাৰ: বৃত্তান্তৰ এটা ভাগ হিচাবে এটি যিহোৱাৰ সাক্ষীৰ কিশোৰে তেওঁৰ শ্ৰেণীত, বিশ্বাসত দৃঢ় হৈ থাকিল নামৰ ভিডিঅখন প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। ইয়াৰ পূৰ্বেই তেওঁৰ শিক্ষয়ত্ৰী গৰাকীয়ে কৈছিল যে তাই যিহোৱাৰ সাক্ষীসকলক পছন্দ নকৰে। কিন্তু সেই ভিডিঅখন চোৱাৰ পাছত তাই এইদৰে কৈছিল: “ইয়ে যিহোৱাৰ সাক্ষীসকলৰ ওপৰত থকা মোৰ দৃষ্টিভঙ্গীক সম্পূৰ্ণকৈ সলনি কৰিলে। মই প্ৰতিজ্ঞা কৰিছোঁ যে যেতিয়া যিহোৱাৰ সাক্ষীসকলে মোৰ ঘৰলৈ আহিব মই তেওঁলোকৰ বাৰ্ত্তা শুনিম আৰু তেওঁলোকৰ সৈতে বাইবেল অধ্যয়ন কৰিম!” আমাৰ কিহে সেই শিক্ষয়ত্ৰী গৰাকীক সলনি হʼবলৈ প্ৰভাৱিত কৰিলে? তাই এইদৰে কৈছিল, সেইটো আছিল আমাৰ “প্ৰকৃত প্ৰেম আৰু বিশ্বাস।”
৪ প্ৰচাৰ কাৰ্য্যত ব্যৱহাৰ: এগৰাকী সাক্ষী ভনীয়ে এবাৰ এনে এগৰাকী মহিলাক সাক্ষাৎ কৰে, যি গৰাকীৰ আমি কৰা বিশ্বাসৰ সম্বন্ধে প্ৰশ্ন থকাৰ স্বত্বেও আলোচনী লʼবলৈ সঙ্কোচবোধ কৰিছিল। সেই সাক্ষী ভনীজনীয়ে যিহোৱাৰ সাক্ষীসকলৰ সংগঠন যিহোৱাৰ নামৰ ওপৰত আধাৰিত নামৰ ভিডিঅখনৰ সৈতে সেই মহিলাগৰাকীক পুনৰ সাক্ষাৎ কৰে। মহিলাগৰাকী আৰু তাইৰ স্বামীয়ে সেই ভিডিঅখন চাই গভীৰভাৱে প্ৰভাৱিত হয় আৰু বাইবেল অধ্যয়ন কৰিবলৈ সন্মত প্ৰকাশ কৰে। ফলস্বৰূপে, তেওঁলোকে এক প্ৰভাৱকাৰী সাক্ষী পালে আৰু ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে জীৱন-যাপন কৰিব ধৰিলে।
৫ আপুনি আমাৰ ভিডিঅবোৰক সম্পূৰ্ণ প্ৰভাৱকাৰী হিচাবে ব্যৱহাৰ কৰিছেনে?