ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwbq প্ৰৱন্ধ ৫৬
  • চয়তানে মানুহক নিয়ন্ত্ৰণ কৰিব পাৰেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • চয়তানে মানুহক নিয়ন্ত্ৰণ কৰিব পাৰেনে?
  • পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
  • চয়তান সঁচাকৈ আছেনে?
    পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • চয়তান কোনো অন্ধবিশ্বাস নহয়
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • দুষ্ট আত্মিক দলক প্ৰতিৰোধ কৰক
    জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়
পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
ijwbq প্ৰৱন্ধ ৫৬

চয়তানে মানুহক নিয়ন্ত্ৰণ কৰিব পাৰেনে?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

চয়তান আৰু দুষ্ট আত্মাবিলাকে মানৱজাতিক নিয়ন্ত্ৰণ কৰাৰ বিষয়ে বাইবেলে এইদৰে কৈছে: “গোটেই জগত পাপ-আত্মাৰ অধীনত থাকে।” (১ যোহন ৫:১৯) চয়তানে লোকসকলক কি কি উপায়েৰে প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰে, তাৰ বিষয়ে বাইবেলে চিনাক্ত কৰিছে।

  • প্ৰবঞ্চনা। বাইবেলে সত্য খ্ৰীষ্টানসকলক চয়তানৰ ফালৰপৰা অহা “নানাবিধ কুকল্পনাৰ সন্মুখত থিৰে থাকিবলৈ” উৎসাহিত কৰিছে। (ইফিচীয়া ৬:১১) চয়তানৰ এটা প্ৰবঞ্চনা হৈছে যে তাৰ প্ৰতিনিধিবিলাক ঈশ্বৰৰ প্ৰকৃত সেৱক হয় বুলি লোকসকলক বিশ্বাস জন্মোৱা।​—২ কৰিন্থীয়া ১১:১৩-১৫.

  • প্ৰেতাত্মাবাদ। মায়াকৰ্ম্ম, মংগল চোৱা, জ্যোতিষশাস্ত্ৰ, ৰাশিফল আদিৰ যোগেদি চয়তানে লোকসকলক ভুল পথলৈ পৰিচালিত কৰে। (দ্বিতীয় বিবৰণ ১৮:১০-​১২) নিচাযুক্ত দ্ৰব্য ব্যৱহাৰ, সন্মোহন শক্তি প্ৰয়োগ আৰু মগজুক শূন্য কৰিব পৰা ধ্যানৰ যোগেদি এজন ব্যক্তিয়ে দুষ্ট আত্মাৰ অধীনত আহিব পাৰে।​—লূক ১১:২৪-​২৬.

  • মিছা ধৰ্ম্ম। যি ধৰ্ম্মই লোকসকলক মিছা শিক্ষা দি ঈশ্বৰৰ আজ্ঞা উলংঘন কৰিবলৈ পৰিচালিত কৰে, সেয়া হৈছে মিছা ধৰ্ম্ম। (১ কৰিন্থীয়া ১০:২০) বাইবেলে এনেধৰণৰ মিছা শিক্ষাক ‘ভূতবোৰৰ শিক্ষা’ বুলি কৈছে।​—১ তীমথিয় ৪:১.

  • নিয়ন্ত্ৰণত অনা। দুষ্ট আত্মাই কিছুমান লোকক নিয়ন্ত্ৰণ কৰাৰ বিষয়ে বাইবেলত উল্লেখ আছে। কেতিয়াবা কেতিয়াবা দুষ্ট আত্মাৰ প্ৰভাৱত পৰা লোক অন্ধ, বোবা অথবা নিজকে আঘাত কৰা দেখা যায়।​—মথি ১২:২২; মাৰ্ক ৫:​২-৫.

চয়তানৰ প্ৰভাৱৰপৰা কেনেকৈ আঁতৰি থাকিব পাৰি

আপুনি দুষ্ট আত্মাৰ প্ৰভাৱত পৰিব বুলি ভয় কৰাৰ প্ৰয়োজন নাই। বাইবেলে বৰ্ণনা কৰিছে যে আপুনি কেনেকৈ সফলতাৰে চয়তানৰ বিৰোধ কৰিব পাৰিব:

  • চয়তানে ব্যৱহাৰ কৰা কৌশলবোৰ চিনাক্ত কৰক যাতে আপুনি ‘তাৰ পৰিকল্পনাবোৰৰ’ বিষয়ে জানিব পাৰিব।​—২ কৰিন্থীয়া ২:​১১.

  • বাইবেলৰপৰা জ্ঞান আহৰণ কৰক আৰু নিজৰ জীৱনত পালন কৰক। বাইবেলৰ সিদ্ধান্তবোৰ পালন কৰিলে আপুনি চয়তানৰ প্ৰভাৱৰপৰা নিজকে ৰক্ষা কৰিব পাৰিব।​—ইফিচীয়া ৬:১১-১৮.

  • দুষ্ট আত্মাৰ লগত জড়িত থকা যিকোনো বস্তুক ত্যাগ কৰক। (পাঁচনিৰ কৰ্ম্ম ১৯:১৯) প্ৰেতাত্মাবাদক উৎসাহিত কৰা যিকোনো সংগীত, কিতাপ-পত্ৰ, আলোচনী, পোষ্টাৰ, ভিডিঅ’ আদি ইয়াত জড়িত আছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক