জগতৰ লোকসকলৰ দৰে স্বাৰ্থপৰ নহʼব
আপুনি মন কৰিছেনে আজি জগতৰ বেছিভাগ লোকে কেৱল নিজৰ বিষয়ে চিন্তা কৰে। তেওঁলোকে ভাবে যে তেওঁলোকক আনতকৈ বিশেষ বুলি ভবা উচিত আৰু প্ৰতিটো বস্তুত তেওঁলোকৰ অধিকাৰ থকা উচিত। তেওঁলোকক যিমানেই দিয়া হয়, তাত তেওঁলোকে সন্তুষ্ট নহয় আৰু বেছিকৈ পাব বিচাৰে। এনে লোকসকল স্বাৰ্থপৰ হয় আৰু তেওঁলোকৰ ওচৰত যি আছে, তাৰ প্ৰতি কৃতজ্ঞ নহয়। বাইবেলত কোৱা হৈছে যে শেষ-কালত এনেধৰণৰ লোকসকল থাকিব।—২ তীম. ৩:২.
প্ৰাচীন সময়তো বহুতো লোকৰ এনেধৰণৰ চিন্তাধাৰা আছিল। যেনে, আদম আৰু হৱাই নিজে নিৰ্ণয় লʼলে যে তেওঁলোকৰ বাবে কি ভাল আৰু কি বেয়া। ইয়াৰ পৰিণাম আমি আজিও ভুগিবলগীয়া হৈছে। ইয়াৰ বহু বছৰৰ পাছত ৰজা উজ্জিয়াই যিহোৱাৰ মন্দিৰত ধূপ জ্বলাবলৈ চেষ্টা কৰিলে, যি পুৰোহিতসকলৰ কাম আছিল। (২ বং. ২৬:১৮, ১৯) ফৰীচী আৰু চদ্দূকীবিলাকে ভাবিছিল যে তেওঁলোকে অব্ৰাহমৰ বংশৰ পৰা হোৱাৰ বাবে যিহোৱাৰ পৰা বিশেষ আশীৰ্বাদ পোৱাৰ অধিকাৰ আছে।—মথি ৩:৯.
আজি আমাৰ চাৰিওফালে এনে লোকসকল আছে, যিসকল অহংকাৰী হয় আৰু কেৱল নিজৰ বিষয়ে চিন্তা কৰে। আমাৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে। (গালা. ৫:২৬) হয়তো আমি ভাবিব পাৰোঁ যে আমাক আনতকৈ বিশেষ বুলি ভবা উচিত আৰু কোনো এটা বস্তুৰ ওপৰত আমাৰ অধিকাৰ থকা উচিত। এইদৰে নাভাবিবলৈ আমি কি কৰা উচিত? ইয়াৰ বাবে আমি প্ৰথমে যিহোৱাৰ চিন্তাধাৰা জানিব লাগিব। আহক ইয়াক বুজিবলৈ আমি বাইবেলৰ দুটা সিদ্ধান্তৰ ওপৰত ধ্যান দিওঁ।
আমি কি পোৱা উচিত তাৰ বিষয়ে কেৱল যিহোৱাৰহে নিৰ্ণয় লোৱাৰ অধিকাৰ আছে। কিছুমান বিষয়ৰ ওপৰত মন কৰক:
পৰিয়লৰ বিষয়ে কʼবলৈ গʼলে স্বামীয়ে নিজৰ পত্নীক প্ৰেম কৰা আৰু পত্নীয়ে নিজৰ স্বামীক সন্মান কৰা উচিত। (ইফি. ৫:৩৩) বিয়াৰ পাছত স্বামী-স্ত্ৰীয়ে এজনে-আনজনৰ পৰা প্ৰেম পোৱাৰ অধিকাৰ আছে। (১ কৰি. ৭:৩) পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীৰ চোৱা-চিতা কৰা আৰু তেওঁলোকক প্ৰেম কৰাৰ প্ৰয়োজন। লʼৰা-ছোৱালীয়ে নিজৰ পিতৃ-মাতৃৰ আজ্ঞা পালন কৰা উচিত।—২ কৰি. ১২:১৪; ইফি. ৬:২.
মণ্ডলীৰ বিষয়ে কʼবলৈ গʼলে ভাই-ভনীসকলে প্ৰাচীনসকলক সন্মান কৰা উচিত। কিয়নো প্ৰাচীনসকলে বহুত পৰিশ্ৰম কৰে। (১ থিচ. ৫:১২) কিন্তু প্ৰাচীনসকলে কেতিয়াও ভাই-ভনীসকলৰ ওপৰত অধিকাৰ চলোৱা উচিত নহয়।—১ পিত. ৫:২, ৩.
চৰকাৰী অধিকাৰীৰ বিষয়ে কʼবলৈ গʼলে তেওঁলোকে সন্মান আৰু টেক্স পোৱাৰ অধিকাৰ আছে।—ৰোম. ১৩:১, ৬, ৭.
যিহোৱাই আমাক আগৰে পৰা বহু কিছু দিছে যাৰ আমি যোগ্য নহওঁ। পাপৰ বাবে আমি সকলোৱে কেৱল এটা বস্তুহে পোৱাৰ যোগ্য হওঁ, সেয়া হৈছে মৃত্যু। (ৰোম. ৬:২৩) কিন্তু যিহোৱাৰ নিস্বাৰ্থ প্ৰেমৰ বাবে তেওঁ আমাক বহুতো আশীৰ্বাদ দিয়ে। (গীত. ১০৩:১০, ১১) তেওঁৰ পৰা পোৱা প্ৰতিটো আশীৰ্বাদ আৰু দায়িত্ব, তেওঁৰ মহা-কৃপাৰ প্ৰমাণ হয় যাৰ আমি একেবাৰে যোগ্য নহওঁ।—ৰোম. ১২:৬-৮; ইফি. ২:৮.
স্বাৰ্থপৰ নহʼবলৈ আমি কি কৰিব পাৰোঁ?
জগতৰ দৰে চিন্তাধাৰা ৰখাৰ পৰা আঁতৰি থাকক। আনৰ পৰা বেছিকৈ পোৱাৰ অধিকাৰ আমাৰ আছে বুলি হয়তো আমি জগতৰ লোকসকলৰ দৰে ভাবিব পাৰোঁ। ইয়াক বুজাবলৈ যীচুৱে এটা উদাহৰণ দিছিল। তেওঁ কʼলে যে আঙুৰৰ খেতিৰ মালিকজনে তেওঁৰ খেতিত কাম কৰিবলৈ ৰাতিপুৱাতে কিছুমান লোকক মাতিলে। তেওঁলোকে এক দীনাৰত গোটেই দিন কাম কৰিবলৈ সন্মত হʼল। তাৰ পাছত মালিকে আৰু কিছুমান কাম কৰা মানুহক মাতিলে। যেতিয়া সন্ধিয়া হাজিৰা লোৱাৰ সময় আহিল, তেতিয়া প্ৰতিজনে এক দীনাৰকৈ পালে। ৰাতিপুৱাৰ পৰা ৰʼদত কাম কৰা লোকসকলে মালিকক অভিযোগ কৰিবলৈ ধৰিলে। তেওঁলোকে মালিকক এক ঘন্টা কাম কৰা লোকসকলৰ তুলনাত বেছি হাজিৰা পোৱাৰ অধিকাৰ আছে বুলি কʼলে। (মথি ২০:১-১৬) এই উদাহৰণৰ পৰা যীচুৱে আমাক শিকাব বিচাৰিছিল যে আমি যিহোৱাৰ পৰা যি পাইছোঁ, তাতে সন্তুষ্ট হৈ থকা উচিত।
যিসকল লোকে গোটেই দিন কাম কৰিলে, তেওঁলোকে আনৰ পৰা বেছিকৈ পোৱাৰ অধিকাৰ আছে বুলি ভাবিলে
কৃতজ্ঞ হওক, বেছিকৈ পোৱাৰ আশা নকৰিব। (১ থিচ. ৫:১৮) পাঁচনি পৌলে বিচৰা হʼলে কৰিন্থৰ ভাই-ভনীসকলে তেওঁৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব লাগে বুলি অধিকাৰেৰে কʼব পাৰিলেহেঁতেন। কিন্তু তেওঁ এইদৰে নকৰিলে। (১ কৰি. ৯:১১-১৪) আমিও যি পাওঁ তাৰ বাবে সদায় কৃতজ্ঞ হোৱা উচিত আৰু লোকসকলৰ পৰা বেছিকৈ পোৱাৰ আশা কৰিব নালাগে।
ভাই-ভনীসকলে তেওঁৰ প্ৰয়োজনীয়তা পূৰ কৰিব লাগে বুলি পৌলে কেতিয়াও ভবা নাছিল
নম্ৰ হৈ থাকক। যেতিয়া কোনোবাই নিজকে ডাঙৰ বুলি ভাবিবলৈ ধৰে, তেতিয়া তেওঁৰ হয়তো লাগিব পাৰে যে তেওঁ আনৰ পৰা বেছি পোৱাৰ অধিকাৰ আছে। এনেধৰণৰ ভুল চিন্তধাৰাৰ পৰা আঁতৰি থাকিবলৈ নম্ৰতাৰ গুণ হোৱা অতি প্ৰয়োজন।
দানিয়েল নম্ৰ হৈ থকাৰ বাবে যিহোৱাৰ কাৰণে তেওঁ বহুমূল্য আছিল
নম্ৰ হৈ থকাৰ বিষয়ে দানিয়েল আমাৰ বাবে এক ভাল উদাহৰণ হয়। তেওঁ এক ডাঙৰ পৰিয়ালৰ পৰা আছিল। তেওঁ দেখাত ধুনীয়া, বুদ্ধিমান আৰু তেওঁৰ বহুতো দক্ষতা আছিল। কিন্তু তেওঁ সকলোতকৈ উত্তম হয় আৰু তেওঁ যি মান-সন্মান পাইছে, সেয়া পোৱাৰ তেওঁৰ পোৱাৰ অধিকাৰ আছে বুলি কেতিয়াও ভবা নাছিল। (দানি. ১:৩, ৪, ১৯, ২০) তেওঁ নম্ৰ আছিল। সেইবাবে, তেওঁ যিহোৱাৰ কাৰণে অতি মূল্যৱান আছিল।—দানি. ২:৩০; ১০:১১, ১২.
সেইবাবে, আহক আমি কেতিয়াও জগতৰ লোকসকলৰ দৰে অহংকাৰী আৰু স্বাৰ্থপৰ নহওঁ, তাৰ পৰিৱৰ্তে আমাৰ ওচৰত যি আছে, তাতে সন্তুষ্ট হৈ থাকিম আৰু সদায় মনত ৰাখিম যে এই সকলোবোৰ যিহোৱাৰ মহা-কৃপাৰ বাবেহে পাইছোঁ।