ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwbq প্ৰৱন্ধ ৪৮
  • ঈশ্বৰে চয়তানক সৃষ্টি কৰিছিল নেকি?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰে চয়তানক সৃষ্টি কৰিছিল নেকি?
  • পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
  • চয়তান কোনো অন্ধবিশ্বাস নহয়
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • চয়তান সঁচাকৈ আছেনে?
    পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
ijwbq প্ৰৱন্ধ ৪৮
এজন অবাধ্য স্বৰ্গদূত চয়তান হৈ পৰিল

ঈশ্বৰে চয়তানক সৃষ্টি কৰিছিল নেকি?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

বাইবেলে স্পষ্টৰূপে তুলি ধৰে যে ঈশ্বৰে চয়তানক সৃষ্টি কৰা নাছিল। কিন্তু তেওঁ যি আত্মিক প্ৰাণীক সৃষ্টি কৰিছিল, সি পাছলৈ চয়তান হৈ পৰিল। ঈশ্বৰৰ বিষয়ে বাইবেলে এইদৰে বৰ্ণনা কৰে: “তেওঁৰ কৰ্ম্ম সম্পূৰ্ণকৈ শুদ্ধ, কিয়নো তেওঁৰ সকলো পথ ন্যায়; তেওঁ বিশ্বস্ত ঈশ্বৰ, তেওঁত কোনো অন্যায় নাই; তেওঁ ধাৰ্ম্মিক আৰু সৰল।” (দ্বিতীয় বিবৰণ ৩২:৩-৫) এই বৰ্ণনাৰপৰা আমি বুজিব পাৰোঁ যে এসময়ত চয়তান সিদ্ধ, ধাৰ্ম্মিক আৰু ঈশ্বৰৰ এজন আত্মিক পুত্ৰ আছিল।

যোহন ৮:৪৪ পদত যীচুৱে বৰ্ণনা কৰিছে যে চয়তান “সত্যত নাথাকে।” এই পদে আমাক বুজিবলৈ সহায় কৰে যে এসময়ত চয়তান সত্যত আছিল আৰু তেওঁত কোনো দোষ নাছিল।

মন কৰিবলগীয়া কথা যে যিহোৱা ঈশ্বৰৰ বুদ্ধিমান আত্মিক প্ৰাণীবিলাকৰ ভিতৰত যি স্বৰ্গদূতজন পাছলৈ চয়তান হৈ পৰিল, তাৰ ওচৰত ভাল আৰু বেয়াৰ নিৰ্ণয় কৰিবলৈ স্বাধীনতা আছিল। ঈশ্বৰৰ বিৰুদ্ধে কাম কৰিবলৈ নিৰ্ণয় লোৱা আৰু প্ৰথম দম্পতীক তেওঁৰ লগত যোগ দিবলৈ উচ্‌টোৱাৰ বাবে, সি নিজকে চয়তান কৰি তুলিলে। চয়তানৰ অৰ্থ হৈছে “বিৰোধী।”—আদিপুস্তক ৩:১-৫; প্ৰকাশিত বাক্য ১২:৯.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক