ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১০/০০ পৃষ্ঠা ১-৭
  • আপোনাক উৎসাহিত, বলৱান আৰু শিক্ষিত কৰি তুলিব পৰা সঁজুলিসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপোনাক উৎসাহিত, বলৱান আৰু শিক্ষিত কৰি তুলিব পৰা সঁজুলিসমূহ
  • ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • ভিডিঅখনৰ চলচিত্ৰই এক প্ৰভাৱকাৰী সাক্ষী দিয়ে
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ভাল কাৰ্য্য যি পাহৰিব নোৱাৰি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • আপুনি নিজকে সহজলভ্য কৰিব পাৰিবনে?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১০/০০ পৃষ্ঠা ১-৭

আপোনাক উৎসাহিত, বলৱান আৰু শিক্ষিত কৰি তুলিব পৰা সঁজুলিসমূহ

 ১ বাইবেল আৰু যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে জ্ঞান দি লোকসকলক শিক্ষিত কৰিবলৈ সেই সঁজুলিসমূহ হৈছে এক শক্তিশালী মাধ্যম। সেইবোৰৰ দ্বাৰাই আগ্ৰহী ব্যক্তিসকলক সত্যৰ প্ৰতি দৃঢ় পদক্ষেপ লোৱাত উৎসাহিত কৰিব পাৰি। ইয়াৰ ওপৰিও সেই সঁজুলিসমূহে যিহোৱাৰ সেৱকসকলৰ বিশ্বাস আৰু ঈশ্বৰৰ প্ৰতি থকা তেওঁলোকৰ প্ৰেমক বৃদ্ধি কৰে। সেই সঁজুলিসমূহ কি কি? সেইবোৰৰ এটা হৈছে যিহোৱাৰ সংগঠনে প্ৰস্তুত কৰা ভিডিঅ কেছেটসমূহ। আপুনি কেতিয়াবা সেই ১০ খন কেছেট চাইছেনে? সেইবোৰক চোৱা কিমান দিন হʼল? আপুনি সেইবোৰৰ পৰা পোৱা পৰামৰ্শক আপোনাৰ প্ৰচাৰ কাৰ্য্যত ব্যৱহাৰ কৰিছেনে? আপুনি এই আচৰিত সঁজুলিসমূহৰ পৰা কেনেকৈ অধিকমাত্ৰাত লাভৱান হʼব পাৰিব?

 ২ জুলাই ১, ১৯৯৯ চনৰ প্ৰহৰীদূৰ্গʼত প্ৰকাশ কৰা “পৰিয়ালৰূপে নিয়মীয়াকৈ ঈশ্বৰৰ বাক্যক অধ্যয়ন কৰক” নামৰ লেখত “সংস্থাই পৰিবাৰিক অধ্যয়নৰ সময়ত আছুটিয়াকৈ সময় উলিয়াই, সেই শিক্ষামূলক ভিডিঅ কেছেটসমূহ চাবলৈ আৰু আলোচনা” কৰিবলৈ পৰামৰ্শ দিয়া হৈছিল। গতিকে সেই পৰামৰ্শৰ অনুসাৰে ভৱিষ্যতে প্ৰত্যেক দ্বিতীয় মাহৰ সেৱা সভাত ভিন্ন ভিন্ন ভিডিঅ কেছেটৰ বিষয়ে কোৱা হʼব। সেইবাবে আমি মণ্ডলীৰ সকলোকে, সেৱা সভাত সেই ভিডিঅৰ বিষয়ে আলোচনা কৰাৰ আগতে উল্লেখ কৰা ভিডিঅ কেছেটবোৰক চাবলৈ উৎসাহিত কৰিছোঁ।

 ৩ যিহোৱাচ্‌ উইটনেচেছ্‌​—⁠দ্যা অৰগ্নাইজেচ্‌ন বিহাইন্দ দ্যা নেম, সংস্থাই প্ৰকাশ কৰা এই ভিডিঅ কেছেটখনৰ সৈতে দ্বিতীয় মাহৰ সেৱা সভাৰ আৰম্ভণী কৰা হʼব। ভিডিঅ চোৱাৰ সময়ত তলত দিয়া প্ৰশ্নৰ উত্তৰ পাবলৈ মনোযোগ দি চাওঁক আৰু শুনক। সেই প্ৰশ্নবোৰ হৈছে:

▪ যিহোৱাৰ সাক্ষীসকলে কিহৰ বাবে বেছিকৈ জনা যায়?

▪ বেথেলত কৰা সকলো কাৰ্য্যই বাইবেলত দিয়া কোনটো বচনৰ সৈতে মিল খাই?

▪ আপুনি বাইবেলৰ কোনটো দৃশ্যক, আলোচনীৰ বাবে ব্যৱহাৰ কৰিবলৈ লোৱা ফটোগ্ৰাফ, পেইন্টিং আৰু ষ্টেজত দেখিবলৈ পালে?

▪ যিদৰে আমাৰ আলোচনীসমূহক ছপোৱা বা পকা-বন্ধা কৰা হয়, এইবিলাকে কেনেধৰণে আপোনাৰ মনক প্ৰভাৱিত কৰিছে?

▪ সংস্থাই ১৯২০ চনৰ পৰা লৈ ১৯৯০ চনলৈ কিমান আলোচনী প্ৰকাশ কৰিলে?

▪ ঈশ্বৰৰ সেৱকসকলৰ ভিতৰত বিশেষকৈ কোনসকলে বেথেল সেৱাৰ বাবে উপযোগী?​—⁠হিতো. ২০:⁠২৯.

▪ কি ধৰেণে বেথেল পৰিয়ালে যিহোৱাৰ সাক্ষীসকলৰ বাবে এক উত্তম আৰ্হি ৰাখিছে?

▪ শুভবাৰ্ত্তাক সকলো লোকক জনাবলৈ বেথেলত কৰা উত্তম কাৰ্য্যই আপোনাক কিদৰে প্ৰভাৱিত কৰিলে?

▪ বিশ্বব্যাপী কাৰ্য্য সম্পন্ন কৰিবলৈ কিদৰে আৰ্থিক সমৰ্থন দিয়া হয়?

▪ কি কাৰ্য্যত আমি সকলোৱে উৎসাহিত হৈ ভাগ লোৱা আৱশ্যক?​—⁠যোহ. ৪:⁠৩৫; পাঁচ. ১:⁠৮.

▪ আমাৰ সংগঠনখনৰ বিষয়ে আপুনি কেনে অনুভৱ কৰে?

▪ আপুনি এই ভিডিঅ কেছেটসমূহক আপোনাৰ প্ৰচাৰ কাৰ্য্যত কেনেদৰে ব্যৱহাৰ কৰিব?

ডিচেম্বৰ মাহৰ সেৱা সভাত দ্যা বাইবেল​—⁠একুৰেট্‌ হিচট্ৰি, ৰিলাইবেল প্ৰফেচি, নামৰ ভিডিঅ কেছেটখনৰ বিষয়ে আলোচনা কৰা হʼব।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক