ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwbq প্ৰৱন্ধ ৩৪
  • ঈশ্বৰে মোৰ প্ৰাৰ্থনাৰ উত্তৰ দিবনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰে মোৰ প্ৰাৰ্থনাৰ উত্তৰ দিবনে?
  • পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
  • প্ৰাৰ্থনাৰ যোগেদি ঈশ্বৰৰ কাষ চাপক
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • প্ৰাৰ্থনা—এটা ডাঙৰ সন্মান
    বাইবেলে আমাক কি শিকায়?
  • প্ৰাৰ্থনাই ঈশ্বৰৰ কাষ চাপিবলৈ আপোনাক সহায় কৰিব
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • আপুনি ঈশ্বৰৰ কাষ কেনেকৈ চাপিব পাৰে
    জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়
আৰু চাওক
পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
ijwbq প্ৰৱন্ধ ৩৪

ঈশ্বৰে মোৰ প্ৰাৰ্থনাৰ উত্তৰ দিবনে?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

ঈশ্বৰে নিশ্চয় প্ৰাৰ্থনাৰ উত্তৰ দিব। বাইবেলত উল্লেখ থকা আৰু জলন্ত উদাহৰণবোৰে প্ৰমাণ কৰে যে ঈশ্বৰে প্ৰাৰ্থনাৰ উত্তৰ দিয়ে। বাইবেলত এইদৰে বৰ্ণনা কৰা হৈছে: “তেওঁ [ঈশ্বৰ] তেওঁলৈ ভয় ৰাখোঁতাবিলাকৰ বাঞ্ছা পূৰ্ণ কৰিব, আৰু সিবিলাকৰ কাতৰোক্তি শুনি সিবিলাকক ত্ৰাণ কৰিব।” (গীতমালা ১৪৫:১৯) কিন্তু যদি ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনাটো বিচাৰোঁ, তেনেহʼলে আমি কিছুমান কথা মনত ৰখা উচিত।

প্ৰাৰ্থনা কৰা লোকসকলৰপৰা ঈশ্বৰে কি বিচাৰে

  • যীচু, মৰিয়ম, সন্ত বা সাধু, স্বৰ্গদূত বা প্ৰতিমাবোৰক প্ৰাৰ্থনা কৰাৰ পৰিৱৰ্তে ঈশ্বৰক প্ৰাৰ্থনা কৰক। যিহোৱা ঈশ্বৰেই হৈছে কেৱল “প্ৰাৰ্থনা শুনোতা” ঈশ্বৰ।​—গীতমালা ৬৫:২.

  • বাইবেলত ঈশ্বৰৰ ইচ্ছাৰ বিষয়ে উল্লেখ আছে আৰু সেই অনুসৰি প্ৰাৰ্থনা কৰক।​—১ যোহন ৫:১৪.

  • ঈশ্বৰক আমাৰ প্ৰাৰ্থনা যীচুৰ নামেৰে গ্ৰহণ কৰিবলৈ অনুৰোধ কৰাৰ দ্বাৰা আমি যীচুক সন্মান দেখুৱাব পাৰোঁ। যীচুৱে এইদৰে কৈছিল: “মোৰ যোগেদি নগলে, পিতৃৰ ওচৰলৈ কোনো নাযায়।”​—যোহন ১৪:৬.

  • যদি প্ৰয়োজন হয় অধিক বিশ্বাসৰ বাবে প্ৰাৰ্থনা কৰক।​—মথি ২১:২২; লূক ১৭:৫.

  • নম্ৰ আৰু অকপট হওক। পবিত্ৰ শাস্ত্ৰ বাইবেলে এইদৰে বৰ্ণনা কৰে: “যিহোৱা উন্নত, তথাপি তেওঁ নম্ৰ লোকলৈ দৃষ্টি কৰে।”​—গীতমালা ১৩৮:৬.

  • নেৰানেপেৰাকৈ বিচাৰি থাকক। যীচুৱে কৈছিল: “খোজা, তেহে তোমালোকক দিয়া হব।”​—লূক ১১:৯.

ঈশ্বৰৰ দৃষ্টিত কোনো অৰ্থ নাই

  • আপোনাৰ পৃষ্ঠভূমি অথবা জাতি। “ঈশ্বৰ পক্ষপাতী নহয়, কিন্তু সকলো জাতিৰ মাজত যি জনে তেওঁলৈ ভয় ৰাখি ধৰ্ম্মআচৰণ কৰে, সেই জন তেওঁৰ গ্ৰাহ্য হয়।”​—পাঁচনিৰ কৰ্ম্ম ১০:৩৪, ৩৫.

  • প্ৰাৰ্থনা কৰাৰ বাবে বিশেষ ভঙ্গী। আপুনি বহি, মূৰ দোৱাই, আঠুকাঢ়ি অথবা থিয় হৈ ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিব পাৰে।​—১ বংশাৱলি ১৭:১৬; নহিমিয়া ৮:৬; দানিয়েল ৬:১০; মাৰ্ক ১১:২৫.

  • আপুনি প্ৰাৰ্থনা উচ্চাৰণ কৰি কৰক অথবা মনে মনে কৰক। আপুনি শব্দ নকৰাকৈ প্ৰাৰ্থনা কৰিলেও ঈশ্বৰে আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ দিব।​—নহিমিয়া ২:১-৬.

  • আপোনাৰ চিন্তাৰ বিষয়বোৰ গধুৰ হওক বা সামান্য হওক। ঈশ্বৰে আপোনাক উৎসাহিত কৰে: “সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়া; কিয়নো তোমালোকৰ কাৰণে তেওঁ চিন্তা কৰে।”​—১ পিতৰ ৫:৭.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক