বাইবেলৰ প্ৰভাৱক লক্ষ্য কৰক!
ইয়াক কেনেকৈ লক্ষ্য কৰিব পাৰি? ইয়াৰ উত্তৰ পাবলৈ বাইবেল—আপোনাৰ জীৱনত ইয়াৰ প্ৰভাৱ পেলাব পাৰে (ইংৰাজীত) নামৰ ভিডিঅ’ চোৱা আৱশ্যক। এইটো কেছেট হৈছে বাইবেল—ঘটনা আৰু ভৱিষ্যতবাণীৰ পুস্তক ভিডিঅ’ টেপৰ তৃতীয় খণ্ড।
আপোনাৰ বিবাহ সফল হোৱাটো বিচাৰে নে? কঠিন সময়ত জীয়াই থাকিবলৈ আপোনাক সহায়ৰ আৱশ্যক আছেনে? ডেকালোকসকলে কেনেকৈ দায়িত্ব বহন কৰিব পৰাকৈ পৰিপক্ক হব পাৰে? ভিডিঅʼত দেখুৱাৰ দৰে, বাইবেলে আপোনাক সহায় কৰিব পাৰে। আপুনি, বাইবেলে লোকসকলৰ জীৱন প্ৰভাৱিত কৰি ভাললৈ পৰিবৰ্তন কৰাৰ বিষয়ে কোৱা শুনিছে। কেনেকৈ ইয়াৰ সিদ্ধান্তই তেওঁলোকক আধুনিক জীৱনৰ সমস্যাৰ সৈতে সন্মূখীন হবলৈ সহায় কৰিছে তাৰ বিষয়ে তেওঁলোকে কৰা বিশ্লেষণবোৰ শুনক।
ঈশ্বৰৰ বাক্য নিজৰ জীৱনৰ পথ-প্ৰদৰ্শকৰূপে ব্যৱহাৰ কৰি লাভৱান হবৰ বাবে নতুনকৈ অহা আগ্ৰহীলোকক সহায় কৰিবলৈ ভিডিঅ’ হৈছে এক উত্তম সঁজুলি। বাইবেল—আপোনাৰ জীৱনত ইয়াৰ প্ৰভাৱ পেলাব পাৰে ভিডিঅ’ কেছেট সংস্থাৰ ওচৰত সঞ্চিত আছে। মণ্ডলীৰ সাহিত্য চোৱা-চিতা কৰা ভাইৰ যোগেদি আপুনি ইয়াৰ এটা কপি পাবলৈ নিৱেদন কৰিব পাৰে।