ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwbq প্ৰৱন্ধ ৫২
  • আমাৰ জীৱনৰ উদ্দেশ্য কি?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আমাৰ জীৱনৰ উদ্দেশ্য কি?
  • পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
  • ঈশ্বৰে আমাক কিয় সৃষ্টি কৰিলে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • আপুনি যিহোৱাৰ বন্ধু হʼব পাৰে!
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • মই মোৰ জীৱনত সন্তুষ্টি লাভ কৰা নাই—ধৰ্ম্ম, ঈশ্বৰ অথবা বাইবেলে মোক সহায় কৰিব পাৰিবনে?
    পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
ijwbq প্ৰৱন্ধ ৫২

আমাৰ জীৱনৰ উদ্দেশ্য কি?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

জীৱনৰ উদ্দেশ্য কি, এই বিষয়ে বিভিন্ন ধৰণে সুধিব পাৰি। যেনে, আমি ইয়াত কিয় আছোঁ? মোৰ জীৱনৰ কিবা উদ্দেশ্য আছে নেকি? বাইবেলে স্পষ্টৰূপে বৰ্ণনা কৰিছে যে আমাৰ জীৱনৰ উদ্দেশ্য হৈছে ঈশ্বৰৰ লগত বন্ধুত্ব গঢ়ি তোলা। এই বিষয়ে বাইবেলে বৰ্ণনা কৰা কিছুমান সত্যতা বিবেচনা কৰক।

  • ঈশ্বৰ হৈছে আমাৰ সৃষ্টিকৰ্ত্তা। পবিত্ৰ শাস্ত্ৰ বাইবেলে এইদৰে বৰ্ণনা কৰিছে: “যিহোৱা যে ঈশ্বৰ, ইয়াকে জানা; তেওঁহে আমাক নিৰ্ম্মাণ কৰিলে, আমি তেওঁৰেই।”​—গীতমালা ১০০:৩; প্ৰকাশিত বাক্য ৪:১১.

  • ঈশ্বৰে সৃষ্টি কৰা সকলো বস্তুৰ এক উদ্দেশ্য আছে আৰু আমিও ইয়াত জড়িত হৈ আছোঁ।​—যিচয়া ৪৫:১৮.

  • আমি ‘আত্মাত দৰিদ্ৰ’ হোৱা উচিত, অৰ্থাৎ ঈশ্বৰে আমাক আধ্যাত্মিক প্ৰয়োজনীয়তাৰে সৃষ্টি কৰিছে। (মথি ৫:৩) এই প্ৰয়োজনীয়তাত জড়িত আছে আমাৰ জীৱনৰ উদ্দেশ্য বিচৰা। আমাৰ এই বাঞ্চা ঈশ্বৰে পূৰ কৰিব বিচাৰে।​—গীতমালা ১৪৫:১৬.

  • আমি ঈশ্বৰৰ লগত বন্ধুত্ব গঢ়ি তোলাৰ যোগেদি আমাৰ আধ্যাত্মিক প্ৰয়োজনীয়তাবোৰ পূৰ কৰিবলৈ সক্ষম হʼম। ঈশ্বৰৰ লগত বন্ধুত্ব গঢ়ি তোলাটো বহুতোলোকে অসম্ভৱ বুলি ভাৱে, কিন্তু বাইবেলে আমাক এইদৰে উৎসাহিত কৰিছে: “ঈশ্বৰৰ ওচৰলৈ চাপি আহাঁ; তাতে তেৱোঁ তোমালোকৰ ওচৰলৈ চাপিব।”​—যাকোব ৪:৮; ২:২৩.

  • যদি আমি ঈশ্বৰৰ লগত বন্ধুত্ব গঢ়ি তুলিব বিচাৰোঁ, তেনেহʼলে আমি তেওঁৰ উদ্দেশ্য অনুসৰি জীৱন-যাপন কৰা উচিত। বাইবেলে এই উদ্দেশ্যৰ বিষয়ে উপদেশক ১২:১৩ পদত এইদৰে বৰ্ণনা কৰিছে: “ঈশ্বৰলৈ ভয় ৰাখা, আৰু তেওঁৰ আজ্ঞাবিলাক পালন কৰা; কিয়নো এয়েই মানুহৰ সকলো কৰ্তব্য কৰ্ম্ম।”

  • ভৱিষ্যতে যেতিয়া ঈশ্বৰে দুখ-কষ্ট নাইকিয়া কৰিব আৰু কেৱল তেওঁক উপাসনা কৰা লোকসকলক অনন্ত জীৱন দিব, তেতিয়া আমি তেওঁৰ উদ্দেশ্য সম্পূৰ্ণৰূপে পূৰ হোৱা দেখিবলৈ পাম।​—গীতমালা ৩৭:১০, ১১.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক