যিহোৱাৰ সাক্ষীসকলে যুদ্ধত কিয় অংশগ্ৰহণ নকৰে?
যিহোৱাৰ সাক্ষীসকলে যুদ্ধত অংশগ্ৰহণ নকৰাৰ কাৰণসমূহ তলত উল্লেখ কৰা হৈছে:
১. আমি ঈশ্বৰৰ আজ্ঞা পালন কৰোঁ। পবিত্ৰ শাস্ত্ৰ বাইবেলে বৰ্ণনা কৰিছে যে যিহোৱাৰ সেৱকসকলে “তৰোৱাল ভাঙি নাঙলৰ ফাল গঢ়াব” আৰু “যুদ্ধ-বিদ্যা আৰু নিশিকিব।”—যিচয়া ২:৪.
২. আমি যীচুৰ আজ্ঞা পালন কৰোঁ। যীচুৱে পিতৰক কৈছিল: “তোমাৰ তৰোৱাল পুনৰায় তাৰ ঠাইত থোৱা; কিয়নো যিবোৰে তৰোৱাল ধৰে, সেই সকলোৱে তৰোৱালৰ দ্বাৰাই বিনষ্ট হব।” (মথি ২৬:৫২) ইয়াৰ দ্বাৰা যীচুৱে কʼব বিচাৰিছিল যে তেওঁৰ শিষ্যসকলে কেতিয়াও যুদ্ধৰ বাবে অস্ত্ৰ-শস্ত্ৰ নলʼব।
যীচুৱে শিষ্যসকলৰ বিষয়ে কৈছিল যে তেওঁলোক এই “জগতৰ নহয়” আৰু সেইবাবে শিষ্যসকলে যীচুৰ এই আজ্ঞা পালন কৰি, জগতৰ ৰাজনীতিৰ ক্ষেত্ৰত নিৰপেক্ষতা বজাই ৰাখে। (যোহন ১৭:১৬) যদি এখন দেশে আন এখন দেশৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ নিৰ্ণয় লয়, তেনেহʼলে যিহোৱাৰ সাক্ষীসকলে এই কাৰ্য্যক বিৰোধ নকৰে অথবা কোনোবাই সৈন্য-বাহিনীত ভৰ্তি হʼবলৈ ইচ্ছা কৰে, তেনেহʼলে তেওঁৰ এই কাৰ্য্যক হস্তক্ষেপ নকৰে।
৩. আমি এজনে-আনজনক প্ৰেম কৰোঁ। যীচুৱে নিজৰ শিষ্যসকলক “পৰস্পৰে প্ৰেম” কৰিবলৈ আজ্ঞা দিছিল। (যোহন ১৩:৩৪, ৩৫) পৰস্পৰ প্ৰেম থকাৰ বাবে তেওঁলোকৰ মাজত আন্তঃৰাষ্ট্ৰীয় ভাতৃত্ব প্ৰেম গঢ়ি উঠে আৰু তেওঁলোকে কেতিয়াও কোনো ভাই বা ভনীৰ বিৰুদ্ধে অস্ত্ৰ-শস্ত্ৰ নাদাঙে।—১ যোহন ৩:১০-১২.
৪. আমি প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ উদাহৰণ অনুকৰণ কৰোঁ। এনচাইক্লোপিডিয়া অফ ৰিলিজন্ এণ্ড ৱাৰ নামৰ কিতাপখনে এইদৰে বৰ্ণনা কৰিছে: “প্ৰথম শতিকাৰ যীচুৰ শিষ্যসকলে যুদ্ধত অংশগ্ৰহণ কৰিবলৈ আৰু সৈন্য-বাহিনীত ভৰ্তি হʼবলৈ অস্বীকাৰ কৰিছিল।” এই কিতাপখনে আগলৈ কয় যে যদি তেওঁলোকে এনে কাৰ্য্য কৰাহেঁতেন, তেনেহʼলে “নিজৰ শত্ৰুকো প্ৰেম কৰিবলৈ কোৱা যীচুৰ আজ্ঞাৰ বিৰুদ্ধে হʼলহেঁতেন।” ঠিক সেইদৰে, ধৰ্ম্মৰ ওপৰত অধ্যয়ন কৰা পিতৰ মেইনহল্ড্ নামৰ এজন জাৰ্মানীৰ ব্যক্তিয়ে প্ৰথম শতিকাৰ যীচুৰ শিষ্যসকলৰ বিষয়ে এইদৰে কৈছিল: “এজন ব্যক্তি খ্ৰীষ্টান হোৱা আৰু এজন সৈনিক হোৱা, এই দুয়োটাৰ মাজত কেতিয়াও মিল নাখায়।”
তেনেহʼলে আমি সমাজৰ কাৰণে কি কৰোঁ?
যিহোৱাৰ সাক্ষীসকলে যʼতেই বাস নকৰক কিয়, তেওঁলোকে সমাজৰ এক ভাল নাগৰিক হয়। তেওঁলোক কেতিয়াও দেশৰ সুৰক্ষাৰ বাবে চিন্তাৰ কাৰণ নহয়। তলত উল্লেখ কৰা বাইবেলৰ আজ্ঞা অনুসৰি আমি চৰকাৰী অধিকাৰীসকলক সন্মান কৰোঁ:
“প্ৰত্যেক প্ৰাণী ক্ষমতা পোৱাবিলাকৰ বশীভূত হওক।”—ৰোমীয়া ১৩:১.
“যি কৈচৰৰ, তাক কৈচৰক দিয়া; আৰু যি ঈশ্বৰৰ, তাক ঈশ্বৰক দিয়া।”—মথি ২২:২১.যিহোৱাৰ সাক্ষীসকলে যুদ্ধত কিয় অংশগ্ৰহণ নকৰে?
সেইবাবে আমি চৰকাৰী নিয়মবোৰ পালন কৰোঁ, কৰ আদায় কৰোঁ আৰু জনসাধাৰণৰ কল্যাণৰ বাবে চৰকাৰে কৰা কাৰ্য্যবোৰক সহযোগিতা আগবঢ়াওঁ।