ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 আগষ্ট পৃষ্ঠা ৮
  • ভাল কাৰ্য্য যি পাহৰিব নোৱাৰি

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ভাল কাৰ্য্য যি পাহৰিব নোৱাৰি
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • মিল থকা বিষয়
  • আপুনি নিজকে সহজলভ্য কৰিব পাৰিবনে?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • বেথেল কি হয়?
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 আগষ্ট পৃষ্ঠা ৮
এগৰাকী ভনীয়ে বেথেলৰ পাকঘৰত কাম কৰিছে

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

ভাল কাৰ্য্য যি পাহৰিব নোৱাৰি

যিহোৱাৰ সকলো সেৱকে এনে ভাল কাৰ্য্য কৰক, যাতে যিহোৱাই সদায় মনত ৰাখে। যিদৰে পিতৃ-মাতৃয়ে নিজৰ সন্তানক প্ৰেম কৰে আৰু তেওঁলোকে কৰা ভাল কাৰ্য্যক কেতিয়াও পাহৰি নাযায়, তেনেকৈ যিহোৱা ঈশ্বৰে আমাৰ প্ৰেম আৰু পৰিশ্ৰম কেতিয়াও পাহৰি নাযায়। (মথি ৬:২০; ইব্ৰী ৬:১০) নিঃসন্দেহ, আমাৰ সকলোৰে ক্ষমতা আৰু পৰিস্থিতি একে নহয়। তথাপিও, যদি আমি যিহোৱাৰ সেৱাত নিজৰ উত্তম দিম, তেনেহʼলে আমি আনন্দিত হʼব পাৰিম। (গালা ৬:৪; কল ৩:২৩) বছৰ বছৰ ধৰি, হাজাৰ হাজাৰ ভাই-ভনীয়ে বেথেলত সেৱা কৰিছে। আপুনি স্বেচ্ছাসেৱক হিচাপে বেথেলত সেৱা কৰিব পাৰেনে? যদি নোৱাৰে, তেনেহʼলে এনে কৰিবলৈ কোনো লোকক উৎসাহিত কৰিব পাৰেনে অথবা বেথেল পৰিয়ালৰ কোনো সদস্যই একেৰাহে সেৱা কৰি থকাৰ বাবে আপুনি কিবা সহায় আগবঢ়াব পাৰেনে?

বেথেল সেৱাৰ বাবে সাজু থাকক নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • বেথেলত সেৱা কৰাৰ আমাৰ কি উদ্দেশ্য হোৱা উচিত?

  • কিছুমান ভাই-ভনীয়ে বেথেলত সেৱা কৰাৰ বাবে কি কি আশীৰ্ব্বাদ লাভ কৰিছে?

  • বেথেলত সেৱা কৰিবলৈ কি কি যোগ্যতা হোৱা উচিত?

  • আমি কেনেকৈ বেথেল সেৱাৰ বাবে আবেদন কৰিব পাৰোঁ?

বেথেলত সেৱা কৰা তিনিজন ভাই-ভনীয়ে একেলগে কাম কৰিছে; এজন ভায়ে প্ৰকাশনবোৰ বক্সত ভৰাইছে; এজনে ভায়ে বেথেলত কাঠ মিস্ত্ৰিৰ কাম কৰিছে

বেথেল সেৱাৰ বাবে যোগ্যতা

  • যিহোৱা ঈশ্বৰ আৰু তেওঁৰ সংগঠনৰ প্ৰতি গভীৰ প্ৰেম থকা উচিত

  • যিহোৱাৰ দৃষ্টিত এক শুদ্ধ বিবেক আৰু নৈতিক মানদণ্ড বজাই ৰখা উচিত

  • এজন খ্ৰীষ্টান সেৱকক শোভা দিয়া সাজ-পাৰ পৰিধান কৰা উচিত

  • এজন খ্ৰীষ্টানৰ বাবে সঠিক মনোৰঞ্জন বাছনি কৰা উচিত

  • সাধাৰণতে বয়স ১৯ আৰু ৩৫ বছৰৰ ভিতৰত

  • শাৰীৰিক, মানসিক আৰু আবেগিকভাৱে সুস্থ

  • শাখাৰ মুখ্য ভাষাক ভালদৰে লিখা, পঢ়া আৰু কোৱাৰ দক্ষতা

  • কমেও এক বছৰৰ বাবে সেৱা কৰিবলৈ ইচ্ছা কৰা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক