ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • jl পাঠ ২১
  • বেথেল কি হয়?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বেথেল কি হয়?
  • বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
  • মিল থকা বিষয়
  • আপুনি নিজকে সহজলভ্য কৰিব পাৰিবনে?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ভাল কাৰ্য্য যি পাহৰিব নোৱাৰি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
jl পাঠ ২১

পাঠ ২১

বেথেল কি হয়?

দুজন যিহোৱাৰ সাক্ষীয়ে বেথেলৰ ছবি আঁকা বিভাগত কাম কৰিছ

ছবি আঁকা বিভাগ, আমেৰিকা

জাৰ্মানীৰ বেথেলৰ ছপাশালত এজন যিহোৱাৰ সাক্ষীয়ে কাম কৰিছ

জাৰ্মানী

এগৰাকী যিহোৱাৰ সাক্ষীয়ে কেনিয়া বেথেলত কাপোৰ ধোৱা কাম কৰিছ

কেনিয়া

ৱেটাৰসকলে কলবয়া বেথেলৰ ডাইনিং হলৰ টবুলবোৰ সজাইছ

কলম্বিয়া

হীব্ৰু ভাষাত বেথেল শব্দৰ অৰ্থ হৈছে “ঈশ্বৰৰ গৃহ।” (আদিপুস্তক ২৮:১৭, ১৯) ঘোষণা কৰা কাৰ্য্যৰ বাবে নিৰ্দ্দেশনা আৰু সহায় কৰিবলৈ, যিহোৱাৰ সাক্ষীসকলে পৃথিৱীজুৰি কিছুমান ঘৰ নিৰ্মাণ কৰিছে আৰু এই ঘৰবোৰক বেথেল বুলি কোৱা হয়। আমেৰিকাত থকা নিউয়ৰ্ক চহৰত প্ৰশাসন গোষ্ঠীৰ মুখ্য কাৰ্য্যালয় আছে আৰু তাৰপৰা বিভিন্ন দেশত থকা শাখা কাৰ্য্যালয়বোৰৰ তত্ত্বাৱধান লোৱা হয়। এই ঘৰবোৰত কাম কৰা সদস্যসকলক বেথেল পৰিয়াল বুলি কোৱা হয়। এটা পৰিয়ালৰ দৰে তেওঁলোকে একেলগে বাস কৰে আৰু কাম কৰে। ইয়াৰ উপৰিও তেওঁলোকে একেলগে খোৱা-বোৱা কৰে আৰু বাইবেলৰপৰা অধ্যয়ন কৰে।—গীতমালা ১৩৩:১.

বেথেলত কাম কৰা লোকসকলে আত্মত্যাগৰ ভাৱনা দেখুৱায়। প্ৰতিটো বেথেলত খ্ৰীষ্টান পুৰুষ আৰু মহিলাই পূৰ্ণসময় ঈশ্বৰৰ ইচ্ছা পূৰ কৰিবলৈ সময় আৰু শক্তি ব্যৱহাৰ কৰে। (মথি ৬:৩৩) ইয়াত কাম কৰা লোকসকলক থাকিবলৈ এটা কোঠা আৰু খোৱা-বোৱা দিয়া হয়। ইয়াৰ উপৰিও তেওঁলোকৰ ব্যক্তিগত খৰচৰ বাবে অলপ ধন দিয়া হয়। কিছুমান লোকে অফিচত, ৰান্ধনি ঘৰ বা কাপোৰ ধোৱা কাম কৰে। আন কিছুমানে ছপাশালত, কিতাপ বন্ধা বা মেৰামতি আদি কাম কৰে।

ঘোষণা কাৰ্য্যক সমৰ্থন কৰাৰ বাবে এক ব্যস্ত স্থান। প্ৰতিটো বেথেল ঘৰৰ উদ্দেশ্য হৈছে যিমান সম্ভৱ হয় সিমান লোকক বাইবেলৰ সত্যৰ বিষয়ে জনোৱা। এই ব্ৰচাৰখন তাৰেই এক উদাহৰণ। এই ব্ৰচাৰখন প্ৰশাসন গোষ্ঠীৰ তত্ত্বাৱধানত লিখা হৈছে। গোটেই পৃথিৱীজুৰি থকা শ শ অনুবাদ কৰা দলবোৰলৈ কম্পিউটাৰৰ মাধ্যমেৰে ইয়াৰ ফাইলবোৰ পঠোৱা হৈছে। বিভিন্ন বেথেল ঘৰবোৰত থকা ডাঙৰ ডাঙৰ ছপাশালবোৰত ছপা কৰি, ১,১০,০০০ তকৈ বেছি মণ্ডলীবোৰলৈ ইয়াক পঠোৱা হৈছে। এই সকলো কাৰ্য্যত বেথেল পৰিয়ালে সম্পূৰ্ণ সমৰ্থন কৰে। এইদৰে বেথেলৰ সকলো সদস্যই আটাইতকৈ প্ৰয়োজনীয় কাম অৰ্থাৎ ঈশ্বৰৰ ৰাজ্যৰ ঘোষণা কৰা কামত সহযোগ কৰে।—মাৰ্ক ১৩:১০.

  • বেথেল ঘৰবোৰত কোনে সেৱা কৰে আৰু তেওঁলোকক কেনেকৈ যত্ন লোৱা হয়?

  • বেথেল ঘৰত থকা প্ৰতিজন সদস্যই আটাইতকৈ কি প্ৰয়োজনীয় কামক সমৰ্থন কৰে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক