ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • g18 নং ৩ পৃষ্ঠা ১৪-১৫
  • দুখত থকা লোকসকলৰ বাবে শান্ত্বনা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • দুখত থকা লোকসকলৰ বাবে শান্ত্বনা
  • সচেতন থাকক!-২০১৮
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • মৃত লোকসকলক আকৌ জীয়াই তোলাৰ আশাৰ বিষয়ে বেছিকৈ জানক
  • সূচীপত্ৰ
    সচেতন থাকক!-২০১৮
  • মৃত্যুৰ দুখ কেনেকৈ সহন কৰিব পাৰি?
    সচেতন থাকক!-২০১৮
  • আপোনাৰ পৰিয়াল আৰু বন্ধুসকলক আকৌ জীয়াই তোলা হʼব!
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • আমি কি আশা কৰিব পাৰোঁ?
    সচেতন থাকক!-২০১৮
আৰু চাওক
সচেতন থাকক!-২০১৮
g18 নং ৩ পৃষ্ঠা ১৪-১৫
প্ৰমোদবনত লোকসকলে মৃত্যুত হেৰুৱা আপোন লোকসকলক আদৰণি জনাবলৈ সাজু আছে

মৃত্যুৰ দুখ কেনেকৈ সহন কৰিব পাৰি?

দুখত থকা লোকসকলৰ বাবে শান্ত্বনা

আপোনজনাক হেৰুৱাৰ দুখ কি হয়, এই বিষয়ে কিছুসময়ৰ আগতে কিছুমান লোকে অনুসন্ধান কৰিছিল। যেনেকৈ আগতে আমি পঢ়িছিলোঁ, আমি দুখৰ পৰা কেনেকৈ ওলাই আহিব পাৰোঁ, এই বিষয়ে বহুতোলোকে বেলেগ বেলেগ পৰামৰ্শ দিয়ে। কিন্তু দেখিবলৈ পোৱা গৈছে যে বাইবেলৰ লগত মিল খোৱা পৰামৰ্শ, আটাইতকৈ ভাল পৰামৰ্শ। ইয়াৰ পৰা জানিব পাৰি যে এই পুৰণি কিতাপৰ পৰামৰ্শ অতীতত লাভজনক আছিল, এতিয়া আৰু ভৱিষ্যতৰ বাবেও লাভজনক। ইয়াত বেদনাৰ পৰা ওলাই অহাৰ লাভ পৰামৰ্শ দিয়াৰ লগতে এনে কিছুমান তথ্য দিয়া হৈছে যি আন কʼতো পোৱা নাযায়। ইয়াৰ পৰা দুখী লোকসকলে বহুত শান্ত্বনা লাভ কৰিব পাৰে।

  • আমাৰ আপোন লোকসকলে কোনো শাস্তি ভুগি থকা নাই

    শাস্ত্ৰত কোৱা হৈছে, “মৃত লোকবিলাকে একোকেই নাজানে।” (উপদেশক ৯:৫) তেওঁলোকৰ “সকলো চিন্তাধাৰা নষ্ট হʼল।” (গীতমালা ১৪৬:৪, NW) শাস্ত্ৰত মৃত্যুৰ তুলনা গভীৰ টোপনিৰ লগত কৰা হৈছে।—যোহন ১১:১১.

  • ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখিলে শান্ত্বনা লাভ কৰোঁ

    বাইবেলত কোৱা হৈছে, ‘ধাৰ্ম্মিকবিলাকলৈ যিহোৱাৰa দৃষ্টি থাকে; তেওঁবিলাকৰ কাতৰোক্তিলৈ তেওঁ কাণ পাতি থাকে।’ (গীতমালা ৩৪:১৫) প্ৰাৰ্থনা কেৱল মনৰ বোজা কম কৰাৰ বা নিজৰ মনৰ চিন্তাধাৰা নিয়ন্ত্ৰণ কৰাৰ এক উপায় নহয়। কিন্তু ঈশ্বৰক নিজৰ মনৰ সকলো কথা জনালে লাহে লাহে তেওঁৰ লগত আমাৰ সম্পৰ্ক মজবুত হʼব আৰু তেওঁ আমাক শান্ত্বনা দিব।

  • আমাৰ ভৱিষ্যত ভাল হʼব

    শাস্ত্ৰত লিখা আছে যে মৃত লোকসকলক আকৌ জীয়াই তোলা হʼব। এই কথা শাস্ত্ৰত বহুবাৰ উল্লেখ কৰা হৈছে। সেই সময়ত ঈশ্বৰে আমাৰ “চকুৰ পৰা আটাই চকু-লো মচি গুচাব; তাতে মৃত্যু আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও আৰু নহব।”—প্ৰকাশিত বাক্য ২১:৩, ৪.

আমাৰ আপোন লোকসকলক আকৌ জীয়াই তোলা হʼব বুলি যিহোৱাই যি প্ৰতিজ্ঞা কৰিছে, তাৰ ওপৰত বহুতোলোকে বিশ্বাস কৰিছে। এই প্ৰতিজ্ঞাৰ বাবে তেওঁলোকে আপোন লোকসকলক হেৰুৱাৰ দুখ সহন কৰিব পাৰিছে। ভনী এনৰ উদাহৰণলৈ মন কৰক, তাই আৰু তাইৰ স্বামীয়ে জীৱনৰ ৬৫ বছৰ একেলগে কটালে, কিন্তু তাৰ পাছত তাইৰ স্বামীৰ মৃত্যু হʼল। তাই এইদৰে কৈছে, “বাইবেল পঢ়ি মোৰ বিশ্বাস হʼল যে মৃত লোকসকলে কʼতো শাস্তি ভুগি থকা নাই। ঈশ্বৰে তেওঁলোকক পাহৰি যোৱা নাই; ঈশ্বৰে তেওঁলোকক নিশ্চয় এদিন আকৌ জীয়াই তুলিব। যেতিয়া তেওঁলৈ মোৰ মনত পৰে, তেতিয়া এই কথাবোৰৰ পৰা মই শান্ত্বনা লাভ কৰোঁ। নিজৰ স্বামীক হেৰুৱাৰ এই ডাঙৰ দুখ সহন কৰিবলৈ এই কথাবোৰে মোক সহায় কৰি আছে।”

টিনা যাৰ বিষয়ে আগতে উল্লেখ কৰা হৈছিল, তাই কৈছে, “তন্ময়ৰ মৃত্যুৰ পাছত মই অনুভৱ কৰিলোঁ যে যিহোৱাই সকলো সময়তে মোক সহায় কৰি আছে। দুখৰ এই সময়ছোৱাত ঈশ্বৰে মোক চম্ভালিলে। এই প্ৰতিজ্ঞাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে মৃত্যু লোকসকলক আকৌ জীয়াই তোলা হʼব। এই কথাই মোক জীয়াই থাকিবলৈ আৰু সেই দিনৰ বাবে অপেক্ষা কৰি থাকিবলৈ শক্তি দিয়ে, যেতিয়া মই মোৰ তন্ময়ক আকৌ লগ পাম।”

লাখ লাখ লোকে বাইবেলত লিখা এই কথাৰ পৰা শান্ত্বনা লাভ কৰিছে। তেওঁলোকৰ সম্পূৰ্ণ বিশ্বাস আছে যে ইয়াত লিখা কথাবোৰ সঁচা। আপুনি হয়তো ভাবিব পাৰে যে এই কথাবোৰ কাল্পনিক, এয়া সঁচা হʼব নোৱাৰে। কিন্তু বাইবেলত দিয়া পৰামৰ্শ আৰু প্ৰতিজ্ঞাবোৰ বিশ্বাসযোগ্য হয় বুলি বহুতো প্ৰমাণ আছে। বাইবেলত কৰা প্ৰতিজ্ঞাবোৰ বিশ্বাসযোগ্য হয় নে নহয়, এয়া আপুনি নিজে চালি-জাৰি চাব পাৰে। এইদৰে কৰিলে আপুনিও হয়তো নিজৰ দুখবোৰ সহন কৰিব পাৰিব।

মৃত লোকসকলক আকৌ জীয়াই তোলাৰ আশাৰ বিষয়ে বেছিকৈ জানক

আমাৰ ৱেবছাইট jw.org ত এই বিষয়ে কিছুমান ভিডিঅʼ আছে

প্ৰমোদবনত লোকসকলে মৃত্যুত হেৰুৱা আপোন লোকসকলক আদৰণি জনাবলৈ সাজু আছে

বাইবেলত লিখা আছে যে আমি মৃত্যুত হেৰুৱা আপোন লোকসকলক আকৌ লগ পাম

মৃত্যু হʼলে আমাৰ কি হয়?

মৃত্যু হʼলে আমাৰ কি হয়?

মৃত্যুৰ পাছত এজন ব্যক্তিৰ কি হয়? বাইবেলত যি লিখা আছে, ইয়াৰ পৰা বহুতোলোকে শান্ত্বনা লাভ কৰিছে

লাইব্ৰেৰী > ভিডিঅʼত চাওক (ভিডিঅʼ: বাইবেল > বাইবেলৰ শিক্ষা)

আপুনি শুভবাৰ্তা শুনিব বিচাৰেনে?

আপুনি শুভবাৰ্তা শুনিব বিচাৰেনে?

আজি চাৰিওফালে বেয়া খবৰ শুনিবলৈ পোৱা যায়। তেনেহʼলে আমি কʼৰবাত ভাল খবৰ শুনিবলৈ পামনে?

বাইবেলৰ শিক্ষা > সুখ আৰু শান্তিত চাওক

a বাইবেলৰ অনুসৰি ঈশ্বৰৰ নাম যিহোৱা।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক