ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwbq প্ৰৱন্ধ ৪৬
  • চয়তান সঁচাকৈ আছেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • চয়তান সঁচাকৈ আছেনে?
  • পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
  • চয়তানৰ বিষয়ে বিভিন্ন ভুল ধাৰণা
  • চয়তান কোনো অন্ধবিশ্বাস নহয়
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
ijwbq প্ৰৱন্ধ ৪৬

চয়তান সঁচাকৈ আছেনে?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

চয়তান বাস্তৱত আছে। চয়তান হৈছে এই “জগতৰ অধিপতি।” (যোহন ১৪:৩০; ইফিচীয়া ৬:১১, ১২) আৰম্ভণিতে সি এজন স্বৰ্গদূত আছিল, কিন্তু পাছলৈ দুষ্ট হৈ পৰিল আৰু ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে। বাইবেলে তলত উল্লেখ কৰা নামবোৰেৰে চয়তানৰ ব্যক্তিত্ব দাঙি ধৰিছে আৰু ইয়াৰ অৰ্থ বৰ্ণনা কৰিছে:

  • চয়তান, ইয়াৰ অৰ্থ হৈছে “বিৰোধী।”—ইয়োব ১:৬.

  • দিয়াবল, যাৰ অৰ্থ হৈছে “অপবাদক।”—প্ৰকাশিত বাক্য ১২:৯.

  • সৰ্প, বাইবেলত ইয়াক “প্ৰবঞ্চক” বুলি ব্যৱহাৰ কৰি আহিছে।—২ কৰিন্থীয়া ১১:৩.

  • পৰীক্ষক।—মথি ৪:৩.

  • মিছলীয়া।—যোহন ৮:৪৪.

চয়তান কেৱল এক গুণ নহয়

কিছুমান লোকে বিশ্বাস কৰে যে চয়তান কেৱল এক বেয়া গুণ হয়, যি আমাৰ মাজত থাকে। কিন্তু বাইবেলে ঈশ্বৰ আৰু চয়তানৰ মাজত হোৱা এক বাৰ্ত্তালাপৰ বিষয়ে বৰ্ণনা কৰিছে। ঈশ্বৰ সিদ্ধ হয় আৰু সেইবাবে ঈশ্বৰে নিজৰ মাজত থকা কোনো বেয়া গুণৰ লগত বাৰ্ত্তালাপ কৰা নাই। (দ্বিতীয় বিবৰণ ৩২:৪; ইয়োব ২:১-৬) ঠিক সেইদৰে, যীচুত কোনো পাপ নাছিল আৰু চয়তানে যীচুক প্ৰলোভিত কৰিবলৈ চেষ্টা কৰিছিল। (মথি ৪:৮-১০; ১ যোহন ৩:৫) সেইবাবে, বাইবেলে স্পষ্টৰূপে তুলি ধৰিছে যে চয়তান বাস্তৱত আছে আৰু সি কেৱল কোনো এক ব্যক্তিৰ গুণ নহয়।

বহুতোলোকে চয়তানৰ অস্তিত্বৰ ওপৰত বিশ্বাস নকৰাৰ বাবে আমি আচৰিত হোৱা উচিত নেকি? আমি আচৰিত হোৱাৰ প্ৰয়োজন নাই। কিয়নো বাইবেলে বৰ্ণনা কৰিছে যে চয়তানে তাৰ উদ্দেশ্য পূৰ কৰিবলৈ প্ৰবঞ্চনাৰ সহায় লয়। (২ থিচলনীকীয়া ২:৯, ১০) চয়তানে কৌশলেৰে নিজৰ অস্তিত্বৰ বিষয়ে নাজানিবলৈ লোকসকলৰ জ্ঞান চকু অন্ধ কৰি ৰাখিছে।—২ কৰিন্থীয়া ৪:৪.

চয়তানৰ বিষয়ে বিভিন্ন ভুল ধাৰণা

ভুল ধাৰণা: চয়তানৰ আন এটা নাম হৈছে লুচিফাৰ।

সত্যতা: কিছুমান বাইবেলত “দীপ্তিময়” শব্দৰ অনুবাদ “লুচিফাৰ” কৰা হৈছে। (যিচয়া ১৪:১২) ওচৰে-পাঁজৰে থকা আন আন পদবোৰে দেখুৱায় যে এই উপাধি বাবিলৰ ৰজাসকলক চিত্ৰিত কৰে। অহংকাৰ কৰাৰ বাবে ঈশ্বৰে তেওঁলোকক উচ্ছন্ন কৰিব। (যিচয়া ১৪:৪, ১৩-২০) বাবিল সাম্ৰাজ্য ধ্বংস হোৱাৰ পাছত তেওঁলোকক উপহাস কৰাৰ বাবে এই “দীপ্তিময়” শব্দ ব্যৱহাৰ কৰা হৈছিল।

ভুল ধাৰণা: মানুহৰ বিচাৰ কৰাৰ বাবে ঈশ্বৰে চয়তানক ব্যৱহাৰ কৰে।

সত্যতা: চয়তান হৈছে ঈশ্বৰৰ শত্ৰু, তেওঁৰ সেৱক নহয়। চয়তানে ঈশ্বৰক সেৱা কৰা লোকসকলৰ বিৰোধ কৰে আৰু তেওঁলোকৰ ওপৰত মিছা অভিযোগ আনে।​—১ পিতৰ ৫:৮; প্ৰকাশিত বাক্য ১২:১০.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক