ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w23 ডিচেম্বৰ পৃষ্ঠা ৩২
  • অনুভৱ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অনুভৱ
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • কৰুণা দেখুৱাই সকলোকে সহায় কৰক
  • আপুনি মহাক্লশেৰ বাবে সাজু আছেনে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • শুনক, জানক আৰু সহানুভূতি দেখুৱাওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
w23 ডিচেম্বৰ পৃষ্ঠা ৩২

অনুভৱ

কৰুণা দেখুৱাই সকলোকে সহায় কৰক

এদিনাখন নিউজিলেণ্ডত থকা আমাৰ এজনী ভনীয়ে jw.org-ত এখন ভিডিঅʼ চালে। তাতে কোৱা হৈছিল যে আমাৰ বাবে যিহোৱাৰ বহুত কৰুণা আছে আৰু তেওঁ এয়া প্ৰকাশো কৰে। (যিচ. ৬৩:৭-৯) ভনীয়ে চিন্তা কৰিলে যে তাই যিবোৰ কথা শিকিলে, সেইবোৰ পালন কৰিবলৈ চেষ্টা কৰিব আৰু কাৰোবাক সহায় কৰিব। সেইদিনা পাছত যেতিয়া তাই ঘৰৰ ৰেচন কিনিবলৈ গৈছিল, তেতিয়া এজনী দুখীয়া তিৰোতাক লগ পাইছিল, যাৰ ওচৰত থাকিবলৈ ঘৰ নাছিল। ভনীয়ে তেওঁৰ বাবে কিছুমান খোৱা-বস্তু কিনি দিম বুলি কʼলে আৰু তিৰোতাজনী মান্তি হʼল। পাছত ভনীয়ে তেওঁৰ বাবে আহাৰ আনি দিলে আৰু দুখ-কষ্টৰ অন্ত হʼবনে? নামৰ ট্ৰেক্টখনৰ পৰা প্ৰচাৰ কৰিলে।

তেতিয়া সেই তিৰোতাগৰাকীয়ে কান্দিবলৈ ধৰিলে। তেওঁ ভনীক কʼলে যে সৰুতে তাইৰ মা-দেউতাকে তাইক যিহোৱাৰ বিষয়ে শিকাইছিল, কিন্তু পাছত তাই শিকিবলৈ এৰি দিলে। কিছু দিনৰ আগতে তাই যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল যে তাই যিহোৱাৰ ওচৰত উভতি আহিব বিচাৰিছে আৰু ইয়াৰ বাবে তাইক সহায়ৰ প্ৰয়োজন। ভনীয়ে তেওঁক বাইবেল দিলে আৰু তেওঁৰ লগত বাইবেল অধ্যয়ন কৰিবলৈ ব্যৱস্থাও কৰিলে।a

আমিও যিহোৱাৰ দৰে হʼব পাৰোঁ আৰু কৰুণা দেখুৱাই লোকসকলক সহায় কৰিব পাৰোঁ, নিজৰ পৰিয়ালৰ লোক আৰু মণ্ডলীৰ ভাই-ভনীসকলকো। আমি সুযোগ বিচাৰি প্ৰচাৰ কৰাৰ যোগেদিও লোকসকলৰ প্ৰতি কৰুণা আছে বুলি দেখুৱাব পাৰোঁ।

a যিসকলে যিহোৱাৰ পৰা আঁতৰি গৈছে, তেওঁলোকক আপুনি কেনেকৈ সহায় কৰিব পাৰে, তাৰ বিষয়ে জানিবলৈ জুন ২০২০ চনৰ প্ৰহৰীদুৰ্গত দিয়া “মোৰ ওচৰলৈ ঘূৰি আঁহা” নামৰ লেখখন চাওক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক