আপুনি নিজকে সহজলভ্য কৰিব পাৰিবনে?
১ সা.যু.পূ. ৭৭৮ চনত যিচয়া ভৱিষ্যতবক্তাই এক অসাধাৰণ দৰ্শন দেখিলে। তেওঁ “[যিহোৱাক, NW] এখন উচ্চ আৰু উন্নত সিংহাসনত বহি থকা” দেখিবলৈ পালে। তাৰ পিছত চিৰাফবিলাকে যিহোৱাক মহিমা দিয়াত মনোনিৱেশ কৰিবলৈ উচ্চস্বৰত এইদৰে কোৱা শুনিবলৈ পালে: “পবিত্ৰ, পবিত্ৰ, পবিত্ৰ, বাহিনীবিলাকৰ যিহোৱা।” সেইটো কিমান যে এক ভয়লগা দৃশ্য আছিল! সেই দৃশ্যত যিহোৱাই নিজ সিংহাসনত বহি এইদৰে এক প্ৰত্যাহ্বানজনক প্ৰশ্ন কৰিছিল: “মই কাক পঠাম? আৰু আমাৰ পক্ষে কোন যাব?” যিহোৱাই দিয়া নিযুক্তি কেনে ধৰণৰ হʼব আৰু কোনো ব্যক্তিয়ে স্বইচ্ছাৰে তাক লাভ কৰিব পাৰিব নে নাই তাৰ কোনো উল্লেখ কৰা নাছিল। তথাপিও কোনো সংকোচবোধ নকৰাকৈ যিচয়া ভৱিষ্যতবক্তাই এইদৰে উত্তৰ দিলে: “চাওক, মই আছোঁ, মোকে পঠাওক।”—যিচ. ৬:১, ৩, ৮.
২ যিহোৱাই যি কৰিবলৈ নকওক কিয় তেওঁৰ সেৱকসকলে তাৰবাবে স্বইচ্ছাৰে আগবাঢ়ি অহা মনোবৃত্তি ৰাখে। (গীত. ১১০:৩) বৰ্তমান সময়ত যিসকলে নিজকে সহজলভ্য কৰিব পাৰে তেওঁলোকলৈ এক বিশেষ আমন্ত্ৰণ দিয়া হৈছে। আপুনিও যিচয়াৰ দৰে সেই আমন্ত্ৰণ গ্ৰহণ কৰিবলৈ স্বইচ্ছাৰ মনোবৃত্তি দেখুৱাব পাৰিবনে?
৩ বেথেলত কাৰ্য্য কৰিবলৈ ভাইসকলৰ একেৰাহে আৱশ্যক হৈছে। এই আমন্ত্ৰণ কেৱল সেই সকলৰ বাবে যিসকলে বিশ্বব্যাপী প্ৰচাৰ কাৰ্য্যক সমৰ্থন কৰিবলৈ যেনেকুৱাই আৱশ্যকতা নহওঁক কিয় তাক কৰিবলৈ স্বইচ্ছাৰে ঈশ্বৰৰ ৰাজ্যক নিজৰ জীৱনত প্ৰথম স্থান দিয়ে। (মথি ৬:৩৩) দৰাচলতে বেথেল পৰিয়ালৰ সদস্যৰূপে সেৱা কৰাটো হৈছে যিহোৱাক সম্পূৰ্ণ হৃদয়েৰে উপাসনা কৰাৰ এটা বিশেষ অধিকাৰ। সেইটো কেনেকৈ?
৪ বেথেলত কেনেবোৰ কাৰ্য্য কৰা হয়: ভাৰতৰ কৰ্ণাটক প্ৰদেশত থকা বেথেলত নিতৌ কেনেবোৰ কাৰ্য্য সম্পন্ন কৰা হয় তাৰ বিষয়ে ক্ষন্তেক বিবেচনা কৰক। এই বেথেল পৰিয়ালটো ২২০ জন ভাই আৰু ভনীৰে সংগঠিত। বিশ্বজুৰি প্ৰচাৰ ক্ষেত্ৰ আৰু ব্যক্তিগত অধ্যয়নত ব্যৱহাৰ কৰা বাইবেল আধাৰিত সাহিত্যসমূহ প্ৰকাশ কৰাত বিশ্বাসী বুদ্ধিমান দাসবৰ্গ আৰু প্ৰশাসন গোষ্ঠীক সহযোগ কৰাত নিবিড়ভাৱে কাৰ্য্য কৰাটো তেওঁলোকৰ বাবে এক বিশেষ অধিকাৰ। (মথি ২৪:৪৫) উদাহৰণস্বৰূপে, বাঙ্গালোৰ বেথেল পৰিয়ালৰ সাহায্যত যোৱা সেৱা বছৰত ৭৫,২০৭ খন কিতাপ, ২৬৩,৭৮৪ খন সৰু পুস্তিকা আৰু ব্ৰচাৰ, ১৫,৬৬৫ খন কেলেণ্ডাৰ, ২,০২০,০২১ খন আলোচনী, ৩,৩৩৯,২৩৯ খন ট্ৰেক্ট আৰু ১,০৩৩ খন ভিডিঅ কেছেট প্ৰকাশ আৰু প্ৰেৰণ কৰা হʼল। তদুপৰি “মনোহৰ বাক্য আৰু সৰলভাৱে লিখা কথা অৰ্থাৎ সত্য বচন পাবলৈ অনুসন্ধান” কৰাত অত্যন্ত কঠোৰ পৰিশ্ৰম কৰা হয়। ইয়াৰ উপৰিও অনুবাদ কাৰ্য্যত লিপ্ত থকা ৭০ জন ভাই-ভনীক নিৰ্দ্দেশনা প্ৰদান কৰা হয়, যিসকলে ২৫ টাতকৈ অধিক ভাষাত প্ৰকাশন প্ৰকাশ কৰিছে। বহুতো স্বেচ্ছাসেৱকে সাহিত্যসমূহ প্ৰেৰণ, পৰিষ্কাৰ-পৰিচ্ছন্নতা, মেৰামত, আহাৰ ৰান্ধা, কিনা-মেলা, সদস্যসকলৰ স্বাস্থ্যৰ চোৱা-চিতা আৰু বেথেলৰ অন্যান্য কাৰ্য্যত সহযোগ কৰিছে।
৫ এই কাৰ্য্যবোৰ যদিও বিশালমাত্ৰাত কৰা হয় তথাপিও ইয়ে তেওঁলোকক আধ্যাত্মিক সন্তুষ্টি প্ৰদান কৰিছে। আমি নিজৰ সকলো শক্তি আৰু সামৰ্থৰে যে প্ৰচাৰ আৰু শিক্ষাদান কাৰ্য্য কৰিছোঁ, ইয়াকে জানি অতি আনন্দিত হৈছোঁ। বেথেল সেৱাই আমাক যিহোৱাৰ সংগঠনৰ সম্পৰ্কে অধিক গভীৰভাৱে জানিবলৈ সহায় কৰে। আমাক গীতমালা লিখকে লিখা সেই উৎসাহিতজনক বাক্যক সোঁৱৰাই দিছে যিয়ে প্ৰাচীন ইস্ৰায়েল জাতিক তেওঁলোকৰ সময়ত থকা ঈশ্বৰশাসিত শাসনৰ পাৰ্থিৱ কেন্দ্ৰৰ বিষয়ে অধিক ভালদৰে জানিবলৈ সহায় কৰিছিল।—গীত. ৪৮:১২, ১৩.
৬ বেথেল সেৱা কৰি পোৱা আশীৰ্ব্বাদসমূহ: বেথেলত সেৱা কৰা ভাই-ভনীয়ে তেওঁলোকৰ বিশেষাধিকাৰৰ প্ৰতি কেনে অনুভৱ কৰিছে? তলত দিয়া কিছুমান ডেকা আৰু বয়সস্থ বেথেলৰ সদস্যই এই বিষয়ে কি কৈছে তাক লক্ষ্য কৰক। বেথেলত তিনি বছৰ অতিবাহিত কৰা এগৰাকী ভনীয়ে এইদৰে কয়: “বেথেলত থাকি যিহোৱাৰ সৈতে থকা মোৰ সম্বন্ধ অধিক দৃঢ় হৈছে। যিমানে মই ইয়াত সেৱা কৰিম সিমানেই মই বেথেল কেনেকৈ পৰিচালিত হয় সেই বিষয়ে আৰু ইয়ে মোক যিহোৱাৰ ব্যক্তিত্বৰ বিষয়ে জানিবলৈ সহায় কৰিব। বেথেল সেৱা হৈছে মোৰ বাবে যিহোৱাই কেনেকৈ সকলো প্ৰকাৰৰ লোকবিলাকক তেওঁৰ সেৱাত ব্যৱহাৰ কৰে তাক দৃষ্টি কৰিবলৈ মোৰ চকু মুকলি কৰে। তদুপৰি ঈশ্বৰৰ গ্ৰহণযোগ্য হʼবলৈ আপুনি একেবাৰে সিদ্ধ ব্যক্তি হোৱাৰ আৱশ্যক নাই।”
৭ এজন ডেকা ভায়ে এইদৰে কয়: “মই নিজৰ বিষয়ে ভাবি এইদৰে কওঁ, ‘জগতত ধন-সম্পত্তি একত্ৰিত কৰাত নিজৰ সময় ব্যয় কৰাৰ পৰিৱৰ্তে নিজৰ জীৱনৰ কালছোৱা বেথেলত সেৱা কৰাৰ বিষয়ে আহিবলগীয়া নতুন জগতত বিশ্বাসী ভাই-ভনীসকলক কʼবলৈ পোৱাটো মোৰ বাবে কিমান যে উত্তম বিষয়।’”
৮ আন এজন ডেকা ভায়ে লাভ কৰা প্ৰশিক্ষণৰ বিষয়ে এইদৰে কয়: “মোৰ নিজৰ বিষয়ে আৰু মই কৰা কাৰ্য্যৰ বিষয়ে শিকিবলৈ সেই গুণসমূহ বিকাশিত কৰাটো মোৰ বাবে সঁচাকৈ উত্তম আশীৰ্ব্বাদৰ বিষয়। মই অনুভৱ কৰিব পাৰিছোঁ যে এতিয়া আৰু অধিক উত্তমৰূপে যিহোৱাৰ সেৱা কৰিব পাৰিম। মই নিজকে জানিব পাৰিছোঁ যে মই আগতকৈ ধৈৰ্য্যশীল, আত্মনিয়ন্ত্ৰণ আৰু অধিক পৰিমাণে প্ৰেম প্ৰকাশ কৰিব পৰা হৈছোঁ।”
৯ এগৰাকী ভনীয়ে এতিয়ালৈকে পোৱা আশীৰ্ব্বাদৰ বিষয়ে এইদৰে কয়: “ইয়াৰ আধ্যাত্মিক কাৰ্য্যক্ৰমে মোক যিহোৱাৰ বিষয়ে অধিক শিকাত আৰু কেনেকৈ মই তেওঁৰ অনুভূতি আৰু কাৰ্য্যকাৰীতাক ভালকৈ অনুকৰণ কৰিব পাৰোঁ এই সম্পৰ্কে সহায় কৰিলে। যিহেতু এই প্ৰশিক্ষণ অগ্ৰসৰ হোৱাৰ বাবে ইয়াৰ পৰা একেৰাহে আশীৰ্ব্বাদ লাভ কৰি থাকিব পাৰি।”
১০ পূৰ্ণসময়ৰ সেৱাত ৫৯ বছৰ আৰু বেথেল সেৱাত ৪৩ বছৰতকৈ অধিক সময় অতিবাহিত কৰা এজন ভায়ে এইদৰে কয়: “কিছুমানে ভবাৰ দৰে বেথেল কোনো আশ্ৰমৰ দৰে নহয়। আমি আমাৰ জীৱন তালিকাৰ বাবে অধিক কিছু সম্পন্ন কৰোঁ। . . . এনে কোনো এটা দিন পাৰ হৈ যোৱাতো মোৰ মনত নপৰে যিটো দিনত কাম কৰিবলৈ আহি আনন্দিত হোৱা নাই। কিয় তেনেদৰে ভাবোঁ? কিয়নো যেতিয়া সমস্ত হৃদয়েৰে যিহোৱাক সেৱা কৰোঁ তেতিয়া আমি “আমাৰ যি কৰ্ত্তব্য, তাকেহে কৰিলোঁ” বুলি জানি সন্তুষ্টি লাভ কৰোঁ।—লূক ১৭:১০.
১১ বেথেলত ৬২ বছৰ ধৰি সেৱা কৰা আন এজন ভায়ে এইদৰে কয়: “মই দৃঢ়তাৰে বিশ্বাস কৰোঁ যে এই পৰমদেশ অহাৰ পূৰ্বেই বেথেল হৈছে সমূদায় পৃথিৱীত একমাত্ৰ উত্তম স্থান। মই মোৰ গোটেই জীৱন পূৰ্ণসময়ৰ সেৱা কৰিবলৈ বাছনি কৰাৰ বাবে কেতিয়াও অনুতাপ কৰা নাই। সাক্ষী হোৱা আৰু যিহোৱাৰ পাৰ্থিৱ সংগঠন বৃহৎমাত্ৰাত হোৱা বৃদ্ধিত অংশ গ্ৰহণ কৰিবলৈ পাই মই কিমান যে আনন্দিত হৈছোঁ! এইটো মোৰ দৃঢ় নিৰ্ণয় যে যিহোৱাৰ সহায়ৰ দ্বাৰা মোৰ ঘৰ বেথেলত ঈশ্বৰৰ ৰাজ্যৰ কাৰ্য্যক বৃদ্ধি কৰাত সম্পূৰ্ণ হৃদয়েৰে কাৰ্য্য কৰি থাকিম।”
১২ আশীৰ্ব্বাদ লাভ কৰা কেৱল কিছুমান ভাই-ভনীৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে, যদি আপুনি বেথেলত সেৱা কৰিবলৈ নিজকে সহজলভ্য কৰে আপুনিও তেওঁলোকৰ দৰে আনন্দিত হʼব পাৰিব। কিন্তু এই বিশেষাধিকাৰ লাভ কৰিবলৈ আপুনি কিছুমান অৰ্হতাত উপনীত হোৱা আৱশ্যক। বেথেল পৰিয়ালৰ সদস্য হিচাবে সেৱা কৰিবলৈ কেনেবোৰ অৰ্হতাৰ আৱশ্যক?
১৩ বেথেল সেৱাৰ বাবে অৰ্হতাসমূহ: বেথেল সেৱাৰ বাবে আৱশ্যক হোৱা প্ৰাথমিক যোগ্যতাসমূহৰ বিষয়ে লেখটোৰ সৈতে দিয়া বক্সটোত উল্লেখ কৰা হৈছে। ইয়াৰ উপৰিও বেথেল সেৱাৰ বাবে “সুখ-প্ৰিয়” হোৱাৰ পৰিৱৰ্তে পৰিশ্ৰম কৰিবলৈ ইচ্ছুক হোৱা আৱশ্যক। (২ তীম. ৩:৪; ১ কৰি. ১৩:১১) বেথেল পৰিয়ালৰ সদস্যসকলে এক উত্তম ব্যক্তিগত অধ্যয়নৰ অভ্যাস বজাই ৰাখি “ভাল-বেয়া বিষয় নিৰ্ণয় কৰাত নিপুণ” হৈ আধ্যাত্মিক পুৰুষ আৰু স্ত্ৰী হোৱাটো অতি আৱশ্যক। (ইব্ৰী ৫:১৪) তেওঁলোকৰ খ্ৰীষ্টান পৰিপক্কতা জীৱনৰ সকলো ক্ষেত্ৰত, যেনে, সাজ-পোছাক, ৰূপ-সজ্জা, সঙ্গীত আৰু মনোৰঞ্জনৰ বাছনিত ইতিমধ্যেই প্ৰকাশ পোৱা উচিত। বেথেল পৰিয়ালৰ সদস্যসকলে স্বইচ্ছাকৃত হোৱা আৱশ্যক, কিয়নো প্ৰয়োজন হোৱা সকলো ক্ষেত্ৰতে সেৱা কৰিবলগীয়া হʼব পাৰে। ডেকা বয়সীয়া সদস্যসকলক সাধাৰণতে শাৰীৰিক কাম কৰিবলৈ দিয়া হয়, যেনে, ৰং কৰা, প্ৰেৰণ কৰিবলৈ সাহিত্যবোৰ সাজু কৰা, মেৰামত, আবাস স্থানবোৰ চোৱা-চিতা কৰা, পৰিষ্কাৰ কৰা, লণ্ড্ৰী আৰু আহাৰ ৰান্ধা। সাংসাৰিক কাৰ্য্যবোৰৰ বিপৰীতে প্ৰত্যেকটো নিযুক্তিয়ে আনন্দিত আৰু সন্তুষ্টি প্ৰদান কৰে, কিয়নো এইবোৰ হৈছে পবিত্ৰ সেৱা আৰু যিহোৱাৰ মহিমা কৰে।—কল. ৩:২৩.
১৪ বেথেল সেৱাৰ বাবে আমন্ত্ৰিত কৰা সকলে নিম্নতমভাৱে অন্ততঃ ১ বছৰ সময় বেথেলত থাকা আৱশ্যক। এই সময়ছোৱাত তেওঁলোকক কাৰ্য্যকাৰী কৰি তুলিবলৈ প্ৰশিক্ষণ দিয়া হয়। তেওঁলোকৰ পৰা এইটো আশা কৰা হয় যে তেওঁলোকে যেন বেথেলখন নিজৰ ঘৰ কৰি লয়। যিহোৱাৰ প্ৰতি থকা প্ৰেমে বেথেল পৰিয়ালৰ সদস্যসকলক নিজৰ ব্যক্তিগত ইচ্ছাতকৈ ঈশ্বৰৰ ৰাজ্যৰ ইচ্ছাক প্ৰথম স্থান দিবলৈ প্ৰেৰিত কৰে, যিয়ে যিহোৱাৰ মন আনন্দিত কৰে।—মথি ১৬:২৪.
১৫ বৰ্তমানৰ আৱশ্যকতাসমূহ: বেথেলত কৰা কাৰ্য্যবোৰৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমানে এই বিশেষাধিকাৰৰ বাবে প্ৰাথমিকতে অবিবাহিত ভাইসকলৰ আৱশ্যক। তদুপৰি যদিও এইটো কোনো ধৰা-বন্ধা প্ৰয়োজনীয়তা নহয় তথাপিও বেথেল সেৱাৰ বাবে নিয়মিত অগ্ৰগামী সেৱা কৰাসকলক প্ৰাধান্য দিয়া হয়, কিয়নো তেওঁলোকে ইতিমধ্যেই পূৰ্ণসময়ৰ সেৱা কৰিছে। কোনো কোনো সময়ত কোনো বিশেষ দক্ষতা থকা আৰু বেথেলত আৱশ্যক হোৱাৰ অনুসৰি হয়তো ১৯-৩৫ বছৰ বয়সৰ ভিতৰত কোনো অবিবাহিতা ভনী আৰু বৈবাহিক দম্পতীৰো প্ৰয়োজন হʼব পাৰে। ইয়াৰ উপৰিও ৩৫ বছৰতকৈ অধিক বয়সৰ ভাই আৰু ভনীক বেথেল সেৱাৰ বাবে আৱেদন কৰিবলৈ উৎসাহিত কৰা হয়, বিশেষকৈ যিসকলৰ কোনো বিশেষ দক্ষতা আছে। উদাহৰণস্বৰূপে, দন্ত চিকিৎসক, সাধাৰণ চিকিৎসক, প্ৰমাণপত্ৰ পোৱা কোনো ৰাজহুৱা গাণনিক, আৰ্কিটেক্ট্, অভিযন্তা, ৰেজীষ্টাৰভূক্ত নাৰ্চ, অটʼমোবাইল মেকানিক বা ইলেক্ট্ৰনিক কাৰিকৰী ইত্যাদি। যিহেতু আমি ভাই-ভনীসকলক কোনো বিশেষ প্ৰকাৰৰ শিক্ষা বা প্ৰশিক্ষণ লʼবলৈ উৎসাহিত কৰা নাই যাতে তেওঁলোকে বেথেলৰ আমন্ত্ৰিত হোৱা সুযোগ দৃঢ় কৰিব পাৰে। যিসকলে ইতিমধ্যেই অৰ্থাৎ সত্যলৈ অহাৰ পূৰ্বেই কোনো বিশেষ প্ৰকাৰৰ প্ৰশিক্ষণ লাভ কৰিছে, তেওঁলোকে সেই সম্পৰ্কে বেথেল নিৱেদন পত্ৰখনত বিতংকৈ লিখিব পাৰে।
১৬ যদি আপুনি নিৱেদন পত্ৰ পঠিয়াইছে আৰু এতিয়ালৈকে বেথেল সেৱাৰ বাবে আমন্ত্ৰিত হোৱা নাই, তেন্তে হতাশ নহʼব। আপুনি হয়তো প্ৰত্যেক বছৰে পুনৰ নিৱেদন পত্ৰ পঠিয়াব পাৰে। বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত হোৱা কিছুমান ভায়ে হয়তো অস্থায়ীভাৱে বেথেলত সেৱা কৰিবলৈ নিজকে সহজলভ্য কৰিব পাৰে। তেওঁলোকে অস্থায়ীভাৱে কাম কৰিবলৈ এক সপ্তাহ পৰা চাৰি সপ্তাহ বা তিনিমাহৰ বাবে আৱেদন কৰিব পাৰে। তেনেদৰে সেৱা কৰিবলৈ আগ্ৰহ থকা ব্যক্তিসকলৰ বাবে মণ্ডলীৰ চেক্ৰেটাৰীৰ ওচৰত অস্থায়ী স্বইচ্ছাৰ আৱেদন পত্ৰ আছে। সাহিত্য আৱেদন ফৰ্মখনৰ যোগেদি স্বইচ্ছাৰ পত্ৰখন বিচাৰি সংস্থালৈ নিৱেদন কৰিব পাৰে।
১৭ বেথেলত খ্ৰীষ্টান ভাই-ভনীসকলৰ সৈতে নিবিড় সঙ্গতি বজাই যিহোৱাক সেৱা কৰিবলৈ পোৱাটো হৈছে এটা বিশেষ অধিকাৰ। বিশ্বব্যাপী ভাতৃত্বসমাজে তেনেদৰে পৰিচৰ্য্যা কৰিবলৈ আত্মত্যাগী মনোবৃত্তি দেখুৱাৰ বাবে প্ৰশাসন গোষ্ঠীয়ে আন্তৰিকতাৰে প্ৰশংসা কৰিছে।—ফিলি. ২:২০-২২; ২ তীম. ৪:১১.
১৮ ডেকা ভাই-ভনীসকল—নিজকে বেথেল সেৱাৰ বাবে এতিয়াৰে পৰা তৈয়াৰ কৰক: বেথেল সেৱাৰ বাবে নিম্নতম আৱশ্যকতা যি ১৯ বছৰ বয়স হোৱাৰ পূৰ্বেই নিজকে সাজু কৰা আৱশ্যক। বেথেল সেৱাৰ বাবে ডেকা ভাইসকলে নিজকে কেনেদৰে তৈয়াৰ কৰিব পাৰে? এই সম্পৰ্কে যীচুৱে কোৱা এই বাক্যশাৰী মনত ৰখা উচিত, যʼত তেওঁ এইদৰে কৈছিল: “গড়-কাৰেং বান্ধিবলৈ মন কৰিলে, প্ৰথমতে বহি, তাৰ কিমান খৰচ, আৰু তাক এঁটাবলৈ সমৰ্থ আছে নে নাই, ইয়াক গণনা নকৰা তোমালোকৰ মাজত কোন আছে?” (লূক ১৪:২৮) কোনো এটা অট্টালিকা বনাবলৈ তাৰ নক্সা আৰু পৰিকল্পনা কৰাটো অতি গুৰুত্বপূৰ্ণ, তেনেহʼলে ভৱিষ্যতে যিহোৱাৰ সেৱাত অতিবাহিত কৰাৰ সম্পৰ্কে ডেকা ভাইসকলে নিবিড়ভাৱে বিবেচনা কৰাটো অতি আৱশ্যক নহয়নে বাৰু! আধ্যাত্মিক লক্ষ্যসমূহত উপনীত হʼবলৈ পূৰ্বৰে পৰা এক শক্তিশালী আধাৰশিলা স্থাপন কৰা আৱশ্যক। এজন ডেকা ব্যক্তি হিচাবে আপুনি নিজৰ আধাৰশিলা কেনেদৰে স্থাপন কৰিছে? যদি আপুনি বেথেলত সেৱা কৰিব বিচাৰিছে তেনেহʼলে তলত দিয়া বিষয়বোৰক মনোযোগেৰে বিবেচনা কৰিলে অধিক লাভৱান হʼব পাৰিব।
১৯ বিশেষ অধিকাৰৰ সেৱা কাৰ্য্যৰ বাবে ‘সুবিধা’ উলিওৱা: মথি ১৯:১২ পদত যীচুৱে শিষ্যসকলক অবিবাহিত থাকাত ‘সুবিধা’ উলিয়াবলৈ উৎসাহিত কৰিছিল। তেনেদৰে কিয় কৈছিল? কোনো ব্যক্তিগত কাৰণৰ বাবে নহয় কিন্তু “স্বৰ্গৰাজ্যৰ নিমিত্তে” তেনে কৰিবলৈ কৈছিল। একেইদৰে পৌলেও “থিৰ মনেৰে প্ৰভুত আসক্ত হৈ” থাকিবলৈ তেনেদৰে পথ অৱলম্বন কৰিবলৈ উৎসাহিত কৰিছিল। (১ কৰি. ৭:৩২-৩৫) কিন্তু দুখৰ বিষয় এই যে কিছুমানে কম বয়সতে বিবাহ কৰি অবিবাহিতৰূপে বেথেলত সেৱা কৰাৰ এই বিশেষ অধিকাৰৰ পৰা বঞ্চিত হʼল। গতিকে আমি পৰিয়ালৰ দায়িত্বৰ পৰা মুক্ত হৈ থকা ডেকা ভাইসকলক নিজৰ সামৰ্থ্য আৰু শক্তিক পূৰ্ণসময়ে পৰিচৰ্য্যা কাৰ্য্যত ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিছোঁ। এজনে বহু বছৰৰ পিছত বিবাহ কৰিবলৈ যদিও নিৰ্ণয় লয় তেনেহʼলে তেওঁলোকে উত্তম স্বামী হʼব পাৰিব, কিয়নো তেওঁলোকৰ খ্ৰীষ্টান পৰিচৰ্য্যা আৰু জীৱনৰ সম্পৰ্কে অভিজ্ঞতা আছে। কিছুমান ভায়ে ভালেমান বছৰ বেথেলত সেৱা কৰাৰ পিছত বিবাহ কৰে, তথাপিও তেওঁলোকে দম্পতী হৈ বেথেলত সেৱা কৰিবলৈ সক্ষম হৈছে। পিছলৈ যদি তেওঁলোকে আন বিশেষাধিকাৰ যেনে, পৰিভ্ৰমক বা জিলা অধক্ষ্যৰ দায়িত্ব পাই, তেতিয়াও তেওঁলোকে বেথেল সেৱা এৰিবলগীয়া হোৱাৰ বাবে নিশ্চয়ে অনুতাপ নকৰিব।
২০ ভৌতিকবাদৰ দ্বাৰা বিচলিত নহʼব: প্ৰতেকজন ডেকা ব্যক্তিয়ে নিজকে এইদৰে সোধা আৱশ্যক: ‘শিক্ষা সমাপ্তি কৰাৰ পিছত মই পূৰ্ণসময়ে যিহোৱাৰ সেৱা নে চাকৰি কৰিব বিচাৰোঁ?’ শিক্ষা সমাপ্তি কৰি পূৰ্ণসময়ে সেৱা কৰিবলৈ আত্মত্যাগী হোৱা আৱশ্যক। একেইদৰে চাকৰিৰ ক্ষেত্ৰটো তেনে ত্যাগ কৰিব নালাগেনে বাৰু! শেষত কোনটো পথে আপোনালৈ চিৰস্থায়ী লাভসমূহ কঢ়িয়াই আনিব পাৰে? এই বিষয়ে যীচুৱে স্পষ্টকৈ উত্তৰ দিছিল। মথি ৬:১৯-২১ পদত তেওঁ এইদৰে কৈছিল: “যি ঠাইত পোকে আৰু মামৰে ক্ষয় কৰে, আৰু চোৰেও সিন্ধি দি চুৰ কৰে, এনে পৃথিবীত নিজলৈ ধন নাসাঁচিবা; কিন্তু যʼতে পোক আৰু মামৰে ক্ষয় নকৰে, চোৰেও সিন্ধি দি নিনিয়ে, এনে স্বৰ্গত নিজলৈ ধন সাঁচা। কিয়নো যʼতে তোমাৰ ধন, তʼতে তোমাৰ মনো হব।” গতিকে আঁহক আমাৰ হৃদয় জাগতিক কৰ্মজীৱন বা ভৌতিকবাদৰ পিছত যোৱাৰ পৰিৱৰ্তে সম্পূৰ্ণ মনেৰে যিহোৱাৰ সেৱা কৰোঁহক। আমাৰ সকলোৱে অৱশ্যেই অৱগত হোৱা উচিত যে যিহোৱাৰ সৈতে উত্তম সম্বন্ধ বজাই ৰাখি তেওঁৰ মন আনন্দিত কৰাতকৈ আন একোৱেই মূল্যৱান হʼব নোৱাৰে। (হিতো. ২৭:১১) আমাৰ ডেকা বয়সতে যিহোৱাক প্ৰথম স্থান দি আমি আমাৰ মূল্য আৰু ঈশ্বৰৰ ৰাজ্যক কিমান গুৰুত্ব দিওঁ তাক প্ৰকাশ কৰোঁ। মনত ৰাখক যে, “যিহোৱাৰ আশীৰ্ব্বাদে ধনৱান কৰে, আৰু তেওঁ তাৰ লগত মনৰ দুখ যোগ নকৰে।” (হিতো. ১০:২২) এতেকে যিহোৱাই আমালৈ কৰা সকলো উত্তম কাৰ্য্যৰ বাবে মূল্যৱান অৱদান আগবঢ়াই ডেকা ব্যক্তিসকলে তেওঁলোকে নিজৰ হৃদয়ত কিহক প্ৰথম স্থান দিছে তাক প্ৰকাশ কৰাৰ ভাল সুযোগ আছে। যিসকলে তেনে আৱশ্যকতা পূৰণ কৰে তেওঁলোকৰ ওচৰত বেথেল সেৱাত যোগদান কৰি তেনেদৰে প্ৰকাশ কৰিবলৈ উত্তম সুযোগ প্ৰদান কৰে।
২১ যিসকলে বেথেলত সেৱা কৰে তেওঁলোকে নৈতিকভাৱে শুদ্ধ হোৱা উচিত: এই বিষয়ে গীতমালা লিখকে এইদৰে সুধিছিল: “ডেকা মানুহে কিহেৰে নিজ পথ শুদ্ধ কৰিব?” তাতে তেওঁ এইদৰে উত্তৰ দিছিল: “[যিহোৱাৰ] বাক্যৰ দৰে তাত মনোযোগ দিয়াৰ দ্বাৰাই কৰিব।” ইয়াত সন্মিলিত আছে চয়তানৰ জগতৰ পৰা অহা যিকোনো বস্তু যিয়ে নৈতিকতা অশুদ্ধ কৰে, তাৰ পৰা বিৰত থাকা। চয়তানে ডেকা ব্যক্তিসকলক প্ৰলোভিত কৰিবলৈ বহুতো ফান্দৰ ব্যৱহাৰ কৰে, ইয়াত তাৰে কিছুমানৰ বিষয়ে উল্লেখ কৰা হʼল, যেনে, ইন্টাৰনেটত উপলব্ধ থকা অশ্লীল বিষয়সমূহ পঢ়া বা ছবি চোৱা, বিপৰীত লিঙ্গৰ ব্যক্তিৰ সৈতে অশ্লীল আচৰণ কৰা, অশ্লীল গীত শুনা, অশ্লীল মনোৰঞ্জন উপভোগ কৰা বা ভাগ লোৱা আৰু অত্যাধিক মদ্যপান কৰা। এনে প্ৰলোভনবোৰৰ পৰা আঁতৰি থাকিবলৈ দৃঢ়ভাৱে সংকল্প কৰা আৱশ্যক। এজন ডেকা ব্যক্তি হিচাবে যদি আপুনি এইবোৰৰ কোনো এটাত জড়িত আছে, তেন্তে মণ্ডলীত থকা প্ৰাচীনসকলৰ সৈতে এই বিষয়ে কথোপকথন হওক আৰু বেথেল সেৱাৰ বাবে নিৱেদন কৰাৰ পূৰ্বেই এই অভ্যাসবোৰ আঁতৰ কৰা আৱশ্যক। কিয়নো যিহোৱাক সম্পূৰ্ণৰূপে সেৱা কৰিবলৈ শুদ্ধ বিবেক ৰাখাটো অতি গুৰুত্বপূৰ্ণ।—১ তীম. ১:৫.
২২ আনৰ সৈতে খাপ খাই পৰিবলৈ শিকক: বেথেল সেৱাত সফলতা লাভ কৰাৰ এটা গুৰুত্বপূৰ্ণ আৱশ্যকতা হৈছে আনৰ সৈতে খাপ খাই পৰা। বাঙ্গালোৰত থকা বেথেল পৰিয়ালত বিভিন্ন পৃষ্ঠভূমি, সংস্কৃতি আৰু ভাষা কোৱা ভাই-ভনীসকলৰ দ্বাৰা গঠিত। বেথেলত থকা এনে বিভিন্ন প্ৰকাৰৰ ব্যক্তিত্বৰ বাবে কোনো কোনো সময়ত যদিও তেওঁলোকে প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ সম্মুখীন হয় তথাপিও আধ্যাত্মিকৰূপে শোভিত কৰি তুলিছে। যদি আপুনি বেথেল সেৱাত যোগদান কৰিবলৈ বিবেচনা কৰিছে তেন্তে নিজকে এইদৰে সুধিব পাৰে: ‘যেতিয়া কোনো ভাই বা ভনীয়ে মোৰ অভিমত গ্ৰহণ নকৰে তেতিয়া মই সহজে বিতুষ্টি হৈ পৰোঁনে? আনে মোক তেওঁলোকৰ সৈতে সহজে মিলিব পৰা বুলি ভাবেনে?’ এই ক্ষেত্ৰত যদি আপোনাক উন্নতি কৰা আৱশ্যক তেন্তে পলম নকৰাকৈ এতিয়াই কাৰ্য্য কৰক। তেনেদৰে কৰাৰ দ্বাৰা আপুনি বেথেল পৰিয়ালৰ আন সদস্যৰ সৈতে একেলগে থকা আৰু কাম কৰিবলৈ নিজকে সাল-সলনি কৰাত সহায় কৰিব।
২৩ যিহোৱাৰ সৈতে নিবিড় সম্পৰ্ক বজাই ৰাখি আধ্যাত্মিক ব্যক্তি হিচাবে পৰিশ্ৰমী হওক। নিয়মীয়াকৈ ব্যক্তিগত অধ্যয়ন কৰা এখন উত্তম তালিকা বনাওক, যʼত নিতৌ বাইবেল পাঠ কৰাটো সন্মিলিত থকা আৱশ্যক। আনক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰিবলৈ সক্ৰিয় হৈ থাকক। এই বিষয়বোৰক অভ্যাসত পৰিণত কৰিলে আপোনাৰ আধ্যাত্মিক উন্নতি সকলোৰে আগত প্ৰকাশিত হʼব। (১ তীম. ৪:১৫) যিসকলে এতিয়াৰে পৰা নিজকে পূৰ্ণসময়ৰ সেৱাৰ বাবে সাজু কৰে তেওঁলোকৰ বাবে ভৱিষ্যতে কিমান যে সুন্দৰ আশা অপেক্ষা কৰি আছে!
২৪ পিতৃ-মাতৃসকল, নিজৰ লʼৰা-ছোৱালীক প্ৰশিক্ষণ দিয়ক: নিজৰ লʼৰা-ছোৱালীক পূৰ্ণসয়মৰ পৰিচৰ্য্যা কাৰ্য্যক তেওঁলোকৰ কৰ্মজীৱন কৰি লʼবলৈ পিতৃ-মাতৃসকলে তেওঁলোকক কেনেকৈ সহায় কৰিব পাৰে? এই বিষয়ে যীচুৱে এইদৰে কৈছিল: “প্ৰতিজন যেতিয়া সিদ্ধ হয়, তেতিয়া নিজৰ গুৰুৰ তুল্যহে হব।” (লূক ৬:৪০) উত্তমৰূপে প্ৰশিক্ষণপ্ৰাপ্ত এজন বিদ্যাৰ্থীয়ে সহায় কৰিব নোৱাৰে কিন্তু সুন্দৰকৈ তেওঁৰ নিষ্ঠাপূৰ্ণ শিক্ষকৰ গুণসমূহ প্ৰতিফলিত কৰে। এই সিদ্ধান্তটোক খ্ৰীষ্টান পিতৃ-মাতৃয়ে মনত ৰাখি তেওঁলোকৰ লʼৰা-ছোৱালীক “ভক্তিত নিপুণ হবলৈ” প্ৰশিক্ষণ দিয়াত কঠোৰ পৰিশ্ৰম কৰা উচিত। (১ তীম. ৪:৭) লʼৰা-ছোৱালীবিলাকে আধ্যাত্মিক বিষয়বোৰত তেওঁলোকৰ পিতৃ-মাতৃৰ দৰে মনোবৃত্তি প্ৰতিফলিত কৰিবলৈ মাক-দেউতাকে নিজকে এইদৰে সোধা আৱশ্যক: “আমি ব্যক্তিগতভাৱে, বেথেলত যিহোৱাৰ সত্য উপাসনাক বৃদ্ধি কৰা কাৰ্য্যৰ প্ৰতি মূল্যাঙ্কন কৰোঁনে? আমি বাস্তৱতে চিনাক্ত কৰিব পাৰিছোঁনে যে যিহোৱাই বেথেল ব্যৱস্থাত আশীৰ্ব্বাদ দিয়ে? আমি দৃঢ়তাৰে বিশ্বাস কৰোঁনে যে লʼৰা-ছোৱালীয়ে বেথেলত যিহোৱাক সেৱা কৰিবলৈ লক্ষ্য ৰাখাটে সকলোতকৈ উত্তম কৰ্মজীৱন? বেথেল সেৱা আৰু তাত হোৱা সকলোবোৰ কাৰ্য্যৰ প্ৰতি থকা আন্তৰিক প্ৰশংসাই আমাৰ লʼৰা-ছোৱালীকো তেনে কৰাত প্ৰশিক্ষন দিয়াত সহায় কৰিব।
২৫ সত্য উপাসনাৰ প্ৰতি ইলকানা আৰু তেওঁৰ পত্নী হান্নাৰ গভীৰ মূল্যাঙ্কন আছিল। তেওঁলোকে বৰ্তমান সময়ৰ খ্ৰীষ্টান পিতৃ-মাতৃৰ বাবে এক উল্লেখনীয় আৰ্হি ৰাখিলে। প্ৰাচীন সময়ত কেৱল ইস্ৰায়েলৰ পুৰুষসকলক বছৰত তিনিবাৰকৈ তেওঁলোকৰ উপাসনা মন্দিৰত ‘প্ৰভু যিহোৱাৰ আগত উপস্থিত হʼব লাগিছিল।’ কিন্তু ইলকানাই “বছৰে বছৰে” তেওঁৰ সমস্ত পৰিয়ালক লৈ প্ৰায় ৩০ কিলোমিটাৰ বাট খোজেৰে যাত্ৰা কৰি যিহোৱাৰ উপাসনা মন্দিৰত উৎসৰ্গ কৰিছিল। (যাত্ৰা. ২৩:১৭; ১ চমূ. ১:৩, ৪, ৯, ১৯; ২:১৯) ইয়াৰ পৰা স্পষ্টৰূপে এইটো জানিব পাৰি যে এই পৰিয়ালটোৰ মুখীয়ালজনে পৰিয়ালৰ সদস্যসকলক আধ্যাত্মিক বিষয়ৰ প্ৰতি থকা তেওঁৰ চিন্তাধাৰাত সহভাগী হোৱাটো বিচাৰিছিল।
২৬ সত্য উপাসনাৰ প্ৰতি থকা তাইৰ স্বামীৰ আগ্ৰহকতাত হান্নায়েও অংশ গ্ৰহণ কৰিলে। মন্দিৰত সত্য উপাসনা আগবঢ়োৱাত সহায় কৰাটো তাইৰো নিজা কৰ্তব্য বুলি বিবেচনা কৰিছিল। সেয়েহে হান্নাই এইদৰে প্ৰতিজ্ঞা কৰিছিল যে যদি যিহোৱাই তাইৰ দ্বাৰা লʼৰা জন্ম দিয়ে, তেন্তে তাই সেই লʼৰাটিক মন্দিৰত সেৱাৰ বাবে দান কৰিব। (১ চমূ. ১:১১) মোচিৰ ব্যৱস্থাৰ অনুসাৰে পত্নীয়ে কৰা প্ৰতিজ্ঞা যদি তাইৰ স্বামীয়ে অযুক্তিকৰ বুলি ভাবে, তেন্তে তেওঁ তাক বাতিল কৰিবলৈ অধিকাৰ আছে। (গণ. ৩০:৬-৮) কিন্তু ইলকানাই তেওঁৰ পত্নী হান্নাই কৰা প্ৰতিজ্ঞাক অনুমোদন দি স্পষ্টকৈ দেখুৱালে যে তেৱোঁ সত্য উপাসনাক সমৰ্থন কৰিলে।—১ চমূ. ১:২২, ২৩.
২৭ মাক-দেউতাকে আধ্যাত্মিক বিষয়ৰ প্ৰতি দেখুৱা মূল্যাঙ্কনৰ বাবে তেওঁলোকৰ পুতেক চমূৱেলে বাস্তৱতে লাভৱান হʼলনে? অৱশ্যেই হʼল। কণমাণি চমূৱেলে বিশ্বাসী আৰু আগ্ৰহী হৈ তেওঁ পোৱা নিযুক্তিক সম্পন্ন কৰিলে আৰু সেয়েহে আগলৈ তেওঁ যিহোৱাৰ সেৱাত বিশেষাধিকাৰ বহন কৰাত প্ৰশিক্ষণ লাভ কৰিলে। চমূৱেলক মন্দিৰত কাৰ্য্য কৰিবলৈ আৰম্ভ কৰাতেই যে ইলকানা আৰু হান্নাৰ কৰ্তব্যৰ অন্ত পৰিলে এনে নহয়, কিন্তু তেওঁলোকে একেৰাহে চমূৱেলক পূৰ্ণসময়ে সেৱা কাৰ্য্যত লাগি থকাত উৎসাহিত আৰু সহায় কৰিলে।—১ চমূ. ২:১৮, ১৯.
২৮ বৰ্তমান সময়ৰ খ্ৰীষ্টান পিতৃ-মাতৃৰ বাবে ইলকানা আৰু হান্নাই কিমান যে এক অতুলনীয় আৰ্হি ৰাখিলে! বেথেল সেৱাৰ বিশেষ অধিকাৰৰ প্ৰতি থকা আগ্ৰহকতা আৰু আত্মবলিদান মনোভাৱ দেখি আমাৰ লʼৰা-ছোৱালীয়ে অৱশ্যেই তেনেদৰে মনোবৃত্তি ৰাখি আনক সেৱা কৰিবলৈ প্ৰেৰিত হʼব। দৰাচলতে বহুতো পিতৃ-মাতৃয়ে তেওঁলোকৰ লʼৰা-ছোৱালীক তেনেদৰে মনোবৃত্তি ৰখাত সহায় কৰিবলৈ সক্ষম হৈছে। এই সম্পৰ্কে এজনী সাত বছৰীয়া কণমাণি ছোৱালীয়ে এইদৰে কয়: “মই ডাঙৰ হৈ বেথেল সেৱাত যোগদান কৰি এনে কিছুমান কাম কৰিবলৈ বিচাৰিম। (১) প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীবোৰ টাইপ, (২) ছবি বিভাগত কাম, (৩) লন্ড্ৰীত কাপোৰ ভাঁজ লগাই ৰাখাৰ কাম কৰিম। তদুপৰি যেনেকুৱাই কাম নহওঁক কিয় মই তাক কৰিম।” আমাৰ লʼৰা-ছোৱালীয়ে তেনেদৰে আগ্ৰহী হোৱা মনোবৃত্তি প্ৰকাশ কৰাটো দেখিবলৈ পাই কিমান যে আনন্দিত হওঁ!
২৯ এতেকে ডেকাসকলে মনত ৰাখা আৱশ্যক যে, “জগত, আৰু তাৰ অভিলাষ গুচি যাব লাগিছে; কিন্তু যি জনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, তেওঁ চিৰকাললৈকে থাকে।” (১ যোহ. ২:১৭) তেওঁলোকে বেথেলত সেৱা কৰা বিশেষ অধিকাৰৰ উপৰিও একেৰাহে আন আন আধ্যাত্মিক লক্ষ্যসমূহ ৰাখা আৱশ্যক। পিতৃ-মাতৃসকলে বিশ্বাসী লোকসকলৰ আৰ্হিক অনুকৰণ কৰি তেওঁলোকৰ লʼৰা-ছোৱালীক ঈশ্বৰীয় ভক্তি বিকাশিত কৰিবলৈ উৎসাহিত কৰা আৱশ্যক। (২ পিত. ৩:১১) গতিকে আঁহক আমি ডেকা ভাই-ভনীক সকলো প্ৰকাৰে মহান সৃষ্টিকৰ্ত্তাক সেৱা কৰাত সহায় কৰি আমাৰ ভূমিকা আদায় কৰোঁহক, কিয়নো “সেয়ে বৰ্তমান আৰু ভবিষ্যৎ জীৱনৰো প্ৰতিজ্ঞাযুক্ত।”—১ তীম. ৪:৮; উপ. ১২:১.
[Box on page 4]
বেথেল সেৱাৰ বাবে থাকা মুখ্য আৱশ্যকতাসমূহ
• বাপ্তিষ্মা লোৱাৰ অন্ততঃ ১ বছৰ হʼব লাগিব
• যিহোৱা আৰু তেওঁৰ সংগঠনৰ প্ৰতি গভীৰ প্ৰেম দেখুৱা এজন আধ্যাত্মিক ব্যক্তি হোৱা উচিত
• আধ্যাত্মিক, মানসিক, আৱেগীক আৰু শাৰীৰিকভাৱে উপযোগী হোৱা আৱশ্যক
• আইনগতভাৱে ভাৰতীয় নাগৰিক হোৱা আৱশ্যক
• ভালদৰে ইংৰাজী ভাষা লিখিব, পঢ়িব জনা আৰু কʼব পৰা হʼব লাগিব
• ১৯-৩৫ বছৰ বয়সৰ ভিতৰত হʼব লাগিব